স্মৃতিৰ ঐশ্বৰ্য: অসম জাতীয় বিদ্যালয় – উৎপলা কৌৰ

কলেজত পঢ়ি থাকোঁতেই শুনিছিলোঁ অসম জাতীয় বিদ্যালয়ৰ কথা। এখন ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাৰ বিদ্যালয় হোৱাৰ লগতে কতৃপক্ষই বিদ্যালয়ৰ স্থায়ী ভৱন নিৰ্মাণৰ বাবে মাটিখিনিৰ বাবে ভাৰতীয় ৰেল বিভাগৰ লগত কৰা সংগ্ৰাম তেতিয়া সংবাদৰ শিৰোনামত আছিল। তাত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীকহে যে শিক্ষকতাৰ বাবে নিৰ্বাচন কৰে শুনি বৰ সকাহ পাইছিলোঁ কাৰণ সেইসময়ত আমাৰ বাবে পঢ়া-শুনা সাং কৰি চাকৰি বুলিলে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়বোৰেই একমাত্ৰ আশা আছিল।.. আৰু সলসলীয়াকৈ ইংৰাজী ক’বলৈ নজনাৰ বাবে তুলনামূলকভাৱে গধুৰ মাৰ্কশ্বীট এখন থকাৰ পাছতো আমি সেইবোৰ বিদ্যালয়ত সাতশ/আঠশ টকা দৰমহাৰ চাকৰি এটাৰ বাবে বাছনিত নুঠিছিলোঁ। সেয়ে অসম জাতীয় বিদ্যালয়ৰ নিচিনা অগতানুগতিক বিদ্যালয় এখনত শিক্ষক হিচাপে নিযুক্তি পাই ধন্য মানিছিলোঁ। কেইবাশও আবেদনকাৰী আছিল, তাৰ পৰা বাচনি পৰীক্ষাৰ অন্তত দহজনমানৰ এখন তালিকা তৈয়াৰ কৰিছিল। তাৰে আকৌ প্ৰথম দুজনকহে নিযুক্তি দিছিল। প্ৰথম স্থানত চাকৰি লাভ কৰাজন দুমাহমানৰ পাছতেই কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি পাই গুছি গৈছিল। দ্বিত্বীয়গৰাকী আছিলো মই।

তিনিটা স্তৰত বাচনি পৰীক্ষা হৈছিল। লিখিত, ‘ডেমনষ্ট্ৰেচন’ আৰু মৌখিক পৰীক্ষা। লিখিত পৰীক্ষা আছিল এশ নম্বৰৰ আৰু দুঘণ্টীয়া। সকলো বিষয়ৰে প্ৰশ্ন আছিল তাত। বিজ্ঞান, গণিত, সাধাৰণ জ্ঞান, ভুগোল, ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ, অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ, ব্যাকৰণ, ৰচনা লিখা, ‘ধাৰণা’ কৰাৰ সক্ষমতা যেনে এটা আপেলৰ অনুমাণিক ওজন কিমান হ’ব পাৰে বা আমি সাধাৰণতে চাহ খোৱা কাপ এটাত কিমান মিলিলিটাৰ আয়তনৰ চাহ ধৰিব ইত্যাদি। লিখিত পৰীক্ষাত উৰ্ত্তীনসকলে ‘ডেমনষ্ট্ৰেচন’ দিব লাগিছিল অৰ্থাৎ নিজৰ বিষয়ৰ যিকোনো এটা ক্লাছ লৈ দেখুৱাব লাগিছিল। মই পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ সুত্ৰ পঢ়াইছিলোঁ। সন্মুখৰ বেঞ্চত লিখিত পৰীক্ষাত নিৰ্বাচিত সকলো প্ৰাৰ্থী আৰু শেষলৈ চাৰহঁত অৰ্থাৎ পৰিচালনা সমিতিৰ সদস্যসকল বহি আছিল। পঢ়াওঁতে মই এষাৰি কথা কৈছিলোঁ যে, সুত্ৰকেইটা মই উপযুক্ত সামগ্ৰী পালে পৰীক্ষা কৰি দেখুৱাব পাৰিম। মই আজিও বিশ্বাস কৰো সেইষাৰ কথাই মই চাকৰি পোৱাত মোক সহায় কৰিছিল, কাৰণ চাৰহঁতে পুথিগত বিদ্যাতকৈ ব্যৱহাৰিক দিশটোত আটাইতকৈ বেছি গুৰুত্ব দিছিল। মৌখিক পৰীক্ষাত মোৰ লিখিত পৰীক্ষাৰ বহীখন হাতত লৈ আছিল। যি দুই এটা ভুল হৈছিল সেইয়া শুধৰাই দি আলোচনা কৰিছিল। বাইচুং ভুটীয়া বক্সাৰ আছিল বুলি মই লিখা উত্তৰ এটা লৈ খুউব ৰস পাইছিল। মই স্পষ্টকৈ কৈছিলোঁ যে মই খেলৰ খবৰ নাৰাখোঁ আৰু সেয়া মোৰ ব্যক্তিগত ৰুচিবোধৰ স্বাধীনতা বুলি মানি লোৱা হৈছিল। প্ৰিয় কিতাপ, প্ৰিয় লেখিকা মামনি ৰয়চম গোস্বামীৰ কিতাপৰ আলোচনা হৈছিল মৌখিক পৰীক্ষাত। সেয়া ২০০১চনৰ আগষ্ট মাহৰ কথা..। জাতীয় বিদ্যালয়ত প্ৰতিজন শিক্ষকৰ বাচনি প্ৰক্ৰিয়াৰ এইখিনিয়েই সাধাৰণ অনুভৱ।

প্ৰথম দিনা যোগদান কৰিবলৈ শাৰী এখন পিন্ধি গৈছিলোঁ। বিদ্যালয়ৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী অপৰ্ণা দেৱী বাইদেৱে মৰমেৰে কৈছিল পিছদিনাৰ পৰা মেখেলা চাদৰ পিন্ধি যাবলৈ। সেয়া আছিল স্কুলৰ নিয়ম। সেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী যিবোৰ পৰিয়াল আৰু পৰিবেশৰ পৰা অাহে সেইবোৰৰ পৰিয়ালৰ মাতৃসকলে মেখেলা চাদৰ পিন্ধে আৰু জাতীয় পোছাকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰীৰ মাজত যাতে ছাত্ৰ-ছাত্ৰীয়ে মমতাময়ী মাতৃৰ ৰূপ প্ৰত্যক্ষ কৰে, তাৰ বাবে আছিল সেই ব্যৱস্থা।

ব্যক্তিগত জীৱনত অত্যন্ত ব্যস্ত হোৱাৰ স্বত্বেও নিজৰ কৰ্মক্ষেত্ৰলৈ যোৱাৰ আগৰ সময়খিনি এই বিদ্যালয়ক অৰ্পণ কৰিছিল প্ৰতিস্থাপকসকলে। চিকিৎসক ডা. নাৰায়ণ শৰ্মা চাৰে যদি ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক-মানসিক স্বাস্থ্যৰ খবৰ লৈছিল, প্ৰয়াত ভবেন বৰা চাৰে শ্ৰেণীৰ বহীবোৰ ভালদৰে পৰীক্ষা কৰা হৈছেনে নাই সেইয়া অফিচ ৰূমলৈ নি নতুনকৈ চাইছিল। সন্দিকৈ কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক বসন্ত ডেকা চাৰৰ চিন্তা আছিল কেনেকৈ ছাত্ৰ-ছাত্ৰীক নিতৌ বিজ্ঞানৰ নতুন নতুন জ্ঞান দিব পাৰি, তাকো ‘হাতে-কামে’। বিজ্ঞান মুখেৰে বা বোৰ্ডত বুজাই থ’লে নহ’ব, সাধাৰণতে আমাৰ ঘৰত উপলব্ধ বস্তুৰে(যাতে সহজে সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে ঘৰত পৰীক্ষা কৰি চাব পাৰে)পৰীক্ষা কৰি দেখুৱাব লাগিব। বিদ্যালয়ৰ প্ৰতিস্থাপকসকলৰ বিদ্যালয়খনৰ প্ৰতি আন্তৰিকতা, জেষ্ঠ শিক্ষকসকলৰ কৰ্মনিষ্ঠা আৰু স্নেহপূৰ্ণ অভিভাৱকত্বই এক শক্তিশালী চালিকা শক্তি হৈ ধৰা দিছিল মোৰ ওচৰত।

সময়ানুবৰ্তিতা, সদায় নতুন কথা শিকাৰ বাবে আগ্ৰহ, নিতৌ নতুন শিক্ষা পদ্ধতি উদ্ভাৱনৰ বাবে চাৰহঁতৰ প্ৰচেষ্টা আদি কথাবোৰে সৰুৰে পৰা নোপোৱা এটা পৰিবেশ দি নিজকো ঘঁহি-পিহি ল’বলৈ শিকাইছিল। বেঁকা হৈ থকা শ্ৰেণীকোঠাৰ সন্মুখৰ ভৰি মোচাখন(door mat) নিজ হাতেৰে চিধা কৰি থোৱা কামটো নিঃসংকোচে কৰি থৈ যোৱাও চকুত পৰিছিল যাতে পাছলৈ সেইখন কেতিয়াও বেঁকা হে থকাৰ অৱকাশ নাথাকে!

এদিন বছৰৰ আৰম্ভণিতে চাৰহঁতে চুটীৰ সময়ত আটাইবোৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীক এঠাইত গোট খুৱায় আৰু সকলোৰে আগত এগৰাকী শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰীক একোখন ‘অক্সফোৰ্ড’ৰ অভিধানেৰে পুৰস্কৃত কৰিলে, কাৰণ তাৰ আগৰ বছৰ এই দুগৰাকী শিক্ষকে এদিনো স্কুল খতি কৰা নাছিল। আন এবাৰ আকৌ স্কুলৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ সহায়কাৰী এগৰাকীক পুৰস্কৃত কৰিলে। কাৰণ আছিল সেই বাইদেউগৰাকীয়ে স্কুলৰ ভিতৰত আটাইতকৈ বেছি কিতাপ পুথিভঁৰালৰ পৰা নি পঢ়িছিল। য’ত ভাল কামৰ বাবে উৎসাহিত কৰা একো অৱকাশৰেে অভাৱ নহয় কেতিয়াও- সেয়াই অসম জাতীয় বিদ্যালয়।

আন এটা পাহৰিব নোৱাৰা অভিজ্ঞতা হ’ল, ছাত্ৰ-ছাত্ৰীৰ গৃহপৰিদৰ্শন। ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা পৰিবেশ অধ্যয়নৰ অনূকূল হয় নে নহয় সেয়া অধ্যয়ণ কৰি আহি ৰিপোৰ্ট দিব লাগিছিল আৰু সেইমতে ছাত্ৰ-ছাত্ৰীক গাইড কৰিব লাগিছিল। এতিয়াও আছে সেই ব্যৱস্থা। ই শিক্ষক আৰু অভিভাৱকৰ সমন্ধ সুদৃঢ় কৰাৰ লগতে ছাত্ৰজনৰ সৰ্বাংগীণ উন্নতিৰ কাৰণে সকলো কথা মূকলিকৈ পতাৰ পথ মুকলি কৰে।

এবাৰ এটা বৰ আমোদজনক ঘটনা ঘটিছিল মোৰ লগত। ২০০৫ চনৰ জুনমাহৰ শেষৰ ফালে। আগষ্টমাহৰ শেষৰফালে মোৰ প্ৰথম সন্তান প্ৰসৱ হোৱা দিন দিছে ডাক্টৰে। অত্যন্ত গৰম। সেইসময়ত ইনভাৰ্টাৰ বেছি জনপ্ৰিয় হোৱা নাছিল আমাৰ দৰে মানুহৰ ঘৰবোৰত । কাৰেণ্ট নাথাকে বাবে ৰাতিৰ পাছত ৰাতি টোপনি খতি। দিনত ছয়মাহিলি পৰীক্ষাৰ ডিউটি। সেইদিনা আছিল দ্বিতীয় শ্ৰেণীৰ ছবি অঁকা পৰীক্ষা, দুঘণ্টীয়া। লগত আছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ তিনিঘন্টীয়া পৰীক্ষা। সেয়ে দুঘন্টাৰ বেল বজাৰ আগতে কণমানিহঁতক বাৰে বাৰে ক’লোঁ যে মই ৰোলনম্বৰ মতে বহী জমা ল’ম, গতিকে কোনেও যাতে হূৰা-মূৰাকৈ বহী জমা দি গুছি নাযায় আৰু হুলস্থূল নকৰে। “হ’ব বাইদেউ” বুলি সন্মতি দিলে যদিও বেল বজাৰ লগে লগে পাহৰি বহী দি দৌৰি খেলিবলৈ ওলাই গ’ল। মই বহী গণনা কৰি দেখিছো হিচাপতকৈ এখন কমকৈ আছে। বহুত বিচাৰ-খোচাৰ কৰাৰ অন্তত নাপাই ভাবি ললোঁ ছাত্ৰজনে বহীখন ভুলতে বেগত ভৰাই ঘৰলৈ লৈ গ’ল। কান্দিম নে হাঁহিম ঠিক কৰিব নোৱাৰা অৱস্থা মোৰ। সহকৰ্মী দীপজ্যোতিয়ে ক’লে বোলে মই চিনি পাওঁ ল’ৰাজনৰ ঘৰ। ল’ৰাজন আকৌ স্কুল বাছত নগৈছিল, কোনোবা অভিভাৱকে আহি স্কুলৰ পৰা লৈ গৈছিল। দুপৰীয়া চুটি হোৱা ছাত্ৰ-ছাত্ৰী থ’বলৈ সেইফালে যোৱা স্কুল বাছখনত মই উঠিলো, দীপজ্যোতি নিজৰ বাইকত। বাছৰ সেই নিৰ্দিষ্ট আস্থানত অইন এজন অভিভাৱক ৰৈ আছিল মাৰুটি কাৰ এখন লৈ। উদেশ্য মই সেই অৱস্থাত বাইকত উঠা উচিত নহয় বাবে গাড়ীৰে সেই ছাত্ৰজনৰ ঘৰলৈ আমাক লৈ যোৱা। ল’ৰাজনৰ ঘৰ সাতগাঁৱৰ একেবাৰে ভিতৰত। মানে নতুনকৈ বসতি স্থাপন কৰা অঞ্চল এটাৰ একেবাৰে শেষৰ ঘৰটো। অকলে মই বিচাৰি উলিওৱা কোনোমতে সম্ভৱ নাছিল। ঘৰটোৰ সিফালে বোধকৰো পথাৰ আছিল। আমাক দেখি ছাত্ৰৰ মাক, দেউতাক, আইতাক অবাক! তেওঁলোকে সন্মূখৰ কোঠাত চিন্তিত মুখেৰে বিচনীৰে বিচি বিচি বহি আছিল। আমাৰ পৰা কথাবোৰ শুনি মাকে ল’ৰাটোৰ বেগটো খুলি চাই বহীখন উলিয়াই আনি দিলে। ছাত্ৰজন তেতিয়া দুৰ্ঘোৰ টোপনিত। মোক ভিতৰলৈ মাতি নি ল’ৰাটো শুই থকা দেখুৱালে। তাৰ সাংঘাটিক জ্বৰ। স্কুলতে জ্বৰ উঠাৰ বাবে সি পাহৰি বেগত বহীখন লৈয়ে গুছি গৈছিল। তেনেকুৱা দেহাৰে যে মোৰ ইমান লটিঘটি হ’ল তাৰ বাবে ঘৰৰ আটাইয়ে অত্যন্ত আফচোচ কৰিলে। চৰবত ইত্যাদিৰে আপ্যায়িত হৈ ঘূৰিলোঁ। যিগৰাকী সদাশয় অভিভাৱকে মাৰুটিৰে আমাক লৈ গৈছিল তেওঁৰ ঘৰত লুচি-ভাজি, সিজোৱা কণী, পকা আম আদি আমালৈ সাজু কৰি থৈছিল আৰু সেইবোৰ টেঁটুৰ গুৰিলৈকে খোৱাৰ পাছতহে আহিবলৈ দিছিল। ইমান আয়োজনৰ কাৰণ আছিল মোৰ ‘এডভান্সড ষ্টেজ’ৰ গৰ্ভাৱস্থা কাৰণ চিন্তা আৰু উৎকণ্ঠাত বহু দেৰি মই একো খোৱা নাছিলোঁ। যি কি নহওঁক এইয়াই অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-অভিভাৱকৰ সমন্ধ। বহীখন লৈ আহি স্কুলত সোমাওঁতেও ভয় লাগিছিল। চাৰহঁতে কি বা কয়! পিছে ৰেক্টৰ ৰঞ্জিত নাৰায়ণ ডেকা চাৰে দেখাৰ লগে লগে সোধা প্ৰথম কথাটো আছিল, “আহিলা? কিবা খালানে?”

মোৰ কাৰ্যকালত জাতীয় বিদ্যালয়ৰ সৈতে ওতঃপ্ৰোতঃভাবে জড়িত দুজন মানুহৰ অকাল বিয়োগ হৈছিল। তাৰে এগৰাকী শিল্পী, শিক্ষক স্বৰ্গীয় ত্ৰিদিৱ ভট্টাচাৰ্য আৰু আনগৰাকী বিদ্যালয়ৰে অন্যতম প্ৰতিস্থাপক, অসম বিদ্যুৎ পৰিষদৰ অভিযন্তা স্বৰ্গীয় ভৱেন বৰা চাৰ। ত্ৰিদিৱ দাৰ মৃত্যুত কান্দি ব্যাকুল হোৱা ছাত্ৰ-ছাত্ৰীক যি দেখিছে কেৱল তেওঁহে বিশ্বাস কৰিব এজন শিক্ষকে কেনেকৈ ছাত্ৰ-ছাত্ৰীৰ অন্তৰত স্থান ল’ব পাৰে! বৰা চাৰৰ বিয়োগেও নিজকে এজন অভিভাৱক হেৰুওৱাৰ সমান দুখ দিছিল আমাক আৰু সেয়া বিদ্যালয়খনৰ বাবে আছিল এক অপূৰণীয় ক্ষতি।

প্ৰতিটো সৰু-বৰ উৎসৱ বা দিৱসত যেতিয়া অইন বিদ্যালয়সমূহে বন্ধ পালন কৰিছিল, সেইবোৰ অসম জাতীয় বিদ্যালয়ত পালন কৰা দেখি আপ্লুত হৈছিলোঁ। তাৰোপৰি আছিল সাহিত্য চৰা, ভোগালী চৰা, বিজ্ঞান দিৱসৰ প্ৰদৰ্শনী। কোনোবা এটা বছৰ অসম চৰকাৰে ফেব্ৰুৱাৰী মাহৰ পৰা বিদ্যায়তনিক বৰ্ষ আৰম্ভ কৰাৰ বাবে বাধ্যতামূলক জাননী জাৰি কৰিছিল। আমাৰ বিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ হৈছিল জানুৱাৰীৰ দুই তাৰিখৰ পৰা। এতিয়া এই এমাহ কি কৰা যাব? বন্ধ দিবতো নোৱাৰি। সেয়ে সকলো শিক্ষক-শিক্ষয়িত্ৰীক কোৱা হ’ল নিজৰ আয়ত্বৰ এটা বিষয় বাচি ল’বলৈ আৰু সেইমতে আগ্ৰহী ছাত্ৰ-ছাত্ৰীক শিকাবলৈ দিয়া হ’ল। ফলত ছাত্ৰ-ছাত্ৰীসকলে অতিৰিক্তভাৱে টেৰাকোটাৰ সামগ্ৰী তৈয়াৰী, ‘বুক বাইণ্ডিং’, অভিনয়, ফেব্ৰিক পেইণ্ট, ইত্যাদি বিভিন্ন বিষয় সেই এমাহত শিকিবলৈ পাইছিল।

আটাইতকৈ ভাল লাগিছিল কণমানিবোৰক। সেই কণমাণিবোৰ এতিয়া ডাঙৰ হ’ল। বহুতৰ বাবে ‘বাইদেউ’তকৈ মই এতিয়া অন্তৰংগ বান্ধৱীহে হৈ পৰিলোঁ। ঘৰৰ জেষ্ঠজনৰ সৈতে পাতিব নোৱাৰা কথাবোৰ মোৰ লগত বিশ্বাসেৰে যেতিয়া ভগাই লয় জীৱনটো সাৰ্থক হোৱা যেন লাগে। যিবোৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুওৱা নাছিলোঁ আৰু যিসকলে মই বিদ্যালয় এৰাৰ পাছতহে স্কুলত ভৰ্তি হৈছিল সেইসকলৰ পৰাও একেই সন্মান পাওঁ। বহুবছৰ হৈ গ’ল এই বিদ্যালয় এৰি যোৱা, তথাপি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষনা কৰাৰ দিনা সেই একেই উৎকণ্ঠাত ভুগোঁ। স্কুলৰ ভাল খবৰে সদায় সুখী কৰে। বেয়া খবৰে, যেনে SEBAৰ ভুলৰ বাবে স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ নাম তালিকাত অহাৰ পৰা বঞ্চিত হ’লে অথবা কোনোবা ছাত্ৰ-ছাত্ৰীৰ অকাল বিয়োগে সদায় মন গধূৰ কৰে। সহকৰ্মীসকলৰ বহুতকে সহোদৰ যেন লাগে। বিপদৰ সময়ত তেওঁলোকৰ মাত এষাৰে সকাহ দিয়। বহুদিন লগ নাপালেও বা ফোনত কথা নাপাতিলেও আপোনভাৱৰ কেতিয়াও হীন-দেঢ়ি নহয়। চাওঁতে চাওঁতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে বিদ্যালয়খনে। দেশে-বিদেশে জিলিকিছে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী! পৰিষ্কাৰ-পৰিচন্নতাত গুৱাহাটীৰ ভিতৰত প্ৰথম তিনিখন বিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰা এইখন একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। এই বিদ্যালয়ৰ সৈতে জড়িত থকা পাঁচবছৰ মোৰ জীৱনৰ এতিয়ালৈকে আটাইতকৈ ঐশ্বৰ্যশালী সময়। সেয়ে অন্তৰিকতাৰে ভালপাওঁ এই বিদ্যালয়ক!

আগন্তুক সময়সমূহত নক্ষত্ৰ হৈ জিলিকক অসম জাতীয় বিদ্যালয়! জয়তু অজাবি!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক