স্বাধীনতা আৰু দেশ বিভাজন ( জিতেন বেজবৰুৱা )

মূল : সুচেতা মহাজন

১৯৪৭ চনৰ ১৫ আগষ্টৰ প্ৰকৃত ঘটনাৰ পৰস্পৰবিৰোধী চৰিত্ৰই আজিও সীমান্তৰ উভয় দিশৰ ইতিহাসবিদসকলক বিহ্বল কৰি তোলে আৰু জনসাধাৰণক যন্ত্ৰণাক্লিষ্ট কৰি তোলে। বহু কষ্টৰ মাজেৰে অতি মূল্যৱান স্বাধীনতা অৰ্জিত হৈছিল বছৰৰ পিছত বছৰ ধৰি সুদীৰ্ঘ, গৌৰৱমণ্ডিত সংগ্ৰামৰ ফলস্বৰূপে। কিন্তু ৰক্তাক্ত, ট্ৰেজিক দেশ বিভাজনে উদীয়মান স্বাধীন জাতিটোৰ গাঁথনিটোকে চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছিল। এইখিনিতে দুটা প্ৰশ্ন উঠে : ব্ৰিটিছসকলে শেষপৰ্যন্ত কিয় ভাৰত ত্যাগ কৰিছিল? কংগ্ৰেছেইবা কি কাৰণে মানি লৈছিল দেশ বিভাজন?

সাম্ৰাজ্যবাদী উত্তৰটো হ’ল, ভাৰতীয় জনসাধাৰণক স্বশাসনত সহায় কৰাৰ উদ্দেশ্যে ব্ৰিটেইনে স্বনিৰ্দিষ্ট কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰাৰ বাবেই ভাৰত স্বাধীন হৈছিল। যুগ যুগান্ত ধৰি হিন্দু আৰু মুছলমানসকলৰ মাজত বিৰোধ বিৰাজিত আছিল; কিধৰণে আৰু কাৰ হাতত ক্ষমতা হস্তান্তৰ কৰা হ’ব সেই বিষয়ে দুয়োটা সম্প্ৰদায় একমত হ’ব পৰা নাছিল – আৰু এই ব্যৰ্থতাৰেই দুৰ্ভাগ্যজনক পৰিণতি হ’ল ভাৰত বিভাজন। ৰেডিকেল উত্তৰটো হ’ল, ১৯৪৬-৪৭ চনৰ গণসংগ্ৰামৰ ফলস্বৰূপেই শেষপৰ্যন্ত স্বাধীনতা আদায় কৰা সম্ভৱ হৈছিল আৰু সেই সংগ্ৰামত অনেক কমিউনিষ্টে অংশগ্ৰহণ কৰিছিল, প্ৰায় ক্ষেত্ৰতেই নেতা হিচাপে। কিন্তু কংগ্ৰেছৰ বুৰ্জোৱা নেতাসকলে বৈপ্লৱিক অভ্যুত্থানত ভীত-সন্ত্ৰষ্ট হৈ সাম্ৰাজ্যবাদী শক্তিৰ সৈতে আপোচ কৰি নিজৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰে, আৰু জাতিটোৱে তাৰ মূল্য ভৰিবলগা হয় দেশ বিভাজনৰ জৰিয়তে।

পৰম্পৰাগত ধৰ্মীয় সংঘাত বা পাৰ্থিৱ লালসাৰ ফলত নিষ্ফল হৈ পৰিছিল এইসমূহ মহান পৰিকল্পনা বা বৈপ্লৱিক আকাংক্ষা – এই কথাটো দেখাত খুবেই আকৰ্ষণীয় যদিও ই গম্ভীৰ বাস্তৱতাক আলোকিত কৰাৰ সলনি বৰং দুৰ্বোধ্যহে কৰি তোলে। প্ৰকৃতপক্ষে, স্বাধীনতা-দেশ বিভাজনৰ দ্বৈততাই কংগ্ৰেছৰ নেতৃত্বত পৰিচালিত সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনৰ সাফল্য-ব্যৰ্থতাৰ দ্বিবিভাজনকে প্ৰতিফলিত কৰে। কংগ্ৰেছৰ সন্মুখত আছিল দ্বিমুখী কৰ্তব্য : নানা শ্ৰেণী, সম্প্ৰদায়, গোষ্ঠী আৰু অঞ্চলক এটা জাতিত পৰিণত কৰা আৰু সেই উদীয়মান জাতিৰ বাবে ব্ৰিটিছ শাসকসকলৰ হাতৰপৰা স্বাধীনতা অৰ্জন কৰা। কংগ্ৰেছে ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰাৰ বাবে চাপ সৃষ্টি কৰাৰ পক্ষে পৰ্যাপ্ত জাতীয়তাবাদী চেতনা গঢ়ি তোলাত সফল হৈছিল যদিও জাতিটোক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত, বিশেষকৈ মুছলমানসকলক এই জাতিৰ অখণ্ড অংশত পৰিণত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল। জাতীয় আন্দোলনৰ সাফল্য আৰু ব্যৰ্থতাৰ এই দ্বন্দ্বই প্ৰতিফলিত হৈছে আন এটা দ্বন্দ্বৰ মাজেদি – দেশ বিভাজনৰ মাজেদি স্বাধীনতা লাভ।

……………………………………………………………………………………….

. . . . . . কংগ্ৰেছে কিয় আৰু কেনেকৈ দেশ বিভাজন মানি লৈছিল? লিগে শ্বাইলকৰ নিচিনাকৈ নিষ্ঠুৰভাৱে দেশৰ এটা অংশ লাভৰ বাবে জিদ ধৰিছিল, বা ব্ৰিটিছে নিজে তৈয়াৰ কৰা জালৰপৰা মুকলি হ’ব নোৱাৰি সেয়া মানি লৈছিল – এই কথা বুজি পোৱাটো সহজসাধ্য। কিন্তু ভাৰতীয়সকলক এক জাতি বুলি বিশ্বাস কৰা কংগ্ৰেছে কিয় দেশ বিভাজন মানি লৈছিল তাৰ উত্তৰ দিয়া কঠিন। কিয় নেহৰু আৰু পেটেলে ৩ জুনৰ প্ৰস্তাৱ মানি লোৱাৰ সপক্ষে মত প্ৰকাশ কৰিছিল আৰু কংগ্ৰেছ ৱৰ্কিং কমিটি আৰু এ আই চি চিয়ে কিয় তাৰ সপক্ষে প্ৰস্তাৱ পাছ কৰিছিল? সবাতোকৈ বিস্ময়কৰ কথাটো হ’ল, গান্ধীজীয়ে কিয় সেইটো নীৰৱে মানি লৈছিল? কোৱা হয় যে তৎক্ষণাৎ আৰু সহজে ক্ষমতা লাভ কৰাৰ বাসনাৰদ্বাৰা পৰিচালিত হৈয়েই নেহৰু আৰু পেটেলে দেশ বিভাজন মানি লৈছিল আৰু তাকে কৰি দেশৰ জনসাধাৰণৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল। ভবা হয় যে গান্ধীজীৰ পৰামৰ্শ উপেক্ষিত হৈ ৰৈছিল, আৰু যুক্তি দৰ্শোৱা হয় যে নিজৰ শিষ্যসকলেই বিশ্বাসঘাতকতা কৰা বুলি গান্ধীজীৰ ভাব হৈছিল যাৰ বাবে তেওঁ নিজৰ জীৱনপৰ্যন্ত বিসৰ্জন দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু সাম্প্ৰদায়িক উন্মত্ততাৰ বিৰুদ্ধে তেওঁ যুঁজ দিছিল অকলশৰে; মাউণ্টবেটেনৰ ভাষাত, তেওঁ আছিল ‘এজনীয়া সীমান্তৰক্ষী বাহিনী’।

এই কথা পাহৰি যোৱা যায় যে ১৯৪৭ চনত নেহৰু, পেটেল আৰু গান্ধীজীয়ে যিটো অৱশ্যম্ভাৱী সেইটো মাত্ৰ মানিহে লৈছিল। আৰু সেয়া যে অৱশ্যম্ভাৱী হৈ উঠিছিল তাৰ কাৰণ আছিল মুছলমান জনসাধাৰণক জাতীয় আন্দোলনটোত সমাবেশিত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ দীৰ্ঘকালীন ব্যৰ্থতা। মুছলমান সাম্প্ৰদায়িকতাৰ উত্তাল ঢৌক বাধা দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ সেয়ে সফল হ’ব পৰা নাছিল – বিশেষকৈ ১৯৩৭ চনৰপৰাই মুছলমান সাম্প্ৰদায়িকতাই ক্ৰমবৰ্ধমান উন্মত্ততাৰে বাৰম্বাৰ আঘাত কৰিবলৈ ধৰিছিল। এই ব্যৰ্থতা অতিকে স্পষ্ট হৈ পৰিছিল ১৯৪৬ চনৰ নিৰ্বাচনত – মুছলমান আসনৰ ৯০ শতাংশ লাভ কৰিছিল লিগে। জিন্নাৰ বিৰুদ্ধে যুঁজত কংগ্ৰেছে পৰাজয় বৰণ কৰিছিল ১৯৪৬ চনৰ আগভাগতেই, কিন্তু কলিকতা আৰু ৰাৱালপিণ্ডিৰ ৰাজপথ আৰু নোৱাখালি আৰু বিহাৰৰ গ্ৰামাঞ্চলত নিৰ্মম চৰম যুঁজ চলোৱাৰ পাছতহে সেই পৰাজয় মানি লোৱা হৈছিল। ১৯৪৭ চনৰ জুন মাহত কংগ্ৰেছ নেতাসকলৰ উপলব্ধি হৈছিল যে একমাত্ৰ তাৎক্ষণিক ক্ষমতা হস্তান্তৰেহে প্ৰত্যক্ষ সংগ্ৰাম আৰু সাম্প্ৰদায়িক দাংগাৰ প্ৰসাৰ ৰোধ কৰিব পাৰিব। অন্তৰ্ৱৰ্তী চৰকাৰ কাৰ্যতঃ ভাগি পৰাৰ ফলস্বৰূপেও পাকিস্তান এটা অপৰিহাৰ্য বাস্তৱতা হৈ উঠিছিল। ১৯৪৭ চনৰ ১৪ জুনত এ আই চি চিৰ বৈঠকত পেটেলে যুক্তি দিছিল : আমি এটা সত্যৰ মুখামুখি হ’বই লাগিব – পাঞ্জাব, বংগ আৰু আনকি অন্তৰ্ৱৰ্তী চৰকাৰৰ ভিতৰতো পাকিস্তানে কাম কৰি আছে। অন্তৰ্ৱৰ্তী চৰকাৰ এখন ৰণথলীলৈ পৰ্যবসিত হোৱা দেখি আতংকিত হৈ উঠিছিল নেহৰু। মন্ত্ৰীসকলৰ মাজত চলিছিল দন্দ-খৰিয়াল, সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্যে তেওঁলোকে সভা পাতিছিল বেলেগে বেলেগে। অৰ্থনৈতিক সদস্য হিচাপে লিয়াকৎ আলি খানে অন্যান্য দপ্তৰৰ কাম-কাজ বাধাগ্ৰস্ত কৰি তুলিছিল। গভৰ্নৰসকলে তোষণ কৰিছিল লিগক, অথচ সেই তোষণ বন্ধ কৰাৰ ক্ষমতা অন্তৰ্ৱৰ্তী চৰকাৰৰ নাছিল। দাংগা বন্ধ কৰাৰ ক্ষেত্ৰত বংগৰ প্ৰাদেশিক মন্ত্ৰীসভা আছিল নিষ্ক্ৰিয়, আনকি আত্মসন্তুষ্ট। এইসমূহ দেখি নেহৰুৰ মনত প্ৰশ্ন জাগিছিল, যি সময়ত জনসাধাৰণৰ ব্যাপক হত্যালীলা অহৰহ চলি আছে তেনে অৱস্থাত মিছাকৈ অন্তৰ্ৱৰ্তী চৰকাৰ চলাই থাকি কি লাভ? তাৎক্ষণিক ক্ষমতা হস্তান্তৰে অন্ততপক্ষে এনেকুৱা এখন চৰকাৰৰ গঠন সম্ভৱ কৰি তুলিব যি তাৰ নিয়ন্ত্ৰণ ক্ষমতা প্ৰয়োগ কৰিব পাৰিব – যিটো ভূমিকা পালন কৰাটো বৰ্তমানৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ বাবে বাঞ্ছনীয়, কিন্তু বাস্তৱত অসম্ভৱ।

দুই ডমিনিয়নৰ হাতত তাৎক্ষণিকভাৱে শাসনক্ষমতা তুলি দিয়াৰ প্ৰস্তাৱৰ আঁৰত আৰু এটা চিন্তাই কাম কৰিছিল। দেশখন ভাগি টুকুৰা-টুকুৰ হৈ যোৱাৰ সম্ভাৱনা নাছিল, কিয়নো প্ৰদেশসমূহ আৰু দেশীয় ৰাজ্যসমূহক স্বাধীনতাৰ সুযোগ দিয়া হোৱা নাছিল। প্ৰকৃতপক্ষে, দেশীয় ৰাজ্যসমূহক সেইসমূহৰ প্ৰচণ্ড বিৰক্তি সত্ত্বেও ফুচুলনিৰে বা বল প্ৰয়োগেৰে দুই ডমিনিয়নৰ কোনো এখনত অন্তৰ্ভুক্ত হ’বলৈ বাধ্য কৰা হৈছিল। এয়াও কম কৃতিত্ব নাছিল। দেশীয় ৰাজ্যসমূহ যদি বাহিৰ হৈ গ’লহেঁতেন তেন্তে সেয়া ভাৰতীয় ঐক্যৰ পক্ষে পাকিস্তানতকৈও গুৰুতৰ আঘাত হ’লহেঁতেন।
গতিকে ১৯৪৭ চনত দেশ বিভাজন মানি লোৱাটো আছিল সাৰ্বভৌম মুছলমান ৰাষ্ট্ৰৰ বাবে লিগৰ আপোচবিহীন দাবীক ঢাপে ঢাপে স্বীকাৰ কৰি অহাৰ প্ৰক্ৰিয়াৰেই চূড়ান্ত পৰিণাম। মুছলমানপ্ৰধান প্ৰদেশসমূহৰ স্বায়ত্ত শাসন ১৯৪২ চনৰ ক্ৰিপছ মিছনৰ সময়তেই মানি লোৱা হৈছিল। ১৯৪৪ চনত জিন্নাৰ সৈতে আলোচনাৰ সময়ত গান্ধীজীয়ে আৰু এঢাপ আগুৱাই গৈ মুছলমানপ্ৰধান প্ৰদেশসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মানি লৈছিল। ১৯৪৬ চনৰ জুন মাহত কংগ্ৰেছে মুছলমানপ্ৰধান প্ৰদেশসমূহত (কেবিনেট মিছন পৰিকল্পনা অনুসৰি দ্বিতীয় আৰু তৃতীয় গোষ্ঠীভুক্ত) স্বতন্ত্ৰ সংবিধান পৰিষদ গঠনৰ সম্ভাৱনা মানি লৈছিল, কিন্তু বাধ্যতামূলক গ্ৰুপিঙৰ বিৰোধিতা কৰিছিল আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু অসমৰ ইচ্ছা নাথাকিলে সংশ্লিষ্ট গোষ্ঠীত যোগ নিদিয়াৰ অধিকাৰ সমৰ্থন কৰিছিল। কিন্তু সেই বছৰৰে শেষৰ পিনে নেহৰুৱে কৈছিল যে গোষ্ঠীভুক্ত হোৱাটো বাধ্যতামূলক নে ঐচ্ছিক সেই সম্পৰ্কে ফেডাৰেল ক’ৰ্টৰ ৰায় তেওঁ মানি ল’ব। গোষ্ঠীভুক্ত হোৱাটো বাধ্যতামূলক বুলি ১৯৪৬ চনৰ ডিচেম্বৰত ব্ৰিটিছ মন্ত্ৰীসভাই দিয়া স্পষ্টীকৰণ কংগ্ৰেছে বিনা আপত্তিৰে মানি লৈছিল। কংগ্ৰেছে অফিচিয়েলি দেশ বিভাজনৰ উল্লেখ কৰিছিল ১৯৪৭ চনৰ মাৰ্চ মাহৰ আগভাগত – কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এটা প্ৰস্তাৱ পাছ কৰি কৈছিল যে যদি দেশ বিভাজন হয় তেন্তে পাঞ্জাবক (আৰু ইংগিতসূচকভাৱে বংগক) বিভাজিত কৰিব লাগিব। কংগ্ৰেছে শেষবাৰ লিগৰ দাবীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ১৯৪৭ চনৰ জুনত – ৩ জুনৰ পৰিকল্পনা অনুযায়ী দেশ বিভাজন মানি লৈ।

নেতাসকলৰ সাহসিকতাপূৰ্ণ কথা-বাৰ্তাৰ সৈতে কংগ্ৰেছৰ মৰ্মান্তিক পশ্চাদপসৰণৰ সম্পূৰ্ণ বৈপৰীত্য প্ৰকট হৈ উঠিল। সংবিধান পৰিষদৰ সাৰ্বভৌমত্বৰ কথা সজোৰে উত্থাপন কৰিলেও কংগ্ৰেছে চুপে-চাপে বাধ্যতামূলক গ্ৰুপিং মানি লৈ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ পাকিস্তানৰ হাতত এৰি দিছিল। একেদৰে কংগ্ৰেছ নেতাসকলে শেষপৰ্যন্ত দেশ বিভাজন মানি লৈছিল প্ৰধানতঃ সাম্প্ৰদায়িক দাংগা বন্ধ কৰাত তেওঁলোকৰ অসমৰ্থতাৰ পৰিণতিস্বৰূপে, কিন্তু মুখেৰে তেওঁলোকে অহৰহ দাবী কৰিছিল যে হিংসাৰ ব্লেকমেইলৰ ওচৰত তেওঁলোকে কোনোপধ্যেই আত্মসমৰ্পণ নকৰে। ১৯৪৬ চনৰ ২২ আগষ্টত নেহৰুৱে ৱাভেললৈ লিখিছিল : ‘আমি হত্যা-হিংসা কেতিয়াও মানি নলওঁ বা তাক দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ কোনোমতে এৰি নিদিওঁ।’
ক’বলৈ গ’লে, কংগ্ৰেছ নেতাসকলে এই বাস্তৱ সত্যক মানি ল’বলৈ অস্বীকাৰ কৰিছিল যে তেওঁলোকৰ অতীতৰ ব্যৰ্থতাৰ পৰিণামক তেওঁলোকৰ বৰ্তমান কথা বা কামেৰে সলনি কৰা সম্ভৱ নহয়। তদুপৰি সেই সময়ত ইয়াক লৈ অবাক হ’বলৈও একো নাছিল, কিয়নো ইমান দ্ৰুত গতিৰে এনেকুৱা এটা মৰ্মান্তিক ট্ৰেজেডি ঘটি যাব বুলি কোনেও কল্পনা কৰা নাছিল, বা সেই প্ৰক্ৰিয়াটোৰ যে একো সালসলনি এতিয়া ঘটাব পৰা নাযায় সেইটো মানি ল’বলৈও তেওঁলোক প্ৰস্তুত নাছিল। প্ৰকৃতপক্ষে, নতুন সীমান্তৰ উভয় দিশৰ লক্ষ লক্ষ মানুহে দেশ বিভাজনৰ ঘোষণাৰ পাছতো বহু দিন ধৰি ইয়াক চূড়ান্ত বুলি মানি ল’ব খোজা নাছিল, আৰু জন-বিনিময় যে ইমান উত্তেজনাপূৰ্ণ আৰু শেষ মুহূৰ্তৰ ব্যাপাৰ হৈ উঠিছিল তাৰ এটা প্ৰধান কাৰণো এইটো। ইচ্ছাপূৰণমূলক চিন্তা, যিটো আশা কৰি ভাল লাগে তাকে খামুচি ধৰি থকা আৰু সাম্প্ৰদায়িক মনোভাবৰ গতিশীলতা বুজি পোৱাত কিছু পৰিমাণে ব্যৰ্থতা – এইসমূহেই আছিল কংগ্ৰেছৰ, বিশেষকৈ নেহৰুৰ ভূমিকাৰ বৈশিষ্ট্য। বিচ্ছিন্ন হোৱাৰ অধিকাৰ কংগ্ৰেছে মানি লৈছিল, তাৰ কাৰণ আছিল, তেওঁলোকে ভাবিছিল যে ‘মুছলমানসকলে সেই অধিকাৰ প্ৰয়োগ নকৰিব, বৰং তাক নিজৰ সংশয় দূৰ কৰাৰ কামতহে লগাব।’ কিন্তু তেওঁলোকে এইটো বুজি পোৱা নাছিল যে ১৯৪০ দশকৰ মাজভাগত যি সাম্প্ৰদায়িকতাই দেখা দিছিল সি আৰু ১৯২০ৰ দশকৰ, আনকি ১৯৩০ৰ দশকৰ সাম্প্ৰদায়িকতাও নাছিল। এইবাৰ এক অদম্য নেতাৰ নেতৃত্বত এক জেদী ‘মুছলমান জাতি’য়ে যেন তেন প্ৰকাৰেণ স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠন কৰিব বুলি দৃঢ়পণ হৈ অক্লান্তভাৱে সংখ্যালঘুসকলৰ মনত ভীতি ৰোপণ কৰিছিল। ফলস্বৰূপে, সাম্প্ৰদায়িকতাবাদীসকলৰ ভৰিৰ তলৰ মাটি আঁতৰাই দিয়াৰ সলনি কংগ্ৰেছৰ প্ৰতিটো কনচেছনেই তেওঁলোকৰ খোপনি অধিক সুদৃঢ়হে কৰি তুলিছিল, কিয়নো এই সাফল্যৰ লগে লগে ক্ৰমাৎ অধিকসংখ্যক মুছলমান তেওঁলোকৰ পিনে ধাৱিত হৈছিল। কংগ্ৰেছে আত্মসমৰ্পণ কৰা দেখি জিন্নায়ো তেওঁৰ দাবীৰ মাত্ৰা বৃদ্ধি কৰি নিছিল। হিন্দু সাম্প্ৰদায়িকতাবাদেও হিন্দু স্বাৰ্থৰ প্ৰকৃত ৰক্ষক হিচাপে নিজকে জাহিৰ কৰাৰ সুযোগ ওলাল। হিন্দু সাম্প্ৰদায়িকতাবাদীসকলে অভিযোগ কৰিলে যে ঐক্যৰ বেদীত কংগ্ৰেছে হিন্দু স্বাৰ্থক বিসৰ্জন দিছে।

কংগ্ৰেছে পোষণ কৰা আন এটা অবাস্তৱ আশা আছিল – ব্ৰিটিছসকল গুচি গ’লে বিৰোধৰ নিৰসন ঘটিব আৰু হিন্দু আৰু মুছলমান উভয়ে মিলি স্বাধীন ভাৰত গঢ়ি তুলিব। এই বিশ্বাসটোৰ আঁৰত সেই সময়ত সাম্প্ৰদায়িকতাৰ স্বায়ত্ততাক অস্বীকাৰ কৰাৰ প্ৰৱণতা লুকাই আছে – সাম্প্ৰদায়িকতাক এতিয়া আৰু কেৱল ব্ৰিটিছেই উৎসাহ যোগোৱা নাছিল; প্ৰকৃতপক্ষে সাম্প্ৰদায়িকতাই ব্ৰিটিছৰ সেই ঢোকা দলিয়াই দি স্বাধীনভাৱে দৃঢ়তাৰে থিয় দিছিল, আনকি সি ব্ৰিটিছৰো বিৰোধিতা কৰিছিল। তথাপি বহুতে ইচ্ছাপূৰণমূলকভাৱে আশা কৰিছিল যে দেশ বিভাজন এটা সাময়িক ব্যাপাৰ – হিন্দু আৰু মুছলমানসকলৰ বৰ্তমান মানসিকতাৰ বাবে সি অৱশ্যম্ভাৱী হৈ পৰিছে, কিন্তু সাম্প্ৰদায়িক উন্মাদনাৰ অৱসান ঘটি সুস্থ অৱস্থা ঘূৰি আহিলে এই সিদ্ধান্ত সলনি কৰিব পৰা যাব। গান্ধীজীয়ে প্ৰায়েই মানুহক কৈছিল যে মানুহে যদি অন্তৰেৰে দেশ বিভাজন মানি নলয় তেন্তে পাকিস্তান বেছি দিন টিকি থাকিব নোৱাৰে। নেহৰুৱে কাৰিয়াপ্পালৈ লিখিছিল : ‘কিন্তু এইটো মোৰ দৃঢ় বিশ্বাস যে শেষপৰ্যন্ত এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰত গঢ়ি উঠিব। সূৰ্যালোকিত পৰ্বত শিখৰত উপনীত হ’বলৈতো আমি প্ৰায়েই ছায়াঘন উপত্যকাৰ মাজেৰে পাৰ হৈ যাবলগা হয়।’

বাস্তৱত যি ঘটিছিল তাৰ পৰিপ্ৰেক্ষিতত দেশ বিভাজন যে শান্তিপূৰ্ণ হ’ব সেই বিশ্বাসটোৱেই আছিল আটাইতকৈ অবাস্তৱ। কোনো দাংগা হ’ব পাৰে বুলি ভবাই হোৱা নাছিল, জনসাধাৰণক স্থানান্তৰিত কৰাৰো কোনো পৰিকল্পনা নাছিল। ধৰি লোৱা হৈছিল যে পাকিস্তানৰ দাবী যিহেতু মানিয়েই লোৱা হৈছে গতিকে আৰু যুঁজ-বাগৰ হ’বলৈনো কিটো আছে? ১৯৪৬ চনৰ আগষ্ট মাহৰপৰা ভাৰতৰ বিভিন্ন অঞ্চলত দাংগা হোৱা সত্ত্বেও মানুহৰ শুভবুদ্ধিৰ ওপৰত নেহৰুৰ আস্থা অটুট ৰৈছিল ঠিক আগৰ দৰেই। আশা কৰা হৈছিল যে ভাল শল্য চিকিৎসাৰে এই পাগলামি দূৰ কৰিব পৰা যাব, কিন্তু শৰীৰ ইমান ৰোগাক্ৰান্ত হৈছিল যে যন্ত্ৰপাতিও তাৰদ্বাৰা সংক্ৰমিত হৈছিল যাৰ ফলস্বৰূপে শল্য চিকিৎসা হৈ পৰিছিল শোচনীয়ভাৱে বিফল। দেশ বিভাজনৰ আগৰ সময়ৰ তুলনাত অধিক ভয়ংকৰ ঘটনা ঘটিবলৈ ধৰিছিল বিভাজনৰ পাছত।
গান্ধীজীৰ প্ৰসংগটো কেনেধৰণৰ? গান্ধীজীৰ অসন্তোষ আৰু অসহায়তাৰ কথা প্ৰায়েই আলোচিত হৈ থাকে। তেওঁৰ নিষ্ক্ৰিয়তাৰ ব্যাখ্যা দাঙি ধৰা হয় এইবুলি যে কংগ্ৰেছৰ সিদ্ধান্ত গ্ৰহণকাৰী পৰিষদৰপৰা তেওঁ জোৰ কৰি আঁতৰি আহিছিল, আৰু নেহৰু আৰু পেটেলৰ দৰে তেওঁৰ শিষ্যসকলে ক্ষমতাৰ লালসাৰ ওচৰত নতি স্বীকাৰ কৰা সত্ত্বেও তেওঁ নিন্দা কৰা নাছিল কিয়নো তেওঁলোকে বিপুল ব্যক্তিগত আত্মত্যাগ কৰিও বহু বছৰ ধৰি তেওঁৰ পদাংক অনুসৰণ কৰি আহিছিল।

আমাৰ বোধেৰে, জিন্নাৰ আপোচহীন মনোভাব বা নিজৰ শিষ্যসকলৰ উল্লিখিত ক্ষমতাৰ লালসাৰ বাবে নহয়, বৰং দেশৰ জনসাধাৰণৰ সাম্প্ৰদায়িক হৈ উঠাটোহে গান্ধীজীৰ অসহায়তাৰ মূল কাৰণ। ১৯৪৭ চনৰ ৪ জুনৰ প্ৰাৰ্থনা সভাত তেওঁ ব্যাখ্যা দিছিল যে দেশৰ জনসাধাৰণে বিচাৰিছে বাবেই কংগ্ৰেছে দেশ বিভাজন মানি লৈছে : ‘দাবীটো মানি লোৱা হৈছে কাৰণ আপোনালোকে সেইটো বিচাৰিছে। কংগ্ৰেছে এইটো কেতিয়াও বিচৰা নাছিল। . . . কিন্তু কংগ্ৰেছে জনসাধাৰণৰ মনৰ ভাব বুজি পায়। ই উপলব্ধি কৰিছিল যে খালছা আৰু হিন্দু উভয়েই এইটো কামনা কৰে।’ হিন্দু আৰু শিখসকলৰ দেশ বিভাজনৰ প্ৰতি ইচ্ছাই তেওঁক অক্ষম, অন্ধ আৰু শক্তিহীন কৰি তুলিছিল। মুছলমানসকলে ইতিমধ্যেই তেওঁক শত্ৰু হিচাপে গণ্য কৰিছিল। জননেতাৰ সৈতে যেতিয়া জনসাধাৰণ নাথাকে তেতিয়া তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব কোনে? সাম্প্ৰদায়িক মনোভাবাপন্ন জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ সাম্প্ৰদায়িকতা-বিৰোধী আন্দোলন চলাব কেনেকৈ? ১৯৪২ চনত ঘটাৰ দৰে, সংগ্ৰামৰ বাবে যেতিয়া সঠিক মুহূৰ্ত উপস্থিত হয় তেনে সময়ত তেওঁ নেতাসকলৰ পৰামৰ্শ মানি ল’বলৈ অমান্তি হ’ব পাৰে। কিন্তু তেওঁ ‘পৰিস্থিতি সৃষ্টি’ কৰিব নোৱাৰে। এন. কে. বসুৱে যেতিয়া পৰিস্থিতি সৃষ্টি কৰাৰ কথা কৈছিল তেতিয়া তেওঁ বিনীতভাৱে এই কথা স্বীকাৰ কৰিছিল। তেওঁৰ নিজৰ ভাষাতে, ‘কিহে জনসাধাৰণৰ হৃদয়ক আলোড়িত কৰিছে তাক অনুধাৱন কৰা’ আৰু ‘যিটো ইতিমধ্যেই আছে তাক সাকাৰ ৰূপ প্ৰদান কৰা’ৰ বিশেষ ক্ষমতা তেওঁৰ আছে। ১৯৪৭ চনত এনেকুৱা কোনো ‘শুভ শক্তি’ নাছিল যাৰ ওপৰত ‘ভৰসা কৰি’ গান্ধীজীয়ে এটা ‘কৰ্মসূচী তৈয়াৰ’ কৰিব পাৰিলেহেঁতেন – ‘এনেকুৱা কোনো শুভ মানসিকতাৰ চিন আজি আমি দেখিবলৈ পোৱা নাই। আৰু সেইবাবেই, উপযুক্ত সময় আহি নোপোৱা পৰ্যন্ত আমি অপেক্ষা কৰিব লাগিব।’ কিন্তু এজন ‘অন্ধ মানুহে . . . একাকী অন্ধকাৰৰ মাজত অকলে’ পোহৰ বিচাৰি নোপোৱা পৰ্যন্ত ৰাজনৈতিক ঘটনা-বিকাশ একে ঠাইতে ৰৈ নাথাকে। তেওঁৰ সন্মুখত আহি পৰিল মাউণ্টবেটেন পৰিকল্পনা। দেশখনৰ মুখত দাংগা-হাংগামাসমূহে যি কুৎসিৎ ক্ষত বহুৱাইছিল আৰু অন্তৰ্ৱৰ্তী চৰকাৰখন যি মৰণ-সংকোচত পৰিছিল সেয়া দেখি গান্ধীজীয়ে বুজি উঠিছিল যে দেশ বিভাজন অৱশ্যম্ভাৱী। তেওঁ সাহসেৰে ১৯৪৭ চনৰ ১৪ জুনৰ এ আই চি চিৰ সভাত উপস্থিত হৈ কংগ্ৰেছীসকলক কৈছিল যে বৰ্তমান পৰিস্থিতিত অনিবাৰ্য পৰিণতি হিচাপে দেশ বিভাজনক মানি ল’বই লাগিব, কিন্তু অন্তৰেৰে তাক গ্ৰহণ নকৰি শেষপৰ্যন্ত তাৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দি যোৱা উচিত। তেওঁ মনে-প্ৰাণে দেশ বিভাজন মানি লোৱা নাছিল, আৰু ঠিক নেহৰুৰ দৰেই জনসাধাৰণৰ ওপৰত তেওঁৰ আস্থা আছিল। তেওঁ এক নিঃসংগ পথ বাছি লৈছিল আগ বাঢ়িবৰ বাবে – খালি ভৰিৰে ভ্ৰমণ কৰিছিল নোৱাখালিৰ গাঁও-ভূঁই, নিজে উপস্থিত থাকি আস্থা যোগাইছিল বিহাৰৰ মুছলমানসকলক, বুজাই-বঢ়াই আৰু অনশনৰ ভাবুকি দি দাংগা বন্ধ কৰিছিল কলিকতাত। ‘একলা চলো’ আছিল তেওঁৰ প্ৰিয় গান–‘যদি তোর ডাক শুনে কেউ না আসে একলা চলো রে’। তেৱোঁ ঠিক তাকেই কৰিছিল।

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ৰাতি পুৱাইছিল স্বাধীনতা আৰু দেশ বিভাজনৰ দ্বৈত বাস্তৱতা লৈ। সদায় ঘটাৰ দৰেই, গান্ধীজী আৰু নেহৰুৱে দুইধৰণে ভাৰতীয় জনসাধাৰণৰ মনোভাবক প্ৰতিবিম্বিত কৰিছিল। চলি থকা নৃশংস হত্যালীলা অৱসানৰ বাবে কলিকতাত প্ৰাৰ্থনা কৰিছিল গান্ধীজীয়ে। তেওঁৰ ঘনিষ্ঠ অনুগামী মৃদুলা সাৰাভায়ে বোম্বাইৰ কোনো এক স্থানত এটা ঘৰত বহি সান্ত্বনা দিছিল এজনী পোন্ধৰবছৰীয়া গৃহহীন, অপহৃত কিশোৰীক। গান্ধীজীৰ প্ৰাৰ্থনাই প্ৰতিবিম্বিত কৰিছিল অন্ধকাৰৰ নিন্দনীয় ঘটনাৰাজিক – হত্যালীলা, অপহৰণ আৰু বলাৎকাৰ। নেহৰুৰ দৃষ্টি আছিল দিগন্তত দেখা দিয়া আলোক-ৰেখাৰ ওপৰত, নতুন ঊষাৰ, স্বাধীন ভাৰতৰ জন্মৰ পিনে। ‘মাজনিশা সমগ্ৰ পৃথিৱী যেতিয়া নিদ্ৰামগ্ন তেতিয়া আলোক আৰু স্বাধীনতাৰ জোঁৰ হাতত লৈ জাগ্ৰত হৈ থাকিব ভাৰতবৰ্ষ।’ ‘বহু বছৰ পূৰ্বেই আমি ভাগ্যৰ সৈতে এক চুক্তি কৰিছিলো’ – তেওঁৰ এই কাব্যিক প্ৰকাশে মানুহক বুজাই দিছিল যে আজিৰ যন্ত্ৰণাময় বিভ্ৰান্তিখিনিয়েই একমাত্ৰ সত্য নহয়। তাত আছে এক মহত্তৰ সত্য – গৌৰৱময় সংগ্ৰাম, কঠিন যুদ্ধৰ মাজেদি বহু কষ্টেৰে জয় কৰা এক সংগ্ৰাম, ভাৰতবৰ্ষ এদিন স্বাধীন হ’ব সেই স্বপ্ন বুকুত বান্ধি যি সংগ্ৰামত ছহিদি বৰণ কৰিছিল, আত্মত্যাগ কৰিছিল অগণন মানুহে। সেই দিনটো এতিয়া আহি পালে। ভাৰতবৰ্ষৰ মানুহে সেইটোও দেখিছে, আৰু ১৫ আগষ্টৰ দিনা – দেশ বিভাজনৰ হৃদয় দহি নিয়া বেদনা সত্ত্বেও, অসীম আনন্দত মানুহে নাচি উঠিছে ৰাস্তাই-ঘাটে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
প্ৰণৱ
4 years ago

মূৰ্খ কিছুমানে কিন্তু এতিয়াও দেশ বিভাজনৰ কাৰনে গান্ধীজীকেই দোষ দিব বিচাৰে