স্বাধীন অসম , নিষিদ্ধ ফুটবল ইত্যাদি… (বিচিত্ৰ বৰদলৈ)

bichitra

 

‘’হাইদৰ’’ চাই থাকোতেই তেওঁলোকলৈ মনত পৰিছিল । বুধবাৰে কলকাতা বনাম আমাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ খেল খন চাই থাকোতে তেওঁলোকলৈ আকৌ মনত পৰিল । অৱশ্যে মনত পৰাৰ কাৰণ দুটা বেলেগ বেলেগ ।

স্কুললৈ যাবলৈ আৰম্ভ কৰা দিনৰ কথা । মুৰত এনিটাইম হাজাৰটা টেনশ্যন । কিবা নহয় কিবা এটা প্ৰশ্নই খুলি খাই থাকিবই । ধৰাহওক জলফাই খাওতে কেনেবাকৈ গুটিটো পেটলৈ গ’ল , পেটত এতিয়া গছ গজিব নেকি? টেনশ্যন আৰম্ভ । পেহীহতৰ মৰমৰ কপৌফুল কেইথোপাৰ পাহিবোৰ চিগি অকল ঠাৰিকেইদাল গছত এৰি থৈ অহা মহাবীৰটো ময়েই ,সোধোতে একো নাজানো বুলি মিছা মাতিলো , এতিয়া ৰাতি ঠেং খন চুটি হৈ থাকিব নেকি ? টেনশ্যন আৰম্ভ । জুইত পানী ঢালি দিওঁতে জুইকুৰা দেখো নুমাই গৈছিল ,টৰ্চ লাইটটো পানীত ডুবাই থৈচো ,কিয় নুমুৱা নাই ? অমুক খুৰাহতৰ মাইনাটোৱে ২৫ পইচা এটা গিলিলে , তাতেই ইমান কন্দা কটা ,হাহাকাৰ ! খুৰাহত মষ্ট কৃপন নেকি ? মই নখ কামুৰি থাকিলে মায়ে চকু পকৰাই , পেটৰ অসুখ হৈ পেটটো ঢোল হেন হব হেনো , ছমাহমান আগেই বিয়া হৈ অহা অমুক খুৰীৰো দেখো পেটতো ঢোল হেন হৈ আহিছে , মা হতে কিয় খুৰীক নখ কামোৰাৰ বাবে গালি নাপাৰি মৰম কৰে ?? হাজাৰটা প্ৰশ্ন ।

এইবোৰৰ মাজতেই বৰ মুৰ খোৱা বস্তু এটা আহিল । ‘আলফা ‘ । আবেলি পুখুৰী পাৰত মানুহবোৰে আলফাক লৈ আলোচনা কৰে , গধুলি বাৰাণ্ডাৰ চাহৰ মেলত আলফাৰ কথা পাতে , ৰেডিঅ’ -টিভিৰ বাতৰিত আলফাৰ কথা ওলালে বৰ মনযোগেৰে সকলোৱে চুপচাপ হৈ শুনি থাকে । আলোচনাবোৰ কিবা চেপা চেপা । আমাক সদায় আঁতৰাই ৰাখে । আলফা সম্পৰ্কত প্ৰশ্ন সুধিলেই কোনোবা নহয় কোনোবাই কব ‘যা চোন যা , দৌৰ মাৰি গৈ ফলিখনত আমৰ ছবি এটা ডাঙৰকৈ আঁকি আনগৈ ‘। আলফাক এৰি দৌৰ মাৰি আহি আমৰ ছবি অঁকাত লাগো । কিন্তু আলফাৰ ধাৰনা এটা বিচাৰি মনটো কিলবিলাই থাকে । ডাঙৰবোৰক সুধি লাভ নাই , লগৰ বোৰৰ ওচৰতো একো তথ্য নাই । আলফা এনেকুৱা আলফা তেনেকুৱা বুলি লগৰ দুই এজনে ফাক্কা মাৰে , বুজা কেইটাই আমি কিন্তু বুজো এইবোৰ চেৰা গুলি । অৰ্থহীন ।

এনে অস্থিৰ অৱস্থাৰ মাজতে প্ৰায় ২০ -২৫ দিন নিৰলস গভীৰ গৱেষণা কৰি ভৰিত বগা বগা গল্ডষ্টাৰ জোতা পিন্ধা , কিচকিচিয়া কলা নতুন হিৰ’ চাইকেল চলোৱা আৰু ৰাতি ৰাতি ঘৰত নথকা ওচৰ পাজৰৰ খুৰাবোৰেই যে আলফা তাক আৱিষ্কাৰ কৰিলো । মনলৈ অলপ শান্তি আহিল । দুদিন মান স্থিৰ হলো ।তাৰ পিছত আকৌ অস্থিৰতা । এইবাৰৰ প্ৰশ্ন “আলফা কিয় ? কি উদ্দেশ্য ?” ।এইবাৰ কম দিনৰ ভিতৰতেই উত্তৰ এজনে আনিলে , আলফাক হেনো লাগে ‘স্বাধীন অসম’ । সি অমুকৰ মুখত শুনিছে , একদম পাক্কা খবৰ । স্বাধীন অসমক লৈ এইবাৰ আকৌ বিস্তৃত আলোচনা চলিল । এইটো কি , খায় নে পিন্ধে , নে গালত ঘহে ! এদিন বন্ধু মানৱে আহি কলে স্বাধীন অসম সি দেখি আহিছে । ক’ত ? বোলে এল পি স্কুলৰ বাৰাণ্ডাত । দুয়োটাই ভিৰ ভিৰাই দৌৰ । এলপি স্কুলৰ বাৰাণ্ডাত থিয় হৈ দেখো বেৰত এটা টিক টিকিয়া ৰঙা বেলি । আঙুলিৰে চুই চালো , ৰঙ বোৰ শুকুৱাই নাই ভাল দৰে ।
‘ধেই , এইডাল একো স্বাধীন অসম নহয় । এইটো এটা বেলিৰ ছবি । তাকো আধা অঁকা হ’ল ।ৰঙ শেষ হল কিজানি ।‘ মই কলো ।
স্বাধীন অসমক বিচাৰি নোপোৱাৰ দুখত জুপুক জাপাক কৈ দুয়োটা বিষন্ন বদনে ঘৰলৈ ওভতিলো ।

বেছিদিন ৰব লগা পিছে নহল, সুযোগটো আহিল । ডাঙৰবোৰৰ ,মানে এম ই ,হাইস্কুলত পঢি থকা দাদাবোৰৰ ছমহীয়া পৰীক্ষা চলি থকাৰ মাজতেই গাঁৱৰ সংঘটোলে ফুটবলৰ কিবা কিবি সা-সৰঞ্জাম আহিল । ইমান দিনে এসোপা পলিথিন মেৰাই মৰাপাটৰ ৰছিৰে জালগুঠি তৈয়াৰ কৰা ‘গোঠা বল’ খেলি খেলি আমনি লগা ল’ৰা জাকক এইবাৰ ৰখাই কোনে । পৰীক্ষা চৰীক্ষাৰ টেনশ্যন বাদ পৰিল । আবেলি বৃহৎ ফুটবল খেলা । অকণমানি ফিল্ডখনত প্ৰায় ৩০-৩৫ জন মান খেলুৱৈ । কোনে কাৰ হৈ কাৰ বিপক্ষে কোনফালে বল চুতিয়াই লৈ ফুৰিছে তাৰ দিহা-পাত্তা নাই । কোনোবাবাৰ ৰৈ ৰৈ আমনি লাগিলে গ’ল কীপাৰ দুজনেও গৈ আগত খেলেগৈ । বলটো গলপোষ্টৰ পিনে অহা দেখিলেই দৌৰ মাৰি আহি নিজৰ অৱস্থান লয় । আমি সৰু কেইটাই ফিল্ডৰ বাহিৰত উৎকন্ঠাৰে লৰা ধপৰা কৰি থাকো , বলটো বাহিৰত পৰিলেই সেইটো আনিবলৈ দৌৰ মাৰো । তাতো খোৱা-কামোৰা । দেহা আৰু কপালৰ জোৰ যাৰ বেছি সিহে বলটো চুব পায় । মুঠতে বলটোকলৈয়েই লৰা –ধপৰা ,উত্তেজনা ,হাঁহি-খিকিন্দালি, সীমাহীন ব্যস্ততা ।

তেনেতে দহ-বাৰখন কিচকিচীয়া কলা নতুন হি’ৰ চাইকেলে ফিল্ডখন আগুৰি ধৰিলে । চাইকেলৰ কেৰিয়াৰত সোমাই অনা বাহৰ কেঁচা চেকনী কেইডাল হাতত লৈ বগা বগা গল্ডষ্টাৰ জোতা দহ যোৰমান গুৰু গম্ভীৰ ভাৱে খেল পথাৰলৈ সোমাই আহিল । দুই এজনে দৌৰ এটা মাৰি পলোৱাৰ কথা হয়তো চিন্তা কৰিছিল , পিছে বজ্ৰকঠিন গৰ্জন এটাত আটাইকেইটা চেঙেলীয়া ল’ৰা ফ্ৰীজ হৈ গ’ল । চেকনী কেইডালৰ নিৰ্দেশ মৰ্মে বলটো সোমাজত ৰাখি আটাইকেইজন মহান খেলুৱৈ এটা শাৰীত থিয় হ’ল । বিজয়ী দল এটাই যিধৰনে অৱস্থান লয় থিক সেইধৰনেই অৱ্স্থান ল’লে । পাৰ্থক্য , বিজয়ী দলৰ খেলুৱৈ সকলে হাতদুখন ওপৰলৈ দাঙি ফুৰ্তি কৰে ,আলফাৰ পাল্লাত পৰা আমাৰ খেলুৱৈ কেইজনে হাতদুখন ওপৰলৈ দাঙি কাণৰ লতিদুটা ধৰিলে আৰু দহবাৰ উঠা-বহা কৰিলে । খেলপথাৰৰ বাহিৰত থকা আমি পাচটামান কচুগুটিলে কোনেও মন কৰা নাছিল , কোনেও একো নিৰ্দেশ দিয়া নাছিল ,হয়তো আমাক দেখাই নাছিল ; কিন্তু কিবা এটা অজান ভয়ত আমিও কাণত ধৰিলো আৰু ডাঙৰবোৰৰ লগত চন্দ মিলাই উঠা-বহা কৰিলো । শাস্তি পৰ্ব সফলতাৰে অন্ত পৰাৰ পিচত নেতা যেন লগা এজন ওখ-পাখ , ধুনীয়া মানুহে খেলুৱৈ কেইজনৰ সমুখত থিয় হৈ বলটো হাতত লৈ খুব মিহি মিহি কৈ কিবা কিবি কলে । আমাৰ মহান খেলুৱৈ কেইজনে এবাৰ ‘ভাৰটিকেলী’ আনবাৰ ‘হৰিযনটেলী’ মুৰটো লৰাই অনুচ্চ স্বৰত কিবা উত্তৰ দি থাকিল । আমি হলে একো নুশুনিলো । এবাৰ নেতাজনে হঠাৎ বলটো মাটিত ধুপকৈ মাৰি টানকৈ কলে ‘’তেতিয়ালৈ ফুটবল খেলা বন্ধ ‘’।
আমাৰ বুকু ধুপ-ধুপাই গ’ল । কানদুখন আকৌ টানকৈ ধৰি ইজনে সিজনৰ ফালে চালো ।
তেনেতে এজনে এখন হাতেৰে এখন কান ধৰি থাকি আনখনেৰে মোৰ পেটত খোচ এটা মাৰিলে – ‘কিবা বুজিলি নে ?’
মই ঘুৰি চালো , তাৰ চকুত ইউৰেকা ইউৰেকা চাৱনি ।
-কি?
-স্বাধীন অসম ।
একমুহুৰ্ত ৰৈ চিন্তা কৰি চালো । লগে লগে দিমাক কি বট্টি জ্বলি গ’ল ।
স্বাধীন অসম কি লগে লগে বুজি পায় গলো । পায় গলো ।

সেই যে ‘স্বাধীন অসম’ মানে ‘ফুটবল খেলা বন্ধ ‘ বুলি শৈশৱতে বুজিলো , সেই বুজাই বুজিয়েই ললোঁ । সেই দিন ধৰি ফুটবল খেলা আৰু নহল । খেলিবই নহল । খেলা হলে আই এছ এলত ইউনাইটেড এফ চিৰ হৈ নিতৌ ধোৱা ধাৰ গ’ল দি বদৰুদ্দিন আজমলৰ পৰা লাখে লাখে টকা খীৰোৱা জন ‘নিশ্চিত ভাৱে’ ময়েই হলো হেতেঁন ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Anonymous
1 year ago

ভাল লাগিল পঢ়ি।সেই দিনবোৰ পোৱা নাছিলো যদিও স্বাধীন অসম শব্দটোৰ প্ৰতি এক অন্য আবেগ আছে

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক