স্ব-প্ৰতিভাৰে উদ্ভাসিত এখনি সৰু গাঁও (স্যামন্ত কুমাৰ গোস্বামী)

শিক্ষা! শব্দটো মাত্ৰ চাৰিটা বৰ্ণৰ যদিও অৰ্থটো কিন্তু যথেষ্ট বিশাল। সাধাৰণতে শিক্ষা বুলিলে কুঁহিপাঠৰ “অ, আ, ক, খ”ৰ পৰা “কনক, ৰবৰ, মৰম, খৰম” লৈ, “ঘৰৰ খবৰ ক, অলপ সময় ৰ” ৰ পৰা “পুৱাৰ পোহৰ ওলাওঁ ওলাওঁ” লৈ নাইবা “একৰ এক গ’ল থাকিল শূণ্য” ৰ পৰা ল. সা. গু, গ. সা. উ. লৈ উত্তৰণ হোৱাটোকেই নুবুজোঁ জানো?

কিন্তু এই যে দেউতাকৰ পৰা ল’ৰালৈ আৰু ক্ৰমাৎ পো-নাতিলৈ বাগৰি অহা, কিতাপত লিখা নথকা বিদ্যাবোৰ, বাঁহ-বেতৰ কামবোৰ, মাটিৰ পাত্ৰ তৈয়াৰ কৰা কৌশলবোৰ, খেতি-বাতিৰ কামবোৰ? সেইবোৰ জানো শিক্ষাৰ ভিতৰত নপৰে? আমাৰ সমাজখনৰ এইবোৰ হ’ল সততে আওকান কৰা কিছুমান বিষয়। কিন্তু এইখন অসমৰেই এখন সৰু গাঁৱত এনে কিছুমান বংশানুক্ৰমিক বিদ্যাৰ প্ৰচলন আছিল যিবোৰ এতিয়াও সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱা নাই। গাঁৱখনৰ নামটো নিশ্চয় বহুতৰেই পৰিচিত– নলবাৰী জিলাৰ অন্তৰ্গত কৈহাটী গাঁও। কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ “কৈহাটীৰ ঢুলীয়া”ৰ বাবে, বিশেষকৈ মোহন ভাৱৰীয়াৰ নামটোৰ বাবেই চাগে গাঁৱখন কিছু হ’লেও জনাজাত। ইয়াত পিছে গাঁৱখনত প্ৰচলিত আন তিনিটা বিষয়ৰ ওপৰতহে এটি চমু আলোকপাত কৰিবলৈ বিচৰা হৈছে।

১) সংস্কৃত চৰ্চা:

অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাটকটীয়া চাৰিজনা ধৰ্মগুৰুৰ ভিতৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ অন্যতম। তেখেতৰ প্ৰধান শিষ্য আছিল চাৰিজন – হৰিচৰণদেৱ, জগন্নাথ দেৱ, নাৰায়ণ দেৱ আৰু যদুমণি দেৱ। কৈহাটী সত্ৰ স্থাপন কৰিছিল হৰিচৰণদেৱৰ পুত্ৰ বিষ্ণুভাৰতীদেৱে।

সংস্কৃত ভাষাক দেৱভাষা বুলি কোৱা হয়। ভাৰতৰ আটাইবোৰ ধৰ্মগ্ৰন্থই এই ভাষাতেই ৰচিত। আনহে নালাগে, ইংৰাজ অহাৰ আগলৈকে ভাৰতবৰ্ষৰ শিক্ষাৰ মাধ্যমো আছিল সংস্কৃত। এইটোৱেই হেনো পৃথিৱীৰ সৰ্বাধিক শব্দভাণ্ডাৰ তথা নিখুঁত ব্যাকৰণেৰে সজ্জিত ভাষাও য’ত মহৰ্ষি পাণিণিৰ সময়ৰ পৰা এতিয়ালৈকে এটাও ব্যাকৰণৰ নিয়ম সালসলনি কৰিবলগীয়া হোৱা নাই।

কৈহাটী গাঁৱখন শ্ৰী শ্ৰী হৰিদেৱৰ এখন সত্ৰ। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ তথা তেওঁৰ পূৰ্বপুৰুষসকল বেদজ্ঞ পণ্ডিত আছিল হেতুকেই সংস্কৃত ভাষা চৰ্চাই কৈহাটী সত্ৰকো চুই গৈছিল। গুৰুজনাৰ পূৰ্বপুৰুষ নৰোত্তম দ্বিজ কনৌজৰ অধিবাসী বেদজ্ঞ ব্ৰাহ্মণ আছিল। পিছত তেওঁ অসমলৈ আহি অশ্বক্লান্তত এখন টোল স্থাপন কৰি সংস্কৃত পঢ়াইছিল। অশ্বক্লান্ততেই গুৰুজনাৰ পিতৃ দ্বিজ অজনাভেও টোলত অধ্যাপনা কৰিছিল। শ্ৰী শ্ৰী হৰিদেৱৰ মূখ্য শিষ্য হৰিচৰণদেৱ আৰু তেওঁৰ পো-নাতিসকলো সংস্কৃত পণ্ডিত আছিল। সেই সময়ত ভাৰতৰ শিক্ষাৰ মাধ্যম আছিল সংস্কৃত আৰু এই ভাষা নজনাকৈ ভাগৱত শাস্ত্ৰ পঢ়ি শিষ্যসকলক ধৰ্মজ্ঞান দিয়াটো আছিল একেবাৰেই অসম্ভৱ।

কৈহাটী সত্ৰত সংস্কৃত চৰ্চাৰ প্ৰথম প্ৰমাণ পোৱা যায় সংস্কৃত নাট ‘ধৰ্মোদয়’ৰ পৰা। নাটখন ৰচনা কৰিছিল ধৰ্মদেৱ গোস্বামীয়ে। ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ “প্ৰাচীন অসমত সংস্কৃত চৰ্চাৰ থুলমূল আভাষ” প্ৰৱন্ধটোত উল্লেখ থকা মতে নাটকখন আছিল এক ঐতিহাসিক পটভূমিত ৰচিত পাঁচ অঙ্কীয়া সংস্কৃত নাটক। পটভূমি আছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত (১৭৬৮-১৭৮০) হোৱা মোৱামৰীয়া বিদ্ৰোহ। যুঁজখনত প্ৰথমতে আহোমৰ পৰাজয় হৈছিল যদিও পিছত পুনৰ আক্ৰমণ কৰি তেওঁলোকে জয়লাভ কৰে। নাটখনত অধৰ্মৰ পতন আৰু ধৰ্মৰ অভ্যুদয়ক দেখুওৱা হৈছে। ড° শৰ্মাদেৱে প্ৰৱন্ধটোত উল্লেখ কৰা মতে নাটখনৰ প্ৰথম অঙ্কৰ শেষ শ্লোকটো আছিল এনে ধৰণৰ –

 

নমঃ কম্ৰপদাম্বুজে ভগৱতঃ শ্ৰীধৰ্মদেৱঃ কবিঃ

যং সুতে কমলাপ্ৰিয়া ভগৱতী সংশুদ্ধবংশোদ্ভবা।

লক্ষ্মীসিংহ নৰেশ্বৰস্য চৰিতে ধৰ্মোদয়ে নাটকে

তস্যাসাৎ প্ৰথমাঙ্কএষা বিশদঃ কীৰ্ত্যুদ্ভবাঙ্গো মহান্‌।।

 

১৯৫৯ চনৰ অসম সাহিত্য সভাৰ সভাপতি অতুলচন্দ্ৰ হাজৰিকাদেৱে তেখেতৰ ভাষণত এই নাটখন স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত লিখা বুলি উল্লেখ কৰিছিল যদিও ওপৰোক্ত শ্লোকটোৰ পৰা এইখন লক্ষ্মীনাথ সিংহৰ দিনতহে লিখা হৈছিল বুলি স্পষ্ট হয়। নাটখনৰ মূল পাণ্ডুলিপিটো লণ্ডনৰ “ইণ্ডিয়া হাউচ”ত সংৰক্ষণ কৰি ৰখা হৈছে। এই নাটখনেই কৈহাটী সত্ৰত সংস্কৃত ভাষা চৰ্চাৰ প্ৰথম ঐতিহাসিক প্ৰমাণ।

উনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত হংসধৰ গোস্বামী স্মৃতিৰত্ন বিদ্যাৰত্ন দেৱে কৈহাটীত এখন সংস্কৃত টোল স্থাপন কৰিছিল। তেতিয়া টোলসমূহ গুৰুকুল পদ্ধতিৰ আছিল অৰ্থাৎ অধ্যাপকৰ ঘৰতে পঢ়াশালি আৰু ছাত্ৰাবাস আছিল। নিজৰ খোৱা-লোৱাৰ খৰছ বহন কৰিব নোৱাৰা ছাত্ৰসকলে গুৰুগৃহতে খোৱা-বোৱা কৰিছিল আৰু তাৰ বিনিময়ত তেওঁলোকে গুৰুগৃহৰ যাৱতীয় কাম-কাজত সহায় কৰি দিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ এই টোলত অধ্যয়নৰ বাবে গৈছিল বুলি জনা যায়। টোলসমূহত অৱশ্যে কোনো নিদ্দিষ্ট পাঠ্যক্ৰম বা নিয়মীয়া পৰীক্ষা পদ্ধতি নাছিল। শিক্ষাৰ উদ্দেশ্য আছিল সু-চৰিত্ৰসম্পন্ন ব্যক্তিৰ গঢ় দিয়া। এওঁলোকৰ মাজত কিছুমানক আদৰ্শ শিক্ষক আৰু আন কিছুমানক মাঙ্গলিক কাম-কাজত পণ্ডিত কৰি তুলি সমাজত শুদ্ধাচাৰ প্ৰচাৰ কৰাই আছিল টোলসমূহৰ প্ৰধান উদ্দেশ্য। টোলৰ শিক্ষক অৰ্থাৎ গুৰুজনে পাঠদানৰ সময়তে ছাত্ৰসকলৰ প্ৰতিভাৰ বুজ লৈছিল আৰু মাজে-সময়ে ছাত্ৰসকলৰ জ্ঞানৰ পৰীক্ষাও লৈছিল। ১৯২৬ চনত ‘অসম সংস্কৃত বোৰ্ড’ গঠন হোৱাৰ পিছৰেপৰা নিয়মিতভাৱে আদ্য, মধ্য আৰু উপাধি – এই তিনিটা পাঠ্যক্ৰমত পৰীক্ষা লোৱা প্ৰথা প্ৰচলন কৰা হয়। বোৰ্ড গঠন হোৱাৰ সময়লৈকে টোলৰ অধ্যাপকসকলে কোনো মাহিলী দৰমহা পোৱা নাছিল। আনকি বোৰ্ড গঠন হোৱাৰ পিছতো ছাত্ৰই পৰীক্ষা পাছ কৰাৰ ওপৰত ভিত্তি কৰিহে মাহিলী তিনি টকাৰপৰা আঠ টকালৈ বেতন হিচাপে তেওঁলোকক দিয়া হৈছিল। ছাত্ৰসকলে গুৰুক কোনো দক্ষিণা দিব নালাগিছিল।

চ’ত মাহৰ প্ৰথম দিনটোৰ পৰা ছাত্ৰসকলে ৬-৭ জনৰ একো একোটা সৰু সৰু গোটত বিভক্ত হৈ মানুহৰ ঘৰে ঘৰে গৈ সুমধুৰ সুৰেৰে আশীৰ্বাদসূচক শ্লোক গাই ফুৰিছিল আৰু ঘৰৰ গৃহস্থই সামৰ্থ অনুযায়ী তেওঁলোকক দক্ষিণা দি সেৱা জনাই বিদায় দিছিল। সাত দিন এইদৰে কটাই অষ্টম দিনাখন উভতি আহি দুপৰীয়াৰ সাজ গুৰুৰ ঘৰত খাই আবেলি চোতালত পীৰা পাৰি গুৰুক আসনত বহুৱাই সংগৃহীত ধনখিনি গুৰুৰ চৰণত অৰ্পণ কৰি আশীৰ্বাদ লৈছিল। এই প্ৰথাটো “চ’ত ফুৰা” নামেৰে জনাজাত আছিল। চ’ত ফুৰা সময়ত ছাত্ৰসকলে গোৱা এটি শ্লোক এনে ধৰণৰ:

নিবস্তু তব গৃহে নিশ্চলা সিন্ধুপুত্ৰী

প্ৰৱিশিত ভূজ যুগ্মে চণ্ডিকা বৈৰহন্ত্ৰী।

বিকসতু মুখ পদ্মে ভাৰতী শুভ্ৰকান্তী

নচলতু তব চিত্তং পাদপদ্মাণ্মুৰাৰেঃ ।।

 

অৰ্থাৎ “আপোনাৰ ঘৰত লক্ষ্মীদেৱীৰ স্থায়ী নিবাস হওক, আপোনাৰ বাহুত বৈৰীনাশিনী চণ্ডিকা দেৱী প্ৰৱেশ কৰক, পদুম ফুলৰ দৰে সুন্দৰ আপোনাৰ মুখমণ্ডলত সৰস্বতী দেৱী বিৰাজ কৰক আৰু আপোনাৰ চিত্ত মুৰাৰীৰ পাদপদ্মৰ পৰা কেতিয়াও আঁতৰি নাযাওক।”

 

২) আয়ুৰ্বেদ চৰ্চা:

ভাৰতত অতীজৰে পৰা চলি অহা এটি বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আয়ুৰ্বেদ।  ইয়াৰ বিষয়ে নিশ্চয় নকৈ বঢ়াই কোৱাৰ প্ৰয়োজন নাই। আয়ুৰ্বেদৰ বিভিন্ন পুথিসমূহ লিখা আছিল সংস্কৃতত। যিহেতু তেতিয়া কৈহাটীত সংস্কৃত ভাষাৰ ব্যাপক চৰ্চা হৈছিল, এই পুথিসমূহ পঢ়ি বুজি পোৱা লোকৰ অভাৱ কোনো অভাৱ নাছিল। উনৈশ শতিকাৰ মাজভাগৰ পৰা কুৰি শতিকাৰ মাজভাগলৈ কৈহাটী গাঁৱত নিয়মিত এই আয়ুৰ্বেদ শাস্ত্ৰৰ চৰ্চা হৈছিল। এইখিনি সময়ক কৈহাটীৰ আয়ুৰ্বেদ চৰ্চাৰ সোণালী যুগ বুলি ক’ব পাৰি। গাঁৱৰ থকা কেইজনমান আয়ুৰ্বেদ বিশাৰদৰ চিকিৎসাই গাঁৱখনৰ পৰিধি ভাঙি সৰুক্ষেত্ৰী, বৰক্ষেত্ৰী, বাঁহজানী, ধৰ্মপুৰ আদিলৈকে প্ৰসাৰ লাভ কৰিছিল। উপযুক্ত তথা দক্ষ চিকিৎসকৰ অভাৱ, কবিৰাজসকলে আপোনজন বুলি জ্ঞান কৰি কৰা চিকিৎসা তথা তেওঁলোকৰ নূন্যতম মাননিৰ বাবেই বোধহয় সেই সময়ত এই কবিৰাজী চিকিৎসা পদ্ধতিয়ে জনপ্ৰিয়তা লাভ কৰিছিল। অৱশ্যে এই চৰ্চা সত্ৰৰ গোঁসাই (গোস্বামী উপাধিৰ লোকসকল) ৰ মাজতে সীমাবদ্ধ আছিল বুলি ক’ব পাৰি। চিকিৎসকসকল নাড়ীজ্ঞান, দ্ৰব্যগুণ আৰু শৰীৰ চৰ্চা – এই তিনিওটা বিষয়তে পাৰ্গত আছিল।

কৈহাটীত আয়ুৰ্বেদ চৰ্চাৰ পাতনি মেলিছিল স্বৰ্গীয় ভূধৰ গোস্বামীয়ে। আয়ুৰ্বেদ চৰ্চাৰ লগতে তেখেতে বেজালিও কৰিছিল দেখি গাঁৱবাসীৰ মাজত ‘ওজা গোঁসাই’ নামে পৰিচিত আছিল। আন কেইগৰাকীমান নামজ্বলা কবিৰাজ হ’ল ৺ অমৃত নাৰায়ণ গোস্বামী ওৰফে মেম্বৰ গোঁসাই, ৺ বসুদেৱ গোস্বামী ওৰফে বসু গোঁসাই, ৺ ৰজত চন্দ্ৰ গোস্বামী, ৺ বেণুধৰ গোস্বামী ওৰফে মলু গোঁসাই, ৺ দীনবন্ধু দেৱ গোস্বামী ওৰফে ডাক্তৰ গোঁসাই, ৺ নৰনাৰায়ণ গোস্বামী ইত্যাদি। ইয়াৰে আটাইকেইজনৰে মূল কবিৰাজী বিদ্যাত ব্যুৎপত্তি থকাৰ উপৰিও প্ৰতিগৰাকীয়েই এক বিশেষ বিশেষ ৰোগ বা চিকিৎসা পদ্ধতিৰ বিশাৰদস্বৰূপ আছিল। উদাহৰণস্বৰূপে অমৃত নাৰায়ণ গোস্বামীদেৱৰ এক বিশেষ চিকিৎসা পদ্ধতি আছিল – মূমূৰ্ষু অৱস্থাৰ ৰোগীৰ ক্ষেত্ৰত ৰোগীৰ তালু ফুটাই সাপৰ বিষৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ ঔষধ তাত প্ৰয়োগ কৰি কৰা চিকিৎসা। আনহাতে বসুদেৱ গোস্বামী আছিল শিশুৰোগত সিদ্ধহস্ত। ৰোগীৰ নাড়ীস্পন্দন পৰীক্ষা কৰি ৰোগীয়ে খোৱা অপথ্যৰ বিষয়ে জানিব পৰাটো আছিল তেখেতৰ আন এক গুণ। একেদৰে ৰজত গোস্বামী বিখ্যাত আছিল মানসিক ৰোগৰ চিকিৎসাৰ বাবে।

নিজৰ ঠাইখনক কোনোৱে কিমান ভাল পাব পাৰে তাৰ এটা উদাহৰণ হ’ল নৰনাৰায়ণ গোস্বামীদেৱ। নৱম শ্ৰেণীত থাকোঁতে পঢ়াশুনা কাতি কৰি থৈ বঙ্গীয় সংস্কৃত পৰিষদৰ অধীনত সাংখ্য আৰু ব্যাকৰণৰ উপাধি লাভ কৰিছিল তেওঁ। তাৰপিছত কলিকতালৈ গৈ তাত আঠ বছৰ অধ্যয়ন কৰি শ্যামাদাস বৈদ্যশাস্ত্ৰ পীঠৰ পৰা দ্বিতীয় স্থান লাভ কৰি বৈদ্যশাস্ত্ৰী উপাধি লাভ কৰে। অধ্যয়ন সমাপ্ত কৰিও কোনো উচ্চপদ বা চাকৰিৰ আশা নকৰি তেওঁ নিজ গাঁৱলৈ ঘূৰি আহি চিকিৎসা আৰম্ভ কৰে। গুৱাহাটীত আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন হোৱাৰ সময়ত তেখেতক তাৰ উপাধ্যক্ষৰ পদত অধিস্থিত কৰা হৈছিল। কিন্তু এই চাকৰি ইস্তফা দি তেওঁ নলবাৰীলৈ ঘূৰি গৈ চিকিৎসাসেৱা অব্যাহত ৰাখে।

জাতীয়তাবাদ মানে আমি কি বুজোঁ বাৰু? নিজৰ দেশ, ৰাজ্য, গাঁও বা লোকসকলৰ প্ৰতি মৰম বা ভালপোৱাই জাতীয়তাবাদ নহয় জানো? সততে ৰাজপথত শ্লোগান দি বা আন্দোলন কৰি সাব্যস্ত কৰিব বিচৰা জাতীয়তাবাদৰ তুলনাত চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰি এনেদৰে নিজৰ অঞ্চলটোৰ লোকসকলৰ সেৱাত ব্ৰতী হোৱাটোহে প্ৰকৃত জাতীয়তাবাদ যেন বোধ হয়।

 

৩) মৃৎ শিল্প:

কৈহাটী গাঁৱৰ প্ৰধানতঃ হীৰা সম্প্ৰদায়ৰ লোকসকল মৃৎ শিল্পৰ লগত জড়িত। আয়ুৰ্বেদৰ দৰেই এইটোও এটা বংশগতভাৱে বাগৰি অহা বিদ্যা।

মৃৎ শিল্পৰ প্ৰধান কেঁচামাল হ’ল হীৰা মাটি। বিভিন্ন নিত্য ব্যৱহাৰ্য্য সামগ্ৰী যেনে কলহ, চাকি, ধুনাদানি আদিৰ উপৰিও চালে চকুৰোৱা পুতলা, শৰাই, বঁটা আদি তৈয়াৰ কৰি উলিয়ায় এই শিল্পীসকলে। তাৰোপৰি এওঁলোকে মাটিৰদ্বাৰা “শিকাৰ” নামৰ এবিধ বিশেষ খাদ্য তৈয়াৰ কৰে। এই খাদ্যবিধ গৰ্ভৱতী তিৰোতাক খাবলৈ দিয়া হয়। তেওঁলোকৰ মতে শিকাৰ ভিজোৱা পানী খালে বায়ুচৰা ৰোগৰ পৰাও আৰোগ্য লাভ কৰিব পাৰি।

 

কিছু ব্যক্তিগত অনুভৱ:

তথ্য-প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতিৰ লগে লগে নতুন নতুন চিকিৎসা পদ্ধতিৰ উদ্ভৱ, যন্ত্ৰৰ সহায়ত অতি সহজতে তথা সুলভ মূল্যতেই বিভিন্ন সামগ্ৰীৰ নিৰ্মাণ সম্ভৱ হোৱা, সংস্কৃত ভাষাটোক আওকলীয়া বুলি পাঠ্যক্ৰমৰ ঐচ্ছিক পৰ্য্যায়লৈ ঠেলি পঠিওৱা আদি কাৰণবোৰৰ বাবেই কৈহাটীৰ আয়ুৰ্বেদ চৰ্চা, মৃৎ শিল্প, সংস্কৃত চৰ্চা আদি বিষয়বোৰে মৃত্যুৰ ক্ষণ গণিছে। কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিয়ে এতিয়াও বংশানুক্ৰমিকভাৱে চলি অহা এই বিদ্যাসমূহ জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে যদিও এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ বেছিভাগৰেই সঁহাৰি সন্তোষজনক নহয়। অসমীয়া বৰ্ণমালাৰ এটি মাত্ৰ আখৰ ‘ৱ’ৰ অভাৱতে এদিন ভাষাটো বিলুপ্তিৰ গৰাহত পৰিবলগীয়া হৈছিল। পুৰণি-আওকলীয়া বুলি এনে ধৰণৰ আটাইবোৰ বিষয় এৰিবলৈ হ’লে সংস্কৃতি-সভ্যতাৰ বুটাবছা চাদৰখনো জানো লাহে লাহে উৱলি নাযাব? অতীজৰ অতি ভিতৰুৱা, জয়াল বুলি ভবা গাঁৱখনতেই যদি আহি কোনোৱে টোল, সত্ৰ স্থাপন কৰিবলৈ সমৰ্থ হৈছিল, ব্যক্তিগত লাভালাভৰ কথা বেছি চিন্তা নকৰি অলপ চেষ্টা কৰিলেই এতিয়াৰ প্ৰজন্মই এই বিষয়সমূহ আনকি জীয়াই ৰাখিবলৈকো সমৰ্থ নহ’বনে?

 

তথ্যসূত্ৰ:

কৈহাটী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখনিৰ নিম্নলিখিত প্ৰৱন্ধকেইটা –

ক) “কৈহাটী : অতীত আৰু বৰ্তমান” – প্ৰতাপ চন্দ্ৰ গোস্বামী

খ) “সংস্কৃত চৰ্চা আৰু কৈহাটী সত্ৰ” – সৰ্বেশ্বৰ গোস্বামী

গ) “কৈহাটীত আয়ুৰ্বেদ চৰ্চা : এক আনুষঙ্গিক বিশ্লেষণ” – ভূপেন্দ্ৰ কুমাৰ গোস্বামী

ঘ) মৃৎ শিল্প আৰু কৈহাটী – লক্ষ্মী বৰ্মন

 

বি. দ্ৰ: প্ৰৱন্ধটো যুগুত কৰাৰ সময়ত বিভিন্ন তথ্যৰ যোগান ধৰা ৰূপম গোস্বামী আৰু পাৰ্থপ্ৰতিম গোস্বামীলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক