স্বাস্থ্য আৰু মানৱ অধিকাৰ -(ৰক্তিম শৰ্মা)

মানৱ জীৱনত খাদ্য-বাসস্থান আৰু নিৰাপত্তাৰ সমান্তৰালকৈ স্বাস্থ্য আৰু চিকিত্সাও নূন্যতম মৌলিক প্ৰয়োজন হিচাপে অতীজৰে পৰাই চিহ্নিত হৈ আহিছে। আদিম মানৱে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে স্বাভাৱিকতেই প্ৰকৃতিৰ সৈতে সংঘাতত অৱতীৰ্ণ হ’ব লগা হৈছিল। অন্য প্ৰাকৃতিক কাৰকবোৰৰ উপৰিও ৰোগ-ব্যাধি-মাৰিমৰক আদিৰ সৈতেও সংঘৰ্ষ অৱধাৰিত আছিল। মানৱ ইতিহাসেই হল সংমিশ্ৰণৰ ইতিহাস। কোনো মানৱ গোষ্ঠীৰ অন্য মানৱ গোটৰ সৈতে সংমিশ্ৰণৰ প্ৰক্ৰিয়া যিমানেই সংঘটিত হৈছিল সিমানেই নতুন নতুন ৰোগৰ সৈতে চিনাকি হৈছিল আৰু আৰম্ভ হৈছিল সংক্ৰমণৰ প্ৰক্ৰিয়াও। নতুন পৰিস্থিতিত নতুন ৰোগৰ সৈতে মুখামুখি হৈ বা সংক্ৰমণে মানুহৰ দেহত স্বাভাৱিকতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰো বিকাশ কৰিব পাৰিছিল। সেয়ে হয়তো কোনো ভেক্সিন বা এণ্টিবায়টিক অবিহনেও মহামাৰীত ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিছিল মানৱ সমাজ। আনহাতে ৰোগ সৃষ্টিকাৰী কি তাক ঠাৱৰ কৰিব নোৱাৰি কিছুমান দেৱতা-অপদেৱতাক ইয়াৰ কাৰণ বুলি ধাৰণা কৰি সেইবোৰক সন্তুষ্ট কৰাৰ উদ্দেশ্যে ঐন্দ্ৰজালিক কৰ্মকাণ্ডৰ বীজ ৰোপণ হৈছিল মানৱ সমাজত।

এতিয়া একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ যুগতো মানুহৰ এইবোৰ কৰ্মকাণ্ডৰ ওৰ পৰা নাই। ঐন্দ্ৰজালিক কৰ্মকাণ্ডৰ সমান্তৰালকৈ প্ৰাচীন সমাজত স্বাস্থ্য আৰু চিকিত্সা সম্পৰ্কে ঋষি-মনীষীসকলৰ চিন্তা চৰ্চাই ব্যাপকতা লাভ কৰিছিল। অন্য বন্য জীৱবোৰক অনুকৰণ কৰিয়েই কিজানি প্ৰাকৃতিক গছ-লতাৰ ঔষধি গুণৰ ওপৰত যুগ যুগ ধৰি আৰম্ভ হৈছিল পৰীক্ষা নিৰীক্ষা। ঐন্দ্ৰজালিক ক্ৰিয়া কাণ্ডৰ লগে লগে এই ধৰণৰ পৰীক্ষা-নিৰীক্ষা তন্ত্ৰ-মন্ত্ৰ আয়ুৰ্বেদ আদিৰ ৰূপেৰে সংগঠিত ধাৰালৈ ৰূপান্তৰিত হৈছিল চিকিত্সা বিদ্যা। চীন আৰু ভাৰততেই কিজানি প্ৰাচীন পৰম্পৰাগত চিকিৎসাৰ বিকাশ হৈছিল। ইয়াৰ লগে লগে মানুহৰ মাজত ধৰ্মীয় শুচিতা বা পবিত্ৰতাত ধাৰণাৰে স্বাস্থ্যৰ সজাগতাও হয়তো আৰম্ভ হৈছিল মানুহৰ জ্ঞাতে-অজ্ঞাতে।

আধুনিক যুগত স্বাস্থ্যৰ পৰিভাষাৰ বিকাশ হৈ ই সামাজিক ধাৰণালৈ পৰ্যবসিত হয়।  কিছুমান পৰম্পৰাগত সামাজিক নীতি-নিয়ম সলনি নকৰিলে যে ব্যক্তিৰ স্বাস্থ্য নিৰাপদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শিশু আৰু নাৰীৰ সুৰক্ষা, বিবাহৰ ক্ষেত্ৰত বয়সৰ সঠিক নিৰ্ধাৰণ,  কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা, পৰিবেশ প্ৰদূষণ ৰোধ, গ্ৰাহক সুৰক্ষা, খাদ্য ভেজালকৰণ প্ৰতিৰোধ আদি বিভিন্ন কল্যাণকামী পদক্ষেপ লৈ আইন প্ৰণয়ন হৈছে ভাৰতৰ লগতে বিশ্বৰ প্ৰায় সকলো দেশত। ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ সকলো দেশকে জনতাৰ সৰ্বোচ্চ মানৰ স্বাস্থ্য নিশ্চিত কৰিবলৈ গোহাৰি জনোৱাৰ লগতে ভিন্ন কাৰ্যসূচীও লৈ আহিছে। আনকি সৰ্বোচ্চ মানৰ স্বাস্থ্য মানুহৰ মানৱ অধিকাৰ হিচাপেও স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইমানবোৰ আঁচনি লৈও বিশ্বত স্বাস্থ্যৰ মান কি সেয়া এক বিচাৰ্যৰ বিষয়। চীনক বাদ দি ভাৰত বা দক্ষিণ-পূব এছিয়াৰ দেশবোৰত স্বাস্থ্যৰ মান অতি দুখলগা এতিয়াও। যুদ্ধ বিধ্বস্ত আফ্ৰিকান দেশবোৰৰ পিছতেই স্বাস্থ্যৰ ক্ষেত্ৰত পয়ালগা ভাৰতৰ লগতে দক্ষিণ-পূব এছিয়াৰ দেশবোৰ। আমেৰিকাৰ দৰে উন্নত দেশবোৰতো অতি ব্যয়বহুল চিকিত্সা পদ্ধতিয়ে দুখীয়া শ্ৰেণীটোক উপকৃত কৰিব পৰা নাই। ইয়াৰ অন্যতম কাৰণ দৰিদ্ৰতা, সৰ্বসাধাৰণৰ নূন্যতম ক্ৰয় ক্ষমতা, অবাধ দুৰ্নীতি আৰু একাংশ পুঁজিপতিৰ ঔষধ আৰু চিকিত্সা সামগ্ৰী আৰু পদ্ধতিৰ একচিতীয়া মালিকানা। কিমানদূৰ সত্য নাজানোঁ কিন্তু আমেৰিকান মেডিকেল এচ’চিয়েচনৰ অনুমোদন অবিহনে হেনো কোনো চিকিৎসা পদ্ধতিয়েই বজাৰলৈ আহিব নোৱাৰে। সেয়ে কেন্সাৰৰ দৰে কোনো ৰোগৰ অন্য চিকিৎসা পদ্ধতি আবিষ্কাৰ হলেও সেয়া গ্ৰহণযোগ্য পদ্ধতি হিচাপে স্বীকৃতি লাভ কৰিবলৈ অক্ষম। ভাৰতৰ দৰে দেশবোৰত স্বাস্থ্য আৰু চিকিৎসাৰ ওপৰত এই পুঁজিবাদী আগ্ৰাসনৰ উপৰিও দুৰ্নীতিয়ে জনগণৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। সেয়ে একাংশ চিকিত্সকৰ সৈতে দুৰ্নীতিগ্ৰস্ত চিকিত্সা ব্যৱস্থাটোৰ পৈশাচিক সম্পৰ্কৰ কথা মুকলিকৈ কোৱা নাচিকেতাৰ সেই জনপ্ৰিয় গীত মানুহৰ মুখে মুখে..

‘কচাই জব কৰে প্ৰকাশ্য দিবালোকে

তোমাৰ আছে ক্লিনিক আৰ চেম্বাৰ

অ…….ডাক্তাৰ…………..!!!’

পিছে যিসকল চিকিত্সকক উদ্দেশ্য কৰি এই গীতটো গোৱা হৈছে তেওঁলোক প্ৰকৃততে এই সমস্ত দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাটোৰ এক ক্ষুদ্ৰ অংশীদাৰহে। মুখ্য স্থানত বৃহত্ পুঁজিপতি, ঔষধ উত্পাদন কৰা উদ্যোগপতি, বৃহত্ ঔষধ বিক্ৰেতা সংস্থা আৰু চৰকাৰী যন্ত্ৰটো। এই চৰকাৰী যন্ত্ৰটোৱেই সীমাহীন দুৰ্নীতিৰে জনগণৰ স্বাস্থ্যৰ অধিকাৰ খৰ্ব কৰিছে। অসমতো NRHMৰ পৰ্বতসম দুৰ্নীতিৰ বিষয়ে ক’ৰবাত ক’ৰবাত প্ৰকাশ হৈছিল। ১০৮ৰ এম্বুলেঞ্চবোৰত হেনো প্ৰকৃততে আই চি ইউৰ ব্যৱস্থা সংলগ্ন থকাটো বাধ্যতামূলক। সেয়া নকৰি স্বাস্থ্য বিভাগে কোটি কোটি আঁচনিৰ টকা হজম কৰাৰ খবৰো ক’ৰবাত পঢ়া মনত পৰে। এইবোৰৰ সত্যাসত্য সময়ত নিৰ্ধাৰণ হব কিন্তু জনগণৰ স্বাস্থ্যকলৈয়ে চৰকাৰী যন্ত্ৰটোৱে হেতালি খেলিছে তাত কোনো সন্দেহ নাই।

ভাৰতত স্বাস্থ্যসেৱাই বিগত দহ বছৰত কিছু উন্নতি যে কৰিছে সেয়া ক’বই লাগিব। কিন্তু সেই উন্নতি মুঠেও আশাপ্ৰদ নহয়। গ্ৰাম্য স্বাস্থ্য মিছনে কিছু কাম কৰিছে যদিও উপ কেন্দ্ৰবোৰত বিনামূলীয়াকৈ জীৱনদায়িনী ঔষধৰ যোগান এতিয়াও হোৱা নাই। অক্সিজেনৰ ব্যৱস্থা নাই,  চিকিৎসালয় আছে ডাক্তৰ নাই। বিনামূলীয়া ঔষধৰ কথা কোৱা হৈছে কিন্তু ঔষধ নাই। ডাক্তৰবোৰে এতিয়াও চেম্বাৰত বহি ফিজ লয় অথচ হস্পিটালত নাযায়। কিছুমানে ডিউটিলৈ নাযায়েই, এনেই চৰকাৰী দৰমহা ভক্ষণ কৰে। ব্যৱস্থাটোত থকা মৌলিক কেৰোণবোৰৰ কাৰণে চিকিত্সকসকলৰ মাজত সেৱাৰ মনোভাৱ তৈয়াৰ কৰাত ব্যৰ্থ হৈছে।

ভগ্ন স্বাস্থ্যৰ মূল কাৰণ দৰিদ্ৰতা৷ জনগণৰ ক্ৰয় ক্ষমতা নাথাকিলে সঠিক কেল’ৰি আৰু খাদ্যপ্ৰাণ আহৰণ কৰিবলৈ অক্ষম হয়। আৰ্থিক দুৰৱস্থাৰ বাবে ভাৰতৰ জনগণে কেল’ৰি- প্ৰ’টিন-ভিটামিনৰ অভাৱত ভোগে। খাদ্য ভেজালকৰণেৰে একাংশ অসাধু ব্যৱসায়ীয়ে ভূতৰ ওপৰত দানহ হৈ পৰিছে। কোনো আইনে এইবোৰৰ প্ৰতিকাৰ কৰিব পৰা নাই। কাৰণ দুৰ্নীতিগ্ৰস্ত প্ৰশাসন। এতিয়াও শিশু আৰু প্ৰসুতিৰ মৃত্যুৰ হাৰ ভাৰতত কমা নাই। অথচ ধনী লোকৰ সংখ্যা বিশ্বৰ ভিতৰত ভাৰততেই সৰ্বাধিক। এই ধনীসকলেই ভাৰতত ৰাজনীতি-অৰ্থনীতি আৰু চৰকাৰী যন্ত্ৰটোক নিয়ন্ত্ৰণ কৰে আৰু মুনাফাৰ পাহাৰ গঢ়ি ভূ-লুণ্ঠিত কৰে সাধাৰণ জনগণৰ মানৱীয় অধিকাৰ। এইসকলেই আকৌ মেজিক পাৰ্গত ধৰ্মগুৰুবোৰকো তেল-পানী দি ৰাখে, যাতে সমাজত সাধাৰণ লোকক অন্ধবিশ্বাস-কুসংস্কাৰৰ জালখনেৰে মেৰিয়াই লৈ তথ্য-প্ৰযুক্তিৰ যুগতো অধিকাৰ অসচেতন মানুহক মধ্যযুগীয় চিন্তাধাৰাৰ মাজত ৰাখিব পাৰি। ৰাজনৈতিক নেতাবোৰ আৰু এখোপ চৰা। ভোটৰ স্বাৰ্থত জনগণক পানী-জৰা খুওৱা ৰাজনৈতিক ধৰ্মগুৰুসকলৰ এতিয়া জয়জয় ময়ময়। ভাৰতৰ আইনত মেজিক ৰিমেডিছ প্ৰহিবিশ্বন এক্টত মেজিকেৰে ৰোগ নিৰাময় কৰাৰ প্ৰতিশ্ৰুতি বা তেনে কামকাজ আইনমতে দণ্ডনীয়। কিন্তু তাৰ কোনো কাৰ্যকাৰিতা নাই। বিনা বাধাই শিক্ষিত-অৰ্ধশিক্ষিত জনগণক পানী-জৰা খুৱাই গৈছে ধৰ্মগুৰুসকলে। শিক্ষা-স্বাস্থ্যৰ প্ৰতি সচেতনতা সৃষ্টি কৰিবলৈ হলে মানুহৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰ কৰিব লাগিব। আজিও ভাৰতত গৰিষ্ঠসংখ্যক লোকে চিকিত্সাৰ বাবে বেজ-কবিৰাজৰ ওচৰত যায়। কাৰণ দুটা- দৰিদ্ৰতা আৰু বিজ্ঞান মনস্কতাৰ অভাৱ। স্বাস্থ্যৰ সজাগতাই এইসকলক স্পৰ্শ কৰিবনে নাই তাৰ আশংকা সদায়েই থাকিব।

সমগ্ৰ বিশ্বতে পৰিবেশ প্ৰদূষণে জনগণৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ বাবে দায়ী আমেৰিকা-জাৰ্মানী আদিকে ধৰি এচিয়াৰ উন্নয়নশীল দেশবোৰো। উদ্যোগ স্থাপনৰ নামত পুঁজিপতিৰ ভঁৰাল চহকী কৰা এইবোৰ দেশে পৰিবেশ ৰক্ষাক বুঢ়া আঙুলি দেখুৱাই যিকোনো মূল্যৰ বিনিময়ত বিকাশৰ ধাৰণাৰে আগবাঢ়িছে। ফলত গোলকীয় উষ্ণতাই মানৱ জাতিৰ প্ৰতিয়েই ভাবুকি সৃষ্টি কৰিছে। কেইবাটাও আন্তৰ্জাতিক কনভেনশ্বনেও এইবোৰৰ গাৰ নোম লৰাব পৰা নাই।

যুদ্ধবিধ্বস্ত অঞ্চলত স্বাস্থ্য আৰু নিৰাপত্তাৰ ভাবুকি সৰ্বজন বিদিত। আন্তৰ্জাতিক অস্ত্ৰ-সংঘাতবোৰত সংঘাতত লিপ্ত বা নিৰপেক্ষ লোকৰ স্বাস্থ্য আৰু নিৰাপত্তাৰ বাবে ৰেডক্ৰছ, এমনেষ্টি ইণ্টাৰনেচনেল আদিৰ ভূমিকা অপাৰ। কিন্তু আভ্যন্তৰীণ অস্ত্ৰ-সংঘাতবোৰত সাধাৰণ জনগণ বা সংঘৰ্ষত লিপ্ত দুৰ্বল শ্ৰেণী সাংঘাতিকভাৱে অসহায়। কাৰণ চৰকাৰী যন্ত্ৰটোৱে আইন শৃংখলাজনিত সমস্যা বুলি কৈ ৰেডক্ৰছ, এমনেষ্টি ইণ্টাৰনেচনেল আদি আন্তৰ্জাতিক সংস্থাবোৰক সেৱা আগবঢ়োৱাত বাধা প্ৰদান কৰে। এইদৰে ভূ-লুণ্ঠিত হয় মনৱ অধিকাৰ।

স্বাস্থ্য আৰু মানৱ অধিকাৰ বিষয়টোৰ পৰিধি ইমানেই ব্যাপক যে থোৰতে কৈ শেষ কৰিব নোৱাৰি। যেতিয়ালৈকে মানুহৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰচাৰ নহব, যেতিয়ালৈকে এচাম পুঁজিপতিৰ বাবে ঔষধৰ একচিতীয়া বজাৰখনে মুনাফা লুটাৰ আহিলা হৈ থাকিব , যেতিয়ালৈকে সমাজখনৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন নহয় বা জনগণৰ হাতত প্ৰকৃত ক্ষমতা নাহে তেতিয়ালৈকে স্বাস্থ্যৰ অধিকাৰক মানৱ অধিকাৰ হিচাপে কাঢ়ি আনিব পৰা নাযাব। ড০ হীৰেন গোহাঁইৰ সভাপতিত্বত গুৱাহাটীৰ প্ৰাগজ্যোতিত এখন সভাত কিউবাৰ ৰাষ্ট্ৰদূতজনে উদাত্ত কণ্ঠেৰে কৈছিল……

’’আমাৰ কিউবাত ভাৰতৰ দৰে বৃহত্ বৃহত অট্টালিকা নাই,

ৰাস্তাত ভাৰতৰ দৰে দামী দামী বিলাসী গাড়ীও নচলে

কিন্তু আমাৰ তাত সকলোৰে বাবে থাকিবলৈ এটি ঘৰ আছে,

প্ৰতি ৫০জন লোকৰ বিপৰীতে এজনকৈ ডাক্তৰ আছে…।‘’

সেয়া ফিডেল কাষ্ট্ৰোৰ কিউবা আৰু আমাৰ ইয়াত অভিজাত গান্ধী পৰিয়াল আৰু তেওঁলোকৰ চুৱা-চেলেকা নেতা-পালিনেতা আৰু সপোন দেখিবলৈ পাহৰি যোৱা বৃটিছে গৰকা জনগণ। উল্লেখযোগ্য যে বিদেশী ৰাষ্ট্ৰদূত এজনক ভাষণ দিবলৈ আমন্ত্ৰণ কৰা সেইখন সভাত চৰকাৰী কোনো মন্ত্ৰী উপস্থিত নোহোৱা বাবে ড০ হীৰেন গোহাঁই চাৰে আশ্চৰ্য প্ৰকাশ কৰি তৰুন গগৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল।

(মই ক’ব খোজা কথাখিনি স্মৃতিৰ পৰা লিখিছোঁ। শুদ্ধ বুলি দাবী নকৰো, ভুল হলে বিজ্ঞজনে শুধৰাই দিব। কোনো উত্স দিব নোৱাৰিলোঁ তাৰ বাবে দুঃখিত৷)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক