স্বাস্থ্য-বীমা- (ললিত বৰা)

“মৰাৰ পাছলৈ ধন সাঁচি কৰিম কি?”

– জীৱনবীমাৰ পৰা সাধাৰণতেই এনেকুৱা মন্তব্য দি ফালৰি যাব বিচৰা মানুহ আমাৰ সমাজত তেনেই সহজলভ্য৷ দুবেলা-দুমুঠি পেটে-ভাতে খাই থকাসকলক বীমাৰ এজেণ্টসকলে ব্যৱসায়ৰ নামত জুৰ-জুলুম কৰিলে তেনে কথা শুনাটোৱেই স্বাভাৱিক, নহয়জানো? কি কৰিব তেওঁলোকে জীৱনবীমাত ধন সঞ্চয় কৰি, লাগ বুলিলেই যে নপৰে আহি সেই ধন বা বিপদে খেদি ফুৰিলেও মুল্যহীন হৈ পৰে ই কেতিয়াবা৷ আমাৰ সমাজত এনেকুৱা বহুলোক (চাকৰি থকা বা নথকা উভয়) আছে যি কোনো এক “ডাঙৰ“ অসুখত পৰি জীৱনৰ সকলো সাঁচতীয়াৰ উপৰি মাটি-ভেটিও হেৰুৱাব লগাত পৰিছে, আজীৱন চৰকাৰী চাকৰি কৰিও নিজৰ বা পৰিয়ালৰ কাৰোবাৰ দুৰাৰোগ্য অসুখৰ ওচৰত হাৰ মাৰিব লগা হৈছে কেৱল ধনৰ বাবেই৷ জীৱনবীমাৰ টকা সময়তকৈ আগেয়ে উলিয়াই আনিলে আশাকৰামতে এসোপা টকা ঘুৰায় পোৱা নায়ায়, জমা কৰা মুলধনও জীৱনদায়িনী হবগৈ নোৱাৰে, গতিকে পৈতৃক ভেঁটিটোৱেই শেষ সম্বল হয়গৈ৷
এটা কথা উনুকিয়াই যোৱা ভাল হ’ব যে আমাৰ জীৱনবীমা বা স্বাস্থ্যবীমাৰ জ্ঞান তেনেই সীমিত, মনত খো-দোৱাই থকা ভাৱেৰে ইয়াত মাত্ৰ এটি চমু আভাস দিবলৈ হে চেষ্টা কৰা হৈছে৷ বিজ্ঞজনে একা-বেকা বিলাক পোনাই দিলে সকলোৰে সুবিধা হ’ব বুলি আশা কৰিলো৷
এতিয়া আহো স্বাস্থ্য-বীমাৰ কথালৈ, নজনা সকলৰ বাবে থোৰতে স্বাস্থ্য-বীমা হ’ল এক বীমা আঁচনি (Insurance Policy) যি কোনো এক সাধাৰণ বেমাৰৰ পৰা আৰম্ভ কৰি অস্ত্ৰোপচাৰ কৰিব লগা হোৱা বেমাৰৰ ডক্তৰ, হস্পিটেল, ফাৰ্মাচি ইত্যাদি ইত্যাদিৰ খৰচ বহন কৰে৷
বৰ্তমান আমাৰ সমাজৰ বাবে অমুলক যেন লাগিলেও অদুৰ ভৱিষ্যতে ই অপৰিহাৰ্য হৈ পৰিব৷ আৰু প্ৰয়োজনীয়তাও আহি পৰিব৷ অসমতে নহয় ভাৰতৰ বেছি সংখ্যক লোকৰে স্বাস্থ্য-বীমা নাই, এমুঠিমান লোকেহে স্বাস্থ্য-বীমাৰ সুবিধালৈ চিকিৎসা কৰাই আছে৷ এই এমুঠিৰ বেছি সংখ্যকেই ব্যক্তিগত কোম্পানীৰ কিয়নো ব্যক্তিগত কোম্পানী বিলাকে বীমা কোম্পানীৰ লগত ব্যৱসায়িক বান্ধোন গঢ়ি কোম্পানীৰ কৰ্মচাৰীসকলৰ বীমা কৰায় দিয়ে, বেছিভাগ ব্যক্তিগত কোম্পানীত ই বাধ্যতামূলকও৷ এতিয়া এনে কৰ্মচাৰীয়ে বিনাখৰচতে উচ্চমানৰ চিকিৎসা লাভ কৰিব পাৰে বছৰি মাত্ৰ তিনি-চাৰি হাজাৰ টকাত, এইটকাও একেলগে সমুদায় নিদিলেও হয়৷ সমূহীয়া বা চৰকাৰীখণ্ডত এনে সুবিধা তেনেই দুখলগা, যাৰবাবে তেওঁলোকে বছৰি হাজাৰ-হাজাৰ টকা খৰচ কৰে স্বাস্থ্যৰ যতনৰ বাবে৷ দুৰাৰোগ্য ৰোগত ভোগিলেতো হ’লেই, সমূলে উচন হ’বলগীয়া অৱস্থা হ’য়গৈ৷
এই বীমাৰ সা-সুবিধা যে কেৱল কোম্পানীৰ কৰ্মচাৰীয়েহে লাভ কৰে তেনে নহয়, কৰ্মচাৰীৰ বীমাৰ অধীনত তেওঁৰ পত্নী আৰু প্ৰথম দুটা সন্তানেও সকলো সা-সুবিধা লব পাৰে৷ তদুপৰি পৰিয়াল/পাৰিবাৰিক আঁচনিৰ অধীনত পিতৃ-মাতৃ বা শহু-শাহুৱেকৰ যিকোনো দুজনে সুবিধা পাব পাৰে৷
সাধাৰণতে, ৰোগী বা গৃহস্থই প্ৰথমে চিকিৎসাৰ খৰচখিনি বহন কৰি পাছত বীমা কোম্পানিৰ পৰা Claim Reimbursement কৰিব পাৰে, কিন্তু আজিকালি কোনো টকা-পইচা নিদিয়াকৈও নিদিষ্ট ডক্তৰ, হস্পিতেলত চিকিৎসা কৰিব পাৰি বা নিদিষ্ট ফাৰ্মাচিৰ পৰা ঔষধ কিনি আনিব পাৰি, ইয়াক কেছলেচ পদ্ধতি বোলে৷ চিকিৎসাৰ আগতে হস্পিতেলত বীমাৰ তথ্য জমা দিলেই এনে সুবিধা আদায় কৰিব পাৰি কোনো চিন্তা নকৰাকৈ৷ উন্নত দেশবোৰত সম্পূৰ্ণ কেছলেচ পদ্ধতিৰ ব্যৱহাৰ হয়, ইয়াত নগদ টকা বা ক্ৰেডিট-কাৰ্ডৰ সলনি বীমা-কাৰ্ডলৈহে চিকিৎসা কৰিবলৈ যায়৷ উল্লেখ কৰা প্ৰয়োজন যে আমেৰিকাত স্বাস্থ্য-বীমা থকাটো বাধ্যতামূলক৷ তদুপৰি ডক্তৰৰ প্ৰেচক্ৰিপচনৰ অবিহনে কোনো ফাৰ্মাচিতে ঔষধ পোৱা নাযায়, বীমাৰ অবিহনে ডক্তৰখানালৈ যাব নোৱাৰি৷ সেয়েহে এনেবোৰ দেশত স্বাস্থ্য-বীমাৰ প্ৰচলন বহুত৷
ভাৰতত প্ৰচলন নোহোৱাৰ বহু কাৰণ আছে৷ বিশেষকৈ সজাগতাৰ অভাৱ, তাৰ কাৰণেই গ্ৰাহকৰ সংখ্যাও তাকৰ৷ সেইদৰে বীমা-কোম্পানী, ডক্তৰ, হস্পিতেল আৰু দৰৱখানাৰ মাজৰ সম্বন্ধয়ৰ অভাৱ৷ এইসকলোৰে মাজত ভাল সম্বন্ধ গঢ়ি উঠিলেহে জনসাধাৰণে সকলো সুবিধা আদায় কৰিব পাৰিব৷
ইয়াৰোপৰি, আমাৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি থকা অনিহাৰ বাবেও আমি এনে বীমাক গুৰুত্ব নিদিওঁ, সৰু-সুৰা বেমাৰক আমি পাত্তাই নিদিওঁ৷ সাধাৰণ বেমাৰ যেতিয়া আওকাণ কৰিব নোৱাৰা অৱস্থা পায়গৈ তেতিয়াহে হুৱাদুৱা লগাওঁ৷ এনেদৰে বহুলোকে দুৰাৰোগ্য বেমাৰত ভুগিব লগা হয়৷ যেতিয়া বহু দেৰিকৈ ডক্তৰৰ ওচৰ চপা হয়, অৱস্থা চিকিৎসাশাত্ৰৰ বাহিৰ হৈ যায়৷ শেষত ৰোগীয়ে মৃত্যুক সাবটি লব লগা হয়৷ জীয়াই থকাখিনিৰো অৱস্থা লাওলোৱা হয়গৈ৷
গাৱলীয়া চিকিৎসা আন এটা কাৰক বুলিব পাৰি৷ সাধাৰণতে যিকোনো ৰোগ হ’লেই আমাৰ সমাজত প্ৰথমে গাঁৱলীয়া চিকিৎসাহে কৰা দেখা যায় – বেজ, কবিৰাজ৷ পাছলৈ এনে চিকিৎসাৰ পৰা আৰোগ্য নহ’লেহে ডক্তৰৰ কথা মনলৈ আহে৷
শেষতীয়াকৈ ভাৰতত এনে বীমাই গুৰুত্ব লাভ কৰিছে কিয়নো গাঁঠিৰ ধন ভাঁঙি কোনেনো চিকিৎসা কৰিব বিচাৰে৷ বজাৰত পোৱা এনে বীমাৰ মূল্য বৰ্তমান প্ৰায় ১০-১৫ টকা প্ৰতি দিনে, অৱশ্যে বীমাৰ পৰা পাব লগীয়া সা-সুবিধাৰ ওপৰত আঁচনিৰ দাম নিৰ্ণয় কৰে৷ গড়ে ১০-১২ টকা প্ৰতিদিনে খৰচ কৰি বছৰি ২-৩ লাখ টকাৰ সা-সুবিধা পাব পাৰি৷ বহুতৰ বাবে এই মূল্য বেছি হ’ব পাৰে কিন্তু অসম্ভৱ নহয় নিশ্চয়কৈ৷ ভৱিষ্যতে কোম্পানীবিলাকৰ মাজত প্ৰতিযোগিতা বাঢ়িলে জনসাধাৰণেও কম দামত ভাল ভাল আঁচনি, সা-সুবিধা পাব বুলি ন দি কব পাৰি, কিন্তু তাৰ বাবে আমি অলপ সময় বাট চাব লাগিব৷
আমি প্ৰথমতে স্বাস্থ্য-বীমা অমুলক বুলি উল্লেখ কৰিছিলো কিয়নো আমি প্ৰায়বোৰেই বহু দূৰদৰ্শী নহও আৰু দিয়াতকৈ পোৱা কথাটোহে বেছিকৈ ভাবো৷ স্বাস্থ্য-বীমাৰ নামত থোৱা ধনখিনি আমি টকা হিচাপে কেতিয়াও ঘুৰায় নাপাওঁ, মাত্ৰ বেমাৰৰ খৰচ হিচাপেহে ব্যৱহাৰ হয়৷ গতিকে বহুজনে বছেৰেকত ৩-৪ হাজাৰ টকা এনেই কিয় খৰচ কৰিম বুলি প্ৰশ্ন কৰাটো স্বাভাৱিক৷ কিন্তু আমি জানো যে বিপদে খবৰ দি নাহে কেতিয়াও, তদুপৰি প্ৰত্যেক মানুহৰে বছৰৰ যিকোনো সময়তে যিকোনো সৰু-সুৰা বেমাৰ-আজাৰ হৈ থাকে, বীমা থাকিলে আমি নিশ্চয়কৈ এনে সৰু-সুৰা ৰোগকো গুৰুত্ব দিম, চিকিৎসা কৰাম কিয়নো খৰচ পাতি কোম্পানীয়ে বহন কৰিব, ফলস্বৰূপে আমাৰ স্বাস্থ্য ভালে থাকিব৷
শেষত, স্বাস্থ্য-বীমাৰ পৰাযে ৰাইজৰহে উপকাৰ হ’ব, এনে নহয়৷ ব্যৱসায়িক দিশৰ পৰা বিনিয়োগৰ বহু সুবিধা আছে আৰু চাকৰিৰ সৃষ্টিৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments