স্বাস্থ্য আৰু কিছু ইতিবাচক কথা -(কনচেং বৰগোঁহাই)

বৰ্তমান সময়ত পৃথিবীত সবাতোকৈ চৰ্চা কৰা বিষয় হল স্বাস্থ্য। ৰোগ হলে সুচিকিৎসাৰ প্ৰয়োজন সেইয়া আমি সকলোৱে জানোঁ৷ চিকিৎসকে চিকিৎসা কৰাৰ উপৰিও ৰোগীৰ প্রতি আমাৰ কৰণীয় বহু থাকে। আত্মীয় বা ভাল বন্ধুৰ স্পর্শ, আৰু সংগই এক নিৰাময়কাৰী শক্তি হিচাপে কাম কৰে। এনে কৰণীয়খিনিত গুৰুত্ব দিলে ৰোগী সোনকালে আৰোগ্য হোৱাত সহায় হয়। বেমাৰ সদায় ব্যক্তিগত। কঠিন ৰোগ হোৱা নোহোৱাটো কাৰোৰ সাধ্যৰ ভিতৰত নাথাকে। কোনো ধৰণৰ ধঁপাত সেৱন নকৰা মানুহৰো হাঁওফাঁওৰ কেন্সাৰ হব পাৰে। যেনেকুৱা ভয়ানক বেমাৰ নহওঁক লাগিলে আৰোগ্য হোৱাৰ অৱকাশ সদায় থাকে। সেয়ে ইতিবাচক চিন্তা চৰ্চাৰে ৰোগীৰ মনোবল বঢ়োৱাত যত্নপৰ হব লাগে।

“আমাৰ খুৰীদেউৰ এনেকুৱাই হৈছিল”, “মামাৰ লৰাটোৰ আপোনাৰ দৰে হৈছিল”- সাধাৰণতে এনেধৰণৰ কথাই বিছনাত পৰি বেমাৰীৰ সৈতে আমি কথা আৰম্ভ কৰোঁ৷ তেনে কৰিলে সেই খুৰীদেউ বা মামাৰ লৰাৰ যন্ত্রণাময় সময়খিনি ৰোমন্থন কৰি ৰোগীজনকো তেনেকুৱা যন্ত্রণাদায়ক সময় এটা আহিব পাৰে বুলি ধাৰণা দি ৰোগীক শংকিত কৰি তোলাহে হয়। ৰোগীক তেনে কল্পনা কৰিবলৈ অৱকাশ দিব নালাগে। সেয়ে এই কথাবোৰ কওঁতে আমি সাৱধান হ’ব লাগে। কঠিন ৰোগৰ ৰোগীয়ে নিজৰ তিক্ততাখিনি লৈ ইতিমধ্যে দুর্বল হৈ পৰে বা কম বেছি পৰিমাণে স্বাস্থ্য হানি হোৱাৰ ভয় এটাই মনত গা কৰি উঠে। তদুপৰি প্রত্যেকজন ৰোগীৰে জীৱন যাপনৰ প্রণালী, বেমাৰৰ ভিন্নতা, বয়স, মানসিক স্তৰ বা চিন্তা আদি সকলো বেলেগ। তেনেস্থলত এনে ৰোগীক সকলোৱে ইতিবাচক কথাৰে মনোবল বঢ়াবলৈ যত্ন কৰিব লাগে।

আমি সাধাৰণতে কওঁ – ‘কিবা দৰকাৰ হলে মোক জনাব’ এইয়া মানুহৰ সহজাত প্রবৃত্তি। এনেদৰে কোৱাও অনুচিত যিহেতু সকলোৰে পক্ষে সকলো কাম কৰাটো সম্ভৱ নহয়। যেনে- দূৰত থকা বন্ধু এজনে সদায় ৰোগীক খোৱা দিবলৈ অহাতো সম্ভৱ নহয়। আচলতে যিটো কাম ব্যৱহাৰিক ভাবে কৰিব পৰা যায়, তাকহে কোৱা উচিত !

ৰোগীৰ বন্ধু বা শুভচিন্তক হিচাপে ৰোগীৰ ইচ্ছা অনিচ্ছাবোৰক সন্মান প্রদর্শন কৰিব লাগে। ৰোগীয়ে বাৰে বাৰে মানা কৰা স্বত্বেও সহায়ৰ হাত আগবঢ়াব নালাগে। কিয়নো ই সহায় নহৈ আপুনি নিজে বা: বা: ল’ব বিচৰাটোহে সূচাব।

বিশ্ৰাম হ’ল বেমাৰৰ অন্য এক ঔষধ। দূৰৈৰ পৰা আহিছোঁ বুলি আমি সাধাৰণতে শুই থকা ৰোগীক উঠাই হলেও মাত এষাৰ দিয়াৰ কথা ভাবোঁ৷ কিন্তু তেনে অৱস্থাত ৰোগীক আপোনাৰ মাতষাৰতকৈ টোপনিহে বেছি প্রয়োজন।

বহুদিনৰ আগতে এটা গল্প পঢ়িছিলোঁ৷ গল্পটোৰ কেইটামান কথাই আজিও মোৰ মনত দকৈ সাঁচ বহুৱাই ৰাখিছে। চমুকৈ গল্পটো এনে আছিল – এজন দুখীয়া মানুহ দহটা ল’ৰা-ছোৱালীৰ সৈতে পেটে ভাতে খাই জীয়াই আছিল। যেতিয়া তেওঁৰ এঘাৰ নম্বৰ লৰাটো জন্ম পালে, তেতিয়া তেওঁৰ চিন্তা হল -এই সৰু লৰাটোক ডাঙৰ দীঘল কৰা যায় কেনেকৈ। সেয়েহে তেওঁ এজন ধর্ম পিতৃ বিচাৰি লৰাটোক অৰ্পণ কৰাৰ সিদ্ধান্ত ললে আৰু ধর্ম পিতৃ বিচাৰি ঘৰৰ পৰা ওলাই গ’ল। এদিন বিচাৰি ফুৰোঁতে তেওঁ এজন মানুহক লগ পালে। তেওঁকে ধর্ম পিতৃ হ’বলৈ খাটনি ধৰিলে। মানুহজনে সন্মতি প্রদান কৰাৰ সময়তে লৰাটোৰ দেউতাকে গম পালে যে মানুহজন আন কোনো নহয় তেওঁ ভগবানহে! তেতিয়া “ভগবানে দুখীয়াৰ দুখ নুবুজে” বুলি লগে লগে তেখেতক নাকচ কৰিলে। তেওঁ পুনৰ আগবাঢ়ি গল আৰু বাটত অন্য এজন মানুহ লগ পাই এইবাৰ তেওঁক খাটনি ধৰিলে। তেনে সময়তে তেওঁ গম পালে যে মানুহজন এজন অসুৰ হয়। যিহেতু অসুৰে মানুহ জাতিক অন্যায় কৰে, শান্তিৰে থাকিব নিদিয়ে সেয়ে মানুহজনে আগৰবাৰৰ দৰেই অসন্মতি প্রকাশ কৰিলে। গৈ গৈ এইবাৰ তেওঁ বাটত যমৰাজক লগ পালে আৰু তেওঁকে ধর্ম পিতৃ বুলি স্বীকাৰ কৰি লৰাটোক গটাই দিলে। লৰাটোক লৈ যমৰাজ হাবি এখনত বাস কৰিবলৈ ললে।

লৰাটো হাবিৰ মাজতে ডাঙৰ হবলৈ ধৰিলে আৰু যমৰাজে তাক গছ বনৰ পৰা ঔষধ তৈয়াৰ কৰিবলৈ শিকালে। লাহে লাহে ডাঙৰ হৈ লৰাটোৱে গাঁৱে গাঁৱে ৰোগীক ঔষধ পাতি দিবলৈ ধৰিলে আৰু ৰোগীয়ে সুফল পোৱা ৰোগীৰ সংখ্যা ক্ৰমাত বাঢ়ি যাবলৈ ধৰিলে। চিকিৎসা কৰা সময়ত যমৰাজ সদায় তাৰ লগত থাকে। মৃত্যু শয্যাত থকাসকলক ঔষধ দিয়া সময়ত যমৰাজ যদি ৰোগীৰ শিতানৰ ফালে থাকে তেন্তে ৰোগীয়ে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব আৰু যদি যমৰাজ ভৰিৰ ফালে থিয় হয় তেন্তে ৰোগীৰ মৃত্যু অৱশ্যম্ভাৱী। গতিকে লৰাজনে গৃহস্থক আগতীয়াকৈ ক’ব পৰা হ’ল ৰোগী বাচিবনে নে নাবাচে। এনে পাৰদৰ্শিতাৰ বাবে সি জনাজাত হৈ পৰিল।

সেইখিনি সময়তে সেই দেশৰ ৰজা বেমাৰত পৰিল। ইতিমধ্যে কথাটো অহু-কাণে পহু-কাণে গৈ ৰজাৰ কাণতো পৰিছিল। সেয়ে দূতৰ হতুৱাই লৰাটোক মতাই পঠালে। লৰাজন গৈ ৰজাৰ চিকিৎসা কৰিবলৈ লওঁতে যমৰাজ ভৰিৰ ফালে থিয় দিলেগৈ। তেতিয়া সি এটা বুদ্ধি কৰিলে। ৰজাক বিছনাতে মূৰটো ভৰি আৰু ভৰিটো মূৰৰ ফালে ঘুৰাই ওলোটা কৰি দিলে। তেতিয়া ৰজা তাৰ চিকিৎসাত সুস্থ হ’ল। এই কথাত যমৰাজ খৰ্গহস্ত হ’ল আৰু পুনৰবাৰ তেনে কৰিলে তাক জীয়াই নাৰাখে বুলি সকীয়নি দিলে। তাৰ কিছুদিনৰ পাচত ৰজাৰ জীয়েক অসুস্থ হ’ল। এইবাৰ ৰজাই জীয়েকক আৰোগ্য কৰিলে জীয়েকক তাৰ সৈতে বিয়া দিব বুলি ঘোষণা কৰিলে। এইবাৰো সি ৰোগীক পথ্য দিয়াৰ সময়ত যমৰাজ পুনৰ ভৰিৰ ফালে থিয় হ’ল। লৰাজনে যমৰাজৰ সকীয়নি নামানি পুনৰ ৰজাক কৰাৰ দৰে জীয়েকক ওলোটা কৰি জীৱন্ত কৰি তুলিলে। যমৰাজে এইবাৰ লৰাজনক ধৰি এখন বেলেগ জগতলৈ লৈ গ’ল য’ত হাজাৰ হাজাৰ মমবাতি জ্বলি আছিল। এই মমবাতিবোৰ জ্বলি বিভিন্ন উচ্চতাত ৰৈছেগৈ। জ্বলা মমবাতিবোৰ দেখুৱাই যমৰাজে কলে যে এই মমবাতিবোৰ বিভিন্ন মানুহৰ জীৱনৰ আয়ুৰ হিচাপ-কিতাপ। যাৰ নামত জ্বলি থকা মমবাতি গলি গলি যিমান বাকী ৰৈছেগৈ তাৰ আয়ুসো সিমানেই। হঠাৎ লৰাজনে নিজৰ নামত জ্বলি থকা মমবাতি ডাল দেখিলে যে অকণমানহে বাকী আছেগৈ অৰ্থাত তাৰ মৃত্যুলৈ বেছিদিন নাই। সি যমৰাজক কলে যে সি সমন্ধত তেওঁৰে ধর্মপুত্র। মৃত্যুলৈ তাৰ কোনো ভয় নাই। ইচ্ছা কৰিলে যমৰাজে তাৰ জীৱন বন্তি ফুঁ মাৰি যিকোনো মূৰ্হুত্বতে নুমাব পাৰে। অবশ্যে জীৱন যিহেতু তেওঁ দিয়া নাই সেইবাবে তাৰ জীৱন লোৱাৰো তেওঁৰ অধিকাৰ নাই ! শেষত লৰাটোৱে এইবুলি কলে যে- পিতা হৈ পুত্রৰ জীৱন ললে যমৰাজৰ কাললৈ মুচিব নোৱাৰা এক কুখ্যাতি ৰৈ যাব। যমৰাজে লৰাটোৰ কথাত যুক্তি বিচাৰি পালে আৰু অন্য এডাল মম জ্বলাই তাক জীৱন দান দি তাৰ পৰা অন্তৰ্ধান হ’ল।

গল্পটোৰ পৰা কেইটামান কথা স্পষ্ট হয় যে– বিশ্বাস, বুদ্ধি, মনোবল, ইতিবাচক চিন্তা চৰ্চা আৰু পৰস্পৰ প্রতি সহানুভূতিশীল হলে মৃত্যুৰ দুৱাৰডলিৰ পৰাও সহজেই ঘুৰি আহিব পাৰি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments