স্মৃতি: ধ্ৰুৱজ্যোতি শৰ্মা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

স্মৃতি

ধ্ৰুৱজ্যোতি শৰ্মা

তেতিয়া সপ্তম শ্ৰেণীত| স্কুলৰ বাৰ্ষিক অধিৱেশন| অষ্ঠম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীয়েই নাটক কৰিব| পাচে আমি সপ্তম শ্ৰেণীৰ কেইজনে অলপো পাট্টা পোৱা নাই| সেয়েহে আমাৰো জোচ উঠিল, আমিও নাটক কৰিম| নাটক বোলাৰ লগে লগেই পিছদিনাই ধৰণীধৰ বসুমতাৰী চাৰৰ স্ক্ৰিপ্ত আহি ৰেডী| স্ক্ৰিপ্তেই ৰেদী হৈ গ’ল, গতিকে আমি আৰু পিছুৱামনে? আমিও গৈ এটা শ্ৰেণীকোঠা দখল কৰিলোঁ| আমাৰ পৰিচালক কোনো নাই| সকলোৱে পাৰ্টবিলাক মুখস্ত কৰি আহিছে আৰু নিজৰ ভাগৰ ডায়লগ নিজে নিজে এজনৰ পিছত এজনকৈ কৈ গৈছে| তিনিদিন ৰিহাৰ্চেল হৈ যোৱাৰ পিছত দেৱেন পাঠক চাৰ আহিল চাবলৈ| আহি আমাৰ কাৰুকাৰ্য দেখি তেওঁ বাৰুকৈ হাঁহিলে আৰু সেইদিনাৰ পৰাই আমাক পৰিচালনা কৰাৰ দায়িত্ব ল’লে| হওক যেনিবা… আমাৰ ৰিহাৰ্চেল ভালে ভালেই হ’ল| নাটকৰ দিনা ষ্টেজত উঠিলোঁ| একেবাৰে জুনিয়ৰ বাবে দুপৰীয়াতেই আমাক ষ্টেজত উঠাই দিলে| নাটকৰ নাম “এংকৰি বেংকৰি গদাপাণি”| হাস্যধৰ্মী নাটক| বাৰ্ষিক অধিবেশনৰ মুখ্য অতিথি জীৱন কৃষ্ণ পাত্ৰ চাৰ আৰু কৃষ্ণ লহকৰদেৱ| সপ্তম শ্ৰেণীৰ পেন্দুকোণাকেইটাৰ নাটক চাইহে যাব| ইপিনে পথাৰত ৰাইজ ভৰ্তি| আমি ষ্টেজত উঠিয়েই ভয়ত কোচ-মোচ খালোঁ| কাৰো মুখৰ মাত নোলায়| ভিতৰত প্ৰমটাৰে কিবা কৈ আছে… ইপিনে আমি আটাইকেইজনে সকলো পাহৰি মাত্ৰ সন্মুখলৈ ভেবা লাগি ৰৈ আছো| প্ৰমটাৰে ভাবিছে, আমি শুনা নাই হ’বলা| সেয়েহে এইবাৰ তেওঁ আগতকৈও জোৰেৰে ডায়লগ মতাত লাগিল| নাই এইবাৰো একো শুনা নাপালোঁ| ইপিনে আমি ইপিনৰ পৰা সিপিনলৈ শ্ল’ মচনত লৰচৰ কৰাৰ বাহিৰে একোৱেই কৰিব নোৱাৰিলোঁ| ৰাইজে ভাৱিলে, ডায়লগহীন নাটক চাগে| তেনেতে দশম শ্ৰেণীৰ দাদা এজন সোমাই আহি আমাক চেকণী এডালেৰে কোবাব ধৰিলে আৰু বাকী কেইজনমানে পলাব নোৱাৰাকৈ দুৱাৰমুখতে ৰৈ থাকিল| আমি এতিয়া ষ্টেজৰ পৰা পলাবও নোৱাৰোঁ, অগত্যা আমাৰ মুখৰ পৰা কথা ওলাল|”আমাক নামাৰিবা, আমাক নামাৰিবা, আমি কি দোষ কৰিলো” ইত্যাদি কথা আমাৰ মুখৰপৰা তেতিয়া ওলাবলৈ ধৰিলে| ইপিনে পাঠক চাৰে চাগে’ পৰিস্থিতি বুজিব পাৰি ভিতৰত থকা কেইজনক কিবা বুজাই বঢ়াই ডায়লগ শিকাই পঠিয়াই দিলে.. সিহতে আহিয়েই আমাক ডায়লগ দিয়া ষ্টাৰ্ট কৰি দিলে “সেইবাবেই কৈছিলো, প্ৰতিবাদ কৰিবলৈ শিক…” “তহতে এই মস্ত ডেকা হৈও এনেকৈ থাকিলে কেনেকৈ হব..” ইত্যাদি| ইতিমধ্যে চিনিয়ৰৰ কোব কমিল| আমাৰ পাচত অহা কেইজনে আমাক হাতত ধৰি চিনিয়ৰৰ ফালে চোঁচা ল’লে আৰু চিনিয়ৰ পলাল| ৰাইজে ভাবি থাকিল সেই সকলোবোৰ নাটকৰে অংশ| আমাক টানি নিওতে ম‍ই বেঞ্চেৰে সজোৱা ষ্টেজত উজুটি খাই উফৰি পৰিলো| ইপিনে লগৰজনে টানিয়েই থাকিল| ম‍ই তাৰ হাতৰপৰা এৰুৱাবলৈ চেষ্টা চলাই থাকিলোঁ| এজনে আহি মোক ভৰিত ধৰি টানিবলৈ ধৰিলে| ৰাইজে চাই থাকিল এক মাৰাত্মক অভিনয়| পেন্দুকণাৰ অভিনয় দেখি ৰাইজৰ হাত চাপৰি ষ্টাৰ্ট হ’ল| চল বুজি ময়ো কাষতে থিয় কৰাই থোৱা তবলা, হাৰ্মনিয়াম থোৱা টেবুলখনৰ খুৰাত থাপ মাৰি ধৰিলো| হল নহয় এইবাৰ| লগৰকেইটাৰ ডায়লগ শেষেই নহয়| একেটা ডায়লগেই দহবাৰমান ক’লে| ইপিনে ম‍ই সাবটি ধৰা টেবুলেৰে সৈতে ম‍ই গৈ ষ্টেজৰ পৰা মাটিত পৰিলোগৈ| ৰাইজে হৰ্ষধ্বনিৰে হাত চাপৰি বজোৱাত লাগিল আৰু আঁৰ কাপোৰ পৰিল| অৱশ্যে নাটক আৰম্ভ হোৱাৰ আগতেই প্ৰথম দৃশ্য শেষ হোৱাৰ পিছৰ দৃশ্যকেইটা আমাৰ ভয় কমিল আৰু নাটক ঠিকেই কৰিলোঁ|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক