স্মৃতি শৈশৱৰ (চিত্ৰালী ফুকন)

গৰমৰ বন্ধ আৰু বছৰেকীয়া পৰীক্ষা শেষ হোৱা দিনটোলৈ সৰুতে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিলোঁ৷ এই দিনকেইটাতেই দেউতাই মোক আৰু মাজু ভন্টিক আমাৰ এনাইদেউ (মাৰ মাক)হঁতৰ ঘৰত দীঘলীয়াকৈ থকাকৈ থৈ আহিছিলগৈ৷ এনাইৰ ঘৰ গৈ পোৱাৰ লগে লগে আমাক বিচাৰি পোৱাটো টান হৈ পৰে৷ প্ৰথমেই পাছফালৰ শাকনিডৰাত এপাক মাৰি লৈ কাকাহঁতক (দাদা/ককাইদেউ) কুতুৰি কুতুৰি লগ লৈ পাছফালৰ প্ৰকাণ্ড পুখুৰীটোত বৰশী টোপাবলৈ লাগি যাওঁ৷ কাকাহঁতক খাতিৰ ধৰিছিলোঁ কেঁচু টোপ হিচাপে বৰশীত লগাই দিবলৈ৷ পাছদিনাৰ পুৱাৰে পৰা আমাৰ অভিযান আৰম্ভ হৈ যায়৷ ফুট পুৱাতেই সাৰ পাই ঘৰৰ বাকী মানুহবোৰ উঠালৈ বাট চাই ৰওঁ৷ তাৰপাছত কোনোমতে নাকে-কাণে পুৱাৰ আহাৰ গুজি চিধাই ৰোৱনীৰ লগত গৈ কঠীয়াতলীত সোমাই পৰোঁ৷ কঠীয়া তোলাৰ কিটিপ নাজানি প্ৰথমে কোঁচাই কোঁচাই পাতকে চিঙো৷ পাছলৈ যেনিবা শিপাৰে সৈতে ধুনীয়াকৈ উভালিব পৰা হৈছিলোগৈ৷ হ’লে কি হ’ব? কঠীয়াৰ শিপাৰ পৰা মাটি এৰুৱাবলৈ ভৰিৰ পটুৱাত কোবাওঁতে কোবাওঁতে বাওঁ ভৰিৰ তলুৱাৰ বিষত খোজ দিব নোৱাৰোঁ৷দুপিয়াই দুপিয়াই খোজ কাঢ়ো কিন্তু তথাপিও কঠীয়া তুলিবলৈ নেৰোঁ৷

এনাইদেউৰ ঘৰত কটোৱা দিনকেইটাৰ যেন এটা মুহূৰ্ত্তও এনেয়ে যাব দিব নোৱাৰি৷ আপাদেউ (মামী)ৰ তাঁতশালত বহি কাঠী গণি গণি গামোচাত ফুল তোলাৰ পৰা (কিমান যে সূতা ছিঙিছিলোঁ!) পৰা আৰম্ভ কৰি বৰশী বোৱা, পানী হুৰাই লৈ মাছ ধৰা, মৰণা মৰা, কঠীয়া ৰুবলৈ গৈ বোকাত ভাৰসাম্য ৰাখিব নোৱাৰি পথাৰৰ কেঁচা আলি ভঙাৰ পৰা আৰম্ভ কৰি পুৱা গৰুৰ গাখীৰ খীৰাবলৈ গৈ গৰুৰ লাথো খাই পাইছোঁ! আঘোণ/পুহ মাহত যেতিয়া এনাইৰ ঘৰলৈ যাওঁ ধান দাবলৈ যাবলৈ ঠেহঁ ধৰো৷ নিদিয়ে যাবলৈ মামাহঁতে৷ কয় যে ‘দাৱনী আছে নহয়, তই ধান নাদালেও চলিব৷ ৰ’দত পুৰি ছাঁই ক’লা পৰিবলৈ কোনো দৰকাৰ নাই৷’ না, মই নাচোৰবান্দা৷ যামেই মুঠতে৷
দাৱনীবোৰে খচ্ খচকৈ তীব্ৰ ধাৰ থকা কাচিৰে ধুনীয়াকৈ এটা নিৰ্দিষ্ট জোখত ধানবোৰ কাটি মুঠা বান্ধে। মইয়ো মোৰ হাতখনত যিমান ধৰে সিমান জোখেৰে সোলোক-ঢোলোককৈ ধানৰ মুঠিবোৰ বান্ধোঁ৷(এতিয়াও মোৰ বাওঁহাতত কাচিৰে কটা দাগ আছে)৷ কোনোবা দিনা টিকটিকীয়া ৰ’দত কেৱল লেছেৰি বুটলোঁ নতুবা হোলাঙেৰে চেঁচু খান্দোঁ (চেঁচু খান্দোঁতেও পম/শিপা খেদাৰ মজাই বেলেগ)৷ এইবোৰৰ মাজতে দাৱনীসকলৰ লগত পকা ৰবাব টেঙাৰ সোৱাদো লওঁ নৰাৰ ওপৰত কাপোৰেৰে ঢাকি তৈয়াৰ কৰা অস্থায়ী ছাঁ ঘৰবোৰত বহি৷ এইবোৰৰ ভিতৰত এটা কথাই মোৰ বাবে অস্বস্তিকৰ আছিল আৰু সেইয়া আছিল ধাননিৰ পৰা ওভতি অহাৰ পাছত মামীহতেঁ হাত-ভৰি ধুৱাই দিয়া পৰ্বটো৷ ধান গছৰ ধাৰাল পাত, নৰাই আঁচোৰ পেলোৱা হাত ভৰি পানীৰ সংস্পৰ্শত আহিলে চেকচেকনিত ত্ৰাহি মধুসূদন দেখা যায়৷ কেঁচা মিঠাতেল সানি দিলে কিছুসময়ৰ পাছত যদিও চেকচেকনি কমে তথাপিও বহুত সময়লৈকে ফৰফৰাই থাকে৷

এনাইহঁতৰ ঘৰৰ পৰা অলপ আঁতৰেদি দিচাং নৈখন বৈ গৈছে৷ এই নৈখনৰ প্ৰতিও মোৰ এটা বেলেগ মোহ৷ খৰালি নৈখনৰ পানী শুকাই গৈ নৈৰ দুয়োপাৰৰ পানী এডিঙিমান আৰু মাজডোখৰত ভৰিৰ সৰু গাঁঠিলৈকে পানী থাকে৷ সেই সময়চোৱাত নৈৰ মাজখিনিত বালিৰে ঘূৰণীয়াকৈ ভেঁটা দি মাছ ধৰাৰ কৌশলো দেখিছিলোঁ৷ আমি প্ৰায়ে নৈৰ সিপাৰলৈ গৈ লোকৰ মাহনিৰ পৰা মাহ পুলিয়ে পুখাই উঘালি আনি জপলঙকৈ চিধাই নৈত জপিয়াইছিলোঁ আৰু পলাওঁতে মাছ ধৰিবলৈ বান্ধি থোৱা বালিৰ ভেটাবোৰ ভাঙি তচ্-নচ কৰি দৌৰি দৌৰি কাকা, বাহঁতৰ লগত ফোঁপাই জোপাই আনটো পাৰত উঠোহি৷ কেঁচা মাহ খোৱাতকৈ চোৰ কৰি পানীত ‘ডাইভ’ মৰাতহে চখটো বেছি! এনেদৰে এবাৰ জপিয়াওতে দ’ পানীৰ চাকনৈয়াত পৰি উটি যাবই ওলাইছিলোঁ৷ গুৰু ভাল আছিল, সৰু মামাৰ সৰু ল’ৰায়ে চুলিত থাপ মাৰি ধৰিহে বচালে সেইবাৰলৈ৷

এনেকুৱা দিনবোৰৰ মাজতে এটা আমোদজনক ঘটনা মনত পৰিলে এতিয়াও নিজৰে হাঁহি উঠি যায়৷ এদিন কাকাহতঁৰ মুখত বনকুকুৰাৰ কথা শুনা পালোঁ৷ নৈৰ কাষৰ চোমনিত বোলে ঢেৰ ওলায়৷ একেবাৰে হাতত সাৰে, ভৰিত সাৰে যাব লাগে ধৰিবলৈ৷ সিহঁতে মামাহঁত ঘৰত নথকাৰ সময়ত তালৈ যাবলৈ পাং পাতিলে৷ সিহঁতৰ কথা-বতৰা শুনি বনকুকুৰা কি চাবলৈ মোৰো মন গ’ল৷ নিনিয়ে মোক কোনোপধ্যে, কাৰণ তালৈ যাবলৈ হ’লে পানীৰে ভৰা ডাঙৰ দ হোলা মাত্ৰ একোডাল কাঠৰ কুণ্ডাৰে পাৰ হ’ব লাগে৷ কিন্ত মই জেদ লাগি ধৰাত মোক লগত নিবলৈ ৰাজি হ’ল৷ কথামতেই কাম৷ গলোঁ। সিহঁত আগে আগে আৰু মই লেমটো হৈ সিহঁতৰ পাছ ধৰিলোঁ। তাকো খালী ভৰিৰে, কাৰণ কাঠৰ কুণ্ডাৰে দ’ পানীৰ হোলাবোৰ পাৰ হ’ব লাগিব৷ মোৰ কাকাহঁতে পট-পটকৈ অনায়াসে কাঠৰ কুণ্ডা পাৰ হৈ গ’ল৷ মইয়ো সিহঁতৰ লগত তাল মিলাবলৈ গৈ ঠিক হোলাটোৰ মাজ পাওঁতেই থুলুককৈ প্ৰায় চৈধ্য ফুট মান তলত দ পানীত সৰি পৰিলোঁ৷ কাকাহঁতে কি হ’ল বুজিব পৰাৰ আগতেই ইটোপাৰত কাঠ ফালি থকা দুজন মানুহে মোক পানীৰ পৰা তুলি আনিলে৷ মই পানী খাই ত-ত্ভত্ হেৰুৱাই জলকা লাগিলোঁ যদিও মোক পানীৰ পৰা তুলি অনা মানুহ দুজনৰ এজনলৈ পেন্দোৱাকৈ চাইছিলোঁ কাৰণ তেওঁ প্ৰায় খঙৰ সুৰত কৈছিল “কি মতাকালৌ ছোৱালী হে এইজনী? কেনে মৰসাহ দেখিছানে৷ এইহেন দ হোলাটো পাৰ হ’বলৈ যায়!”…পাছত ডাঙৰ মামাক সোধোঁতে গম পালো মতাকালৌ মানে কি? অলপ গাতো লাগিল কাৰণ মোক কোনেও তেনেকৈ টানকৈ কথা নকৈছিল আৰু সেই দিনাৰ পৰা এনাইহতঁৰ ঘৰলৈ গ’লে কাকাহঁতৰ লগত কিছুমান অভিযান চলাবলৈ কমাই দিছিলোঁ৷

এতিয়াও মোৰ সন্তানদ্বয়ৰ যেতিয়া গৰমৰ বন্ধ আৰু বছৰেকীয়া পৰীক্ষাৰ পাছৰ বন্ধৰ সময়খিনিত বেলেগ কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ কথা ভবাৰ আগতে কিন্ত মোৰ মনটোৱে বাৰে বাৰে এনাইৰ ঘৰলৈ যাবলৈহে অহৰহ তাগিদা দিয়ে৷ সপোন যেন আছিল সেই সময়বোৰ!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক