স্বাধীনতা দিৱসৰ অনুভৱ

স্বাধীনতা দিৱসৰ অনুভৱ

বিজয় শৰ্মা:

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনাখন ভাৰতবৰ্ষই প্ৰায় ২০০ বছৰীয়া ব্ৰিটিচ শাসন-শোষণৰ পৰা মুক্তি লাভ কৰে৷ তেতিয়াৰে পৰা প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটো সমগ্ৰ দেশতে ‘স্বাধীনতা দিৱস’ হিচাপে যথেষ্ট উলহ-মালহেৰে পালন কৰা হয়৷ ই আমাৰ ‘সৰ্বশ্ৰেষ্ঠ’ তথা ‘পৱিত্ৰতম’ ৰাষ্ট্ৰীয় উৎসৱ৷ ভাৰত/ভাৰতীয়ৰ গৌৰৱৰ প্ৰতীক৷ কিন্তু …..

অসম আন্দোলনৰ দিন ধৰি স্বাধীনতা দিৱস,গণতন্ত্ৰ দিৱসৰ দৰে মহান ৰাষ্ট্ৰীয় উৎসৱ উদযাপন কৰাৰ পৰা অসমৰ ৰাইজক বঞ্চিত[বন্ধ/বৰ্জন ঘোষণা…প্ৰশাসনে বাধ্য হৈ গ্ৰহণ কৰা কঠোৰ(?)নিৰাপত্তা ব্যৱস্থা,] কৰি অহা হৈছে৷ ই কোনো বিশেষত্ব/তাৎপৰ্য হীন কেৱল গতানুগতিক চৰকাৰী দিৱসহে – বহুতৰে মনত এনে ধাৰণাৰ সৃষ্টি হৈছে৷ নতুন প্ৰজন্মইতো কেৱল কিতাপৰ পাতত পঢ়াৰ বাহিৰে এই দিৱসৰ তাৎপৰ্য উপলব্ধি কৰিবলৈ সুযোগেই পোৱা নাই৷ দীঘলীয়া সংগ্ৰাম, সহস্ৰ-লক্ষ জনৰ ত্যাগ,বলিদানৰ বিনিময়তহে যে আমি ‘স্বাধীনতা’ লাভ কৰিবলৈ সক্ষম হৈছোঁ – সেই কথা আজি উপলব্ধি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ লক্ষ্মীবাই, মংগল পাণ্ডে, ভগত সিং, মহাত্মা গান্ধী,নেতাজী, জৱাহৰলাল, চৰ্দাৰ পেটেল, আবুল কালাম আজাদ আদিৰ লগতে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কুশল কোঁৱৰ, কনকলতা,…আৰু বহুতো খ্যাত-অখ্যাত দেশপ্ৰেমিকে ৰোপণ/প্ৰতিপালন কৰা বীজৰ ‘ফল’ আজি আমি ভোগ কৰিবলৈ সক্ষম হৈছোঁ৷

দেশৰ স্বাধীনতা/স্বাধীনতা দিৱস/ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অৰ্থ এই ছহিদসকলকে অপমান কৰা নহয় জানো? নমস্য মুক্তি যুঁজাৰুসকলৰ পৱিত্ৰ স্মৃতি জড়িত এই দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেখেতসকলক শ্ৰদ্ধাৰে সুঁৱৰি, কৃতজ্ঞতা জনাই, তেখেতসকলৰ পথ অনুসৰণ কৰি, প্ৰত্যেকেই সৰু-বৰ, ব্যক্তিগত-ৰাজহুৱা কাম নিষ্ঠা আৰু সততাৰে সম্পাদন কৰাৰ, দেশৰ সৰ্বাংগিন উন্নতিৰ হকে আত্মনিয়োগ কৰাৰ সংকল্প ল’ব লাগিব৷ তেখেতসকলৰ প্ৰকৃত উত্তৰাধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগিব৷ আমি সকলোৱে গভীৰ আত্মবিশ্লেষণ কৰিব লাগিব৷ বিগত বছৰবোৰত কৰি অহা ভুল-ত্ৰুটিবোৰৰ যাতে পুনৰাবৃত্তি নহয়,তাৰ প্ৰতি সচেষ্ট হ’ব লাগিব৷

কষ্টাৰ্জিত স্বাধীনতা লাভৰ কাৰ্যসূচী পালনৰ পৰা ৰাইজক বঞ্চিত কৰাৰ অথবা এই দিৱসক/ৰাষ্ট্ৰীয় পতাকাক অসন্মান/অপমান/অৱমাননা/তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ কাৰোৱেই নাই৷ সন্ত্ৰাসবাদী/বিচ্ছিন্নতাবাদী/দেশদ্ৰোহী বোৰৰ কথা সুকীয়া,কিন্তু আমি যিসকলে নিজকে দেশপ্ৰেমিক,ভাৰতীয় তথা ৰাষ্ট্ৰবাদীৰূপে গণ্য/গৌৰৱ কৰোঁ,তেওঁলোকে স্বাধীনতা দিৱস আৰু ৰাষ্ট্ৰীয় পতাকাখনৰ তাৎপৰ্য/মৰ্যাদা বুজি পোৱা/ৰক্ষা কৰা উচিত৷ মোৰ বিচাৰত দেশৰ তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকা ‘ত্ৰিৰংগা’ খন আন যিকোনো পতাকাতকৈ শ্ৰেষ্ঠ আৰু ইয়াৰ সন্মান/গৌৰৱ ৰক্ষা কৰাটো প্ৰতিগৰাকী দেশবাসীৰে পৱিত্ৰ কৰ্তব্য৷

স্বাধীনতা দিৱস চৰকাৰ(অথবা কোনো দল-সংগঠন)ৰ পৈত্ৰিক সম্পত্তি নহয়৷ এই দিৱস ভাৰতবাসীৰ উমৈহতীয়া সম্পদ৷ সেয়ে,ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস পালনৰ লগত চৰকাৰ/শাসকক একাকাৰ কৰাটোও অযুক্তিকৰ৷ দেশ/ৰাইজৰ দুৰৱস্থা,শোষণ-বঞ্চনা আদিৰ বাবে ‘স্বাধীনতা দিৱস’ক দায়ী কৰাটো তাতোকৈ অযুক্তিকৰ৷ এই দিৱসক কোনো কাৰণতেই চৰকাৰ(বা অমুক-তমুক)ৰ বিৰুদ্ধে ক্ষোভ পালনৰ (এই প্ৰতিবাদ/বিক্ষোভ/ধৰ্মঘট/আন্দোলন আদিও শুভ-ফলদায়কহে হ’ব নালাগে জানো?) দিন ৰূপে ‘ব্যৱহাৰ’ কৰাটোও উচিত নহয়৷ যিসকল সাধাৰণ ৰাইজক বিচ্ছিন্নতাবাদী,তথাকথিত জাতীয়তাবাদীয়ে বিভ্ৰান্ত কৰিছে,সেইসকলক স্বাধীনতা দিৱসৰ প্ৰকৃত তাৎপৰ্য সম্পৰ্কে জ্ঞান প্ৰদান কৰাটো আমাৰেই দায়িত্ব৷

সকলোলৈ ৬৭তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ৷

জয় হিন্দ৷

জয় মা ভাৰতী ৷

 

শান্তনু কৌশিক বৰুৱা:

মই যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ (১৯৮৮-৮৯) তেতিয়া অন্তত: ১৫ আগষ্টৰ দিনা অসমৰ সকলো কাকতৰে lead-টো, মানে মূল বাতৰিটো একে আছিল – ৰাষ্ট্ৰপতিৰ ভাষণ … আজিকালি ৰাষ্ট্ৰপতিৰ ভাষণটোৱে কোনো মতেহে প্ৰথম পৃষ্ঠাত ঠাই পায় … সঁচাকে, জামানা বদল গেয়াটোটাৰাম …

 

অজন্তা গগৈ:

আমি যেতিয়া সৰু আছিলোঁ তেতিয়া স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস আহিলে আমাৰ খুউব আনন্দ লাগিছিল। তাৰ দুদিনমানৰ আগৰপৰা আমি সাজু হৈছিলোঁ। স্কুললৈ পিন্ধি যোৱা সাজযোৰধুনীয়াকৈ ধুই আঙঠাৰ ইষ্ট্ৰী মাৰি, জোতা-মোজা চাফা কৰি লগতে ৰঙা ফিটা চুলি বান্ধিবৰ বাবে আগদিনাখনেই সাজু কৰি থৈছিলোঁ।দিৱসৰ দিনা স্কুলৰপৰা শাৰী পাতি মুখ্য খেলপথাৰলৈ গৈ বিভিন্ন ক্ৰিয়াকলাপত যোগদান কৰিছিলোঁ।কি যে আনন্দৰ দিন আছিল সেইবিলাক আজিৰ দিনবিলাকৰ সৈতে তুলনা কৰি চালে আচৰিত লাগে। এতিয়া স্বাধীনতা দিৱস মানেই হৈছে অসম বন্ধ।সেয়েহে আশা কৰিছোঁ আমাৰ অসমলৈ আকৌ সেই সুখৰ দিনবিলাক যেন পুনৰ উভতি আহে। শেষত সকলো বীৰ-শ্বহীদলৈ শ্ৰদ্ধা জনাই লগতে সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ।

 

দেৱ প্ৰতীম:

(১)

ফোনটো বাজি উঠাত পকেটৰপৰা ফোনটো উলিয়াই চালোঁ। দেউতাই ফোন কৰা দেখি অলপ আচৰিত হ’লোঁ।কাৰণ সাধাৰণতে এই সময়ত দেউতাই ফোন নকৰে।তাতে অলপ সময়ৰ আগত দেউতাই ফোন কৰিছিলে। অলপ চিন্তিত হৈ ফোনটো উঠালোঁ।

-“হেল্লো। কি হ’ল দেউতা। আকৌ ফোন কৰিলা যে?”

-“নহয় কাইলৈ ১৫ আগষ্ট নহয়। সেইকাৰণে ফোন কৰিছিলোঁ।”

-“১৫ আগষ্ট…??”

-“নহয় মানে, কাইলে ক’তো ওলাই নাযাবি।”

-“নাযাওঁ অ’ দেউতা।”

-“নাযাবি.. এনেই চিন্তা লাগি থাকে।”

-“অ’ নাযাওঁ।”

এইবুলি কৈ ফোনটো থ’লোঁ। ফোনটো থৈ ভাবিবলৈ ধৰিলোঁ, এইয়াই নে আমাৰ স্বাধীনতা দিৱস ; যি দিনত আমি ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিলোঁ, সেইদিনাই ওলাই নাযাবলৈ এনেদৰে মা-দেউতাই চিন্তা কৰি ফোন কৰিবলগীয়া কিয় হ’ব লগীয়া হ’ল? যিটো দিন আমি আনন্দেৰে পাৰ কৰিব লাগিছিল সেই দিনটোতে এনেদৰে ভয় খাবলগীয়া কিয় হয় ; এই দিনটোতে চিন্তাবোৰ কিয় বাঢ়ে? মনত নানা প্ৰশ্ন আহে। আমি সঁচাকৈয়ে আজি স্বাধীন নে?

(২)

যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ, তেতিয়া স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত সৰু চহৰখনৰ চিনেমা হলটোত সকলোকে বিনামূলীয়াকৈ চিনেমা দেখুৱাইছিল। সেই দিনটোত ৰাতিপুৱা শুই উঠিয়েই গা ধুই সাতটা মান বজাতেই আহি স্কুলত সকলোৱে উপস্থিত হৈছিলোঁহি। উদ্দেশ্য পতাকা উত্তোলন কৰাৰ পাছত বিনামূলীয়া চিনেমা দৰ্শন কৰা। বহু বছৰ আমি এনেদৰে চিনেমা চাইছিলোঁ। কিন্তু লাহে লাহে এইবিধ আনন্দ নাইকিয়া হ’বলৈ ধৰিলে। আজিকালিৰ ল’ৰা-ছোৱালীৰ আগত যদি আমি এই কথা কওঁ তেন্তে কণমানি কেইটা নিশ্চয় আচৰিত হ’ব। সকলোৱে নিশ্চয় মিছা কৈছোঁ বুলিয়ে ভাবিব। যদি এনেধৰণৰ সৰু সৰু আনন্দ বিলাক আমি এই দিনত উপভোগ কৰিব নাপাওঁ তেন্তে আমি কি ক্ষেত্ৰত স্বাধীন? ঘৰতে বহি মাথো টি.ভি.টো মেলিয়ে পালন কৰা এইটো কিহৰ স্বাধীনতা দিৱস?

ঘৰৰ পৰা ওলালেই যদি সকলোৰে মন চিন্তাৰে ভৰি পৰে তেন্তে এইটো কিহৰ স্বাধীনতা দিৱস ; ৰাতিপুৱাই ওলাই যোৱা মানুহটো আজি ৰাতিৰ ভিতৰত ঘৰ সোমাব নাই সেইটো নিশ্চিত নোহোৱা এইটো কিহৰ স্বাধীনতা দিৱস? ত্ৰিৰংগা পতাকা খন ঘৰতে বহি টি.ভি.তে চাবলগীয়া হোৱাটো নিশ্চয় আমাৰ বাবে দুৰ্ভাগ্যজনক।

এটা প্ৰশ্ন শেষত নিৰাপত্তাৰ কোনো চিন নথকা এই দিনটোক আমি আজি কিয় স্বাধীনতা দিৱস বুলিব লাগে? বেলেগ কিবা নাম দিব হ’ল নিশ্চয় !!

 

সৌৰভ কুমাৰ দত্ত:

স্বাধীনতা দিৱসৰ আগ নিশা কেইটিমান অপ্ৰিয় চিন্তা :

১. ঘৰৰ পৰা প্ৰায় ৮০ কি.মি. আঁতৰৰ মহানগৰীত মই। সঘনাই ফোনটো বাজি উঠে। মা – দেউতা – খুড়া….। “আজি আৰু কাইলৈৰ দিনটো সাৱধানে থাকিবা।” “দিন-কাল ভাল নহয়।” স্তব্ধ হৈ যাওঁ।

ভাবো কাইলৈ সঁচাকৈয়ে আমাৰ স্বাধীনতা দিৱস হয় নে? স্বাধীনতা দিৱসৰ দিনা পৰাধীনৰ দৰে ভয়তে ঘৰৰ ভিতৰত সোমাই থকা আৰু স্বাধীনতা দিৱসক বন্ধৰ দিন বুলি ভাবি ফুৰিবলৈ যোৱা এই জাতিটোৰ বা ভৱিষ্যতেই কি? পৃথিৱীত এনেকুৱা মানুহ আৰু ক’ৰবাত আছেনে? এনেকুৱা পৰিস্থিতিৰ বাবে দায়ী কোন? উত্তৰটো অতি সহজ – ‘ আমি ’।

২. ২০২০ চনলৈ আৰু মাজত প্ৰায় ৬ টা বছৰ। দেশৰ মুধাফুটা ব্যক্তিসকলৰ লক্ষ্য ২০২০ চনৰ ভিতৰত আমি এখন উন্নত ৰাষ্ট্ৰ হ’বই লাগিব। কিন্তু আজিৰ তাৰিখত এয়া এক অলীক স্বপ্নৰ বাহিৰে আন একো নহয় (যদিহে মাজতে একো ‘মিৰাকল’ সংঘটিত নহয়)। উত্তৰাখণ্ডত হোৱা প্ৰলয়ৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ এৰি তেওঁলোকক লুণ্ঠন – ডকাইতি কৰা মানুহক লৈ ভাৰতবৰ্ষই কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হ’ব নোৱাৰে। কেৱল ৰাস্তা-ঘাত , অট্টালিকাই দেশ এখনক উন্নত নকৰে; ইয়াৰ বাবে মানুহৰ মানসিকতাৰ সলনি হোৱাটোও সমানেই জৰুৰী।

 

নিপুল মেধি:

স্বাধীনতা দিৱসৰ চিন্তা: মই স্বাধীন নহয়, মই বন্দীশালৰ বন্দী

মই চৰকাৰী চাকৰি কৰোঁ – অৰ্থাৎ মই চৰকাৰৰ গোলাম। বহু কথাই লিখিবলৈ মন যায় – লিখি দিলে মোৰ হয়তো ৬ মাহ জেল হ’ব পাৰে। ৩ মাহ মান হয়তো চলিব পাৰিব মোৰ পৰিয়ালটো – তাৰ পিছত! কলম হাতত তুলি লৈও বহুত ভাবি-চিন্তিহে লিখিব পাৰোঁ। ভয় মই নকৰোঁ – কাৰণ মৃত্যুৰ ওপৰত অইন একো ডাঙৰ শাস্তি মোক দিব নোৱাৰে দুৰাত্মাসকলে – তথাপি চিন্তা হয় – মোৰ প্ৰায় ৮০ বছৰ বয়সৰ পিতৃ – মোৰ মুখলৈ চাই থকা মোৰ শিশু দুটিৰ মুখ –মোৰ পত্নীৰ হাঁহি ভৰা মুখখন লৈ। মেচি দা এখন মোৰ ঘৰত সদায়েই থাকে – কিন্তু এখন দাৰে কিমানৰ জিঘাংসা ৰুধিব পাৰিম!

মই নিজক স্বাধীন বুলি নাভাবোঁ আৰু অহাকালি ত্ৰিৰংগ পতাকা খনক চেলুটহে কৰিম কিন্তু ত্ৰিৰংগা পতাকাক লৈ যিবোৰ লিখা ফে’চবুকত পাওঁ তাতে মই “লাইক” ক্লিক নকৰোঁ।এনেকৈয়ে মই মোৰ প্ৰতিবাদ সাব্যস্ত কৰিম – সকলোয়ে জানক – মই পৰাধীন, মই গোলাম –য’ত চকু থাকিও চকু মুদিব লাগিব , মুখ থাকিলেও ভাল কথা এষাৰ ক’ব নোৱাৰিব, লিখা-মেলা কামটো কলমটোত চিয়াঁহী কমকৈ ভৰাব লাগিব।

কাইলৈ ত্ৰিৰংগা পতাকা – মাতৃভূমি অসমখনৰ বিভিন্ন জিলা বোৰত উদ্বোধন কৰা সকল কোন? সৰহ ভাগেই দু….. নহয় জানো?

স্বাধীনতা দিৱসৰ অনুভৱ
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments