স্বীকৃতি (দীপচান চাংমাই)

Deepsun Changmai

‎””

ঘৃণা, বিতৃষ্ণাৰ সমগোত্ৰীয় বাৰেমিহলি নেতিবাচক উপাদানেৰে পৰিপুষ্ট তাইৰ চাৱনিত নিৰ্গত হোৱা তীক্ষ্মতাই হয়তো দুবছৰৰ আগৰ নৱটোক পুৰি চাৰখাৰ কৰি দিলে হয় । আজি কিন্তু তাৰ সেই অহেতুক খংটোৱে উক নিদিয়ে । কোনো গাভৰুৰ ছন্দময় ৰূপ-লাৱণ্যই নজ্বলাই তাৰ হৃদয়ৰ “ট্ৰয় ।” আনকি যেতিয়া অকলশৰে খোজকাঢ়ি গৈ থকা অৱস্থাত বিপৰীত দিশৰপৰা অহা ছোৱালীজাকে “তুমি আছা, কাৰণ তুমি ভাবা” মাৰ্কা শূণ্য বাৰ্তা দি পাৰ হৈ যায়, তাৰ পুৰুষত্বত কোনো ডিপ্ৰিচিয়েইশ্বন নহয় । এইমাত্ৰ তাই এৰি পঠোৱা গালিৰ শেলকেইপাতে হয়তো কবৰত শুই থকা ব্ৰহ্মচাৰীকেইটাৰ শুকান হাড়কেইডালো থক্ থক্ কৈ কঁপাই তুলিলে হয় । নৱই মাথোঁ সহানুভূতিৰে তাইলৈ চাই থাকিল ।

..অনিচ্ছাকৃতভাৱে জ্বলাই লোৱা চিগাৰেটটোৰ ওপৰত যেন সি তাৰ সমস্ত ক্ষোভ উজাৰিছে । সঞ্চয়ী বাৰংবাৰতাৰ আৰ্হিৰে হোপা চিগাৰেটটোৰ পকা অঙঠাটুকুৰা দাও দাওকৈ তাৰফালে অগ্ৰসৰ হৈছে । বুকুখন জন্-জনাই গ’ল । থু-ই । চিগাৰেটটো সজোৰে পকালৈ মাৰি পঠালে । চিত্কাৰ কৰি উঠা চিগাৰেটটোৰপৰা ফিৰিঙতি উৰি গ’ল । নৱৰ ভাব হ’ল তাৰ সোঁৱে-বাঁৱে থিয় দি থকা যাত্ৰীবোৰে যেন তাৰ অৱস্থাটোক পুতৌহে কৰিছে ।..

তাই খপ্-জপকৈ অ’ত ত’ত চিটিকি পৰা কাগজ-পত্ৰবোৰ সামৰাৰ চেষ্টা চলাইছে । বাৰে বাৰে অসহযোগ কৰা দুপাট্টাখনৰ সৈতে খহি পৰা তাইৰ কেঁচা মঙহৰ প্ৰতি ডেকা-বুঢ়়া সকলোৰে কচাইৰ দৃষ্টি । সহায়ৰ হাত আগবঢ়াবলৈ গৈ নৱই যি পুৰস্কাৰ পালে তাৰ ভয়তে আনবোৰৰো উত্সাহ কমি গ’ল চাগে’ । “আপুনি নুঠে যদি আমাক উঠিবলে’ দিয়ক ।” ঠেলা-হেঁচা লগাই থকা যাত্ৰীবোৰক বাট এৰি দি নৱই দুৱাৰৰ কাষতে থিয় দি ৰ’ল । ইতিমধ্যে তাইয়ো সিঁচৰতি হৈ পৰা তাইৰ বেগ, ফাইল-পত্ৰবোৰ থান-থিত লগাই যাত্ৰীৰ আসনত বহিছে । সুগঢ়ী যুৱতীগৰাকীৰ খঙত জ্বলি উঠা চকু দুটা আৰু ৰঙা পৰা গাল দুখনে তাৰ চিন্তাত মাজে মাজে আউল লগাই গৈছে ।

..অসংখ্য মানুহ আহিছে, গৈছে । ভিৰ কিন্তু কমা নাই । গাড়ীয়ে মানুহে হেতা-ওপৰা লাগিছে । বিৰক্তি লাগিছে নৱৰ এই চব । আঁতৰি যাব বিচাৰে সি এই কোলাহলৰ পৰা । এটুকুৰা নিৰ্জন ঠাই লাগে তাক, য’ত সি চুই চাব পাৰে তাৰ অস্তিত্বক, তাৰ সত্তাক । ইফালে সিফালে চাই বেৰ দি থোৱা কৃষ্ণচূড়া নে বট গছ জোপাৰ তলতে আহি ৰ’লহি । ঠাইটুকুৰাত সন্ধিয়াৰ ছায়া ঘনীভূত হৈছে । অন্ধকাৰ অৱহেলিত । দীঘলকৈ উশাহ ল’লে নৱই । মনটো কিছু ফৰকাল লাগি গ’ল । নৱই মন কৰিলে, সি তাত থিয় দিয়াৰ কিছু সময় পাছৰে পৰা কেইবাটাও নাৰী ছায়াই তাক কেন্দ্ৰ কৰি অহা-যোৱা কৰি আছে । তাৰ গাটো শিয়ৰি উঠিল । এক অজান আশংকাৰ সমান্তৰালকৈ এক লুপ্তপ্ৰায় চেতনাই দেহ-মন পুলকিত কৰি গ’ল । ছায়ামূৰ্তিকেইটা ক্ৰমে তাৰফালে আগুৱাই আহিছে ।..

তাইৰ গাত যেন বিছায়েহে ডাকিছে এনে ভাবত তাই উচপিচাই আছে । সুস্থিৰভাৱে বহিব পৰা নাই তাই । ফাইল-পত্ৰবোৰ এবাৰ বুকুত সাবটি লৈছে, আনবাৰত আকৌ দুপাট্টাখনকে ঠিক কৰিছে । ..এই স্বীকৃতিখিনিয়ে যেন নৱক দি গৈছে এক অনিৰ্বচনীয় সুখ । এটা মাথোঁ উশাহৰ ব্যৱধানত ৰৈ যোৱা শৰীৰৰ উষ্ণতাই তাক পৰম তৃপ্তি দিলে । আধা আলো, আধা ছায়াত ৰহস্যময়ী হৈ পৰা ছায়ামূৰ্তিকেইটাৰ প্ৰতি সি ক্ৰমশঃ কৌতূহলী হৈ পৰিল । তাৰ আঁৰ চকুৰ চাৱনিত ছায়ামূৰ্তিকেইটাই যেন কিবা ইঙ্গিতৰহে উমান পালে । তাৰপৰা আঁতৰি আহি নিৰ্জন ফুটপাথৰ ৰেলিঙত ধৰি সিহঁতে অপেক্ষা কৰিলে ।..

“ক’লে’ যাব ? সিফালে ঘূৰি লওক ।” কনডাক্টৰৰ প্ৰশ্ন তথা আদেশত সি থত্-মত্ খালে । ভাড়াটো উলিয়াই দি তাইৰ আসনখনৰপৰা আঁতৰি থিয় হ’ল ।

..বনৰীয়া ফুলৰ তীব্ৰ গোন্ধ এটা কোঠাটোত আবদ্ধ হৈ যেন বিষাক্ত হৈ পৰিছে । ছিক্সটি ৱাটৰ বাল্বটোৱে ৰাতিৰ এন্ধাৰখিনিৰ সৈতে যুঁজি যুঁজি যেন ভাগৰি পৰিছে । উগ্ৰ প্ৰসাধনৰ আভৰণ খুলি সিহঁত আগুৱাই আহিল । এবাৰ তাইৰফালে ঘূৰি চালে নৱই । জোৰকৈ খামোচ মাৰি ধৰি থকা ফাইলটো আৰু তাইৰ ৰুক্ষ মুখমণ্ডল দেখি নৱৰ বুজিবলৈ বাকী নাথাকিল । বেচেৰীৰ চেতনাত হয়তো তাৰ প্ৰতি তীব্ৰ ঘৃণাৰ দাবানল জ্বলিছে । অন্যমনস্ক হৈ পৰা তাইৰ দুপাট্টা খহি পৰিছে । হঠাত্ নৱই তাইৰ খহিপৰা দুপাট্টাৰ মূৰটো তাইৰ হাতত গুঁজি দি বাছখনৰপৰা নামি আহিল ।

এটা মৃদু জোকাৰণিত নৱ বাস্তৱলৈ ঘূৰি আহিল । খিৰিকীৰে বাহিৰলৈ জুমি চাই তাৰ চিনাকি দোকানকেইখন, আলিকেঁকুৰিটো দেখিলে । নামিবলৈ উদ্যত হৈ সি থমকি ৰ’ল । কিছু সময়ৰ আগতে যাত্ৰীৰ প্ৰচণ্ড হেঁচা সহিব নোৱাৰি তাৰ ভাৰসাম্যতা হেৰুৱা দেহটোৱে তাইৰ দেহৰ অনাকাঙ্ক্ষিত অংশত ধাক্কা মাৰিছিল আৰু.. । সিও নামিবলৈ লোৱা দেখি তাই সন্দেহ মিহলি বিস্ফাৰিত নয়নে তালৈ চাই ৰ’ল ।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments