স্মৃতিৰ খহনীয়া (সাৰদা শ্ৰেষ্ঠ)

 
যোৱা তিনিদিন ধৰি নেৰানেপেৰাকৈ কিনকিনীয়া বৰষুণ পৰি আছিল। যোৱা ৰাতিও বৰষুণ পৰিছিল ধাৰাষাৰে। বৰষুণজাক অহাত ভালেই পাইছিল মিনতিয়ে। জহকালৰ প্ৰচণ্ড গৰমে কেৱল তাইকে নহয় সকলো মহানগৰবাসীকে জুৰুলা কৰি তুলিছিল। জেঠ মহীয়া খৰত ত্ৰাহি মধূসুধন সুঁৱৰিব লগীয়া অৱস্থা হৈছিল মহানগৰবাসীৰ। প্ৰয়োজন আছিল বৰষুণজাকৰ। বৰষুণজাকে মহানগৰত সৃষ্টি কৰা সকলো আহুকাল হেলাৰঙে সহিবলৈ সাজু তাই। ৰাতিৰ হৈ যোৱা বৰষুণৰ কথা পাহৰি ৰাতিপুৱাৰ ঘৰুৱা জঞ্জালবোৰ সামৰি তাই কামলৈ ওলাল। নিতৌ অহা-যোৱা কৰা চিনাকি বাটেৰে আগবাঢ়িলে তাই। ৰাতিপুৱা বৰষুণ নাছিল যদিও আকাশখন গোমা হৈয়েই আছিল তেতিয়াও। বাট-পথবোৰ বৰষুণজাকৰ বাবে লেতেৰা হৈছে। খুপি খুপি খোজ দি আগবাঢ়ি থাকিল তাই। তাই অহা-যোৱা কৰা পথটোৰ এঠাইত পাহাৰৰ পৰা বৈ অহা এটি নিজৰা আছে। নিজৰাটো শেষ হোৱা ঠাইৰে পৰাই আৰম্ভ হৈছে এটা বিৰাট নলা। খৰালি শান্তভাবে জিৰি-জিৰিকৈ বৈ থকা নিজৰাটোৱে বাৰিষা কেতিয়াবা ভয়ঙ্কৰ ৰূপ লয়। প্ৰচণ্ড বেগত বৈ অহা পানীখিনিয়ে আগত যি পাই ঢাহি-মুহি সকলো উটুৱাই নিব পাৰে পলকতে।
 
নিজৰাটো পোৱাৰ লগে লগে তাই ৰৈ গ’ল। আজিও নিজৰাটোৱে বিশাল ৰূপ ধাৰণ কৰিছে। ক্ষন্তেক ৰৈ তাই নিজৰাৰ উত্তাল পানীখিনিলৈ নিবিষ্ট মনে চাই থাকিল। তাই পাহৰি গ’ল… তাইৰ যে এনেকৈ ৰৈ থাকিবলৈ সমূলি সময় নাই। হঠাতে তাই দীঘল হুমুনিয়াহ কাঢ়িলে। হয়… ঠিক এনেকুৱাই এটা বৰ্ষণমুখৰ দিনৰ পাছৰ ৰাতিপুৱাৰ এনেকুৱাই এটা দিনৰ এনেকুৱাই আছিল সেই সময়টোও। তাইৰ মনত পৰিল সিদিনাৰ সেই অভাৱনীয় দৃশ্যটো। আজিৰ দৰেই তাই ঘৰুৱা ব্যস্ততা এৰি থৈ কামলৈ ওলাই আহিছিল। অৱশ্যে সেয়া জহকালিৰ দিন নাছিল। অক্টোবৰ মাহৰ কোনোবা এটা দিন আছিল সেইটো। সেয়েই বৰষুণজাক অহাৰ পাছত শীত নামিছিল সেইদিনা। বৰষুণৰ বাবেই চাগৈ ডাঠকৈ কুঁৱলীও পৰিছিল। ঠিক এইখিনিতেই কেতিয়াও কোনোদিন নেদেখা দৃশ্য দেখিবলৈ পাই তাই চিঞৰি উঠিছিল। সেইসময়ত সেইপথটোত মানুহ তেনেই সেৰেঙা আছিল। পথটোৰ প্ৰকাণ্ড নলাটোত পাহাৰৰ পৰা বৈ অহা নিজৰাটো বৈ আছিল…, তেতিয়া কোবাল নাছিল তাৰ সোঁত। নিজৰাটিয়ে শান্ত হৈ ধীৰ গতিৰেই গতি কৰিছিল নিজৰ দিশে। তাই দেখিলে মানুহ এটা নলাটোৰ ভিতৰত থিয় হৈ আছে! তাই আচৰিত হ’ল, মানুহটো এই ঠাণ্ডাত তাত তেনেকৈ কি কৰি আছে! তাই ভালকৈ চাই দেখিলে একো সাৰ-সুৰ নকৰাকৈ সি সেইখিনিতেই জঠৰ লাগিছে। আৰু অলপ ভালকৈ নিৰিক্ষীণ কৰি তাই দেখিলে মানুহটো জীয়াই থকাৰ কোনো লক্ষণ নাই। বোধহয় তেতিয়ালৈকে সেই মৰা মানুহটো কাৰো দৃষ্টিগোচৰ হোৱা নাছিল। ইতিমধ্যে তাইৰ চিঞৰত কেইবাজনো মানুহ তাত গোট খালেহি। তাৰে এজনে চিঞৰিলে – “ইয়ে….এইটো দেখোন সাধু!” তেতিয়াহে তাই মন কৰিলে, এৰা ঠেৰেঙা লাগি থিয় হৈ থকা এইটো দেখোন সাধু! ইয়াত কেনেকৈ পৰিবহি পাৰে সাধু? …তাইৰ মনত প্ৰশ্নবোৰে ভিৰ কৰিছিলহি। উত্তৰবোৰো নিজেই পাগুলিয়াইছিল, তাক কোনেও নিশ্চয় মৰা নাই… তাৰ দৰে কেওকিছু নোহোৱা নিৰীহ মানুহ এটাক কোনোবাই মাৰিব পাৰে বুলিও তাইৰ মনে নধৰে। মদ খাই আহি পাহাৰুৱা বাটেৰে খোজ পেলাওতে বোধকৰো নলাটোত কেনেবাকৈ পৰি গৈছিল। মদৰ নিচাত নিশ্চয় উঠিব পৰা নাছিল, হয়তোবা বৰষুণৰ বাবে কোবাল সোঁতে তাক তাত তেনেকৈ পেলায়ো থ’ব পাৰে। বৰষুণৰ বাবে অক্টোবৰ মাহতে প্ৰচণ্ড শীত নামিছিল, সেই শীতৰ কোব সহিব নোৱাৰিয়েই কিজানি সি মৃত্যুক আঁকোৱলী ল’লে নিকৰুণভাৱে।
 
সাধু কেইবছৰমান আগতে এই অঞ্চললৈ আহিছিল, কেতিয়াৰ পৰা আহি সি এই অঞ্চলত থাকিবলৈ লৈছিল তাইৰ ঠিক মনত নাই। সেই অঞ্চলতেই সি এটা তৰ্জাৰে সজা ঘৰ ভাড়ালৈ লৈছিল যদিও য’তে ৰাতি ত’তেই কাটিৰ লেখিযাই আছিল তাৰ জীৱন। বেছিভাগ সময় মদ খাই মাতাল হৈ থকা সাধু পৰিশ্ৰমী আছিল। মদ খাই মাতাল হৈ থাকিলেও কেতিয়াও আনবোৰ মদাহীৰ দৰে আবোল-তাবোল নবকিছিল। প্ৰয়োজন নহ’লে কথা নকৈছিল। গাত তাৰ একেবিধ পোছাকেই ওলমি থাকে সদায়। গাত এটা হাত থকা গেঞ্জী আৰু আঁঠু মুৰীয়া চুৰিয়া এখন। সেয়াও কিজানি তেনেকৈ নুধুইছিল, কাৰণ সদায়েই মলিয়ন দেখা গৈছিল তাৰ পোছাকযোৰ। হাতলৈ অহা কাম নিষ্ঠাৰেই কৰিছিল। মদ খাই মাতাল হৈ থাকিলেও স্বভাৱত শান্ত আৰু মৰমীয়াল গুণৰ বাবেই সি সাধু নামেৰে জনাজাত হৈ পৰিছিল। কিহৰ দুখত কিহৰ যাতনাত সি এনেদৰে অকলশৰীয়া অঘৰী জীৱন যাপন কৰিবলৈ লৈছিল তাক কোনেও নাজানে। তাক লৈ গল্প-গুজবৰো অন্ত নাছিল। তাই আগে পিছে মানুহে কোৱা শুনিছে, সি হেনো কলাৰ স্নাতক। কেইবাটাও ভাষা জ্ঞান তাৰ আছে। তাই কেতিয়াবা আহোতে যাওঁতে বাটত তাক লগ পাইছিল যদিও তাই সততে আঁতৰিয়েই ফুৰিছিল। মদাহী মানুহবোৰৰ প্ৰতি তাইৰ পৰম বিদ্বেষ। কেতিয়াবা সিয়েই তাইক উপযাচি মাতিছিল – ”মা’ আহিলি” বা কেতিয়াবা সুধিছিল “মা’ ভালে আছ?” কেৱল সিমানখিনিয়েই তাইক সুধিছিল। বোধহয় তাৰ অনুভবী হৃদয়ে বুজিছিল তাৰ প্ৰতি থকা তাইৰ বিৰূপ মনোভাব। তায়ো চুটি উত্তৰেৰে সামৰি থৈছিল তাৰ প্ৰশ্ন। সেই দৰদী মানুহটোৱে এনেকৈ নিৰ্মমভাবে নিয়তিৰ কোপত পৰিব লগীয়া হ’ল।
 
মানুহবোৰ গোট খোৱাত তাই মৃত সাধুক তাতেই এৰি থৈ কৰ্মথলীলৈ গুছি আহিছিল। মৃত সাধু মদাহী আছিল যদিও হাজাৰ হওঁক দৰদী হৃদয়ৰ মানুহ আছিল। তাই ভাবিলে সিদিনা তাই ভুল কৰিলে নেকি? কৰ্তব্যৰ আহ্বানত মৃতকক শেষ শ্ৰদ্ধা জনোৱাৰ কথাও তাই নাভাবিলে সিদিনা। নিথৰুৱা মৃত মানুহজনক শেষ শ্ৰদ্ধা জনোৱাতোও জানো তাইৰ কৰ্তব্য নাছিল? তাইৰ মনত আছে… সিদিনা দিনটো তাই তাইৰ কাম কাজত অকণো মনোনিবেশ কৰিব পৰা নাছিল। বাৰে বাৰে তাৰ নিথৰ দেহটো তাইৰ চকুৰ আগত ভাঁহি আছিল….। আজিও তাইৰ মনত জীৱন্ত হৈ আছে সেই ভয়াবহ দৃশ্যটো। সিদিনা গোটেই দিনটো তাই একো এটা মুখত দিব পৰা নাছিল। এক অজানিত অপৰাধবোধে তাইক যিদৰে সিদিনা তাইক বিহ্বল কৰি তুলিছিল আজিও সেই একেই অনামী অপৰাধবোধে তাইক আমনি দিবলৈ ধৰিলে। আজি আকৌ এই ঠাইখিনিত থিয় হৈ সেইবোৰ কথাকেই তাই ভাবি থাকিল বেছ কিছুসময়। হঠাতে প্ৰচণ্ড জোৰে হৰ্ণ বজাই মটৰ চাইকেল এখন সেই বাটেৰেই পাৰ হৈ গ’ল। হৰ্ণৰ মাত শুনি হঠাত তাইৰ সম্বিত ঘূৰি আহিল। উফ… ছেহ… দেৰিয়েই হৈ গ’ল… মনতে ভোৰভোৰালে যদিও ওন্দলি উঠা আকাশখনৰ দৰেই তাইৰ মনটো ভাবাবেগত গধুৰ হৈ পৰিল। কৰ্তব্যৰ আহ্বান অনুযায়ী আবেগক একাষৰীয়াকৈ থৈ তাই পুণৰ তাইৰ কৰ্মথলীলৈ বুলি আগবাঢ়িল….।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক