স্মৃতিৰ পাতৰ পৰা (প্ৰতিম প্ৰতাপ বৰুৱা)

প্ৰতিম প্ৰতাপ বৰুৱা

 

  • স্মৃতিৰ পাতৰ পৰা

কিছুমান ঘটনা জীৱনলৈ মনত থাকি যায় | কথাবোৰ আনৰ লগত ভগাই ল’লেও পাতল নহয় | আজি মোৰ জীৱনৰ তেনে এটা কথা ক’ম |

আজিৰপৰা ২০ বছৰ আগতে আমি যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা দিনৰ কথা | কেইদিনমান একেৰাহে ধাৰাসাৰ বৰষুণ দি থকাৰ পিছত এদিন ৰাতিপুৱা সুন্দৰ ৰ’দ ওলাইছিল | চাৰিওফালে পানীয়ে ডোঙা বান্ধিছিল | সেইদিনা দেওবাৰ আছিল | আমি কেইটামানে আগবেলাতে কম্পিউটাৰ লেবত সোমাইছিলোগৈ | এতিয়াও মনত আছে – সেইদিনা আমি চি++ ত এটা গ্ৰাফিক্‌চ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলো | হঠাৎ কি হ’ল জানো – ভোগদৈ নৈ খন ফেনে-ফুটুকাৰে বাঢ়ি আহিল আৰু আমাৰ কলেজৰ চৌহদ বুৰাই পেলালে | বাট-পথ একো ধৰিব নোৱাৰা হ’ল | তাতে কলেজৰ চৌহদৰ ভিতৰত থকা বাটৰ কাষে কাষে দীঘলীয়াকৈ দুটামান পুখুৰী আছে | ফলত পানীয়ে প্ৰবল ধাৰাৰে পাক খাই খাই পুখুৰীলৈ বৈছিল | আমি লেবৰ পৰা ওলাই আহি কলেজৰ প্ৰথম মহলাৰ পৰা পানীৰ মতি-গতি চাই আছিলো | তেনেতে দেখিলো কেইটামান ল’ৰাই পানীৰ ফালি ফা…লি খোজ কাঢ়িছে আৰু আগতে নেদেখা পৰিস্থিতি এটা দেখি ফূৰ্তি কৰিছে | দুৰৰ পৰা চিঞৰিব নোৱাৰি হাতেৰে সিহঁতক ঘূৰি যাবলৈ ইংগিতেৰে বুজাওতেই আমাৰ চকুৰ আগতেই দুটা লৰাক পানীৰ সোঁতে উটুৱাই লৈ গ’ল আৰু দুইটা লৰা থাওকতে নাইকিয়া হ’ল | হাহাকাৰ লাগিল | আমি উধাতু খাই দৌৰিলো | পানীয়ে পাক খাই খাই পুখুৰীলৈ বৈছে | ইফালে লৰা দুটা নাই |

পুখুৰীত জপিয়াই সিহঁতক বিচাৰিবলৈ লাগিলো | নিমিষতে জাক জাক লৰা-ছোৱালী আৰু চাৰ বাইদেউসকল আহি পালেহি | ভাৰতীয় বায়ু সেনা বিভাগক খবৰ দিয়া হ’ল | পুখুৰীটো কিমান দ আছিল সেইদিনাহে গম পাইছিলো | যিমানে সময় গৈ আছে, লৰাদুটাক ঘূৰাই পোৱা আশাও কম হৈ গৈ আছে | এজনে দীঘল বাঁহেৰে খুচি খুচি চাইছিল – ধমকি দিছিলো – গাত লাগিলে দুখ পাব | অৱশেষত প্ৰায় ২৫ মিনিটমানৰ পিছত প্ৰথম লৰাটো বিচাৰি পাইছিলো | উশাহ আছেনে নাই ভালকৈ ধৰিব পৰাৰ আগতেই তাক গাড়ীত তুলি আস্পতাললৈ পঠাই দিয়া হৈছিল | কিছু সময়ৰ পিছত আনটো ল’ৰাক বিচাৰি পাইছিলো | গাটোত বোকা লাগি আছিল | তাকো আস্পতাললৈ পঠাই পিছে পিছে আমি দৌৰিছিলো | ডাক্তৰে কৈছিল – সকলো শেষ |

ল’ৰা দুটাৰ দেহা দুটা আমি লৈ আহিছিলো | কি শোকাকুল পৰিবেশ আছিল | কোনে কাক সান্তনা দিয়ে ? এজনী ছোৱালীয়ে এটা ল’ৰাৰ দেহাটো সাবটি ধৰি কান্দিছিল | ছোৱালীজনীক কোনে কি বুলি বুজাব ? কি আছিল, কি হেৰুৱাছিল সেইদিনা ছোৱালীজনীয়ে সেয়া আমি মাত্ৰ নীৰৱে বুজিবলৈ চেষ্টা কৰিছিলো |

ৰাতিয়েই দুখন গাড়ীত ল’ৰা দুটাৰ দেহা দুটা লৈ আমি ৰাওনা হৈছিলো পৃথিৱীৰ আটাইতকৈ টান কামটো কৰিবলৈ – দুগৰাকী মাতৃক ডেকা পুত্ৰৰ প্ৰাণহীন দেহা ঘূৰাই দিবলৈ | সেই সময়ৰ কথাখিনি বৰ্ণনা কৰিবলৈ মোৰ ভাষা নাই | কাৰো চকুলৈ চাবলৈ সাহস হোৱা নাছিল | দুজন বন্ধুক হেৰুৱাই আমি বিধস্ত হৈ গৈছিলো | কিন্তু সেই পিতৃ দুগৰাকীক কোনে সান্ত্বনা দিব, সেই মাতৃদুগৰাকীক কোনে কি বুলি বুজনি দিব ?

ঘটনাখিনিৰ আমি যিকেইটা সাক্ষী আছিলো সেইকেইটাই আজিও মাজে মাজে ইটোৱে সিটোক লগ পালে সকলো সুৱঁৰো | এতিয়াও ল’ৰা দুটাক কওঁ – পানীৰ মতি গতি বুজি নোপোৱাকৈ তহঁতে কিয় বাঢ়নি পানীত ওলাই আহিছিলি ? কিয় বুজি নাপাইছিলি যে তহঁত নিজৰ নিজৰ ঘৰখনৰ ভবিষ্যত আছিলি | তহঁতৰ ভৰ বয়সৰ মত গজ দেহা দুটা, তহঁতৰ ফিন্দ খাই থকা বুকুদুখন চাই তহঁতৰ মা দুজনীয়ে কিমান শান্তি পাইছিল সেই কথাষাৰ তহঁতে কিয় বুজি নাপাইছিলি ? তহঁত যে এতিয়া নাই সেই কথাটো তেওঁলোকে কেনেকৈ মানি ল’ব লগা হৈছে ভাবিবলৈও ভয় লাগে |

একোখন ঘৰ ওলট-পালট কৰি দিব পৰা এনে ঘটনা কিয় হয় সেইটো মই এতিয়াও মাজে মাজে ভাবি থাকো |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments