স্মাৰ্ট নবীন……..(মাধুৰিমা ঘৰফলীয়া)

নতুনকৈ ছোৱালী এজনীয়ে লাঠ মৰা পাছত নবীনক ডাক্তৰ দাদাই খুব গালি দিলে । চব দোষ বোলে তাৰ গাত হে । বেয়া সংগবোৰ লৈ হেনো সি আজি কালি বেয়া হৈ গৈ আছে । মনৰ দুখতে নবীনে ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিলে । আন দিনাৰ দৰে সিদিনাও সি ঘৰতে সোমাই আছে ,তেনেতে দুৱাৰত কোনোবাই নক কৰিলে । নবীনে পট্টাই নিদিলে । সি মুঠতে কাকো লগ নিদিয়ে, বিশেষকৈ সেই বন্ধু কেইটাক । দৰজাত নক কৰিয়েই আছে ……শেষত উপায়হীন হৈ দৰজা খুলিলে….সমুখত তাৰ সেই বন্ধু কেইটা ৰনজিত অপূৰ্ব আৰু অনজন । অপূৰ্বই গৰগৰাই উঠিল-ইমান দেৰি কত মৰি আছিল…দুৱাৰ খোলা নাছিলি কিয় …
নবীনে মনৰ বিৰক্তি মনতে লুকুৱাই লাহেকৈ কলে –মই আক মানুহ অহা বুলিহে ভাবিছিলোঁ । তহঁত আহিছ বুলি গম নাপাওঁ নহয় !!!
*************************************************************************************

জেঠমহীয়া , আইতাৰ বাৰীৰ আম কঁঠালবোৰে মোক খা মোক খা কৰি আছে । ৰনজিত সেইফালে দি নবীনৰ সৈতে গৈ আছিল । এনেতে কঁঠালৰ ফুৰফুৰীয়া গোন্ধ এটা তেওঁৰ নাকত লাগিল হি । পেটতো কলমলাই উঠিল । নবীনক কলে-বল কঁঠাল এটা খাওঁ গৈ । লোকৰ বাৰী লোকৰ কথা , তেনেকৈ মনে মনে গৈ কঁঠাল খাবলৈ নবীনৰ মন নাই । তাতে সি আজি লৈকে চুৰ কৰি পোৱা নাই । পিছে ৰনজিতৰ অনুৰোধ পেলাব নোৱাৰি গল আৰু । লতা মেকুৰী বাঘৰ দৰে খপখপাই ৰনজিত কঁঠাল গছৰ ওপৰত উঠিল গৈ । উঠাৰ আগতে নবীনক কৈ গল –মই ভাল চাই কঁঠাল এটা ওপৰৰ পৰা পেলাই দিম…তই কেচ ধৰিবি । নবীনে ও বুলি কৈ ওপৰলৈ চাই আছে । ৰনজিতে এবাৰ ইটো কঁঠাল টুকুৰিয়াই চাই …এবাৰ সিটো …চব ভাল লাগিছে তেওঁ । পিছে এনেকৈ কঁঠাল চাই থাকোঁতে এপাকত শুকান পচা ডাল এটাত ভৰি থলে নহয়…..নবীনে কেচ ধৰিবলৈ নাপালেই…ৰনজিত পকা কঁঠাল সৰাদি মাটিত পৰিল হি । নবীনে মাথো আয়ৈ আই বুলিহে শুনিলে ।
লৰালৰিকৈ ডাক্তৰৰ ওচৰলৈ নিয়া হল । বাও ভৰিটো আঁঠুৰ তলতে ভাগিল বোলে । খা বাপ্পেকে কঁঠাল । মস্ত ডাঙৰ প্লাছ টাৰ এটা লগাই ৰনজিত ঘৰলৈ ঘুৰিল । ওচৰ চুবুৰীয়া মানুহবোৰ খবৰ ল’বলৈ আহিল । সকলোৱে আহিয়ে সুধে বোপা কেনেকৈ ভাঙিবলৈ পালেহে । নবীন কাষতে আছিল । সি যিয়ে সুধে তাকেই কঁঠাল কাহিনীটো আগৰ পৰা গুৰিলৈকে অকণো নুলুকোৱা কৈ বৰ্ণনা দিয়ে । মানুহবোৰে প্ৰথমে ইছ আছ কৰে…পাছত কয়, বোপাই অ লোকৰ বস্তু তেনেকৈ হাত দিলে কি হয় দেখিলি …আজিৰ পৰা নকৰিবি দেই । ৰনজিতে লাজতে মুৰ দাঙিব নোৱাৰা হল গৈ । নবীনে কৈয়ে আছে….ৰনজিতৰ ঘোপা চকুকো আওকাণ কৰি । শেষত ৰৱ নোৱাৰি তাক বিৰাট জোৰেৰে ধমকি এটা দি কলে-তই যদি এতিয়াই চুপ নাথাক…তোক গুৰিয়াই গুৰিয়াই কাটাৰত থৈ আহিম গৈ !
নবীনে গহীনাই উত্তৰ দিলে-এটা ঠেং ভাঙি বিচনাত লাং খাই পৰি আছ ….আগে তোৰ ভৰিটো ভাল হৈ লওক চোন…তাৰ পাছত যাম !!!
*************************************************************************************

এইটো আগৰ যুগৰ কথা বোলে । ৰনজিত অপূৰ্ব আৰু নবীন সেই জনমত আফ্ৰিকাৰ বাসিন্দা আছিল । তিনিও বিৰাট ভাল বন্ধু আছিল (আজিৰ দৰেই ) । এদিন তিনিও ফুৰিবলৈ ওলাই যাওঁতে বাটতে পালে নহয় পৰী এজনী । একদম ভৰিতে লাং খাই পৰিল । পৰীয়ে ও তিনিজনৰ ভক্তিত সন্তুষ্ট হৈ কলে-বাচা কি বৰ লাগে কোৱা…..
ৰনজিতে লগে লগে মাত লগালে-দেৱী মোক গাখীৰৰ দৰে বগা কৰি দিয়ক
পৰীয়ে তথাস্তু বুলি কলে লগে লগে ৰনজিত নিগ্ৰোৰ কয়লা হেন কালাৰৰ পৰা ইউৰোপীয়ান যেন হৈ পৰিল ।
অপূৰ্ব তাকে দেখি কলে-দেবী মোক গাখীৰৰ দৰে বগা কৰি দিয়ক
পৰীয়ে তথাস্তু বুলি কোৱাৰ লগে লগে তেওঁ ও ইউৰোপীয়ান পাহোৱাল ডেকা যেন হৈ পৰিল ।
এইবাৰ নবীনৰ পাল পৰিল । সি লাহেকৈ মাত লগালে-দেৱী মোৰ বন্ধু দুজন আগতে যেনেকুৱা কলা আছিল তাতকৈ অলপ বেছি কলা কৰি দিয়ক যাতে এন্ধাৰৰ সৈতে সিহঁত একেবাৰে মিলি যায় ।
পৰীয়ে তথাস্তু বুলি কৈ দিলে !!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments