স্বাধীনতা দিৱসৰ চিঠি (ৰিদিপ কুমাৰ নাথ)

প্ৰিয় অৰূপ সমীপেষু,
দূৰণিবটীয়া মৰম গ্ৰহণ কৰিবি ৷ আশা কৰোঁ পৰমেশ্বৰৰ কৃপাত তোৰ মঙ্গল ৷
ভাগৰুৱা চহৰখন এতিয়া লেবেজান হৈ শুইছে ৷ কিনকিনিয়াৰ টপ্‌-টপ্‌
শব্দই জগাব পৰা না‍ই চহৰ, নিচুকাব পৰা না‍ই মোৰ চকু ৷ এতিয়া
নিঃশব্দতাৰ সময় ৷ নিঃশব্দতাৰ বুকুত গুজি আছোঁ  ম‍ই শব্দ, চিঠিৰ ভাঁজত ৷ পোহৰে পূৱত ভুমুকি মৰাৰ আগতেই যে শেষ কৰিব লাগিব শব্দ গুজাৰ কাম ! সুৰুজ জ্বলিলেই স্বাধীন হোৱাৰ ভয়ত কম্পিত হ’ব শব্দ ! গিৰিম…গাৰাম…গুৰুম !!! স্বাধীন দেশত ভয়ংকৰ শব্দৰ অবাধ বিচৰণ ৷
অৰূপ, তোৰ বাৰু এবাৰো মন নাযায়নে স্বকীয় ঘৰখনৰৰ খবৰ এটা ল’বলৈ ? ঘৰত তোৰ সকলোৰে মঙ্গল দে ৷ দুবছৰ আগতে তোৰ বিধৱা মা স্বাধীন হৈছিল যদিও ঘৰত সকলোৰেই মঙ্গল দে ৷ যৌতুকে তোৰ ভনীয়েৰক জ্বলালে যদিও তাইৰ শহুৰেকৰ ঘৰত আটাইৰে কুশল দে ৷ তোৰ মেধাৱী ভায়েৰেও সন্ত্ৰাসবাদীৰ ভুৱা নাম পালে যদিও তাৰ নথি-পত্ৰবোৰ এতিয়াও সযতনেই সাঁচি থোৱা আছে তাৰ বৰপেৰাত ৷ ইখনৰ পিছত সিখন টেবুলত পেঞ্চনৰ নামত অপমান বুটলিব যোৱা তোৰ দেউতাৰৰো মঙ্গলেই আছিল কেইবছৰমান আগলৈকে ৷ মহাজনৰ মুঠিত তোৰ প্ৰেমিকাই সতীত্ব হেৰুওৱালে যদিও মহাজনৰ ঘৰত সকলোৰে কুশল দে ৷ বানপানীয়ে প্ৰায়েই স্নান কৰালেও তোৰ গাঁওখনো কুশলেই আছে দে, চিন্তা নকৰিবি ত‍ই ৷
পৰ্দা ঠেলি সোমা‍ই আহিছে পোহৰ ৷ কেইমুহূৰ্তমান পিছতেই সাৰ পাব স্বাধীনতা দিৱস ৷ মোৰ দেহেৰে গিৰিম-গুৰুম শব্দ স্বাধীন নহ’লে ঠিকেই লিখি থাকিম চিঠি তোলৈ, চিন্তা নকৰিবি ত‍ই ৷ তোৰ পৰা চিঠিৰ প্ৰত্যুত্তৰ ম‍ই আশা কৰা বুলি নাভাবিবি ৷ নেদেখাজনৰ কৃপাত তোৰ মঙ্গল বুলিয়েই ধৰি লৈছোঁ ম‍ই ৷
চিঠিখন ম‍ই ডাকত নিদিওঁ ৷ ’ওক’ এডাল ৰুইছোঁ ৷ তাৰেই ঠানি এটিত গুজি দিম বুলি ভাবিছোঁ ৷ ’ওক’জোপা এদিন ওখ হ’ব ৷ চিঠিখন নি চিলনীক দিব ৷ চিলনীয়ে মেঘক দিব আৰু মেঘেই তোৰ বতৰা ল’ব ৷
 
ইতি
তোৰ মৰমৰ
স্বাধীন দেশৰ এজন পৰাধীন নাগৰিক
১৪ আগষ্ট
গুৱাহাটী
পুনশ্চঃ- কোনোবা এটা স্বাধীনতা দিৱ্সত ত‍ই স্বাধীন হৈছিলি জীৱনৰ পৰা ৷ পৰাণ ত্যাগী অৰূপ হৈছিলি ত‍ই ৷ ভুৱন ক’কা, বিজিত খুৰাৰ কোলাত থকা দুবছৰীয়া টিক্‌লু, সদ্যবিবাহিত বিভোৰ, জিতুৰ বাবে ’চেৰেলেক’ কিনিবলৈ যোৱা পুটুলি পেহী আদি জীৱনৰ পৰা স্বাধীন হোৱা অৰূপসকলৰ যাকেই লগ পাৱ নজনোৱাকৈ নাথাকিবি ত‍ই…স্বাধীনতাই আজি ভয় কৰে স্বাধীনতা দিৱসলৈ যদিও দেশখন কুশলেই আছে দে ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments