স্মৃতি-বিস্মৃতি: প্ৰতিম প্ৰতাপ বৰুৱা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

স্মৃতি-বিস্মৃতি

প্ৰতিম প্ৰতাপ বৰুৱা

মেট্ৰিক পৰীক্ষা দি উঠি ঘৰত বহি থকা সময়ৰ কথা | কি কৰা যায় চিন্তা কৰি কৰি ভাবি পালোঁ শিৱসাগৰ নাট্য মন্দিৰত এখন নাটক মঞ্চস্থ কৰোৱা হওক | এটা অনুষ্ঠান আছিল – জাগৃতি | এতিয়া আছেনে নাই নাজানো | জাগৃতিৰ তৰফৰ পৰা এখন নাটক মঞ্চস্থ কৰোৱাতো ঠিক হ’ল | অভিনেতা-অভিনেত্ৰীসকলে আখৰা আৰম্ভ কৰিলে, আমি মানুহৰ ঘৰে ঘৰে গৈ টিকট বেচা কামটো আৰম্ভ কৰিলো | কেনেকৈ ? কলিংবেলটোত টিপা এটা মাৰি গোটেইকেইটা ৰৈ থাকো | হাতত টিকটৰ বহীখন | কোনোবা ওলাই অহাৰ লগে লগে আৰম্ভ –
: হে হে হে হে | নাটক এখন হ’ব নাট্যমন্দিৰত | আমুক তাৰিখে, ইমানটা বজাত আৰম্ভ হব | টিকেট কেইটামান লওক |

বেছিভাগে টিকেট কিনিলে | যিকেইজনে নিকিনিলে তাৰে দুজনমানে কিবা একোষাৰ গাজত লগা কথা কৈ দিছিল | কথাকেইষাৰ মনত ৰৈ গৈছিল | কাণ্ডটো নাটক খন হৈ যোৱা পিছৰ যদিও আগতেই কৈ দিছো | গুৱাহাটীত ওলোৱা বাতৰি কাকত আহি শিৱসাগৰ পাইছিল গধূলি সময়ত | আমি জাক পাতি চাইকেল মাৰি সদায় বাতৰি কাকতকেইখন আনিবলৈ যাওঁ | উভতি আহোতে সেই টিকট নোলোৱা, গাজত লগা কথা কোৱা মানুহঘৰৰ আগেদি পাৰ হৈ যাওঁতে চিঞৰ এটা মাৰি থৈ যাওঁ | কামটো সদায় ৰাতি কৰা হৈছিল যদিও এদিন এটাই ৰাস্তাত কোনো নথাকৰ সুযোগ লৈ দুপৰীয়া সময়ত কৰি দিলে | কামটো কৰি সি নিচিন্ত মনে চাইকেল চলাই গৈ আছে | এপাকত উভতি চাই দেখিলে সেই ঘৰটোৰ মনুহজনে চাইকেল লৈ পিছে পিছে আহি আছে | কথা বিষম দেখি সি তামাম স্পীডত চাইকেল চলোৱা আৰম্ভ কৰিলে | উভতি চাই দেখে মানুহজনেও সমান স্পীডত চাইকেল চলাইছে | সৰ্বনাশ | এতিয়া ঘৰত সোমোৱাৰ প্ৰশ্নই নাই | সি চিধা পোনালে অ.এন.জি.চি.ৰ কলোনীলৈ | ভাবিলে তাৰ ভিতৰত থকা অকোৱা পকোৱা ৰাস্তাত বাগী দি মানুহজনৰ পৰা হাত সাৰিব পৰা যাব | কলোনীত সোমাই উভতি চাই দেখিলে মানুহজনে এতিয়াও পিছ এৰা নাই | চাইকেলৰ স্পীড আকৌ বাঢ়িল | অলপ দূৰ গৈ উভতি চাই সি দেখিলে মানুহজনে নিজৰ অফিচলৈ সোমাই গৈছে | তেতিয়াহে সি বুজিলে আচলতে মানুহজনৰ চাকৰিলৈ দেৰী হৈছিল | ফোপাই-জোপাই সি উভতি আহিল |

নটকখন সফলতাৰে মঞ্চস্থ কৰা হৈছিল | নাট্যমন্দিৰ মানুহেৰে ভৰি পৰিছিল |

এজন লৰা আছিল | আমাতকৈ কেইবছৰমানৰ ডাঙৰ | নামটো নকও | কলে ইয়াত থকা শিৱসাগৰৰ বহুতে চিনি পাব | তেওঁ গধূলি কেতিয়াবা খোজকাঢ়ি ঘৰলৈ উভতি যায় | উভতি যাওতে তেওঁ শিৱসাগৰৰ আৰু অসমৰ এজন বিখ্যাত মানুহৰ ঘৰৰ আগেদি যাব লাগে | কেতিয়াবা মানুহজনে ঘৰৰ আগফালে বাৰান্ডাত চকী এখনত বহি কিবা কিতাপ পঢ়ি থাকে | লৰাজনে তেখেতৰ উপাধিতো ধৰি মাত এষাৰ লগায় – “বোলো ____ বহিছে ?” তেখেতে উত্তৰ দিয়ে – “হয় বহিছো | আপুনি আহিলগৈ “| লৰাটোৱে ৰিঙিয়াই – “হয়, আহিলো |” এদিন লৰাটোৱে মাতষাৰ দিওঁতে তেখেতেও ৰিঙিয়ালে – “বোলো ৰবচোন, আজি কাৰো লগত কথা পতা নাই | আপোনাৰ লগতে দুআষাৰ পাতো |” জীয়া বাঘৰ নেগুৰত হাত পৰিল | লৰাটোৱে চেণ্ডেলযোৰ খুলি হাতত তুলি লৈ পিছলৈ নোচোৱাকৈ পলাল |

সি যে দিন আছিল সেইবিলাক |

জীৱনৰ নাটক

“কিয় সোমাইছিলিগৈ তই তাত ? কি লাভ এইচব কামত ? আব্বে, কোন মৰিছে মৰি থাকক | আমাৰ কি আহে যায় ? তোক কিমান বুজাম হা ? হাৰে বাবা, কোই ফাইদা নেহী | নিজৰ কেৰিয়াৰৰ কথা, প্ৰমোচনৰ কথা, ভাল পোষ্টিঙৰ কথা চিন্তা কৰ |” – মূৰত দুখ পাই অফিচৰ ডিচ্‌পেন্‌চেৰীত বহি থকা প্ৰকাশ বৰুৱাক ধমকি দি ধৰ্মেন্দৰ শ্ৰীবাস্তৱে কথাকেইটা ক’লে | প্ৰকাশে দুখ পোৱা বুলি শুনি তাৰ লগৰ বেট্‌চ্‌মেটকেইটা প্ৰকাশৰ অফিচলৈ আহিছিল |

নিজে নেতৃত্ব দি কষ্টৰে আগবঢ়াই নিয়া এটা প্ৰজেক্টৰ কাম কিমান আগবাঢ়িছে সেইটো চাবলৈ প্ৰকাশ বৰুৱা এঠাইলৈ গৈছিল | কামখিনি চাই সন্তুষ্টিৰে উভতি আহোতে বাটত এঠাইত মানুহৰ জুম এটা দেখি প্ৰকাশে গাড়ীখন ৰখাবলৈ ড্ৰাইভাৰক নিৰ্দেশ দিছিল | আগবাঢ়ি গৈ সি দেখা পাইছিল এজন ৩০-৩২ বছৰীয়া লৰাক এজাক মানুহে নিৰ্মম ভাবে প্ৰহাৰ কৰিছে | প্ৰকাশৰ লগত চিভিল ড্ৰেচত থকা দিল্লী পুলিচৰ চাব্‌-ইন্সপেক্টৰজনে মানুহখিনিক নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা কৰিলে আৰু প্ৰকাশে লৰাজনক বচাবলৈ চেষ্টা কৰিলে | তেতিয়াই প্ৰকাশৰ মূৰত পিছফালৰ পৰা এটা প্ৰচণ্ড প্ৰহাৰ হ’ল | কিছুসময়লৈ প্ৰকাশে চকুৰে ধুঁৱলী-কুঁৱলী দেখি গ’লগৈ | চাব্‌-ইন্সপেক্টৰজনে তৎক্ষণাত প্ৰকাশক প্ৰহাৰ কৰা মানুহজনক ধৰি পুলিচৰ মোবাইল ভেন এখনক খবৰ দিলে | ৫ মিনিটত পুলিচ আহিল| পুলিচ অহা দেখি আগৰে পৰা ৰৈ থকা এখন স্ক’দা গাড়ী ভীষণ বেগেৰে তাৰপৰা আঁতৰি গ’ল | প্ৰকাশক প্ৰহাৰ কৰা মানুহজনক পুলিচে এৰেষ্ট কৰিলে | প্ৰাথমিক অনুসন্ধানত ওলাই পৰিল সেই লৰাজনে বাটৰ কাষেদি চাইকেলেৰে গৈ আছিল | এগৰাকী মহিলাই স্ক’দা গাড়ীখন চলাই আনিছিল | কাষত এজন যুবক বহি আছিল | গাড়ীখন চলি থকা অৱস্থাতে দুয়ো আলিংগন কৰিছিল | ফলত নিয়ন্ত্ৰন হেৰুৱাই গাড়ীখনে আন এখন গাড়ীক বচাবলৈ গৈ লৰাজনৰ চাইকেলত খুন্দা মাৰিছিল | লৰাজন উফৰি পৰিছিল | গাড়ীত বহি অহা যুবকজনে নামি আহি লৰাটোক প্ৰহাৰ কৰা আৰম্ভ কৰিছিল | মহিলাগৰাকীয়েও নামি আহি লৰাটোক গালি পাৰিছিল | তাকে দেখি গোট খোৱা মানুহেও কোনো কাৰণ নোহোৱাকৈ (বোধহয় মহিলাগৰাকীৰ আগত বীৰত্ব দেখুৱাবলৈ) লৰাটোক প্ৰহাৰ কৰিছিল | কিন্তু পুলিচ দেখিয়েই নিজৰ লগত বহি অহা যুবকজনক এৰি সেই মহিলাগৰাকী সকলোতকৈ আগতে ঘটনাস্থলীৰ পৰা আঁতৰি গৈছিল | যুবকজনৰ অৱস্থা চাবলগীয়া হৈছিল | পুলিচকেইজনক নিজৰ কাম কৰিবলৈ দি প্ৰকাশ নিজৰ চৰকাৰী গাড়ীলৈ উভতি আহিছিল |

“নহয় অ’, মই নধৰা হলে সেই লৰাটোক মাৰি পেলালেহেতেন | বাদ দে থ’, ব’ল মোৰ অফিচত বহি কথা পাতিম |” – প্ৰকাশে কথাষাৰ কৈ খোজ ললে | পিছে পিছে ধৰ্মেন্দৰ, নৰেশ, বেদ, সঞ্জীৱ আদি তাৰ বেট্‌চ্‌মেট কেইটা |

“আব্বে, ক্যা য়াৰ ? বেব্‌কুফী নকৰিবি | আনৰ কাৰণে চিন্তা কৰি কোই ফাইদা নেহী | আট্‌চা য়াৰ, ট্ৰেন্সফাৰ বিলাকৰ কি হৈছে ? এইবাৰ ৱেট ডিপাৰ্টমেন্ট এটা পালেই হয় আৰু | তিনিবছৰ ড্ৰাই ডিপাৰ্টমেন্টত খৰলি পিটি আছো |” – প্ৰকাশৰ অফিচ চেম্বাৰত বহি হাতত কফি লৈ সঞ্জীৱে আৰম্ভ কৰিলে | কথাকেইটা শুনি বেদে কৈ উঠিল – “আব্বে য়াৰ, তই এক্সাইজত পাবি | মোক ক’ত দিয়ে ঠিক নাই | প্ৰকাশ, তই ক’ত যাবি ? ইয়াত থাকি ডাঙৰ ডাঙৰ মানুহ হাতত আহিছে তোৰ | ফাইডা উঠাই ল’ য়াৰ |”
“ধুই | য’ত দিয়ে দিব | মাথা খাৰাব হৈ আছে |” – প্ৰকাশে ক’লে |
“ঘৰত গৈ ডাক্তৰক দেখুৱাই ল’বি এবাৰ | মিছামিছি এইখন আপদ চপাই নল’বি | ঐ, ট্ৰেন্সফাৰ হ’লে মই লেপটপটো ঘূৰাই নিদিও কিন্তু | মোৰ ঠাইত যদি তই আহ’, তেন্তে লেপটপটো অবচলিট বা ফিজিকেলী ডেমেজ দেখুৱাই ষ্টক ৰেজিষ্টাৰত ব্লাফ মাৰি নতুন এটা কিনি লবি | তোৰো ফাইদা আৰু মোৰো ফাইদা |” – ধৰ্মেন্দৰে প্ৰকাশক ক’লে |
“ধুইত্‌, কাম নাই আৰু | তহঁতৰ ফাইদা, ৱেট ডিপাৰ্টমেন্ট আদিৰ বাদে আন কথা নাইনেকি ?” – প্ৰকাশে ক’লে |
“হাৰে, আন কি কথা পাতিব লাগে ? তোৰ নিচিনা আনৰ কাৰণে মৰি ফূৰিব লাগে ? এবাৰ অলপত বাচি আহিছ’ মনত আছেনে নাই ? চালা, ইয়াত থাকি তোৰ কথা একেবাৰে পুলিচৰ ষ্টাইলৰ হৈ গৈছে |” – সঞ্জীৱে ধমকি দিলে |
“আট্‌চা, এটা কথা ক চোন | তহঁতে প্ৰাণখুলি হাঁহিব নোৱাৰ কিয় ? অনবৰতে ৱেট-ড্ৰাই, টকা, অফিচ | আন একো নাই ? হা? নিজৰ বাদে আনৰ কথা কেতিয়াবা চিন্তা কৰি পাইছ’ ? টকা গোটাই গোটাই মৰিবি তহঁত | মৃত্যুক ওচৰৰ পৰা দেখি পাইছ’ ?”

প্ৰকাশৰ কথাত অলপ সময় গোটেইকেইটা মনে মনে থাকিল | তাৰ পিছত এনেয়ে এটা দুটা কথা পাতি এটা এটাকৈ গোটেইকেইটা নিজৰ নিজৰ অফিচ অভিমূখে ওলাই গ’ল |

অকলশৰীয়া হৈ প্ৰকাশ বৰুৱাই দীঘলকৈ উশাহ এটা লৈ আৰামকৈ বহি ল’লে | পিয়নটোক মাতি আনি ক’লে – “ডাকপেডটো লৈ আন আৰু কিছুসময়ৰ বাবে কাকো আহিবলৈ নিদিবি |”

আজিৰপৰা ১৪ বছৰ আগতে প্ৰকাশ বৰুৱাই ইউপিএচচিত চিলেক্ট হৈ দিল্লী চৰকাৰত যোগ দিছিল | এতিয়াও সকলো কথা মনত আছে তাৰ | জুন মাহ আছিল | নৰ্থ ইষ্ট এক্সপ্ৰেচৰ পৰা ৰাতি নতুন দিল্লী ষ্টেচনত নামি পাহাৰগঞ্জত এখন হোটেলত এটা ৰূম লৈছিল | পিছদিনা হাতত এপইন্টমেন্ট লেটাৰ খন লৈ প্ৰকাশে চাকৰিত জইন কৰিবলৈ গৈছিল | খুব ধুমুহা-বৰষুণ হৈছিল সেইদিনা | “য়েহী হ্যাই শ্যাম নাথ মাৰ্গ |” – অটোচালকজনে প্ৰকাশক অফিচটোৰ সন্মুখত নমাই দিছিল | প্ৰকাশে দৌৰ মাৰি ৰাস্তাটো পাৰ হৈ বাচ ষ্টপ এটাৰ আশ্ৰয় লৈছিল | ইমান ধুমুহা-বৰষুণত খোজকাঢ়ি যোৱাৰ উপাই নাই | অলপ পিছতে এটা সাংঘাটিক ঘটনা ঘটিল |
ধুমুহাত বাটৰ কাষতে থকা বিশাল গছ এজোপাৰ এটা মস্ত ডাল ভাগি পৰিল আৰু ঠিক তালে-ঘাটে মিলাই এখন মাৰুতি গাড়ী আহি সেইখিনি পালেহি | ডালটো গাড়ীখনৰ ওপৰতে পৰিল | আগ পাছ নুগুনি প্ৰকাশ দৌৰিল গাড়ীখনৰ ওচৰলৈ আৰু ওপৰফালে চুচূৰ্মৈ হোৱা গাড়ীখনৰ গ্লাচখন ভাঙি ইতিমধ্যে অজ্ঞান হৈ পৰা মানুহজনক উলিয়াবলৈ চেষ্টা কৰিলে | বাচ ষ্টপটোত গোট খোৱা মানুহখিনিয়ে আৰামত ৰৈ ঘটনাটো চাই থাকিল | মানুহজনৰ মূৰেদি তেজ বৈছিল | প্ৰকাশৰ চাৰ্টত মানুহজনৰ তেজ লাগিছিল | মানুহবোৰলৈ চাই অসমীয়াতে চিঞৰি উঠিছিল সি | দুজনমান মানুহ আগবাঢ়ি আহিছিল আৰু আন এখন গাড়ী ৰখাই মানুহজনক ওচৰতে থকা সন্ত পৰ্‌মানন্দ্‌ আস্পতাললৈ লৈ গৈছিল | মানুহজনৰ আস্পতাল গৈ পোৱাৰ আগতেই মৃত্যু হৈছিল বুলি প্ৰকাশে পিছত জানিব পাৰিছিল |

বৰযুণত তিতি বুৰি, তেজলগা চাৰ্টটোৰে প্ৰকাশে চাকৰিত জইন কৰিছিল | ডা. শৰ্মা নামৰ চাৰ্ভিচেচ্‌ বিভাগৰ ডাইৰেক্টৰ জনৰ শীত-তাপ নিয়ন্ত্ৰিত অফিচ চেম্বাৰত বহি প্ৰকাশৰ ঠাণ্ডা লাগি শৰীৰত কঁপনি উঠিছিল | গোটেই কথাখিনি শুনি ডাইৰেক্টৰে প্ৰকাশক বুজাইছিল – “বেটা, ইয়াত এইচব নচলে | মাত্ৰ নিজৰ কথা চিন্তা কৰিবা, দুনীয়া যায়ে ভাৰ্‌ মে | আট্‌ছা, কোৱাচোন ক’ত পোষ্টিং লাগে ? দিল্লী চৰকাৰৰ ডিপাৰ্টমেন্টবিলাকৰ কিবা আইডিয়া আছেনে ?”
– নাই |
– “ঠিক আছে | ___ বিভাগত দিছো তোমাক | ভালকৈ কাম কৰিবা | ডাঙৰ পোষ্টত পোনে পোনে জইন কৰিছা যদিও শিকিবলৈ বহুত আছে তোমালোকৰ | যোৱা, কিবা অসুবিধা পালে মোক ক’বা |”

দিল্লীৰ বাসিন্দা হ’ল প্ৰকাশ | এটা ভাৰাঘৰ বিচাৰি উলিয়ালে | দিল্লীৰ পঞ্চাচখনমান পুৰী (কল্যাণপুৰী, ত্ৰিলোকপুৰী, চাণক্যপুৰী….), এশমান বাগ (ৰাণীবাগ, পাঞ্জাবীবাগ, কেৰোল বাগ…), এশমান নগৰ (কৰাৱল নগৰ, আদৰ্শ নগৰ, শক্তি নগৰ…)ৰ মাজত প্ৰকাশে দিল্লী বিচাৰি ফূৰিবলৈ ধৰিলে | আচৰিত যেন লাগিল সকলো কথা | প্ৰয়োজন নহলে কোনেও কাকো নামাতে | কাষৰ ঘৰটোত থকা মানুহজন পাদ্ৰীয়েই নে ডকাইতেই জনাৰ উপায় নাই | বেছিভাগ মানুহৰ অনবৰতে যেন খঙেই উঠি থাকে | খোলা হাঁহি দেখিবলৈ নোপোৱা হ’ল | বেছিভাগ মানুহ আনৰ সুখত দুখী আৰু আনৰ দুখত সুখী যেন লগা হ’ল | প্ৰকাশৰ সেইসময়ত বয়সো কম আৰু হিন্দীৰ উচ্চাৰণো এনেকুৱা যে তাৰ কথাবোৰ মানুহে ভালকৈ বুজি নাপায় | শনিবাৰে-দেওবাৰে আমনি লাগে কাৰণে প্ৰকাশে সেইদুদিন দিল্লীত উদ্দেশ্যবিহীন ভাবে ঘূৰি ফুৰে | কোনোবাই ক’লে গুড়গাঁৱলৈ যা, বিৰাট হাই ক্লাচ চিটি সাজি আছে |

ওলাল এদিন প্ৰকাশ গুড়গাঁৱলৈ | ঢলাকুঁৱাৰ পৰা হাৰিয়ানা ৰোডৱেজৰ বাচত বহি কিছুদূৰ গৈছেহে মাত্ৰ | তেতিয়াই ঘটিল ঘটনাটো | কি হ’ল ভালকৈ গম পোৱাৰ আগতেই বাচখন গৈ নতুনকৈ সাজি থকা ডিভাইদাৰটো মহতিয়াই খালত পৰিলগৈ | মূৰত খুন্দা খাই ওলোটা হৈ চিটটোৰ আওঁজা ফালে থকা লোহাডালত ককালটো দি পৰালৈকে মনত আছিল প্ৰকাশৰ | তাৰ পিছত আৰু একো মনত নাই | ট্ৰুমা চেন্টাৰত বিচনাত শুই থকা অৱস্থাত চেন্স আহিছিল প্ৰকাশৰ | ককালত ভয়ানক বিষ, মূৰত বেন্দেজ, নাকৰ হাড় ডাল অলপ বেকা হৈ গৈছিল | কোনে জানো প্ৰকাশক বাচখনৰ পৰা তুলি আনি ট্ৰুমা চেন্টাৰলৈ লৈ আনিছিল | খবৰ দিবলৈ বেট্‌চমেটদুটামানৰ বাদে কোনো নাছিল দিল্লীত | মাকে চিন্তা কৰিব বুলি সি ঘৰলৈও খবৰ দিয়া নাছিল | প্ৰকাশৰ অফিচৰ বছ, জৈন উপাধিৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াজনে ট্ৰুমা চেন্টাৰলৈ আহি প্ৰকাশক বিদ্যাসাগৰ ইন্সটিটিউটলৈ লৈ গৈছিল | নিউৰো চাৰ্জন ডা: ভাৰ্গৱে প্ৰকাশক পৰীক্ষা কৰি সকলো ঠিকেই আছে বুলি কোৱাৰ পিছতহে জৈন চাহাব ঘৰলৈ গৈছিল |

কথাবোৰ আকৌ এবাৰ মনত পৰিল প্ৰকাশৰ | ধীৰে ধীৰে ভাগৰুৱা যেন লাগি অহা গাটো চকীখনত সম্পূৰ্ণকৈ এৰি দিলে | এইবিলাক সময়তেই তাৰ ককালৰ পুৰণা বিষটোৱে আহি আমনি দিয়েহি | সেই বিষটোৱে বাৰে বাৰে প্ৰকাশক মনত পেলাই থাকে সি নিজে ভাগ লোৱা জীৱন-মৃত্যুৰ সেই নাটকখনৰ কথা | বাৰে বাৰে সি চিন্তা কৰে জীৱন আৰু মৃত্যুৰ মাজৰ দূৰত্ব কিমান কম সেই কথাটো মানুহে নুবুজে কিয় ? অলপ সুখত আনৰ সৈতে হাঁহিব পৰাতো, আনৰ দুখত কাষত থিয় হৈ দুখৰ সমভাগী হব পৰাতো কিমান সৰল কাম সেই কথাটো মানুহে নুবুজে কিয় ?

জীৱন নাটকৰ কেইটামান সঁচা দৃশ্য –

প্ৰথম দৃশ্য – ১০ বছৰ আগৰ ঘটনা | প্ৰকাশ বৰুৱা, সেই সময়ত দিল্লী চৰকাৰৰ এজন সহ নিৰ্দেশক | ছুটী লৈ ঘৰলৈ গ’ল | উভতি আহি মিঠাইৰ টোপোলা এটা লৈ অফিচ জইন কৰিলে | সকলোকে ভাল খবৰটো দিলে – “এজনী কণ্যা সন্তানৰ পিতৃ হ’লো |” প্ৰকাশৰ বচৰ (তেওঁ এজন আই.এ.এচ. বিষয়া) উত্তৰ – “কোই বাত নেহী | দুখ নকৰিবা |” কথাষাৰ বুজি পাবলৈ পিতৃত্বৰ গৌৰৱত উফন্দি থকা প্ৰকাশৰ দুইমিনিটতকৈ বেছি সময় লাগিল |

দ্বিতীয় দৃশ্য –
৫ বছৰ আগৰ ঘটনা | দুপৰীয়া সময়ত এদিন প্ৰকাশ বৰুৱালৈ লগৰ বেট্‌চ্‌মেট্‌ এজনৰ পৰা এটা ফোন আহিল – “___ আস্পাতালত আহিছো | পত্নীৰ অসুখ | পাৰ যদি আহচোন|” লৰাজনৰ পত্নী এখন চৰকাৰী স্কুলৰ বিষয় শিক্ষয়ত্ৰী| প্ৰকাশ গ’ল| তাক দেখি লগৰ লৰাজনে মুখখন বিদৰাই প্ৰথম প্ৰথম কোৱা কথাটো আছিল – “এটা টেষ্ট কৰাইছো| ২৫০০ টকা খৰছ হৈ গ’ল|” অলপ পিছত প্ৰকাশে দেখিলে লৰাজনৰ শহুৰেক, শাহুৱেক আৰু কোনোবা আহিল| লগে লগে লৰাজনে পত্নীক তেওঁলোকক চমজাই নিজে ঘৰলৈ গুচি গ’ল| যাওঁতে প্ৰকাশক কৈ গ’ল – “থেংক্‌চ্‌ য়াৰ, য়ে লোগ আ গয়ে যেতিয়া এতিয়া আৰু চিন্তা নাই| যাওঁ ব’ল|” লৰাজনে চিন্তা নাই বুলি কৈ আচলতে কি বুজাইছে সেইটো বুজি পাবলৈ প্ৰকাশ বৰুৱাৰ ৫ মিনিটমান লাগিল |

তৃতীয় দৃশ্য – যোৱাকালিৰ ঘটনা | “ইমান ৰাফ নচলাবি অ’| খুন্দা লাগিলে তোৰহে লোকচান |” একে অফিচৰ জুনিয়ৰ বেট্‌চৰ লৰা এজনৰ গাড়ীত বহি গৈ থকা প্ৰকাশে ক’লে| এবছৰ আগতে বিয়া পতা লৰাজনে উত্তৰ দিলে – “একো নাই চাৰ| গাড়ীখনৰ মেইন্‌টেন্স-ইঞ্চিউৰেন্সত মোৰ খৰছ নহয়|” কিয় খৰছ নহয় সেই কথাটো প্ৰকাশে সুধিছিল | লৰাজনে উত্তৰত যিখিনি কথা ক’লে সেইখিনি বুজি পাবলৈ প্ৰকাশৰ এইবাৰ ১০ মিনিটমান লাগিল |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক