স্বৰ্ণবস্ত্ৰৰ ৰহস্য – জ্যোতিৰূপম দত্ত

(ৰহস্য উপন্যাসিকা)

★★

ঠেঁটুৱৈ ধৰা শীতৰ হিমায়িত নিঃশব্দ ৰাতি এটা৷ সময়ৰ গণনাত নিশা দুই বাজিছে৷ চাৰিওফালৰ পৰা কুঁৱলীৰ আচ্ছাদন এখন যেন লাহে লাহে বাঢ়ি আহি দশোদিশ বেঢ়ি পেলাইছে৷ এনেতে নামঘৰটোৰ সমুখত এটা ছায়ামুৰ্ত্তি দেখা গ’ল৷ সৰ্বাংগ ক’লা কাপোৰেৰে আচ্ছাদিত ছায়ামুৰ্ত্তিটোৱে সাৱধানে আগবাঢ়ি নামঘৰৰ মুল দুৱাৰখনৰ কাষত থিয় দিলে৷ ক্ষন্তেক পিছতে নামঘৰটোৰ তলাটো এক বিশেষ কায়দাৰে খুলি আগন্তুক ভিতৰলৈ সোমাই সাৱধানে আগুৱাই গৈ মণিকূটৰ আগত অলপ সময় থিয় হৈ ৰ’ল৷ মণিকূটৰ কাষত থকা ৰজাদিনীয়া গছাখনত চাকিগছ তেতিয়াও ঢিমিক ঢামাককৈ জ্বলি আছিল৷ ছায়ামুৰ্ত্তিটোৱে লাহে লাহে আহি জ্বলি থকা চাকিগছৰ সমুখত থিয় হ’ল৷

★★

কাহিলীপুৱাতেই নৰোৰাম আতৈৰ শেতেলী ত্যাগ কৰা অভ্যাস৷ জাৰ-জহ নেওচি আজি বহুদিন ধৰি তেওঁ এই অভ্যাস অব্যাহত ৰাখিছে৷ কাহিলীপুৱাতেই স্নানাদি পৰ্ব সমাপন কৰি নামঘৰৰ প্ৰাত্যহিক কৰ্মখিনি কৰাৰ দায়িত্ব আজি অত বছৰে নিখুঁতভাৱে পালন কৰি আহিছে৷ আজিও তাৰ ব্যতিক্ৰম নহল৷ আতৈয়ে এটি ঘোষা সুৰ লগাই গাই গাই আহি নামঘৰৰ সমুখত থিয় হৈ ৰ’ল৷ মুল দুৱাৰখন কাণি-দুৱৰীকৈ মেলি থোৱা আছে! দুৱাৰৰ তলাটো খোলা! আতৈয়ে একেলৰে দুৱাৰখন ঠেলি ভিতৰ সোমাই দেখে ভিতৰখন তেনেই লণ্ড-ভণ্ড হৈ আছে৷ দানপাত্ৰটিৰ তলাটো ভঙা! আতৈয়ে সেইবোৰলৈ লক্ষ্য নকৰি থাপনাৰ দক্ষিণফালে গৈ থিয় হ’ল৷

: “নাই, নোৱাৰিলে! হে প্ৰভু! আৰু কিমান দিন! ” – আতৈয়ে কৰযোৰে সমুখলৈ চাই ৰ’ল৷

আতৈৰ শোতোৰা পৰা গালেৰে দুধাৰি অশ্ৰুধাৰা বৈ আহিল ৷ আনকালে থাপনাত থকা সাঁচিপাতৰ পুথিখন মাটিত পৰি আছিল৷ আতৈয়ে সভক্তিৰে পুথিখন থাপনাত তুলি থৈ বাহিৰলৈ ওলাই গ’ল৷ বাহিৰ ওলায়েই কাষৰ নৰাম ভকতৰ বহালৈ চাই চিঞৰিলে৷

★★

: “কিবা ধৰিব পাৰিছেনে বাৰু? ” — অ’চি অমৃতানন্দ খাখলাৰীয়ে ছাব-ইন্সপেক্টৰ মইনুদ্দিন আহমেদৰ ফালে চাই সুধিলে৷

: “ছাৰ! নৰ্মেল ‘ইনকুৱেষ্ট’খিনি আৰম্ভ কৰা হৈছে৷ দণ্ডাধীশ চাংমা ইতিমধ্যে আহি পাইছেই৷ ফৰেনছিকত খবৰ দিছো৷ মই নিজেই ঘৰৰ চৌদিশ, কোঠাবোৰ চাইছো৷ কতো বিশেষ ‘ক্লু’ পোৱা নাই৷ নামঘৰৰ ভিতৰলৈ অৱশ্যে মই সোমোৱা নাই৷ জানেই দেখোন আজিকালি এইবোৰ সৰু সৰু কথাতে ডাঙৰ ‘ইছ্যু’ তৈয়াৰ হৈ যায়! ”

পুৱা গাখীৰ দিবলৈ আহি ঘৰৰ বাৰাণ্ডাত উবুৰি খাই পৰি থকা মৃতদেহটো দেখি কৃষ্ণলালে চিঞৰ বাখৰ লগালে৷ তাৰ চিঞৰতে সাৰ পাই প্ৰতিবেশীসকল আহি হাজিৰ হৈ দেখে যে অৱসৰপ্ৰাপ্ত ৰাজহ বিভাগৰ বিষয়া ৰামকৃষ্ণ তালুকদাৰৰ মৃতদেহটো তেখেতৰ নিজৰে দুমহলীয়া ঘৰটোৰ তলৰ মহলাত থকা নামঘৰটোৰ কাষৰ বাৰাণ্ডাত পৰি আছে৷ ক্ষন্তেকতে সকলোফালে হুৱাদুৱা লাগি পৰিল৷ তালুকদাৰ অকলশৰীয়া মানুহ৷ পৰিবাৰ ঢুকোৱা প্ৰায় চাৰিবছৰেই হ’ল৷ একমাত্ৰ ল’ৰা প্লাৱন ব্যৱসায়ৰ সংক্ৰান্তত উত্তৰ প্ৰদেশৰ কানপুৰত থাকে৷ ঘৰত আন মানুহ বুলিবলৈ কেবল আলধৰা বৈকুণ্ঠ প্ৰসাদ৷ তাকো পুৱাৰ পৰা কোনেও কতো বিচাৰি পোৱা নাই৷

: “মই জানো৷ কিন্তু এইবোৰলৈ চালে নহব৷ মই ভিতৰলৈ যাওঁ৷ আপুনিও বলক৷ ভালকৈ তন্নতন্নকৈ সকলোবোৰ চাওক৷ কোনোবাই কিবা ক’লে মই চাম বাৰু৷ কৰবাত নহয় কৰবাত নিশ্চয় কিবা ‘ক্লু’ পোৱা যাব৷ মই চাকৰটোৰ পৰিয়ালৰ সন্ধান উলিয়াবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছো৷ এই কেচটো যেনেতেনে সমাধা কৰিব লাগিব৷ ” — অ’চি খাখলাৰীয়ে জোতাজোৰৰ ফিতা খুলি খুলি ক’লে৷

: “হব ছাৰ৷ ” — আহমেদেও অ’চিৰ পিছে পিছে জোতাজোৰ খুলি নামঘৰটোৰ ভিতৰলৈ খোজ দিলে৷

: “ছাৰ! ঘৰৰ সকলো দামী বস্তুৱেই অক্ষত অৱস্থাত আছে৷ এইটো সাধাৰণ চুৰি বা ডকাইতিৰ ঘটনা নহয়৷ নামঘৰৰ থাপনাত থকা সোণৰ ফুল, গৃহস্থৰ শোৱনীকোঠাৰ খোলা আলমাৰিত থকা প্ৰায় পঞ্চাশহেজাৰ নগদ টকা, আনকি তালুকদাৰৰ প্ৰয়াত পত্নীৰ গহনাৰ বাকচ দুটাও অক্ষুণ্ণ আছে৷ ”

: “তেনেহলে? প্ৰথম দেখাতেই গম পোৱা যায় যে এইটো সাধাৰণ হত্যা নহয় বুলি৷ তেনেহলে হত্যাৰ ‘মটিভ’ কি বাৰু? মৃতদেহৰ অৱস্থা দেখিয়েই গম পোৱা যায় যে কিবা কথা উলিয়াবলৈ যথেষ্ট অত্যাচাৰ কৰা হৈছিল৷ কিন্তু কাষৰ কোনেও গম নেপালে যে? ”

: “ছাৰ, শুনামতে তালুকদাৰৰ যোৱা কেইবছৰমান আগতে ভকেল ক’ৰ্ডৰ অস্ত্ৰোপচাৰ কৰা হৈছিল৷ ডিঙিৰ কেন্সাৰৰ বাবে৷ কেবল ডিঙিত লগোৱা সেই মেছিনটোৰেই সৰুকৈ দুই এটা কথা ক’ব পৰা হৈ আছিল৷ সেই কাৰণেই হয়তো কাষৰ কোনেও বিশেষ একো গম নেপালে৷ ”

ভিতৰৰ বস্তুবোৰ বে-চিজিল হৈ পৰি আছে৷ কোনোবাই যেন কিবা মুল্যবান বস্তু বিচাৰি তালাচী চলাইছিল প্ৰথম দৃষ্টিতেই গম পোৱা যায়৷ থাপনাত থোৱা কীৰ্ত্তনখনৰ লগতে বাকী আন আন সামগ্ৰীবোৰ দলিয়াই পেলোৱাৰ চিন৷

দুয়ো এইবাৰ বাহিৰলৈ আহি মৃতদেহটো আকৌ এবাৰ পৰীক্ষা কৰিলে৷ আহমেদৰ কিবা এটা চকুত পৰিল৷ মজিয়াত কিবা এটা লিখা আছে৷

“বৈকুণ্ঠ প…”

এনেতে বাহিৰত এটা হুলস্থুল শুনা গ’ল৷ কনিষ্টবল জগত ব্ৰহ্মই আহি ক’লে, “ছাৰ! বৈকুণ্ঠ প্ৰসাদ মানে চাকৰটোক পিছফালৰ বাৰীৰ এচুকত থকা গছ এজোপাত ওলমি থকা দেখা পোৱা গৈছে! ”

: “কি যে হ’ব! ইফালে এইটোক ৰাজনৈতিক ৰহণ সানিবলৈ এচামে উঠি পৰি লাগিলেই৷ ইমান দিন এই ঠাইখিনিত চিঞৰ বাখৰ কৰিবলৈ একো বিশেষ ‘ইছ্যু’ নাপালে যেতিয়া এইটোকে ধৰিব সকলোৱে৷ সোনকালে কিবা এটা উপায় উলিয়াব লাগিব৷ আপুনি অলপ ভালকৈ চাওক৷ মই এচ. পি আৰু ডি আই জিক ‘ব্ৰিফিং’ এটা দিও৷ অলপ পৰ পাছতে এইবোৰ অনুসন্ধান-চনুসন্ধান বাদ দি ভি আই পিৰ আলপৈচান ধৰোতেই যাব৷ আবেলিলৈ ল’কেশ্যনত নিউজ চেনেলৰ ‘এক্সক্লুছিভ লাইভ ৰিপৰ্টিং’ৰ বাবে ‘অ’বি ভেন’ৰ গমগমনি আৰম্ভ হৈয়েই যাব৷ তাতে আকৌ চাৰ্কিট হাউচত নেতা-পালিনেতাৰ আপ্যায়নৰ যোগাৰখিনিৰ দায়িত্বও ময়েই ল’ব লাগিব৷ আপুনি এইবোৰ চিন্তা মোলৈ এৰক৷ আপুনি আটাইখিনি নিজে চাই আপোনাৰ নিজৰ মতে ‘এনকুৱেৰী’ আৰম্ভ কৰক৷ মই বাহিৰত থকা মৃতদেহটো চাই আহো৷ কিবা সন্দেহজনক দেখিলে মোক জনাব৷ ” – কথাকেইটা কৈয়েই অ’চি গুচি গ’ল৷

আহমেদে জেপৰ পৰা সৰু নোটবুকটো উলিয়াই ল’লে৷

★★

: “গুড জব আহমেদ! কেচ ক্ল’জড! ” — অ’চিয়ে আহমেদক তেওঁৰ চেম্বাৰৰ ভিতৰলৈ সোমাই অহা দেখি ক’লে৷

: “মানে ছাৰ! ”

: “ৰামকৃষ্ণ তালুকদাৰক চাকৰটোৱেই মাৰিছিল৷ সেয়ে মৰাৰ আগতে তালুকদাৰে ইয়াৰ নাম মজিয়াত লিখি গৈছিল৷ তালুকদাৰে হয়তো তাক কিবা চুৰি-টাৰি কৰিবলৈ সোমাওতে নামঘৰৰ ভিতৰত ধৰা পেলাইছিল৷ সেয়ে ভবা চিন্তা নকৰাকৈ তালুকদাৰক হত্যা কৰাৰ পাছত নিজে ধৰা পৰাৰ ভয়তে আত্মহত্যা কৰিলে৷ এতিয়া প’ষ্টম’ৰ্টেম ৰিপৰ্টলৈহে বাট চাইছো৷ কাইলৈ প্ৰেছ মিট দিব লাগিব৷ ”

: “ছাৰ! ৰিপৰ্ট দুটা মই লৈয়েই আহিছো৷ বৈকুণ্ঠই আত্মহত্যা কৰা নাছিল৷ কোনোবাই তাক প্ৰথমতে ৰছীৰে ডিঙি চেপি হত্যা কৰি গছজোপাত ওলমাই থৈ দিছিল৷ ৰিপৰ্টমতে তালুকদাৰৰ মৃত্যু হোৱাৰ দুঘণ্টা আগতেই বৈকুণ্ঠৰ মৃত্যু হৈছিল৷ ”

: “এতিয়া? আকৌ পাক লাগিল দেখোন! তালুকদাৰৰ ল’ৰা প্লাৱনৰ পৰা কিবা গ’ম পোৱা গ’ল নেকি? ”

: “তেখেতৰ মানসিক অৱস্থা বৰ ভাল নহয়৷ প’ষ্টম’ৰ্টেম কৰি দাহকাৰ্য্যৰ সময়তহে আহি পালে৷ শৱদাহ শেষ কৰোতেই যোৱাৰাতি বহুদেৰি হ’ল৷ আজি আবেলিকৈ এবাৰ কথা পাতিম৷ মই দুজন কনিষ্টবল থৈ আহিছো অৱশ্যে৷ ঘৰত সম্বন্ধীয় মানুহ দুই এজন আহি পাইছে৷ ”

★★

আবেলি অ’চি খাখলাৰী আৰু আহমেদ দুয়ো প্ৰয়াত তালুকদাৰৰ ঘৰৰ চৌদিশ আকৌ এবাৰ তন্ন-তন্নকৈ চাই প্লাৱনৰ সৈতে কথা পতাত ব্যস্ত হ’ল৷ নাই, প্লাৱনৰ মুখেৰেও বিশেষ একো নোলাল৷

মাজতে কোনোবা এজনে সকলোকে চাহ দি গ’ল৷ দুই এষাৰ কথা পাতি দুয়ো যাবলৈ উঠিল৷ আহমেদে প্লাৱনক যোৱাৰ সময়ত ক’লে, “কাইলৈ থানালৈ এপাক আহিব৷ আপোনাৰ ঘৰত আজি মিতিৰ কুটুম আছেই৷ সেয়ে মই কনিষ্টবল দুজনক লৈ যাওঁ৷ কিবা অসুবিধা হ’লে মোক ফোন কৰিব৷ ” আহমেদৰ কথাত খাখলাৰী অলপ আচৰিত হলেও মুখেৰে বিশেষ একো নকলে৷

★★

মাজনিশা৷ গেটখন খুলি কোনোবা এজন চুচুক চামাককৈ ইফালে সিফালে চাই সোমাই আহিল৷ ইতিমধ্যে ঘৰৰ ওপৰ মহলাৰ শোৱনি কোঠাৰপৰা এজন লোক ওলাই আহিল৷ দুয়ো অনুস্ব সুৰেৰে কিবা কথা পাতি তলৰ মহলাৰ নামঘৰটোৰ দুৱাৰখন সাৱধানে খুলি ভিতৰলৈ সোমাই গ’ল৷ অনুজ্জ্বল পোহৰৰ টৰ্চ এটা মাৰি থাপনাখনত দুয়ো কিবা এটা বিচৰাত লাগিল৷ এনেতে চাৰিজনমান লোকে হাতত সাৰে ভৰিত সাৰে আগুৱাই গৈ দুয়োকে অসতৰ্ক মুহূৰ্তত জপটিয়াই ধৰি হাত ভৰি বান্ধি পেলালে৷

★★

মাজনিশা ফোনৰ শব্দত অ’চি সাৰ পাই গ’ল৷ স্ক্ৰীণত দেখিলে আহমেদৰ ম’বাইল নম্বৰ৷

: “কি হ’ল আহমেদ? এই ৰাতিখন? ”

: “ছাৰ! মই তালুকদাৰৰ ঘৰৰ কাষৰ পৰা কৈছো৷ কালপ্ৰিট ধৰা পৰিল৷ থানালৈ আহি আছো৷ আপোনাক খবৰটো দিলো৷ ”

★★

থানাৰ চৌহদত খদমদম লাগি গ’ল৷ পুৱাই পুৱাই এচ.পি, ডি.আই.জিও আহি হাজিৰ৷ ভিতৰৰ কক্ষ এটাত বৰমূৰীয়া কেইজনৰ সৈতে অ’চি খাখলাৰী আৰু আহমেদ৷ কাষতে হাতকেৰেয়া পিন্ধা অৱস্থাত কৃষ্ণলাল আৰু প্লাৱন৷

গলখেকাৰি এটা মাৰি ডি.আই.জি ৰংপীয়ে আৰম্ভ কৰিলে৷

: “আহমেদ৷ আপুনিয়েই আৰম্ভ কৰক৷ ”

মুৰ দুপিয়াই আহমেদে আৰম্ভ কৰিলে৷

: “প্লাৱনে সিদিনা মিছা মাতিছিল যে মই ধৰিব পাৰিছিলো৷ কাৰণ আগদিনাই মই প্ৰতিবেশী চহৰীয়াৰ পৰা জানিছিলো যে কিছুমাহ আগতে বাপেক পুতেক দুয়োৰে কিবা এটা কথাক লৈ প্ৰচণ্ড তৰ্কাতৰ্কি হৈছিল৷ সেয়ে কনিষ্টবল কেইজনক আঁতৰাই অনাৰ ভাওঁ জুৰি মই আৰু কেইজনমানে ৰাতি দহমান বজাৰ পৰা সাধাৰণ পোচাকত তালুকদাৰৰ ঘৰৰ কাষত খাপ পিতিছিলো৷ ৰাতি কৃষ্ণলাল সোমাই আহি প্লাৱনৰ সৈতে নামঘৰটোত কিবা বিচাৰ-খোঁচাৰ কৰি থাকোতেই দুয়োকে ধৰি লৈ আহিলো৷ বাকিখিনি প্লাৱনৰ মুখেৰেই শুনো৷ দুয়ো যোৱা ৰাতিয়েই সকলো স্বীকাৰ কৰিছে অৱশ্যে৷ কাজিয়া কিয় লাগিছিল বাৰু? ”

: “সেয়া সামান্য কথা৷ দেউতাৰ লগত মোৰ কাজিয়া লগা নাছিল৷ মায়ে মোক সৰুতে দেউতাৰ হাতত এখন বিশেষ কিতাপ থকাৰ কথা কৈছিল৷ তাতে বোলে কিবা গুপ্তধনৰ বিৱৰণ আছে৷ মই সেইবোৰ সাধুকথা বুলিয়েই বেছি গুৰুত্ব দিয়া নাছিলো৷ পিছে মায়ে মৃত্যুশয্যাত পৰি থাকোতেও মোক অকলশৰে মাতি নি সেই কথাটোকে দোহাৰিছিল৷ সেই কথাটোকে সুধিছিলো৷ দেউতাইহে কথাটো মিছা বুলি উৰুৱাই দিছিল৷ সেয়াই কথা৷ ” – প্লাৱনে লাহে লাহে কৈ গ’ল৷

: “আপুনি সঁচাই একো গম পোৱা নাছিল নে? ” আহমেদে জেৰা আৰম্ভ কৰিলে৷

: “দেউতাই মোক কৈছিল৷ কেৱল কাকো নকবলৈ কৈছিল৷ গুপ্তধন মানে কোনো সোণৰ মোহৰ বা তেনেকুৱা একো নহয়৷ এখন কাপোৰৰ কথা মোক কৈছিল৷ ষোলশ শতিকাৰ এখন কাপোৰ৷ ডেৰহাত দীঘল আৰু এহাত বহল কাপোৰখন পিছে ৰে নহয়, সোণৰ গুণাৰে বোৱা আছিল৷ সোৱণশিৰি নদীৰ পৰা আহৰণ কৰা সোণেৰে সেই কাপোৰখন বোৱা হৈছিল! ”

সোণৰ কাপোৰ! কোঠাটোত থকা সকলোৱে চমকি উঠিল৷

আহমেদে বিষয়টোৰ ওপৰত বহলাই বুজোৱাত লাগিল,

: “কিমান সঁচা নাজানো, শংকৰদেৱৰ আদেশমতে তেখেতৰে এজনা শিষ্যই আহোম স্বৰ্গদেউ চু্হুংমুং বা স্বৰ্গনাৰায়ণৰ কথামতে সেই কাপোৰখন বোৱাইছিল হেনো৷ শুনামতে কাপোৰখনত বিষ্ণুৰ দশ-অৱতাৰৰ চিত্ৰণ আছে৷ মোৰ বোধেৰে সেই কাপোৰখনৰ আধাৰতে পাছলৈ শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ বোৱাইছিল৷ আহোম স্বৰ্গদেউ চু্হুংমুঙক তেখেতৰ বৰপুত্ৰ চু্ক্লেংমুঙে এক ভৃত্যৰ দ্বাৰা হত্যা কৰি ৰাজপাটত উঠে৷ সেই সময়তে শংকৰদেৱে আহোম ৰাজ্যৰ ধুঁৱাহাটা-বেলগুৰি সত্ৰ ত্যাগ কৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্যৰ অন্তৰ্গত বৰপেটাৰ পাটবাউসী অঞ্চললৈ আহি পাটবাউসী সত্ৰ স্থাপন কৰে৷ শংকৰদেৱৰ লগতে বৰপেটালৈ অহা সেই শিষ্যজনে কোনেও গম নোপোৱাকৈ সেই কাপোৰখন আনি সত্ৰত নাৰাখি বৰপেটাৰ কীৰ্তন ঘৰৰ এজনক থবলৈ দিছিল৷ বহুবছৰ ধৰি কীৰ্তন ঘৰতে থকা সেই কাপোৰখন পাছলৈ শংকৰদেৱ কোচবিহাৰলৈ যোৱাৰ পাছত অভিশপ্ত বুলি বৰপেটাৰ এটি আচুতীয়া নামঘৰৰ নামঘৰীয়া বিৰোচন তালুকদাৰৰ হাতত ৰখাৰ দিহা কৰা হৈছিল৷ সেই কথা অৱশ্যে বেছি মানুহে নাজানিছিল৷ মানৰ আক্ৰমণ, বৃটিছৰ লোলুপ দৃষ্টিৰ পৰা সেই দুৰ্মূল্য কাপোৰখন কিবাকৈ বাচি গৈছিল৷ ঘটনাক্ৰমত সেই তালুকদাৰ বংশৰে এজন ৰামকৃষ্ণ তালুকদাৰৰ হাতত সেই কাপোৰখন আহি পৰিছিল৷ প্লাৱনে অনুমান কৰা মতে এখেতৰ ঘৰটোতে সেই কাপোৰখন কাঠৰ সৰু বাকচ এটাত লুকুৱাই থোৱা আছে৷ ”

এইবাৰ প্লাৱনে বিস্ময়াৱিষ্ট লোকসকললৈ চাই পুনৰ কৈ গ’ল,

: “সচা কথা কবলৈ গ’লে কানপুৰৰ থকা ব্যৱসায়ত যোৱা কিছুবছৰ ধৰি লোকচানৰ সম্মুখীন হৈছো৷ সেয়ে দেউতাক কৈছিলো বৰ্তমান আন্তৰাষ্ট্ৰীয় বজাৰত সেই কাপোৰখনৰ মুল্য কেইবা কোটি টকা হব৷ দেউতা কোনোপধ্যেই মান্তি হোৱা নাছিল৷ কেবল কৈছিল মোৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত সেইখন তোৰ হ’ব৷ তেতিয়া তই যি ইচ্ছা কৰ কৰিবি৷ কিন্তু মোৰ জীৱনকালত সেইখন বিক্ৰী কৰাৰ কথা নাভাবিবি৷ ”

: “আপুনি এই কথাটো আন কাৰোবাক কৈছিল নে? ”, আহমেদে ধৰিলে৷

: “মই কাকো কোৱা নাছিলো৷ মিছা নকও৷ অৱশ্যে এবাৰ হংকঙত এজন চীনা ব্যৱসায়ীক এই বিষয়ে সুধিছিলো৷ আচল কথাটো মই কোৱা নাছিলো৷ এনে কাপোৰ এখনৰ দাম কিমান হ’ব পাৰে সেই কথাটোহে সুধিছিলো৷ ”

: “আপোনাৰ ব্যৱসায়ৰ বিষয়ে জনাওক এইবাৰ৷ মই জানোৱেই, তথাপিও সুধিছো৷ ”

: “মই কাণপুৰত থাকো৷ নেপাললৈ বস্তু চাপ্লাই দিও৷ কেতিয়াবা অলপ অচৰপ বেআইনীভাৱেও কিছুমান বস্তু ইপাৰ সিপাৰ কৰো! ” – প্লাৱনে তলমুৰকৈ ক’লে৷

: “পিছে কৃষ্ণলাল আৰু প্লাৱনৰ লিংকটোহে নুবুজিলো৷ ”, ইমান পৰ মনে মনে থকা এচ.পি. হেমৰাম দলেই মাত দিলে৷

: “কৃষ্ণলাল হ’ল গাখীৰৰ কাৰবাৰ কৰা ৰোছন ছেত্ৰীৰ দুৰ সম্পৰ্কীয় ভতিজাক৷ পিছে কৃষ্ণলাল তাৰ আচল নাম নহয়৷ কালি ৰাতিয়েই সকলো কথা স্বীকাৰ কৰিছে৷ তাৰ আচল নাম হ’ল চিং পেঙ৷ সি জন্মসূত্ৰে চীনামুলীয়া৷ নেপাল – তিব্বত সীমান্তৰ কোডাৰী অঞ্চলত ইয়াৰ ঘৰ৷ প্লাৱনে হংকঙত লগ পোৱা চীনামুলীয়া ব্যৱসায়ীজন এজন পুৰণি পুৰাতাত্বিক সম্পদৰ চোৰাংকাৰবাৰী আছিল৷ আজিকালি দক্ষিণ এছিয়াৰ চোৰাং বজাৰত গড়ৰ খৰ্গকে ধৰি এইবোৰ সম্পদ কোটি কোটি টকাত বিক্ৰী হয়৷ সিয়েই ইয়াক ৰোছন ছেত্ৰীৰ ভতিজাক বুলি পঠাইছিল৷ নেপালৰ ভূমিকম্পত পৰিয়ালৰ সকলো সদস্যৰ মৃত্যু হোৱা বুলি সিয়ো আহি কেইমাহমানতে সকলোৰে বিশ্বাসভাজন হৈ পৰিছিল৷ আনকি বহুপুৰুষ ধৰি অসমতে থকা ছেত্ৰীয়েও বিশ্বাস কৰি ইয়াক ব্যৱসায়ৰ কাম চোৱাচিতা কৰিবলৈ দিছিল৷ আচলতে পিতৃহন্তা প্লাৱন আৰু সেই ব্যৱসায়ীজনেই গোটেই ঘটনাটোৰ ব্লু-প্ৰিণ্ট ৰচিছিল৷ সুযোগৰ অপেক্ষাত থকা কৃষ্ণলালে ঘৰটোৰ তলানলা চাই বৈকুণ্ঠক হত্যা কৰি তালুকদাৰক যাতনা দি কাপোৰখনৰ কথা সুধিছিল৷ পিছে তালুকদাৰৰ পৰা কথা উলিয়াব নোৱাৰিলে৷ পিছদিনা প্লাৱন আৰু সি সেয়ে নিজেই নামঘৰটোৰ তালাচী লোৱাৰ কথা ভাবি ৰাতি নামঘৰত সোমাইছিল৷ ”

: “কাপোৰখন বিচাৰি চাব লাগিব৷ সেই স্বৰ্ণবস্ত্ৰখন অইন কাৰোবাৰ হাতত পৰিবলৈ দিব নোৱাৰি৷ বলক ময়ো যাওঁ৷ ” – ডি.আই.জিয়ে মোখনি মাৰি যাবলৈ উঠিল৷

★★

পিছে সমগ্ৰ ঘৰ তথা চৌহদৰ তন্ন তন্নকৈ তালাচী লোৱাৰ পাছতো সেই কাপোৰখনৰ কোনো সন্ধান পোৱা নগল৷

: “কি কৰে এতিয়া? প্ৰায়খিনি জেগাই চোৱা হ’ল৷ এই দুদিনতে কোনোবাই নিয়া নাইতো? ” — অ’চিয়ে আহমেদলৈ চাই সুধিলে৷

: “ছাৰ! চেষ্টা এটা কৰি চাও বাৰু! ” – এই বুলি আহমেদে নামঘৰটিৰ ঠগাখনৰ ওপৰত থকা কীৰ্ত্তনখন তুলি ল’লে৷

: “মোৰ মতে স্বৰ্ণবস্ত্ৰখন লুকুৱাই থোৱা স্থানৰ ‘ক্লু’ এই কীৰ্ত্তনখনতে লুকাই আছে৷ প্লাৱনৰ মতে তালুকদাৰে তাক কৈছিল যে তেওঁৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছতহে সেই কাপোৰখন পাব৷ তেওঁ মৃত্যুৰ সময়ত বৈকুণ্ঠ প্ৰসাদৰ নাম নহয় কীৰ্ত্তনখনৰ কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ খণ্ডটিৰ কথাহে ক’ব খুজিছিল৷ ” — কীৰ্ত্তনখন হাতত লৈ আহমেদে দেখুৱালে৷

: “ছাৰ! এয়া চাওক৷ কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ খণ্ডটিৰ এই পৃষ্ঠাটি৷ পৃষ্ঠাটোৰ কেইশাৰীমানত দাগ দি থোৱা আছে৷ আৰু পৃষ্ঠাৰ ওপৰত কেইটিমান সংখ্যা লিখি থোৱা আছে৷ সংখ্যাকেইটি মই মিলাই চাইছো৷ সংখ্যাকেইটিৰ অৰ্থ হ’ল শাৰীৰ ক্ৰমিক নম্বৰ৷ এয়া চাওক৷ পৃষ্ঠা ৪৫৮ আৰু ১৬, ১৭৷

‘শয়নে ভোজনে স্নানে  তোহ্মাৰ ৰহস্য স্থানে
সদাসেৱা কৰি থাকো আমি৷ ’

: “ইয়াৰ মানে কি বাৰু? ” — এচ.পিয়ে গলহেকাৰি মাৰি সুধিলে৷

: ছাৰ! তালুকদাৰৰ ওপৰ মহলাত ঘৰৰ শোৱনী কোঠাৰ কাষতেই ভোজন গৃহ মানে ডাইনিং ৰুম আৰু তাৰ কাষতেই স্নানগৃহটো৷ শোৱনী কোঠাৰ দুৱাৰৰ ওপৰত থকা কৃষ্ণৰ বন্ধাই থোৱা ছবিখনলৈ মন কৰিছিলনে? ”

: “সেইখন দেখোন নমাই আনি কেইবাবাৰো চালো৷ তেনেই সাধাৰণ এখন ফটো৷ আনকি ফ্ৰেমটোও গুচাই চোৱা হৈছে৷ একো নাই৷ এটা কাম কৰো৷ আকৌ এবাৰ ওপৰলৈ গৈ চাওঁ বলক৷ আহক ছাৰ৷ ” — অ’চিয়ে যেন বিশ্বাস কৰা নাই কথাবোৰ তেনেদৰেই ডি.আই.জি আৰু এচ.পিক আথে বেথে ওপৰ মহলাৰ শোৱনী কোঠালৈ আগবঢ়াই নিলে৷ আহমেদে পিছে পিছে খোজ দিলে৷ হাতত কীৰ্ত্তনখন৷

: “ছাৰ! পিছৰ শাৰীটো চাওক৷ পৃষ্ঠা ৪৬৫ৰ প্ৰথম আৰু দ্বিতীয় শাৰী ৷ “

“সূৰ্য্যৰ কাছত যিটো থাকে৷
তাক কি আন্ধাৰে আৰ ঢাকে ৷ ৷

ফটোখনৰ বাওঁফালে এটা বেছি পোহৰৰ লাইট৷

: “মানে? ”

: “সেই দুৱাৰখনত অনবৰতে লাইটৰ পোহৰ পৰি থাকে৷ আৰু এতিয়াহে মন কৰিছো যে দুৱাৰখনৰ ওপৰৰ অংশটি বেছি ডাঙৰ৷ ইয়াতেই থাকিব লাগে৷ ” – আহমেদে ঠাইটুকুৰাত টুকুৰিয়াই দিলে৷

দুৱাৰখনৰ ওপৰৰ অংশটি গুচাই চাওতেই দুবেগেতমান দীঘল বহু পুৰণি কাঠৰ বাকচ এটা ওলাই পৰিল৷ সকলোৱে অনুসন্ধিৎসাৰে বাকচটো সাৱধানেৰে খুলিলে৷ ভিতৰত বিৱৰ্ণ পাটৰ কাপোৰ এখনেৰে মেৰিয়াই থোৱা বহু পুৰণি সাঁচিপাত এখিলাহে ওলাল! সাঁচিপাতখিলাত এশাৰী পদ লিখা আছিল –

“সৱাতো আছন্ত জগত স্বামী৷
স্ফটিকৰ স্তমভে দেখোহো আমি ৷ ৷ ”

★★

: “ছেঃ! সব এনেই গ’ল৷ সাঁচিপাত এখিলাৰ বাবেই মিছামিছিকৈ দুটা হত্যাকাণ্ড হ’ল৷ সোণৰ কাপোৰৰ কথাটোহে মিছা হ’ল৷ আপুনি পিছে ডি.আই.জি আৰু এচ.পি দুয়োকে দেখুৱাই দিলে দেই৷ এইহেন ঘোকোট জেগাত থাকিও আমিও পৰি মৰা বিধৰ নহয় বুলি৷ এটা ’আন্তঃৰাষ্ট্ৰীয় অপৰাধী আৰু এটা পিতৃহন্তা স্মাগলাৰ পুত্ৰ ধৰি পেলালো৷ ” – অ’চিৰ মুখত সন্তুষ্টিৰ হাঁহি৷ সমুখত আহমেদ৷

: “মোৰ কিন্তু এনেহে লাগে যে সাঁচিপাতখিলা এটা ‘D-Coy’ বা কিবা সন্দেহ উদ্ভুৱ হ’লে অন্যফালে ঢাল খুৱাবলৈকে যেন ব্যৱহাৰ কৰা হৈছিল৷ আচলতে কাপোৰখন হয়তো কৰবাত এতিয়াও সুৰক্ষিত হৈ আছে! তালুকদাৰে পুতেকৰ উদ্দেশ্যৰ কথা গম পাই হয়তো কাপোৰখন কৰবাত সুৰক্ষিতভাৱে ৰাখি থোৱাৰ ব্যৱস্থা কৰি গৈছে! ” — আহমেদে কিবা এটা ভাবি ক’লে৷

: “তাৰমানে আপুনি ধৰিব পাৰিছে নেকি? ক’ত আছে বাৰু? ” – অ’চিৰ কথাত আগ্ৰহ আৰু সন্দেহ দুয়োটাৰে সুৰ৷

: “ধৰিব পাৰিছো বুলি নকওঁ কিন্তু অলপ অচৰপ হয়তো ধৰিব পাৰিছো৷ কিন্তু এই বিষয়ত আৰু আগ নবঢ়াই ভাল হ’ব নেকি? যদি ইমানদিনে সুৰক্ষিত হৈ আছে, তেনেদৰেই থাকিব দিয়া যাওক৷ কাপোৰখনৰ কথাটো ভুৱা বুলি প্ৰচাৰ হ’লেই যেতিয়া চোৰাংকাৰবাৰীৰ তিঘিলঘিলনিও কমিব চাগে৷ ” — আহমেদে মোখনি মাৰিলে৷

★★

“সূৰ্য্যৰ কাছত যিটো থাকে৷
তাক কি আন্ধাৰে আৰ ঢাকে৷ ৷ ”
— কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ

চাৰি শতিকা ধৰি জ্বলি থকা চাকিগছৰ কাষত নৰোৰাম আতৈ থিয় দি ৰ’ল৷ সভক্তিৰে সেৱা এটা কৰি আতৈ এইবাৰ বাওঁফালে ঘূৰিলে৷ অলপ দুৰৈত প্ৰকাণ্ড তুলসী গছৰ খুটাটো দেখা গ’ল৷ যোৱা চাৰিশতিকা ধৰি জ্বলি থকা চাকিগছৰ পোহৰ অনবৰতে এই তুলসীৰ খুটাটোত পৰি থাকে৷

সৱাতো আছন্ত জগত স্বামী৷
স্ফটিকৰ স্তমভে দেখোহো আমি৷ ৷
— প্ৰহ্লাদ চৰিত্ৰ

ভক্ত প্ৰহ্লাদে হিৰণ্যকশিপুক কৈছিল যে এই স্তমভৰ ভিতৰতো ভগৱান বিৰাজমান হৈ আছে৷

নৰোৰাম আতৈয়ে সেই তুলসী গছৰ খুটাটোৰ ওচৰলৈ গৈ সভক্তিৰে চুই প্ৰণাম কৰিলে৷ খুটাটো ফোঁপোলা যেন অনুভৱ হ’ল!

দুৰৰ পৰা যেন কীৰ্ত্তনৰ সুৰ এটি ভাঁহি আহিল৷

“সমস্ত ভূততে ব্যাপি আছো মই হৰি৷
সবাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি৷ ৷

##

(স্থান-কাল-পাত্ৰ সকলো কাল্পনিক৷ বুৰঞ্জীৰ কথাখিনিৰ ক’ৰবাত অলপ অচৰপ মিল থাকিলেও বেছিভাগেই কল্পনাপ্ৰসূত৷ )

আহোম ৰাজত্বৰ তথ্যখিনিৰ বাবে ঋণ স্বীকাৰ = শান্তনু কৌশিক বৰুৱাৰ দ্বাৰা সম্পাদিত অসম ইয়েৰ বুক ‘২০১৬৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments