স্মৃতিদাহৰ পূৰ্বাহ্ণ (দিগন্ত যাদৱ শৰ্মা)

: খুড়া ভাড়াটো দিব।
: হেৰা! বাছবোৰৰ ভিতৰত যে লিখি থোৱা থাকে- “দহ পইচাত এটকাৰ ভঙনীয়া নহ’ব।” দেখা নাই যে! মই আৰু দুখনমান বাছত উঠি চালোগৈ। কিয় মছি পেলালা তোমালোকে?
চিনাকি মাত এটা শুনি ঘূৰি চাই দেখোঁ ৰমেন! হাতত পুৰণি দহ, পাঁচ পইচাৰ মুদ্ৰা দুটামান লৈ ‘কণ্ডাক্টৰ’ৰ ফালে আগবঢ়াই দিছে। কমবয়সীয়া ল’ৰাটোৱেও ৰমেনৰ ফালে অদ্ভূত চাওনি এটা দি হাত নেমেলাকৈ পিছৰজনৰ পৰা ভাড়া খুজিবলৈ লৈছে।
ৰমেনক চিনি পাইনে? গুৱাহাটীৰ উলুবাৰীৰ পৰা শৰণীয়াৰ ভিতৰেদি চানমাৰিলৈ যদি আপুনি কেতিয়াবা অহা যোৱা কৰিছে তেন্তে তাক এবাৰলৈ হ’লেও দেখিব পাৰে। নহ’লে দিনৰ ভাগত গনেশগুৰিৰ আশে পাশেও কেতিয়াবা দেখিছে। কেতিয়াবা পানবজাৰ অঞ্চলতো ঘূৰি ফুৰে। আজিকালি ৰমেনৰ মাথাটোত এটাই মাথো চিন্তাই দোলা দি থাকে।
ৰমেন মৰিব নেকি? আগতে আইতাকৰ মুখত শুনিছিল মৃত্যু ওচৰ চাপি অহাৰ লগে লগে বোলে পুৰণি বহু কথাই দেহ-মনটোক আৱৰি ৰাখে। ৰমেনৰ মনত পৰিল, সপ্তম শ্ৰেণীত থাকোতে আইতাক ঢুকুৱাৰ কথা। সেই সময়ত আইতাকে প্ৰায়ে কৈছিল ককাকৰ কথা। তেজপুৰৰ চাকৰি কৰি থকা ককাকে বন্ধত আইতাকৰ বাবে কপাহি কাপোৰ এযোৰ আনিছিল। এদিন ৰাতিপুৱা উঠি ৪০-৫০ বছৰ আগৰ সেই কাপোৰযোৰ বিছাৰি তোলপাৰ লগাইছিল। অথচ ককাক ঢুকুৱা ৩০ বছৰৰো অধিক কাল হৈছিল। তাৰ কিছুদিন পিছতেই আইতাকৰ মৃত্যু হৈছিল। মৃত্যুৰ আগে আগে আইতাকে বহুতো পুৰণি কথাই মনৰ মাজলৈ আনিছিল। মাজে মাজে ককাককো সপোনত দেখিছিল। আজিকালি ৰমেনৰো এনে পুৰণি ভাববোৰ আহিবলৈ ধৰিছে। ৰমেনে মৃত্যু সমাগত বুলি নিজৰ মাজতে যুক্তি বিচাৰে। ৰমেনৰ মনত দৃঢ় বিশ্বাস হৈছিল মৃত্যুৰ আগে আগে বৰ্তমান নথকা বস্তুবোৰৰ কথাই মনলৈ আহিবলৈ ধৰে।
ঘৰৰ পৰা দুই কিলোমিটাৰ আঁতৰত থকা তাৰ শৈশৱৰ বিদ্যালয়খনৰ কথা প্ৰায়েই মনলৈ আহিবলৈ ধৰিছে। সেই সোণাৰু গছজোপা যাৰ তলত নেওঁতা আওৰাইছিল। সোণাৰুজোপা নাই। হয়তো বতাহত ভাগি পৰিল অথবা কোনোবাই কাটি পেলালে। স্কুলৰ ‘টিফিন টাইম’ত দৌৰ মাৰি গৈ পানী খাবলৈ যোৱা নিজৰাটোত এতিয়া এটুপিও পানী পাবলৈ নাই। সে যে মানুহঘৰ! কেইবাজনীও যে ৰাজহাঁহ আছিল। এতিয়া এজনীও নাই। পথৰ দাঁতিত কণী পৰা ৰাজহাঁহ এজনীৰ কণী এটা বুটলি ল’ব গৈ ভৰিৰ কলাফুলটোত যে কামোৰ খাইছিল। স্কুল চুটিৰ সময়ত দেখা ভালুক নাছো আজিকালি নাই। এই কেইদিন ৰমেনৰ এইবোৰ কথা বৰ মনলৈ আহিবলৈ ধৰিছে। মনলৈ অহা বস্তুবোৰটো সচাঁকৈয়ে নাই। গতিকে তাৰ কিয় মৃত্যু নহ’ব! তথাপি তাৰ কিছু আশা আছিল। মনলৈ অহা কিছুমান বস্তু নিশ্চয় এতিয়াও আছে। সিহঁতৰ স্কুলৰ কাষত দুটা প্ৰকাণ্ড শিল আছিল। দুখনমান দহ চকাৰ ট্ৰাক লগলগালে যিমান ডাঙৰ হ’ব সিমান! কালি ৰাতিপুৱা সি বৰ আশাৰে গৈছিল। তাৰ শৈশৱৰ দিনবোৰত লুকাভাকু খেলা সেই শিলৰ ফাকবোৰ। সি নিজকে তাত বিচাৰি চাব বুলি আগ্ৰহেৰে আন এটা পথৰে গৈছিল। কিয়নো এতিয়া সেইখিনি ঠাই বহুমহলীয়া ঘৰ দুটামানৰ বাবে দেখিবলৈ পোৱা নগৈছিল।
কিন্তু ঠাইখিনি দেখাৰ পিছত তাৰ মৃত্যু যে সমাগত সেই কথাত ৰমেন নিশ্চিত হৈ পৰিল। কাষৰ দুই এজন মানুহক সুঁধি জানিব পাৰিলে কেইবাবছৰো আগতে শিল দুটা ভাঙি ঘৰ সাজিছিল। আকৌ ঘূৰি আহি স্কুলৰ সন্মুখভাগ পালেহি। দুটামান ঘৰ পাৰ হৈ ৰমেনে ৰৈ দিলে। তাৰ জিভাৰ পৰা পানী বৈ আহিল। ঘৰটোৰ ফালে চালে। সি জানে ৰঙীয়াল ফুলজোপাৰ কাষত কাঠৰ বহল তক্তা এখন পাৰি অজন্তাৰ মাকে বগৰীৰ আঁচাৰ ৰ’দত মেলি দিছে। ইতিমধ্যে সূৰ্যৰ পোহৰটোও ধৰালৈ ভালদৰে নামি আহিছে। কাঠৰ জপনাখনত হাত দিবলৈ গৈ দেখিলে তাৰ ঠাইত এখন প্ৰকাণ্ড লোহাৰ গেট। ভিতৰৰ পৰা বুঢ়া মানুহ এজনে কাঁহি কাঁহি ওলাই আহিছে। তাৰ হঠাতে মনলৈ আহিল। অজন্তাৰ মাক কেতিয়াবাই ঢুকাইছে। অজন্তাও নিশ্চয় কোনো এঘৰত সংসাৰ ধৰ্ম পালন কৰিছেগৈ। সেয়া অজন্তাৰ দেউতাক। বিদেশত থকা পুতেকে বৃদ্ধ বয়সত বাপেকক নিজে সজা ঘৰৰে চকিদাৰ কৰি থৈ গৈছে। নিজৰাত পানী খাবলৈ গৈ অজন্তাৰ মাকে ৰ’দত বগৰীৰ আচাৰ মেলি থোৱা দেখি ৰমেনে অকলেই প্ৰায় আধাখিনি খাই পেলাইছিলো। পিছত ধৰা পৰি অজন্তাৰ মাকে জনোৱাত স্কুলত ‘হেড’ বাইদেওে দহবাৰ কাণত ধৰি উঠা-বহা কৰিব দিছিল।
ৰমেন আকৌ আগবাঢ়িল। হঠাত কিবা এটা মনত পৰি কোবাকোবিকৈ ঘৰলৈ বুলি বাট ল’লে। বাৰে বাৰে পিছফালে ঘূৰি চাবলৈ ধৰিলে। এবাৰ ৰৈ পথৰ দাঁতিৰ পৰা দুয়োহাতে দুটা শিল বুটলি ল’লে। ইতিমধ্যে প্ৰাতঃভ্ৰমণলৈ যোৱা লোকসকল উভতিবলৈ ধৰিছিল। দুজনমানে ৰমেনৰ চালচলন দেখি আচৰিতো হ’ল। ৰমেনৰ কাষৰ নতুনকৈ সজোৱা ‘ফ্লেট’ৰ আৱাসী এজনে কৌতূহল এৰাব নোৱাৰি সুঁধিয়েই পেলালে।
: আপুনি বাৰু পিছফালে বাৰে বাৰে তেনেকৈ কিয় চাই আছে।
ৰমেন অলপ অপ্ৰস্তুত হ’ল। সি কও নকওকৈ মানুহজনৰ ফালে চাই খোজৰ গতি অলপ মন্থৰ কৰি উত্তৰ দিলে।
: আপুনি এই অঞ্চলত নতুন। আপুনি নাজানিবও পাৰে।
কৌতূহল দমাব নোৱাৰি মানুহজনে আকৌ কথাটো কবলৈ অনুৰোধ কৰিলে।
: হয়। কওঁকছোন। মই নতুন মানুহ। কথাবোৰ ময়ো জানিব লাগে।
মানুহজন ৰমেনৰ ফালে ওচৰ চাপি আহিল। ৰমেনে ফুচফুচাই মানুহজনৰ ফালে চাই ক’বলৈ ধৰিলে।
: সোপাধৰা।
কথাটো কৈয়ে ৰমেনে আকৌ বেগাবেগিকৈ খোজ ল’লে। সেইসময়ত ৰমেনৰ মনলৈ আহিছিল স্কুলৰ দিনৰ মাক আৰু আইতাকৰ মুখত শুনা সোপাধৰাৰ কথা। এবাৰ স্কুলত টিকাকৰণৰ বাবে অহা দুজনক সোপাধৰা বুলি ভাবি শিল দলিয়াইছিল। তেনে বহুতো সোপাধৰাৰ কথা সৰুতে শুনিছিল।
: বহু দেৰি হ’ল। বিছনাৰ পৰা উঠি হাত-মুখ ধুই লোৱা। মই চাহ আনো।
কাৰোবাৰ মাতত ৰমেন হঠাত উচপ খাই উঠিল। মুখখন ধুবলৈ বুলি ‘টুথব্ৰাছ’ডাল লৈ চিঞৰিলে-
: মই চাহ নাখাওঁ। গাখীৰ দিবি।
মুখখন ধুই কাকো একো নোকোৱাকৈ পেন্ট-চাৰ্টযোৰ পিন্ধি কোবাকোবিকৈ জপনাখন খুলি ওলাই গ’ল। তেতিয়া ৰাতিপুৱা ৮ বাজিছিল। গৈ কৈলাশৰ দোকান পালেগৈ। কৈলাশৰ দোকানত কাম কৰা ল’ৰাটোৱে দোকানখন খুলিছেহে। সি ৰমেনৰ ফালে দুবাৰমান কেৰাহিকৈ চালে। ৰমেনে ঝাৰু দিয়া শেষ হোৱালৈ বাট চালে। আজিকালি যে চিনাকি মানুহবোৰে তাৰ ফালে অলপ অস্বাভাবিকভাবে দৃষ্টি দিয়ে সেই কথাটো ৰমেনেও মন কৰিছে। তাৰ মানে ৰমেনৰ যে মৃত্যু ওচৰ চাপি আহিছে, সেই লোকসকলেও জানিব পাৰিছে। নাই ৰমেনৰ মৃত্যুবৰণ কৰাৰ ইচ্ছা নাই। ল’ৰাটোৰ ঝাৰু দিয়া শেষ হ’ল।
: খুড়া কি দিম আপোনাক?
: গুড়ি গাখীৰৰ টেমা আছে? এটা দে। এক কেজিৰ দিবি দেই।
ৰমেনে মুল্যটো দি টেমাটো ঘূৰাই-পকাই চালে। তাৰ মুখখন উজ্বল হৈ পৰিছিল। ৰমেনৰ মনলৈ আহিল সি এক নিশ্চিত মৃত্যু মুখৰ পৰা ঘূৰি আহিছে। সেই একেই ‘ব্ৰ্যাণ্ড’। শৈশৱতে পোৱা বস্তু এবিধ এতিয়াও আছে। তাৰ মানে সি জীয়াই থাকিব। টেমাটোৰ ঢাকোনখন খুলিবলৈ চেষ্টা কৰিলে। পথত মানুহ-দুনুহ তেনেকৈ নাই। দোকানৰ বাহিৰৰ চিৰিটোত ৰমেন বহি ল’লে। ভিতৰত প্লাষ্টিকৰ চামুচ এখন থাকে যে বিচাৰিবলৈ ধৰিলে। নাই, নাপালে। বোধকৰো ভিতৰত সোমাই আছে। থাকক! কোনো কথা নাই। হাতখন সোমাই সি গুড়ি গাখীৰ মুখত সোমালে। দ্বিতীয়বাৰ মুখত সোমাব খুজিও নোৱাৰিলে। ইতিমধ্যে আগৰখিনি তালুত লাগি ধৰিছিল। জিভাখনেৰে তালুৰ পৰা গাখীৰখিনি এৰোৱাবলৈ চেষ্টা কৰোতে ৰমেনৰ মনলৈ আহি থাকিল কেনেকৈ সৰু থকোতে মনে মনে গাখীৰৰ টেমাটো খুলি খাই থাকোতে ধৰা পৰি মাকৰ গালি খাইছিল! তেতিয়া এটা কথাই ভাবিছিল ডাঙৰ হ’লে হাতলৈ পইছা আহিলে প্ৰথম প্ৰথম গাখীৰৰ টেমা কেইবাটাও কিনি হেপাঁহ পলুৱাই খাব! আজি সেই হেঁপাহো পূৰণ হ’ল।
ৰমেনৰ বয়সটো মই আপোনালোকৰ আগত নকলোঁ। ৰমেনৰ পৰিয়ালটোৰ কথাটোও মই ইয়াত নজনালোঁ। হয় ৰমেনৰ কিন্তু মৃত্যু হোৱা নাই। ৰমেনে ফুৰিবলৈ যাবলৈ পালে খুব আনন্দ পায়। কাম কৰি থকা ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা ৰমেনে কেতিয়াবাই অব্যাহতি পাইছে। তাৰ হাতত ফুৰিবলৈ বহুত সময়। কিন্তু বৰ খং উঠে অকলে যাবলৈ নিদিয়া বাবে। আজি ৰমেনৰ খুব স্ফূৰ্তি। দদাইদেউকৰ পুতেক বিমানে লোৱা নতুন গাড়ীখনত উঠি ফুৰিবলৈ যাব। ডাঃ তালুকদাৰ বিমানৰ বন্ধু। আজি ৰমেনক তেওঁৰ তালৈ লৈ যাব। ৰমেনৰ ঘৰখনৰো ডাঃ তালুকদাৰৰ ওপৰত আস্থা উপজিছে। তেওঁৰ পৰামৰ্শমতে কিছু পৰিমাণে সুফলো পাইছে। তেওঁ এজন মনোস্তত্ববিদ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক