স্বীকাৰোক্তি(-দীপুল হালৈ )

তপনলাল হাজৰিকা বহু দিন হাস্পতালত থকাৰ পাছত ঘৰলৈ আহিছে|বন্ধু-বান্ধৱ, আত্মীয় স্বজন খবৰ ল’বলৈ আহি আছে| ৰাতিপুৱাৰ পৰা মানুহৰ লানি লাগিছে| তেওঁৰ ফাৰ্মখনৰ কনিষ্ঠ সহকাৰি কমলো আহিছে| কমলে শুধিলে, “ ছাৰ, এতিয়া ভালনে?” “ও, এতিয়া ভালেই| বহু সীমাবদ্ধতাৰে জীয়াই আছোঁ| ডাক্তৰে উপদেশ আৰু দৰবৰ এখন দীঘলীয়া তালিকা দি পঠিয়াইছে|” অলপ পৰ ৰৈ আকৌ ক’লে, “অৱশ্যে ম‍ই আগেয়ে ডাক্তৰ আৰু শ্ৰীমতীৰ কথা শুনা হ’লে আজি মোৰ এই দুৰ্যোগ নহয়েই| এদিন ম‍ই সাধাৰণ অসুখ এটাৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছিলোঁ; মোৰ ৰক্তচাপ বেছি পাইছিল| ডাক্তৰে দৰব লিখি দি নিয়মীয়াকৈ খাবলৈ কৈছিল লগতে ব্যয়াম, আৰু খাদ্যত নিমখ কমকৈ খাবলৈ কৈছিল| ম‍ইহে কেইদিনমান দৰব খাই বাদ দিলোঁ|” “আৰু ব্যয়াম আদি’’ – কমলে শুধিলে| হাজৰিকাই হাঁহি মাৰি ক’লে, “এহ নাই| ব্যয়াম কৰা চাইকেল গুদামত পৰি ধূলি জমিছে| অলপ ৰাস্তাও ম‍ই খোজ কাঢ়িবলৈ টান পাইছিলোঁ| সদায় লিফ্টতহে উঠা-নমা কৰিছিলোঁ৷”

তাৰপাছত হাজৰিকাৰ সমস্যা বাঢ়িল| অলপতে ভাগৰ লাগে, বুকুৰ বিষ আদিয়ে লগ নেৰা হ’ল| এদিনাখন হঠাৎ গা বেয়া লগাত চিকিৎসকৰ ওচৰ পালেগৈ| তেওঁৰ সকলো বিলাকেই বেছি পালে- বিপি ১৭০/১১০, ওজন ১১০কেজি, কলেষ্টেৰল ৩৫০, চুগাৰ ৩৫৬.. |এইবাৰ দৰবৰ লিষ্ট আৰু দীঘলীয়া হ’ল| “তেতিয়া চাগে আপুনি বিনাচেনিৰ চাহে খাইছিল..” “এৰা, বাধ্যত পৰি চেনি নিদিয়া চাহেই খাইছিলোঁ; পিছে মিঠাই পালেই খাইছিলোঁ| আৰু নিজৰ পচন্দত ধেৰ কিবা কিবি খাইছিলোঁ| কিন্তু ডাক্তৰেতো মোক ছাগলী, গাহৰীৰ মাংস, মদ একেবাৰেই নাখাবলৈ কৈছিল | দৰবো খাবলৈ পাহৰো| আচলতে ম‍ই নিজেই মোৰ স্বাস্থ্য ধ্বংস কৰিছিলোঁ | ইও এক আত্মহত্যাৰ নিচিনা কথা| ”

শ্ৰীমতী হাজৰিকাই চাহৰ ট্ৰে লৈ সোমাই আহিল| “এয়া, আপোনাৰ বাবে” চাহৰ কাপ এটা দি ক’লে| “বাইদেও, ভাল নে?” কমলে ক’লে| “আছোঁ আৰু দিয়া| দেখিছাই নহয়, এওঁৰ লগতে ব্যস্ত থাকিব লাগে| চাহ খোৱাচোন দেই|”

হাজৰিকাই তেওঁৰ পঞ্চাশটা বছৰ পাৰ কৰিছেহে| খাই বৰ ভাল পায়| সদায় আমিষ খাদ্যৰ লগতে সৰহকৈ মদ্যপান কৰে| মাংস তেওঁৰ বৰ প্ৰিয়|  গাহৰিৰ মাংসও সঘনাই খায়| ৰাতিপুৱাৰ আহাৰত দুটা কনীৰ অমলেট তেওঁক লাগিব‍ই৷ ফলমূল, চালাড আদি নাখায়| সদায় কামতে ব্যস্ত| ঠিকা, অৰ্ডাৰ, চাইট, মেনেজাৰ, শ্ৰমিক, ইটা, বালি, লেবাৰ, মহৰী আদি তেওঁৰ প্ৰিয় শব্দ| আকাশ, ফুল, তৰা, গান, আমোদ ভ্ৰমন– এইবোৰ শব্দ কেতিয়াও মনলৈও নাহে বা মুখলৈও নানে| এক সদা ব্যস্ত টেনছনৰ জীৱন| কামৰ জেগাত মাছে মঙহে পেট ভৰাই খাই গভীৰ নিশা ঢলংপলঙকৈ  ঘৰলৈ আহে আৰু পোনে পোনে বিছনাত পৰে| নাকে গাড়ী চলাবলৈ আৰম্ভ কৰি দিয়ে| এই লৈ ঘৰত কিমান কাজিয়া হৈছে তাৰ হিচাপ নাই| প্ৰেম ভালপোৱা বা মৰম আদৰটো দূৰৰ কথা|

যোৱা মাহৰ পোন্ধৰ তাৰিখে প্ৰচণ্ড বুকুৰ বিষ হোৱাত ওচৰৰে ভাল হাস্পাতালখনত ভৰ্তি কৰোৱা হৈছিল| ডাক্তৰে হাৰ্ট এটেক হোৱা বুলি কৈছিল| এনজিওগ্ৰাফীত হৃদপিণ্ডৰ ধমনিত ব্লক পাইছিল| ডাক্তৰে বাইপাছ চাৰ্জাৰীৰ বাবে ঠিক কৰিছিল|ভালে ভালে হাজৰিকাৰ অপাৰেচন হৈ গৈছিল |

“কমল, যদি ম‍ই আগতে বাইদেওৰা আৰু ডাক্তৰৰ কথা শুনিলোহেঁতেন তেন্তে আজি মোৰ এই দশা নহয়| মোৰেই ভাগ্য ভাল যে বিশেষ হাস্পাতালখন আমাৰ ঘৰৰ পৰা মাত্ৰ পাঁচ মিনিটৰ বাট| আৰু ডাক্তৰে কোৱা মতে ম‍ই চিকিৎসাৰ সোনালী ঘন্টাতে হেনো হাস্পাতাল পালোগৈ নহ’লে আজি মোক ইয়াত নেদেখিলাহেঁতেন বুইছা| এতিয়া বুকুত এটা ঘাপৰ চিন লৈ আছোঁ| সেয়েহে বুজিছা, এটা সাধাৰণ জীৱন যাপন কৰিবা| বন্ধু বান্ধৱৰ লগত সময় কটাবা| ঢেৰ হাঁহিবা| ফুৰিবলৈ যাবা- বেমাৰ দূৰতে পলাব| ম‍ই বহুত পলমকৈ বুজিলোঁ বা বুজিও নুবুজাৰ ভাও জুৰিলোঁ আৰু তাৰ শাস্তি হাতে হাতে পালোঁ| সদায় ব্যয়াম-প্ৰানায়াম কৰিবা, ফলমূল খাবা- এটা সুন্দৰ স্বাস্থ্য পাবাই| ডাক্তৰে মাখি মাৰি থাকিব লাগিব| হাঃ হাঃ হাঃ” – হাজৰিকাই হাঁহিলে; কমলেও যোগ দিলে ||

 

(একে লেখকৰ মূল ইংৰাজী চুটিগল্প “CONFESSION” অৰ মুকলি অনুবাদ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments