স্বৰ্গদেউ লকৈ, ফাঁকিবুল আৰু ব্রহ্মপুৱাৰ সৰুপানী কাণ্ড (ৰক্তিম গোস্বামী)

সিদিনা গুৱাহাটীলৈ গৈছিলোঁ। জৰুৰী কাম এটা ওলোৱাত ৰাতিয়েই বাছত উঠিলোঁ আৰু টেকেলীটোত এগাল ভাত ভৰাই যোৱাৰ বাবে বাছত বহাৰ অলপপৰ পিছতে টোপনিয়ে বখলিয়াই পেলালে।

“দাদা, নামিবৰ হ’ল, গুৱাহাটী পালোঁহি”, বাচ পৰিচালকৰ মাতত উচপ খাই উঠিলোঁ। চকু কেইটা ডাঙৰকৈ মেলিবলৈ চেষ্টা কৰি ইফালে সিফালে চালোঁ। হয়, ISBT। ঘড়ী চালোঁ, সময় পুৱা ৫ বাজিছে। ঠাণ্ডা কালিৰ বাবে পুৱা ৫ বজাতো ৰাতিৰ দৰেই পৰিবেশ। ASTC বাছখনৰ শেষ যাত্রী হৈ নামি গ’লোঁ। ঠাণ্ডাত সৰুপানী বৰকৈ চুবলগীয়া হয়। মই তাতে গোটেই বাটতো শুইয়ে কটালোঁ, সেয়ে তল পেট ফাটো ফাটো কৰিছে। ইফালে-সিফালে চাই ASTC- বাচ কেইখনমানৰ আঁৰলৈ পিছফালৰ অন্ধকাৰখিনিতে কামফেৰা সমাধা কৰোঁ বুলি ফিঁ-ফিঁয়াই গ’লোঁ। ঘোৰ অন্ধকাৰক আওকাণ কৰি মোৰ তলপেটৰ চাপক মুক্তি দিবলৈ যাৱতীয় প্রস্তুতিৰ অন্ত পেলাই মূল ক্রিয়া আৰম্ভ কৰিছিলোঁহে মাথোঁ তেনেতেই মোৰ নিচেই কাষত দুটা ছায়ামূৰ্ত্তিৰ ফুচফুচনি শুনি প্রাণ ওলাই গ’ল। একেবাৰে বেয়া সময় দেই!!! যেনেতেনে কামফেৰা শেষ কৰোঁ মানে মনত উৎসুকতা বাঢ়িল।

কোন এই দুটা ?? এই অন্ধককাৰময় ঠাণ্ডা পুৱাত ASTC- বাচ কেইখনমানৰ আঁৰলৈ এইকেইটাই কি কথা পাতিছে??

পঠালিয়ে পঠালিয়ে মনে মনে এখোজ এখোজকৈ সৰুপানী চুই থকা ভঙ্গীমাৰেই সিহঁতৰ কাষ চপাৰ যত্ন কৰিলোঁ। অলপ গৈ গম পালোঁ সিহঁতে মোৰফালে পিঠি দি আছে আৰু মোৰ উপস্থিতিৰ বোধহয় উমান নাপায়। সাহ বাঢ়িল আৰু দুখোজ আগুৱাই কাণখন হাতীকাণৰদৰে বহল কৰি কথা শুনাৰ চেষ্টাত মূৰটো বেঁকা কৰি বাওঁ কাণখন অলপ ওপৰমুৱা কৰিলোঁ….অ’ শুনিছোঁ…শুনিছোঁ…
১ম ছায়া মূৰ্ত্তি : বৰ ঠাণ্ডা লাগিছে। কথাবোৰ সোনকালে শেষ কৰক।
…. মানুহটোৰ মাতটো শুনি এনে লাগিল যেন মই তাক চিনি পাওঁ।…হে প্রভু, কি লীলা এইবোৰ। সৰু পানী চুওঁতেই ইমান জগৰ লাগিল নে তোমাৰ….

 

তেনেতে……….
২য় চায়া মূৰ্ত্তি : “হেই, কি ঠাণ্ডা ঠাণ্ডা কৰি আছা হে। হয়নে? মোৰ ঠাণ্ডা লগা নাই নেকি ? তোমাক ভাল পাওঁ কাৰণেহে মই আহিছোঁ? After all this is also an important matter…..”

কথা শুনি মোৰ থৰকাচুটি হেৰাল। “This is also an important matter” মানে এইটো দেখোন স্বৰ্গদেউ লকৈ আৰু লগৰজনা তাৰ মানে ফাঁকিবুল…???

যি ৰজা বা ৰজাঘৰীয়াক চাবলৈ, লগ পাবলৈ মানুহৰ হেতাওপৰা লাগে সেই ৰজা-ৰজাঘৰীয়াৰৰ নিচেই কাষতে মোৰ দৰে এজন সাধাৰণ প্রজাই প্রস্ৰাৱ কৰি দিলোঁ। কথাবোৰ ভাবি মগজু ফুটি যাওঁ, ফাঁটি যাওঁ হ’ল। কিন্তু ইহঁতে কৰিছে কি? কথাখিনি ভালকৈ শুনি লওঁ বুলি একচিত্তে কথা শুনাত মনোযোগ দিব ধৰিলোঁ….

ফাঁকিবুল: আইডিয়াটো ফাইনেল কৰক এতিয়া….

স্বৰ্গদেউ লকৈ: ফাইনেল মানে মই ভবাতোৱেই সদায় ফাইনেল। ওপৰত মতা ভাল ভাল কালান্তকৰ মুখত চূণ দি থৈছোঁ বুলি জানাই দেখোন তুমি। শুনা এতিয়া মোৰ মৰমৰ ফাঁকিদাস….

ফাঁকিবুল: ধেই..ই…..ফাঁকিবুলহে…..??

স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ……হয়তো ফাঁকিবুলহে …গৰৈ পোৱালীটোক জাপানী কাৱৈজনীৰ লগত বিয়া দিয়াৰ পিছৰে পৰা আনন্দত মুখৰ পৰা যিটি ওলাই যায়হে….আচ্চা, এতিয়া মূল কথাটো শুনা….
ফাঁকিবুল: …নকয় কেলেই? সেইডাল শুনিবলৈয়েতো হাড় কপোৱা ঠাণ্ডাৰ পুৱা বোন্দাপৰ দি আছোঁ।
স্বৰ্গদেউ লকৈ: অ’…গঁড়বোৰ তুমি সোনকালেই মাৰি শেষ কৰিবা বুলি মোৰ এতিয়া তোমাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। কিন্তু গঁড়বোৰ শেষ হোৱাৰ পিছত কি দৰে মেনেজ কৰিবা ভাবি চাইচানে?

ফাঁকিবুল: নাই ছাৰ।

স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ…মই জানো। .সেয়ে তুমি এটা জানোৱাৰ মন্ত্রী আৰু মই তোমাৰ মূৰ্খমন্ত্রী। মই তোমাক এনেয়ে ইয়ালৈ অনা নাই ফাঁকিৰাম…

ফাঁকিবুল: …..ফাঁকিবুল চাৰ…..(দাত কৰচি খঙেৰে)

স্বৰ্গদেউ লকৈ: অ’ অ’… খং নকৰিবা। শুনা। গঁড়বোৰ শেষ হোৱাৰ পিছত তোমাক এই ASTCৰ বাচ কেইখনে বচাব।

ফাঁকিবুল: কেনেকৈ চাৰ?

স্বৰ্গদেউ লকৈ: ASTCৰ বাচবোৰত কি অঁকা থাকে?

ফাঁকিবুল: অলপ ভাবি..চিঞৰি উঠিল গঁড় চাৰ, গঁড় গঁড় গঁড় …ইউ আৰ জিনিয়াচ চাৰ….

স্বৰ্গদেউ লকৈ: আই নউ ফাঁকিবাজ..

ফাঁকিবুল: ফাঁকিবুল চাৰ…..ফাঁকিবুল ..ফাঁকিবুল ….ফাঁকিবুল ..

স্বৰ্গদেউ লকৈ: নামটো হ’ব বাৰু ….হয়নে? তুমি জংঘলৰ গঁড়বোৰ শেষ হোৱাৰ আগে আগে পৰিবহন বিভাগক যোগাযোগ কৰি চলে বলে কৌশলে পৰিবেশন বিভাগৰ নামত চেংচন হোৱা গঁড় কেইটাৰ সম্ভেদ লৈ সিঁহতৰো ব্যৱস্থা কৰি পেলাবা। তেতিয়া তোমাৰ কনটিনিউটিটো থাকি যাব। কিন্তু এটা কথা মনত ৰাখিবা যে পৰিবহণ নিগমৰ গঁড়কেইটা চোৰাং চিকাৰীৰ বজাৰত মুকলি কৰাৰ আগতে দুদিনমানৰ বাবে খৰ্গৰ এক কৃত্রিম নাটনিৰ সৃষ্টি কৰিবা যাতে আমি আলু-পিয়াঁজৰ দৰে পৰিবহণ বিভাগৰ মাৰ্কা মৰা খৰ্গকেইটাৰ পৰা কোৱাৰি ফলাকৈ কমিচন খাব পাৰোঁ।

ফাঁকিবুল ভক্তিত গদগদ হৈ স্বৰ্গদেউ লকৈৰ ভৰিত দীঘল দি পৰিল… উথলি উঠা আবেগে ফাঁকিবুলৰ ওঁঠদুখনি কঁপাই তোলাৰ বাবে ফাঁকিবুলে একো মাতিব নোৱাৰিলে যেন অনুমান হ’ল।

স্বৰ্গদেউ লকৈ: হ’ব হ’ব উঠা ফাঁকিআলী…উঠা…
ফাঁকিবুল: (লাহেকৈ উঠি) যি নামেৰে মাতে চাৰ…কাম হে আচল। নামতনো কি আছে….ন চাৰ?
স্বৰ্গদেউ লকৈ: হয়, হয়। This is also an important matter..তুমি বুজিছা। এতিয়া পোহৰ হওঁ, হওঁ। বেচি পলম নকৰোঁ। মানুহে দেখাৰ আগেয়ে ব’লা, ব’লা,ব’লা…….

পলকতে ছায়ামূৰ্ত্তি দুটা অদৃশ্য হ’ল। মোৰ শৰীৰৰ নিম্নাংশত খুব ঠাণ্ডা লগাত উপলব্ধি কৰিলোঁ যে মই ইমান পৰে পেন্টৰ জীপ মৰাই নাছিলোঁ….

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Labajit Borah
7 years ago

হাঃ হাঃ হাঃ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক