স্বাধীন দেশত অপমৃত্যু ( উৎপল খাটনিয়াৰ )

স্বাধীন দেশত অপমৃত্যু

উৎপল খাটনিয়াৰ

 

কালিচৰণৰ আজি আহৰি নাই।কৰণীয় বহুত কামেই বাকী আছে তাৰ। কুকুৰাই ডাক দিয়াৰ আগতেই উঠিছে সি,অথচ আন দিনাৰ দৰে বিড়ি এটি হুপিবলৈও আহৰি পোৱা নাই।তাৰ ব্যস্ততা দেখি ঘৈণীয়েকেও ইহাত-সিহাত কৰিছে তথাপিও তাৰ ব্যস্ততাৰ শেষ  নাই। আনদিনা হ’লে কথা নাছিল , বৰঘৰত তাছ পাত খেলি খেলি দুপৰীয়ালৈকে সি তাৰ কামবোৰ কৰিলেহেঁতেন কিন্তু আজিৰ কথা সুকীয়া, কিয়নো আজি পোন্ধৰ আগষ্ট। এনেয়ে আজিৰ স্বাধীনতা দিবসলৈ তাৰ কোনো আগ্রহ নাই। আজিৰ এই দিনটো গাঁৱৰ খেলপথাৰখনতে দিনজোৰা কাৰ্যসূচীৰে কিয় পালন কৰিবলৈ ওলাইছে সি নাজানে। ইয়াৰ তাৎপৰ্য জানিবলৈ সি চেষ্টা কৰা নাই,কিয়নো তাৰ নিচিনা গৰীৱবোৰ সদায়েই পৰাধীন। ধনীক তথা শোষক শ্রেণীৰ ওচৰত সিহঁত সদায় লাঞ্ছিত আৰু অপমানিত। তাৰ বাবে পতাকা উত্তোলন কৰিবলৈ কোনজন বিধায়ক আহিব সেয়া জনাতকৈ খেলপথাৰখনত কিমান মানুহ হ’ব নতুবা তাৰ দোকানৰ বিক্রী কিমান হ’ব সেয়াহে গুৰুত্বপূৰ্ণ। ইকাণ-সিকাণ কৰি সি জানিব পাৰিছে যে জিলাৰ প্রায় ভাগ স্কুলৰে ল’ৰা- ছোৱালীয়ে  আজিৰ এই কাৰ্যসূচীত ভাগ লব । সেয়েহে আজি তাৰ এই ব্যস্ততা।
কালিচৰণ দেখাত তেনেই নিৰ্জু প্রকৃতিৰ। বয়স ৫০ৰ বেছি নহয় যদিও অভাব-অনাতনে তেওঁৰ মুখত বয়সৰ চাপ পেলাইছে। পৰিয়াল বুলি ক’লে ঘৈণীয়েক আৰু ল’ৰা-ছোৱালী এহাল। এটা সময়ত দিন হাজিৰা কৰিয়ে নিজৰ অভাৱগ্রস্ত পৰিয়ালটি চলাই নিছিল। খেতিৰমাটি বুলিবলৈ দুবিঘামান আছিল যদিও যোৱাবাৰ নদীয়ে খহাই নিয়াত এতিয়া মাটি বুলিবলৈ ভেটিটোহে। বয়স তথা ৰোগে কোঙা কৰাত সি স্থানীয় দৈনিক বজাৰখনত অস্থায়ী টেবুল এখনত গধুলী তামোল-পানৰ লগতে বিড়ি চিগাৰেট বিক্রী কৰে। যি লাভ হয় সেই খিনিৰে সংসাৰৰ অভাৱবোৰ জোৰা-তাপলি মাৰে।
যোৱাকালি বজাৰতে সি গম পাইছিল যে কোনোবা বিদ্রোহী সংগঠনে হেনো স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ কৈছে আকৌ আন কোনোবা সংগঠনে হেনো অসম বন্ধও দিছে।ঘৈণীয়েকেও সি আজি দোকান খোলাটো পছন্দ কৰা নাই কিন্তু সি নাচোৰ বান্দা , খেলপথাৰখনৰ কাষতে সি দোকান দিবই। তাৰ ডাঙৰ ল’ৰাটোৱে এইবাৰ প্রৱেশিকা পৰীক্ষাত অৱতীৰ্ণ  হ’ব। জীৱনত কিবা এটা আশা কৰিছে যদি সেয়া ল’ৰাটোক লৈয়ে কৰিছে , পঢ়াত বেয়া নহয় যদিও এবাৰতে হাইস্কুলৰ ডেওনাখন পাৰ হোৱাটো সি বিচাৰে।গতিকে টিউচন এটিৰ খুৱ প্রয়োজনবোধ কৰিছে সি। ল’ৰাটিয়েও তাকেই কৈ আছে। স্কুলৰে শিক্ষক এজনৰ ওচৰলৈ সি গৈছিল কিন্তু টকা নহ’লে তেখেতেও ল’ৰাক নপঢ়াও বুলি কৈছে গতিকে তাৰ টকাৰ খুৱ প্রয়োজন হৈছে। আবেলি বজাৰত তামোল-পান বিক্রী কৰি পোৱা টকাৰ এটা অংশ সি জমা ৰাখিছে আৰু কিছু টকা জমা হ’লেই সি ল’ৰাটোৰ টিউচনটি বন্দোবস্ত কৰিব পাৰিব; আনহাতে সৰু ছোৱালীজনীও গাভৰু হওঁ হওঁ।গাভৰু হোৱাৰ বেলিকাও তাক কিছু টকাৰ প্রয়োজন হ’ব।গতিকে সি তাত দোকান খন খুলিলে কিছু টকা অৰ্জন কৰিব পাৰিব। বন্ধ দিয়া সংগঠনবোৰেটো তাক সহায় কৰিবলৈ নাহ , তাৰ অভাৱবোৰ কেৱল নিজৰ সামান্য উপাৰ্জনেৰেহে পূৰ্ণ হ’ব।
ইতিমধ্যে গোটচেৰেক মানুহ খেলপথাৰলৈ অহাত প্রয়োজনীয় সামগ্রীখিনি লৈ খেলপথাৰখনৰ কাষতে থকা বকুলজোপাৰ তলত তাৰ টেবুলখন বহুৱালে। টেবুলখনৰ ওপৰতে পান তামোল, বুট,চানা, ভাজি অনা পাপৰ-ফুলৰি বোৰৰ লগতে চিগাৰেটৰ পেকেটবোৰ সজাই ল’লে। টেবুলখনৰ চাৰিওদিশে এচুল পানী ছটিয়াই দি কেইদালমান ধূপ কাঠি জ্বলাই দিলে। খেল পথাৰখনলৈ চোৱাত গম পালে ভালেখিনি মানুহ গোট খাইছে। বিভিন্ন স্কুলৰ পৰা ছাত্র-ছাত্রী ৰ খেলপথাৰ খন মুখৰ কৰি পেলাইছে , সি তাৰ ডাঙৰ ল’ৰাটোকো তাত দেখিলে। ইতিমধ্যে পতাকা উত্তোলন কৰা হৈছে,কণ কণ ল’ৰা-ছোৱালীৰ সমবেত কণ্ঠত বাজি উঠিছে………ও মোৰ আপোনাৰ দেশ……..। দুই এজনকৈ তাৰ দোকানৰ গ্রাহক আহিছিল হে মাত্র, হঠাৎ হাতত লাঠি লৈ দুজন আৰক্ষীৰ লোক তাৰ ওচৰলৈ আহি দোকানখন তাৰ পৰা আঁতৰাবলৈ ক’লে নিৰাপত্তাৰ কথা আছে হেনো,সেয়ে সি তাত দোকান পাতিব নোৱাৰে। উপাই বিহীন হৈ কিছু দুৰলৈ তাৰ দোকানখন লৈ গ’ল। ঠাইখিনি তাৰ আচহুৱা যেন লাগিল। গ্রাহকৰ সংখ্যাও কিছু কমা যেন লাগিল,মনতে ভাবিলে তাত দোকানখন থাকিলে সিহঁতৰ কিনো লোকচান হ’লহেঁতেন,সিনো তাত কি জগৰখন লগাবলৈ গ’লহেঁতেন। গ্রাহক এজন অহাত তাৰ ভাবনাত যতি পৰিলল। গ্রাহকজনে দুই ওঁঠৰ মাজত চিগাৰেট  এটি জ্বলাই ভোৰভোৰাবলৈ  ধৰিলে—“ উলংগৰ দেশত লজ্জা নিবাৰণৰ চেষ্টা কৰিবলৈ  আহিছে। স্বাধীনতা দিৱস উদযাপন কৰিছে—কিহৰ স্বাধীনতা ? ইংৰাজসকলৰ পৰা নিজৰ হাতলৈ শাসনভাৰ আহিল বাবেই আমি জানো স্বাধীন। এতিয়াও দেখোন আমাৰ দেশখনৰ কিছুমান ৰাজনৈতিক নেতাৰ হাতত  আমি শোষিত। আজিও আমি এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছো  অথচ আমাৰে এচাম জনতাই স্বাধীনতা দিৱসত অংশগ্রহন কৰি গৌৰৱ কৰিবলৈ  ধৰিছে আমি স্বাধীন…..।” মানুহ জনৰ কথা কালিচৰণে শুনিলে ঠিকেই কিন্তু বুজিহে নাপালে,কথা খিনিৰ অৰ্থ বিচাৰি সি নিজৰ মনৰ ভিতৰতে এবাৰ জুকিয়াই চালে।
কালিচৰণে দেখিলে পুলিচ দুজন আকৌ আহিছে।দূৰৈৰ পৰাই সিহঁতে কালিচৰণক অবাইচ ভাষাৰে গালি পাৰি আহিছে। সিহঁতৰ বাধা নামানি ইয়াত দোকান বহুৱাৰ বাবে এই দম্ভালি। এজনে তাৰ দোকানৰ সামগ্রীখিনি দলিয়াবলৈ ধৰিলে, টেবুলখন উফৰি দূৰত পৰিল। কালিচৰণে হস্তক্ষেপ কৰাত তাৰ ওপৰতো শাৰীৰিক অত্যাচাৰ চলালে। আকস্মিক দুৰ্ঘটনাৰ বাবে সি প্রস্তুত নাছিল যদিও সিহঁতৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে।
হঠাৎ গুৰুম্ কৈ এটি বিকট শব্দ হোৱাত খেলপথাৰ খনৰ পিনে হৈ-চৈ লাগিল। মানুহবোৰ যিয়ে যেনি পাইছে তেনি পলাবলৈ ধৰিলে। কালিচৰণে দেখিলে তাৰ ওপৰত অত্যাচাৰ চলাবলৈ উদ্যত হোৱা আৰক্ষী দুজনো কেনিবা পলাল। সি বুজি পোৱা নাই এই বিকট শব্দটিৰ উৎস কি ? এখোজ দুখোজকৈ কৌতুহলী মন এটি লৈ খেলপথাৰৰ পিনে আগুৱাব বিচৰাতেই কাৰোবাৰ মুখত শুনিলে “কালিচৰণ পলোৱা পলোৱা খেলপথাৰত বোমা ফুটিছে বহু মানুহ মৰিছে…পলোৱা পলোৱা আৰু বোমা ফুটিব পাৰে”। খেলপথাৰত বোমা , তাতটো তাৰ লৰাটোও আছিল , তাৰ  একো অঘটন হোৱা নাইতো !  নাই সি ভাবিব নোৱাৰিলে , উদ্বাউল হৈ সি কেৱল দৌৰিছে হে দৌৰিছে। খেলপথাৰ খনৰ পূৱ দিশত যত চিত্রাংকণ প্রতিযোগিতা হৈ আছিল তাত কেৱল এতিয়া তেজৰ ডোঙা। কেঁচা  তেজৰ গোন্ধেৰে ঠাইখনি ছানি ধৰিছে। সিঁচৰতি  হৈ পৰি আছে কুৰিটাৰো অধিক মৃতদেহ। পোৰা মঙহৰ গোন্ধৰ লগতে আত্মীয়ৰ কান্দোনে ঠাইখিনি কৰুণ কৰি তুলিছে যেন যুদ্ধক্ষেত্রৰ এটি হৃদয় বিদাৰক দৃশ্যহে। সি মৃতদেহবোৰৰ মাজত বলিয়াৰ দৰে বিছাৰি ফুৰিচে তাৰ লৰাটোক আৰু অবশেষত এটি মৃতদেহৰ ওচৰত সি থমকি ৰ’ল,মৃতদেহ টো বুকুৰ মাজতলৈ সি চিঞৰি চিঞৰি কান্দিবলৈ  ধৰিলে। কিয়নো সেয়া আছিল তাৰ পুত্রৰ নিঠৰ দেহ , অকালতে প্রাণ হেৰুৱা তাৰ পুত্রৰ মৃতদেহ, কাৰোবাৰ পাশৱিক মনোবৃত্তিৰ বলি  হোৱা এটি নিস্পাপ শিশুৰ প্রাণহীন দেহ। এজন আৰক্ষী বিষয়া তাৰ ওচৰলৈ আহি সান্ত্বনা দিলে যদিও কালিচৰণ শান্ত নহ’ল। সি পুত্রৰ মৃতদেহ কোলাত লৈ অবিৰতভাৱে চিঞৰি থাকিল…..কেৱল চিঞৰি থাকিল…..।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments