স্বৰ্গত ৰাৱণৰ প্ৰাসাদৰ পৰা- সোণটো ৰঞ্জন বৰুৱা

“আ….আ…হ! আলফুলকৈ লগা মলম, ছাল উঠি গৈছে দেখা নাই? “ — ৰাৱণে বৰ কষ্টেৰে মোক ক’লে৷
জুয়ে পুৰি ঢৌ তোলা গোটেই দেহাটোত আলফুলেৰে মলম লগাই মহাৰাজ ৰাৱণক সুধিলোঁ, “মহাৰাজ, দায়দোষ নধৰিব, এটা কথা কওঁকছোন? প্ৰতি বছৰে এই সময়তেই আপুনি অলপ সুস্থহৈ পৃথিৱীলৈ যায়, তাত গৈ জ্বলা শৰীৰ এটা লৈ পুনৰ ঘূৰি আহেগৈ, কিয়? “
“এহ, নকবি আৰু! পৃথিৱীত থাকোতেই এটা মাত্ৰ অপৰাধ কৰিছিলোঁ আৰু তাৰ শাস্তি এতিয়াও ভুগি আছো৷ “
“আপুনি আৰু অপৰাধ? কি অপৰাধ, কোনে শাস্তি দিলে? “
“কিনো কম আৰু! নিউটনৰ সূত্ৰমতে কাম কৰিও তেতিয়া শাস্তি পায়৷ শুপৰ্ণখাৰ নাক কটাৰ বাবে মই সীতাক অপহৰণ কৰি ৰামৰ ওপৰত প্ৰতিশোধ ল’বলৈ গৈছিলোঁ৷ সিয়েই মোৰ কাল হ’ল, সীতাক উদ্ধাৰৰ অৰ্থে ৰাম গৈ লংকা পাই মোক মাৰি এই স্বৰ্গ পোৱাই দিলেহি৷ আৰু এতিয়া এগালে মোক নাৰী অত্যাচাৰীৰ প্ৰতীক সজাই বছৰি বছৰি, কেঁচাই কেঁচাই জ্বলাই তাৰেই শাস্তি দি থাকে৷ “
“অকল এটা অপৰাধৰ বাবেই বছৰি বছৰি জ্বলিব লাগে ? “
“এৰা ঐ, সেই এটা দোষতেই! আজিকালি পৃথিৱীত নাৰীৰ ওপৰত পুৰুষে যিবোৰ অত্যাচাৰ চলাই মইতো সীতাৰ ওপৰত সেইবোৰ একো কৰাই নাছিলোঁ৷ তাকো মোৰ ভেলিড কাৰণ এটাও আছিল, যদিও একপক্ষীয়৷ আজিৰ দৰে অকল নিজৰ কামনা পূৰণ কৰিবলৈও কৰা নাছিলোঁ৷ মইতো no ৰ অৰ্থ no বুলিয়েই বুজিছিলোঁ, সীতাৰ অসন্মতিক সন্মান কৰি শাৰীৰিকভাবে একো জোৰ-জবৰদষ্টি কৰা নাছিলোঁ৷ আজিকালি কোন পুৰুষে নাৰীৰ না শুনে ঔ? সন্মতি অসন্মতিক গুৰুত্ব দিয়া পুৰুষ কেইজন ওলাব ক তয়েই? যি বিচাৰে তাক নাপালে যিকোনো কামেই কৰিবলৈ পৰোৱা নকৰে, আনকি মাৰি পেলাবলৈকো কুণ্ঠাবোধ নকৰে আজিৰ পুৰুষে৷ “
“ইচ্, আপোনাক বাৰু ৰামে দিছিল, এইসোপাক কোনে, কেনেধৰণৰ শাস্তি দিয়ে এতিয়া? “
“আস্, যুগ বদলি হ’ল, আইন কানুনো বদলি হ’ল৷ আগতে ডাইৰেক্ট শাস্তি আছিল, এতিয়া শাস্তিৰ আগত বহুত বস্তু আহি গ’ল… পুলিচ, আদালত, উকীল, সাক্ষীবাদী ইত্যাদি ঢেৰ মুঠতে৷ আৰু এই সকলোবোৰ টকা নামৰ সামগ্ৰীবিধে নিয়ন্ত্ৰণ কৰে৷ এই টকা থাকিলে মই কৰাৰ নিচিনা অগণন অপৰাধ কৰিলেও কোনেও শাস্তি দিব নোৱাৰে, বুজিছ! “
“কিন্তুু মহাৰাজ, এইসোপাই যে আপোনাক এতিয়াও এই সামান্য কামটোৰ কাৰণেই শাস্তি দি থাকে আপোনাৰ বেয়া নালাগেনে? “
“নালাগেও আৰু লাগেও৷ “
“মানে মহাৰাজ? “
“নালাগে, কাৰণ কিবা দোষ কৰিলে তাৰ শাস্তি পাব লাগে আৰু লাগে এইকাৰণেই যে মোতকৈ বহুত বেছি বেয়া কাম কৰা পুৰুষ থকাৰ পাছতো মানুহে মোকে এতিয়াও বেয়াৰ প্ৰতীকৰূপে জ্বলাই থাকে৷ আজিৰ সমাজত কিছুমান মানৱৰূপী দানৱে ইমানেই বেয়া কাম কৰিবলৈ লৈছে, যিবোৰ দেখিলে মোৰ এনে লাগে যেন কিছুদিন পাছত নতুনচামক মই কি দোষ কৰিছিলোঁ বুজাবলৈটান হ’বগৈ৷ বৰ পুৰিছে ঐ, আ……হ! অলপ বিচি দে অ’ ……“

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক