স্মৃতিৰ মণিকোঠাত ‘জেৰেঙাৰ সতী’: নিবেদিতা হাজৰিকা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

স্মৃতিৰ মণিকোঠাত ‘জেৰেঙাৰ সতী’

নিবেদিতা হাজৰিকা

সৰুতে তৃতীয়মান শ্ৰেণীত থাকোতেই ‘ৰত্নাকৰ’ নামৰ নাটকত এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। অভিনয় মানে সৰস্বতী হৈ ওলাব লগা হৈছিল অকণমান সময়ৰ বাবে। দুটা-তিনিতামান সংলাপ আছিল মাত্ৰ। হাতত বীণ এখন লৈ ওলোৱা কথাটোৰ বাহিৰে ভালকৈ একো মনত নপৰে। সেইয়াই আৰম্ভণি। তেতিয়াৰ পৰাই নাটকৰ প্ৰতি এটা দুৰ্বলতাই মনত ঠাই পাইছিল। তাৰ পিছত পঢ়ি থকা জীৱনত মাত্ৰ দুখনমান নাটকতহে অভিনয় কৰাৰ সুযোগ পালোঁ। পঢ়াৰ অজুহাততে হওক বা ঘৰৰ অনুমতি নিদিয়াৰ অজুহাততে হওক পিচৰ ফালে নাটকৰ অধ্যায় সিমানতে সামৰণি পৰিছিল। কিন্ত্ত বিয়া হোৱাৰ পিছত যেতিয়া স্বামীৰ চাকৰিসূত্ৰে বঙাইগাঁও শোধনাগাৰ উপনগৰীত থাকিবলৈ ল’লো তেতিয়া আকৌ এবাৰ নাটকত অভিনয় কৰাৰ সুযোগ পালো। ক্ষুদ্ৰ ভাৰতবৰ্ষ আখ্যা পোৱা আমাৰ এই উপনগৰীত অসম তথা ভাৰতৰ বিভিন্ন ভাষা-ভাষী,বিভিন্ন ধৰ্মালম্বী,বিভিন্ন সম্প্ৰদায়,জাতি-জনগোষ্ঠীৰ মিলনভূমি বুলি ক’ব পাৰি। প্ৰতি বছৰে ইয়াত বিভিন্ন কলা-সংস্কৃতিমূলক অনুষ্ঠানৰ আয়োজন হোৱাৰ লগতে নাটক আৰু গুৰুজনাৰ জন্মতিথি উপলক্ষে বহুবাৰ ভাওনা আদিও অনুষ্ঠিত হৈছে। সৰুতে মোৰ মনত অভিনয়ৰ প্ৰতি জন্ম হোৱা হেঁপাহতো ইয়াত আহি বিকশিত হোৱাৰ সুযোগ পালে। সুযোগৰ সদব্যৱহাৰ কৰি ঘৰ-সংসাৰ, সন্তানৰ জাঁজ মাৰিও নিজৰ বাবে কিছু সময় উলিয়াই সঙ্গীত, সাহিত্য, নাটক আদিৰ লগতো জড়িত হৈ পৰিলোঁ। কেইবাখনো নাটকৰ লগতে ভাওনাতো কেইবাবাৰো অভিনয়ৰ কৰাৰ অভিজ্ঞতা লাভ কৰিলোঁ। মনৰ মাজত ঠাঁহ খাই আছে এই প্ৰতিবাৰেই কৰা অভিনয়ৰ লগত জড়িত অলেখ পাহৰিব নোৱাৰা স্মৃতি। এই লেখনিৰে মই কেৱল এখন অগতানুগতিক নাটকৰ স্মৃতিহে ৰোমণ্ঠন কৰিব বিচাৰিছোঁ। অগতানুগতিক বুলি এই বাবেই কৈছো যে এই নাটকৰ সকলো চৰিত্ৰ কেৱল মহিলাই ৰূপায়ণ কৰিছিল।

২০০৫ চনৰ কথা। বঙাইগাঁও শোধনাগাৰৰ আৱাসিক অঞ্চলত জন্ম হৈছিল ‘সমন্বয়’ নামৰ এটি সামাজিক-সাংস্কৃতিক আনুষ্ঠান। যিটো অনুষ্ঠানৰ লগত বৰ্ত্তমানেও মই ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। এই সংস্থাৰ জন্মৰ কেইদিন মানৰ পিছতে সম্পাদিকাৰ পৰা এখন চিঠি পালোঁ। চিঠিখনৰ মূল কথাখিনি আছিল- ‘জয়মতী দিৱস’ উপলক্ষে ডা০ দীনেশ শৰ্মাৰ পৰিচালনাত নাট্যকাৰ উত্তম বৰুৱাৰ ঐতিহাসিক কাহিনিৰ ওপৰত আধাৰিত “জেৰেঙাৰ সতী” নাটকখন মঞ্চস্থ কৰিবলৈ লোৱা হৈছে আৰু তাত মইয়ো এটি চৰিত্ৰত অভিনয় কৰিব লাগে। চিঠিখন পঢ়ি মনতো ৰোমাঞ্চিত হৈ উঠিল। জেৰেঙাৰ সতী তাতে আকৌ ডা০ দীনেশ শৰ্মা ছাৰৰ পৰিচালনা। মনত কিছু ভয়ো লাগিল কাৰণ ডা০ শৰ্মা চাৰ নাটকৰ ক্ষেত্ৰত খুবেই কাঢ়া বুলি জানিছিলো। সময়ৰ প্ৰতি খুবেই বেছি সচেতন। যি কি নহওক সেইদিনা গাটো অলপ বেয়া আছিল যদিও মনৰ হেঁপাহতে নিৰ্দিষ্ট সময়ত নাটকৰ মহুৰৎ অনুষ্ঠানত উপস্থিত হ’লোগৈ। যথাৰীতি মহুৰৎ সম্পন্ন হোৱাৰ পিচত ছাৰে চৰিত্ৰ সমূহ ভগাই দিলে। মহিলাৰ চৰিত্ৰ আছিল মাত্ৰ দুটা। বাকী সকলো পুৰুষৰ চৰিত্ৰ। মোৰ ভাগত পৰিল যদুনন্দন কটকীৰ চৰিত্ৰ। শুনিয়েই মোৰ মুখৰ ৰং সলনি হৈ গ’ল। সেইয়া লক্ষ্য কৰিয়েই নেকি নাজানো ছাৰে কৈছিল –“তুমি সৰু সুৰা কটকী নহয় দেই, একেবাৰে ৰজাৰ সন্মানীয় কটকী। তোমাৰ ড্ৰেছ-পাতিও সম্পূৰ্ণ ৰাজকীয় হ’ব।” লগতে ৰজাঘৰীয়া কটকীৰ মান-মৰ্যাদাৰ কথাও কিবা কিবি কৈছিল। মই আচলতে কটকীৰ চৰিত্ৰৰ বাবে নহয় পুৰুষৰ চৰিত্ৰ কৰাৰ কথা ভাবিহে ভয় খাইছিলো। তাৰ আগলৈকে পুৰুষৰ চৰিত্ৰওযে কৰিব লগা হ’ব পাৰে সেই কথা মনলৈ অহাই নাছিল। ভবাৰ সময় নাই, ছাৰে script reading কৰিবলৈ নিৰ্দেশ দিলেই। পিছদিনা আকৌ script reading, ব্যায়াম তাৰ পিছত rehearsal..। প্ৰায় এমাহ ধৰি rehearsal চলিল। বেছিভাগেই নতুন মানুহ, কেইগৰাকী মানেতো জীৱনত প্ৰথমবাৰৰ বাবে মঞ্চত উঠিব। rehearsal ত এনেকুৱা কিছুমান পৰিস্থিতিৰ উদ্ভৱ হৈছিল যে সেইবোৰ মনত পৰিলে এতিয়াও হাঁহিত ৰ’ব নোৱাৰা হওঁ।

এই খিনিতে আমাৰ নাটকৰ পৰিচালকৰ বিষয়ে চমুকৈ দুষাৰ নক’লে আধৰুৱা হ’ব। নাট্যকাৰ পৰিচালক ডা০ দীনেশ শৰ্মা চাৰ পেচাত এজন স্ত্ৰীৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি এজন সাহিত্যিক, অনুবাদক, নাট্যকাৰ, পৰিচালক আৰু অভিনেতা। তেখেতে ইতিমধ্যে কেইবাখনো কিতাপ, কেইবাখনো বুৰঞ্জীমূলক নাটক লিখি উলিওৱাৰ লগতে উইলিয়াম শ্বেইক্সপীয়েৰৰ “জুলিয়াচ চিজাৰ”, “দ্য মাৰ্চেণ্ট অৱ ভেনিছ”,“এমিডছামৰ নাইটছ্ ড্ৰিম” আদি নাটক অসমীয়ালৈ অনুবাদ কৰিছে।

ডা০ শৰ্মা ছাৰে অতি ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ নাটকখনৰ পৰিচালনাৰ পৰা সাজ-সজ্জা, মঞ্চসজ্জা, পোহৰ, আৱহ সঙ্গীত আদি সকলো আনুসংগিক কামৰ তদাৰক কৰিছিল আমি মাথোঁ তেখেতক সহায় কৰিছিলোঁ। ছাৰৰ নিয়মানুৱৰ্তিতা, শৃঙ্খলাবদ্ধতা লগতে নাটকৰ প্ৰতিটো দিশ নিখুঁত কৰাৰ যি আগ্ৰহ সেয়া দেখি আমি সঁচাই অভিভূত হৈছিলোঁ। ইমান ব্যস্ততাৰ মাজতো rehearsalত সদায় সময়মতে উপস্থিত থকা সকলক প্ৰশংসা কৰিবলৈ নাপাহৰিছিল। এদিনৰ কথা- এটা চিনৰ বিষয়ে মই ছাৰক ক’লো – ‘ছাৰ এইটো এনেধৰণে কৰিলে ভাল হ’ব নেকি ! ‘ছাৰে ক’লে – ‘হয়তো তুমি ভাল কথাই ক’লা, মই ভবাই নাছিলো কথাতো’। তাৰ পিছত বাকী সকলকললৈ চাই গম্ভীৰ ভাৱে ক’লে –‘এইৰ কিন্ত্ত পৰিচালক হোৱাৰ গুণ আছে’। পুৰুষৰ অভিনয় ভালদৰে ফুটাই তুলিবলৈ চেষ্টা কৰি ভাগৰি পৰা আমাৰ মনবোৰ সজীৱ কৰিবলৈ বিৰতিৰ সময়ত ছাৰে নানান ৰসাল আলোচনাৰে পৰিৱেশটো সলনি কৰি পেলাইছিল। rehearsal আৰম্ভ হ’লেই আকৌ সেই গম্ভীৰ পৰিৱেশ। হাঁহিবও নোৱাৰি।

নাটকৰ দিনা পৰিচালকৰ নিৰ্দেশত দিনৰ তিনিমান বজাতে মেকআপৰ বাবে উপস্থিত হ’লোগৈ। গুৱাহাটীৰ পৰা অহা প্ৰফেচনেল মেকআপ আৰ্টিষ্টে আমাক দাড়ি-মোচ লগাই বিভিন্ন পুৰুষ চৰিত্ৰৰ বাবে সজাই তুলিলে। ইজনীয়ে সিজনীৰ মুখলৈ চাব নোৱাৰা অৱস্থা। চালেই হাঁহি উঠি যায় কিন্ত্ত হাঁহিবও নোৱাৰি, মোচবোৰ তানি তানি ধৰে। মুঠতে অৱৰ্ণনীয় অৱস্থা আমাৰ। ড্ৰেছ-পাতি সম্পূৰ্ণ কৰি উঠাৰ পিছত নিজকে অচিনাকি যেন ভাব হ’ল। আমি যেন সকলোৱে নিজক পাহৰি চৰিত্ৰটোৰ মাজত সোমাই পৰিলো। যথা সময়ত ধূপ-ধূনা-ফুলেৰে সজাই ৰখা নটৰাজৰ ওচৰত মূৰ দোঁৱাই, ছাৰক সেৱা জনাই মঞ্চত উঠিলোঁ। বঙাইগাঁও শোধনাগাৰৰ বৃহৎ প্ৰেক্ষাগৃহত অলপো ঠাই নোহোৱাকৈ ঠাঁহ খাই পৰা দৰ্শকৰ বিপুল হৰ্ষধ্বনিৰ মাজেৰে শেষ হ’ল নাটকৰ প্ৰথম দৃশ্য। ছাৰৰ মুখলৈও হাঁহি আহিল। প্ৰত্যেকটো দৃশ্য যেতিয়া সফলতাৰে মঞ্চস্থ হ’বলৈ ধৰিলে, rehearsalত বাৰে বাৰে ভুল কৰা কেইগৰাকীয়েও যতিয়া মঞ্চত অলপো ভুল নকৰিলে তেতিয়া ছাৰ আনন্দত অধীৰ হৈ পৰিল। বিশেষকৈ ল’ৰা ৰজাৰ ৰাজসভা, জয়মতীক জেৰেঙা পথাৰত চাওডাঙে শাস্তি দিয়া আদি দৃশ্যসমূহ অতিকে জীৱন্ত হৈ উঠিছিল বুলি পিছত দৰ্শকৰ মুখত শুনিছিলোঁ।

নাটক শেষ হোৱাৰ পিছত খাই বৈ উঠি পুৱতি নিশালৈকে নাটকৰ খুটি-নাটিৰ বিষয়ে আলোচনা চলিল। শেষত ডা০ শৰ্মা ছাৰে মহিলা সকলৰ নিষ্ঠা আৰু একাগ্ৰতাৰ শলাগ ল’লে লগতে আমাৰ হাচবেণ্ড সকলকো ধন্যবাদ জনাবলৈ নাপাহৰিলে, আমাৰ সফলতাৰ আঁৰত পৰোক্ষভাৱে তেওঁলোকৰো অৱদান থকা বুলি কৈ। পিছত অসমৰ কেইবাখনো আগশাৰীৰ কাকত (প্ৰতিদিন,আমাৰ অসম,দৈনিক অসম, খৱৰ, জনসাধাৰণ, Assam Tribune ইত্যাদি)ত নাটকখনৰ ফটো সহ সমালোচনা প্ৰকাশ পাইছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক