স্বাস্থ্যৰ ইটো-সিটো – গীতাৰ্থ বৰদলৈ

নিজে ঔষধ কিনি খোৱা ভাল নে?
আজিকালি বহু লোকে নিজেই ফাৰ্মাচীৰ পৰা কিছুমান ঔষধ কিনি লয়। নিদানপত্ৰ অবিহনে বিক্ৰী নকৰিব বুলি একো বাধ্যবাধকতা নথকাৰ বাবে ফাৰ্মাচীৰ গৰাকীয়েও আপত্তি নকৰে। এইবোৰক “over the counter drugs” বা OTC ঔষধ নাম দিয়া হৈছে। দৰবৰ বাকছটোত লিখা সতৰ্কবাণীও বহুতে পঢ়ি নাচায়। বিনা প্ৰেছক্ৰিপছনৰ ঔষধৰ তালিকা ভাৰতত এতিয়াও তৈয়াৰ কৰা হোৱা নাই। কেতিয়াবা চিকিৎসকৰ ওচৰলৈ গ’লে অধিক পইচা খৰছ হ’ব বুলি ফাৰ্মাচিষ্টক সুধিয়েই দৰব খায়। জ্বৰ, কাহ, পানী লগা, এলাৰ্জী, গেষ্ট্ৰাইটিছ, পেট চলা আদি সমস্যাৰ ঔষধ সকলোতকৈ বেছি বিক্ৰী হোৱা OTC ঔষধ।

ঔষধ খোৱাৰ প্ৰথম নিয়মটো হৈছে বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে নোখোৱাটো। কিন্তু এই নিয়ম সকলোৱে ভাঙিবই আৰু কেতিয়াবা জৰুৰীকালীন অৱস্থাত ভঙাটো জৰুৰী হৈ পৰে। গৰ্ভৱতী মহিলা আৰু শিশুক OTC ঔষধ নিদিব। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কিছুমান ঔষধৰ গৰ্ভৰ সন্তানৰ হানি কৰিব পৰাকৈ বিৰূপ ক্ৰিয়া থাকিব পাৰে। শিশুৰ ওজন চাইহে ঔষধৰ মাত্ৰা নিৰ্ণয় হয়। বৃদ্ধ লোককো যেই সেই ঔষধ দিয়া টান। নিজে ঔষধ কিনি খোৱাৰ পাছত ৰোগৰ লক্ষণ বেছি হ’লে, ৰোগ সম্পৰ্কে নিশ্চিত নহ’লে আৰু আগৰে পৰাই কোনো ৰোগ থাকিলে বা আন ঔষধ খাই থাকিলে পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব। মূৰৰ বিষ, কঁকালৰ বিষৰ বাবে ঔষধ খালে বেছি খাব নালাগে। অধিক মাত্ৰাই পাকস্থলীৰ লগতে যকৃৎ আৰু বৃক্কৰ ক্ষতি কৰিব। জ্বৰৰ বাবে পেৰাচিটামল বা আইবুপ্ৰেফেন খালে ২৪ ঘণ্টাত চাৰিটাৰ বেছি টেব্লেট খাব নালাগে। জ্বৰ নকমিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। শিশুৰ ওজন জানিলেহে নিৰ্দিষ্ট মাত্ৰাৰ জ্বৰৰ চিৰাপ খুৱাব। পানী লাগি জ্বৰ, ডিঙিৰ সুৰসুৰণি হ’লেই যিকোনো ঔষধ নাখাব।

নাক সোপা মৰাৰ প্ৰতিকাৰৰ বাবে নাকত দিয়া ঔষধে ভাল কাম কৰে। কিন্তু পাঁচ দিনমানৰ বেছি ব্যৱহাৰ কৰিলে লক্ষণ বাঢ়িহে যাব পাৰে। চৰ্দিৰ ঔষধ খোৱাৰ আগতে পাৰ্শ্বক্ৰিয়া, পাৰস্পৰিক ক্ৰিয়া জানি লোৱা ভাল। কাহৰ ঔষধ খোৱাৰ আগতে জনা লোকক সুধি ল’ব লাগে। শুকান কাহ আৰু খেকাৰ ওলোৱা কাহৰ ঔষধৰ উপাদান বেলেগ বেলেগ। সঠিক ঔষধ ব্যৱহাৰ নকৰিলে পৰিস্থিতি বেয়াহে হ’ব। এলাৰ্জীৰ লক্ষণ থাকিলে কেতিয়াবা লৰালৰিকৈ নিজে ঔষধ খুৱাবলগীয়া হয়। কিছুমান এলাৰ্জীৰ ঔষধ খালে টোপনি ধৰে। সময়, পৰিস্থিতি চাইহে এনে ঔষধ খাব। শিশুক টোপনি ধৰা এলাৰ্জীৰ ঔষধ নিজে নিদিব। চকুত দিয়া বহু ঔষধ আজিকালি ওলাইছে। আমাৰ চকু দুটি অমূল্য অংগ। বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে যি তি বস্তু চকুত নাঢালিব। গেছৰ ঔষধ সাধাৰণতে নিৰাপদ। কিন্তু কিছুমান ঔষধ একেলগে খালে কাম নকৰ। গেষ্ট্ৰাইটিছ (চলন্তি ভাষাত গেষ্ট্ৰিক) নহৈ আন গুৰুতৰ ৰোগো হ’ব পাৰে। পেট চলিলে নিজে সঠিক পৰিমাণৰ ORS পানীত মিহলাই খাব পাৰি। এণ্টিবায়টিক আৰু ল’পেৰামাইডৰ নিচিনা ঔষধ নিজৰ মতে নোখোৱাই ভাল। অলপ-চলপ বমিৰ বাবে নিজে ঔষধ খাব পাৰে। বেছি হ’লে চিকিৎসকৰ ওচৰলৈ যাব। ছালৰ ৰঙচুৱা দাগ, খজুৱতিৰ বাবে ফাৰ্মাচীৰ পৰা যিকোনো মলম কিনি লগাব নাপায়। এনে বহু মলমৰ উপাদান ষ্টেৰইড। এদিনতে লক্ষণৰ উপশম ঘটিলেও ৰোগৰ প্ৰকৃত কাৰণ লোপ নহয়। তেতিয়া কেইদিনমানৰ পাছত খুব বেছি লক্ষণে দেখা দিব পাৰে।

এতিয়া ইণ্টাৰনেটৰ যুগ। গুগলক “ফেমিলী ডাক্তৰ” হেন জ্ঞান কৰি সকলোৱে লক্ষণ, ৰোগ সম্পৰ্কে সন্ধান কৰি উলিয়ায়। নিজৰ ৰোগ নিৰ্ণয় কৰিবলৈও সেই জ্ঞান কামত খটুৱায়। সৰু সমস্যাকো ডাঙৰ সমস্যা বুলি ভাবি লয়। চিকিৎসকে কিবা ক’লে পটকৈ বিশ্বাস নকৰে। নিদানপত্ৰৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াও এটা এটাকৈ বিচাৰি উলিয়ায়। পাৰ্শ্বক্ৰিয়াৰ ভয়ত চিকিৎসা আধৰুৱা কৰে। ইণ্টাৰনেটক অন্ধভাৱে বিশ্বাস কৰি চিকিৎসাত আহুকাল লগোৱা মানসিক অৱস্থাক এতিয়া চাইবাৰকণ্ড্ৰিয়া (Cyberchondria) নাম দিয়া হৈছে। কিবা এটা বিচাৰিলে ইণ্টাৰনেটত লাখ লাখ পৃষ্ঠা পোৱা যায়। সেইবোৰৰ পৰা সঠিক তথ্য গোটোৱাটো সহজ নহয়। সঠিক তথ্য পালেও চিকিৎসা বিজ্ঞানৰ সকলো পৰিঘটনা বুজাটো টান। দুজন লোকৰ একে ৰোগৰ চিকিত্সা বেলেগ বেলেগ ঔষধেৰে হ’ব পাৰে। একে লক্ষণেও দুটা বেলেগ ৰোগ সূচাব পাৰে।

ঔষধ নিয়ম অনুসৰি কিয় খাব লাগে?
ঔষধৰ কাৰ্যপ্ৰণালী এক বহল বিষয়। বয়স, খোৱাৰ সময়, আহাৰ, অন্য ঔষধৰ ব্যৱহাৰ আদি বহু কাৰকে ইয়াৰ কাৰ্যকুশলতাত প্ৰভাৱ পেলায়। বিষৰ দৰবৰ নিচিনা কিছুমান ঔষধ চিকিত্সকে আহাৰ খোৱাৰ লগে লগে খাবলৈ পৰামৰ্শ দিয়ে। খালী পেটত খালে এনে ঔষধে পাকস্থলীৰ ভিতৰৰ সুৰক্ষামূলক আৱৰণীখনৰ হানি কৰে। তেতিয়া গেষ্ট্ৰাইটিছ, গেষ্ট্ৰিক আল্চাৰ আদি ৰোগ হ’ব পাৰে। আকৌ খালী পেটত খাবলৈ দিয়াৰ অৰ্থ এয়েই যে আহাৰে ঔষধটোৰ তেজত শোষণ হোৱা সময় দীঘলীয়া কৰি তুলিব। তেতিয়া ই ভালকৈ কামত নাহে। হাইপ’থাইৰইড (শৰীৰত থাইৰইড হৰম’ন কমি যোৱা) ৰোগৰ বাবে থাইৰইড টেব্লেট পুৱা খালি পেটতে খাবলৈ পৰামৰ্শ দিয়া হয়। তেতিয়া ৰোগীৰ পুৱাই ঔষধ খাবলৈ মনত পৰিব। আনহাতে থাইৰইড টেব্লেটৰ শোষণ কেল্চিয়াম, লো আদিৰ লগতে আহাৰে কমাই দিয়ে। সেইবাবে পুৱা শুই উঠিয়েই আহাৰ খোৱাৰ এঘণ্টামান আগতেই এই দৰব খাব লাগে। জ্বৰৰ বাবে পেৰাচিটামল নামৰ ঔষধ ব্যৱহাৰ কৰা হয়। ডাঙৰৰ বাবে ইয়াৰ নিৰ্দিষ্ট মিলিগ্ৰাম পৰিমাণৰ টেব্লেট পোৱা যায়। সৰুৰ বাবে সেই পৰিমাণ গ্ৰহণযোগ্য নহয়। চিৰাপ ৰূপত পোৱা পেৰাচিটামল ওজন অনুসৰি জুখি লৈহে খুৱাব লাগে। আন্দাজত কেতিয়াবা কম পৰিমাণে খুৱাই দিলে সহজে জ্বৰ নকমে।

বয়স বাঢ়ি অহাৰ লগে লগে যকৃৎ, বৃক্ক আদিৰ কাৰ্যক্ষমতা হ্ৰাস পায়। অন্য ৰোগ থাকিলেও অংগবোৰে ভালকৈ কাম কৰিব নোৱাৰে। যকৃতে ঔষধবোৰৰ বিপাক কৰে আৰু শোষণৰ পাছত থাকি যোৱা অলাগতিয়াল বস্তুবোৰ বৃক্কই শৰীৰৰ পৰা উলিয়াই দিয়ে। বয়স আৰু আন অংগৰ অৱস্থ অনুযায়ী কিছুমান ঔষধ দিয়া নহয়, কিছুমানৰ মাত্ৰা কমাই দিয়া হয়। চিকিৎসকক নোসোধাকৈ কিছুমান ঔষধ নিজে বেছিদিন খাই থাকিলে বৃক্ক অকামিলা হৈ পৰে।

(উৎস: হে’ল্থ গাইড, সঞ্জীৱন প্ৰকাশন, ২০১৮ চন)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments