স্মৃতি… সুবাসৰ (কৌস্তভমনি শইকীয়াদত্ত)


প্ৰত্যেক মানুহৰ মনৰ মাজত থাকে স্মৃতিৰ খনি । সেই খনিৰ অতল গহ্বৰত নিমজ্জিত হৈ থাকে অযুত সোঁৱৰণি … সুখ, দুখ, হতাশা, মৰম, ক্ৰোধ, ঈৰ্ষা আদি অনেক অনুভৱৰ স্মৃতি ।এই ইন্দ্ৰিয়াতীত অনুভূতি সমূহৰ বাহিৰেও বহুতো ইন্দ্ৰিয়গ্ৰাহ্য স্মৃতিও থাকে । যেনে- শব্দ, স্পৰ্শ আৰু গন্ধৰ স্মৃতি । এই ইন্দ্ৰিয়গ্ৰাহ্য স্মৃতিসমূহ বৰ শক্তিশালী হয়, যি মন আৰু মগজুক দি যায় কেতিয়াও পাহৰিব নোৱৰা অনুভূতি… যাক আমি অনুভৱ কৰো জীৱনজুৰি ।

 

মই অনুভৱ কৰো, মোৰ অনুভূতিৰ জগতখনৰ এটি অতি বিশাল অংশ জুৰি আছে কেৱল গন্ধ স্মৃতিয়ে । এনে লাগে যেন গন্ধহৈছে মনৰ মাজত স্মৃতিৰ সৌধ গঢ়িব পৰা আটাইতকৈ শক্তিশালী কাৰক । কিছুমান বিশেষ সুবাসে মোৰ মনৰ মাজত এনেদৰে থিতাপি লৈ আছে যে সেই সুবাস কেতিয়াবা হঠাতে নাকত লাগিলেই মই বৰ্তমানত নাথাকো । মই নিজে নজনাকৈয়ে সোঁৱৰণিৰ কুঁৱলীয়ে মোৰ বৰ্তমানক ঢাকি পেলায় আৰু মই বিচৰণ কৰোগৈ সেই সুবাসৰ সান্নিধ্যত কটোৱা অতীতৰ ৰম্যভূমিত ।

মোৰ মাই গা ধুই আহি সামান্য প্ৰসাধনৰ নামত সানে কিউটিকুৰা পাউদাৰ…. মই কেনেকৈ পাহৰিম সদ্যস্নাতা মাৰ গাৰ কিউটিকুৰা পাউদাৰৰ মিঠা গোন্ধ …। শৈশৱত গাঁৱৰ ঘৰলৈ গলে আইতাই জুইত গৰম কৰা গাখীৰ চিক্ চিকিয়া কাঁহৰ বাতিত খাবলৈ দিছিল । সামান্য ধোঁৱাৰ গোন্ধ থকা গাখীৰৰ সেই অনন্য মিঠা সুবাস এতিয়াও মোৰ বাবে সজীৱ । দেউতাই ৰন্ধা সুস্বাদু মাংস তৰকাৰীৰ গোন্ধ মনত পৰিলে ভৰি থকা পেটতো ক্ষুধা অনুভৱ কৰো । মাহ-হালধীৰ গোন্ধৰ লগত নিহিত আছে আন এক বিষাদ-মধুৰ স্মৃতি … মোৰ বিয়াৰ জোৰোণৰ নিশা নোৱাবৰ সময়ত মোৰ গাত মাহ-হালধী সানি দেউতা, খুৰা আৰু দাদাই কন্দাৰ স্মৃতিয়ে এতিয়াও মোৰ দুচকু ভৰাই পেলায় । কেনেকৈ পাহৰিম ফুলশয্যা নিশাৰ ৰজনীগন্ধা আৰু গোলাপৰ সুবাসৰ স্মৃতি ! ঠিক সেইদৰেই স্মৃতিৰ অবিস্মৰণীয় পুলক হৈ হৃদয়ত সাঁচ বহুৱাই থৈছে প্ৰিয় পুৰুষৰ শৰীৰত প্ৰথমবাৰৰ বাবে পোৱা এটি বিশেষ ব্ৰেণ্ডৰ ডিঅস্প্ৰেৰ সুবাসে ।

কিছুমান গোন্ধে চিৰ জীৱনলৈ দি যায় দুখৰ স্মৃতি…হেৰুৱাৰ স্মৃতি । মোৰ এজন অতি প্ৰিয় বন্ধুৰ মৃতদেহৰ কাষত জ্বলোৱা হৈছিল এক বিশেষ ব্ৰেণ্ডৰ ধূপ (যি ধূপৰ গোন্ধ আগতে মোৰ বৰ প্ৰিয় আছিল), সেই ধূপৰ গোন্ধ আজিকালি মই সহিব নোৱাৰো… অসহনীয় বেদনাত মনে কান্দি উঠে ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments