স্মৃতিৰ জোলোঙাইদি …………(- দেবিকা ঠাকুৰীয়া)

“অ’ই জান’, আজি কলেজৰ পৰা আহোঁতে বয়জ হোষ্টেল কেইটাৰ পৰা যে ইমান জোকাইছে ! কাণ-মুৰ গৰম হৈ গৈছিল । পাৰ হৈ আহি নোপোৱা যেনেই পালো পায় ।”
“অ’ আজি আমাকো জোকাইছে । বিৰাট খং উঠে । কিবা মলুৱা বান্দৰৰ নিচিনাকৈ গেটৰ ওপৰত বহি লৈ জোকাই কি জানো পায় । সেইখিনি ঠাই যে কেনেকৈ পাৰ হঁও কেনেকৈ পাৰ হঁও যেন লাগে ।”

… এইবোৰ যে হোষ্টেলৰ নিত্য-নৈমিত্তিক ঘটনা । মাজে মাজে খুন্দা-খুন্দলি লাগি থাকে যদিও সকলোবোৰ চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰে এটা ডাঙৰ ‘চেণ্টি’ হৈছে ‘হোষ্টেল চেণ্টি’। হাজাৰ বেয়াকৈ জোকোৱা-মেলা হ’লেও সময়ত সকলো কাম মিলা-প্ৰীতিৰ মাজেৰে সম্পন্ন কৰাটোৱে হৈছে “হোষ্টেল চেণ্ট” বেষ্ট চাইড এফেক্ট !
ল’ৰাৰ হোষ্টেলৰ সন্মুখেদি ছোৱালী গ’লেই জোকোৱাটো এটা চিৰসত্য ঘটনাৰ দৰেই । বিশেষকৈ বন্ধৰ দিনত দুপৰীয়া ভাত খাই উঠি নাইবা আবেলি বাৰাণ্ডা বা গেটবোৰৰ সন্মুখত আড্ডা দিয়াৰ সময়ত ল’ৰাবোৰৰ সন্মুখেদি জোকনি নোখোৱাকৈ বাচি অহাটো টান ।এইটোৱেতো সময় ফূৰ্তি-তামাচা কৰাৰ । এতিয়া নোজোকাই জোকাবইনো কেতিয়া !
কিন্তু ছোৱালীবোৰ ! সিঁহতৰ খঙে চুলিৰ আগ পায়গৈ । সকলো ছোৱালীৰে খং উঠে । আৰু উঠাটোও স্বাভাৱিক । ইমান ধুনীয়াকৈ সাজি- কাচি যায়; তাতে যদি খুঁত উলিয়াই চিঞৰে, তাকো শিয়ালে হুৱা দিয়াদি ৰাওচি জুৰি, খং কাৰোবাৰ নুঠিবনে! নিশ্চয় উঠিব । হয়তো দুই এগৰাকীয়ে কটাক্ষ দৃষ্টি নিক্ষেপ কৰি তাৰ উমানো ল’ৰাহঁতক দি নোযোৱাকৈ নাথাকে । কোনো কোনোৱে আকৌ লাজত ৰঙা পৰি পকা সুমথিৰাটো হেন হয় । কোনো কোনোৱে আকৌ ৰস পাই হাঁহি ৰখাব নোৱাৰি মুখ টিপি টিপি হাঁহি পাৰ হৈ যায় । বহুতে আকৌ ‘পাট্টা’ বোলা বস্তুটো নিদি ‘বিনদাচ’ পাৰ হৈ যায় । এইবোৰলৈ চাগে ল’ৰাবোৰৰহে খং উঠে । কাৰণ সিঁহতে কিমান কষ্ট কৰি টেটু ফালি চিঞৰে, অথচ কষ্টৰ মূল্যও যদি নাপায় খঙ নুঠি বাৰু হ’ব কি!

এইবোৰ যেন হোষ্টেলীয়া জীৱনৰ এক অবিচ্ছেদ্য অংশ। প্ৰত্যেক দিনাই এক নতুন কাহিনীৰ সৃষ্টি ; আৰু কত কাহিনীৰ অন্ত হয় ।এটাৰ পাছত আনটো বেটচ পাৰ হৈ যায় । নতুনৰ আগমন হয় , পুৰণিয়ে বিদায় লয় । নতুনৰ আগমনে চ’তৰ পাছৰ ব’হাগৰ দৰেই পুৰণিসকলৰ বিচ্ছেদৰ বেদনা আঁতৰাই পঠিয়াই । প্ৰতিষ্ঠানসমূহেও বসন্তৰ দৰেই নতুন ৰুপ লয় পুনৰ ভৰি পৰে হাঁহি ধেমালিৰে ভৰা বহুতো উচ্চাকাংক্ষী মুখেৰে ।নবাগতৰ আগমনত প্ৰতিষ্ঠানবোৰৰ লগতেই প্ৰাণ পাই উঠে হোষ্টেলবোৰেও । আকৌ আৰম্ভ হয় নতুন নামাকৰণ। প্ৰতিজন আৱাসীৰ একো একোটি চিৰস্মৰণীয় নাম … আলু- কচুৰ পৰা আদি কৰি বুন্দিয়া-ভূজিয়ালৈ…… জীৱনৰ এক নতুন পৃষ্ঠাৰ আৰম্ভণি …!

কোৱা হয় যে কলেজীয়া জীৱন হেনো হোষ্টেলীয়া জীৱন অবিহনে অসম্পূৰ্ণ ।হোষ্টেলীয়া জীৱনৰ মিঠা-তিতা অভিজ্ঞতাবোৰে শিক্ষাজীৱন অধিক মনোৰম তথা স্মৰণীয় কৰি তোলে ।হাঁহি কান্দোনৰ ৰোল, চাদত বহি আমটেঙা, বগৰী চকলিওৱা আৰু আড্ডা মাৰা! প্ৰতিটো সুখ দুখৰ লগৰী চাদ, বাৰাণ্ডা আদিবোৰ হৈ ৰয় মাথো এক নষ্টালজিয়া। জীৱনে লাভ কৰে এক মনোমোহা অভিজ্ঞতা !
ৰবীন্দ্ৰনাথ ঠাকুৰ দেৱে কৈছিল ” ছাত্ৰ জীৱন সুখেৰ জীৱন না আইলে একজামিনেসন “-
কথাটো কিন্তু একেবাৰে সঁচা । সকলোবোৰ ফূৰ্তি তামাচাৰ মাজতে ‘পৰীক্ষা’ নামৰ শব্দটোৱে সকিয়াই দিয়ে চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক, বিদায়ৰ মূহূৰ্তৰ বাবে বাকী থকা ক্ষণকেইটিৰ কথা ।নিত্য-নৈমিত্তিক কামবোৰৰ মাজত বাধাৰ প্ৰাচীৰ ৰুপে থিয় দিয়ে এই ‘পৰীক্ষা’ নামৰ শব্দটিয়ে ।আনকি হোষ্টেলৰ পৰা জোকোৱা-মেলাও কমি যায় । কিবা এক অচিন আচহুৱা পৰিবেশ বিৰাজ কৰে সেই সময়ত (সাধাৰণতে বয়জ হোষ্টেলবোৰ ঠাণ্ডা হৈ থাকিলে এনে লাগে হয়তো কিবা গণ্ডগোল লাগিছে নহ’লে পৰীক্ষা আহিছে!)।

এনেদৰেই এদিন সময় হৈ আহে আৰু এৰি যাবলগীয়া হয় মৰমৰ প্ৰতিষ্ঠান ,মৰমৰ হোষ্টেলটি বুকুত কঢ়িয়াই অলেখ স্মৃতি……………… এক আপুৰুগীয়া স্মৃতি … !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments