স্মৃতি ৰোমন্থন — পদ্মজা বৰুৱা মহন

যোৱা কেইমাহমান আগৰপৰা আমাৰ গাঁৱৰ আলিমূৰতে প্ৰতি দেওবাৰে সাপ্তাহিক হাট এখন বহিছে। তাকে লৈ গাঁৱৰ ডাঙৰ মানুহবোৰৰ লগতে সৰু ল’ৰাবোৰৰ গাতো তৎ নাই। ঘৰৰ ওচৰতে বজাৰ বহিছে, সিহঁতেও তাত কিনা-বেচা নকৰিলে কেনেকৈ হয়! কোনোবাই যদি ঘৰৰ বাৰীৰে শাক-পাচলি, কলডিল, টেঙা আদিকে দুটামান লৈ গৈছে, কোনোবাই ওচৰৰ হাবিৰপৰা ঢেঁকীয়া, কলমৌ, চেংমৰা দুমুঠিমান লৈ বিকিবলৈ গৈছে। তাকে দেখি আমাৰ পোনাটিৰ গাতো তৎ নাই; বোলে তাৰ লগৰবোৰ সবেই বজাৰলৈ যায়, গতিকে সিয়ো যায়।
মই বোলো থ পোনা, আগতে পঢ়ি শুনি ডাঙৰ মানুহ হৈ ল’। পাছত বজাৰ-সমাৰ কৰিবলৈ শিকিবি।
সি বোলে নহয়, তাৰ কিতাপতো বজাৰ ব্যৱস্থাৰ কথা-ৰ লেছন এটা আছে। এতিয়া সি যদি বজাৰলৈ নেযায় কেনেকৈ বজাৰৰ বিষয়ে জানিব!
এই কৰ’ণাকালত সৰু ল’ৰা বজাৰলৈ যোৱাৰ উপকাৰিতা-অপকাৰিতাৰ বিষয়ে তাক বুজাওঁতে বঢ়াওঁতে লাগিল এপৰ। তেনেতে সি মোক সুধিলে, “তুমি সৰুতে বজাৰলৈ গৈ পাইছিলা নে নাই মা…”
“গৈছিলোঁতো”- মই ক’লোঁ।
“কিমান সৰুতে গৈছিলা, কাৰ লগত গৈছিলা, বজাৰত কিনিবলৈ গৈছিলা নে বিকিবলৈ গৈছিলা..”
(এই যে শিশুবোৰ প্ৰশ্নৰ ভাণ্ডাৰ একোটাহে যেন…)
“ৰ’বা মই মনত পেলাব লাগিব….”
মই মনত পেলালোঁ… মনত পৰিল ল’ৰালিতে মই প্ৰথমবাৰৰ বাবে বজাৰত কুকুৰা বিকিবলৈ যোৱা কথা।
মই তেতিয়া এল.পি স্কুলত। চতুৰ্থ শ্ৰেণীমান পাইছোঁ হয়তো। এবাৰ কিবা কথাত মোৰো বজাৰলৈ যাবলৈ মন গ’ল। আই-পিতাইৰ আগত কৈ থাকোঁ মোৰো বজাৰলৈ যাবলৈ মন যায় বুলি।
কিছুদিন পাছতে….
সেইকেইদিন ঘৰত পইচা-পাতিৰ কিছু আটক হৈছিল। কুকুৰা এটা বিকিবলৈ আছিল। কিন্তু বজাৰলৈ নিয়া মানুহ নাই। তেনেতে পিতাদেউৱে ক’লে বোলে এই বৰ বজাৰলৈ যাওঁ যাওঁ কৈ থাকে আজি দদায়েকৰ লগত এইকে পঠিয়াই দিয়া।
মোৰো কি উৎসাহ জাগিল একেআষাৰে সন্মত হলোঁ। পিতায়ে আটোমটোকাৰিকৈ সাজি টোম এটাত ৰঙা ডাকোৱা কুকুৰাটো ভৰাই দিলে। দেওবাৰে পুৱাই মই দদাইদেউৰ লগত বজাৰলৈ বুলি ৰাওনা হ’লোঁ। খৰালি কাল আছিল। ঘৰৰপৰা দুখন পথাৰ ডেও মাৰি জলহু নামৰ বিল আৰু দুখন কঠীয়ানি পাৰ হৈ ম’হখুটি বজাৰ। প্ৰথম বজাৰলৈ যোৱাৰ আনন্দত মই জঁপিয়াই খপিয়াই দাইদেউৰ কাষে কাষে খোজকাঢ়ি গৈ গৈ ম’হখুটি বজাৰত উপস্থিত হ’লোঁ।
দদাইদেৱেও ভাৰ এখনত কিবাকিবি শাক-পাচলি বিকিবলৈ বুলি নিছিল। বজাৰ পায়েই তেওঁ মুকলি ঠাই এখনত বহিল আৰু মোকো টোমটো ৰাখি বহি থাকিবলৈ ক’লে। তেওঁ শাক-পাচলিবোৰ উলিয়াই বস্তা এখনত থ’লে৷ ময়ো কুকুৰাৰ স’তে টোমটো থৈ বজাৰৰ মানুহৰ ৰেহ-ৰূপবোৰ চাব ধৰিলোঁ আৰু মনে মনে ভাবি থাকিলোঁ কুকুৰা বিক্ৰী কৰি পোৱা টকাৰে কি কি কিনি লৈ ঘৰলৈ যাম।
এনেতে দেখোঁ হাতত কাগজ-কলম লৈ মানুহ এজন আমাৰ ফালে আহিল আমাৰ ওচৰতে ৰৈ টোমত থকা কুকুৰাটো চালে কাগজ টুকুৰাত কিবা লিখি মোক দি গুচি গ’ল। মই অবাক হৈ কাগজ টুকুৰা চাই দেখোঁ ২/ (দুই) বুলি লিখা আছে।
“সেইজন কোননো আৰু ইয়াত দুই বুলি কিয় লিখা আছে দাইদেউ”- মই বুজি নেপায় দদাইদেউক সুধিলোঁ।
“সেইজন হাটখোৱা। তই কুকুৰাটো বিকিলে দুটকা তেওঁক দিব লাগিব।”
কি…..বিৰাট খং উঠিল মোৰ। আৰে আমাৰ ঘৰৰ কুকুৰা, ধান-চাউল খুৱাই ডাঙৰ কৰিছোঁ আমি, আকৌ কেঁকোজেকোকৈ দাঙি ইমান দূৰত বিকিবলৈ আনিছোঁ তেওঁক কিয় পইছা দিম। মই কৈ উঠিলোঁ।
হাটখোৱাই বজাৰখন ডাকি লৈছে। তেওঁক দিবই লাগিব ভেদেঙীজনী। দদাইদেৱে ভেকাহি মাৰি কৈ নিজৰ শাক-পাচলি বিকাত মন দিলে।
মোৰ মনে কিন্তু নেমানিলে। সঁচাকৈ মই বজাৰত বেপাৰী আৰু গ্ৰাহকৰ বাহিৰেও হাটখোৱা নামৰ এবিধ প্ৰাণীও যে থাকে আৰু বস্তু বিকিলে বিক্ৰেতাই যে হাটখোৱাক পইছা দিব লাগে তেতিয়ালৈকে জনা নাছিলোঁ। সেয়ে মই মনতে ভাবিলোঁ কিয় দিম হাটখোৱাক দুটকা….! ময়েই বস্তু বিকিম আকৌ ময়েই পইছা দিব লাগিব। এনেকুৱা কথা হ’ব পাৰে নেকি। কেতিয়াও নিদিওঁ। দুটকা যদি তেওঁক দিব লগাই হয় তেন্তে কুকুৰাটো নিবিকোৱেই। ঘৰলৈ ঘূৰাই লৈ যাম। এইবোৰকে ভাবি ভাবি মই থমথমকৈ বহি থকিলোঁ।
সেই সময়লৈ কুকুৰাটোৰ ওচৰলৈ ইজন সিজনকৈ গ্ৰাহক আহিছিল।
“কুকুৰাটো তোক কেইটকাত বিকিবলৈ কৈছে ভেদেঙী?”- মই মনে মনে বহি থকা দেখি দদাইদেৱে সৰুকৈ সুধিলে।
“পঞ্চাশ টকাত।”- মই মুখ ওন্দোলাই ক’লোঁ। হাটখোৱাক এনেই এনেই দুটকা দিব লাগিব এই কথাই তেতিয়াও মোৰ মনটোক খাই আছিল।
“তেতিয়া হ’লে ষাঠি টকা বুলি ক’বি, তেতিয়া হে পঞ্চাশ টকা দিব।”- তেওঁ মোক পৰামৰ্শ দিলে।
“হাটখোৱা চাটখোৱাক পইছা দিবলৈ নাই দেই মই!”- বজাৰৰ মাজে মাজে ঘূৰি-ফুৰা হাটখোৱাজনলৈ চাই মই কোৱা কথাত দাইদেৱে হাঁহিবলৈ ধৰিলে।
“ধেৎ নেপায়। দিবলগাতো দিবই লাগিব।”- তেওঁ ক’লে।
কিছুসময় পিছতে মোৰ কুকুৰা আৰু দাইদেউৰ শাক-পাচলি বিক্ৰী কৰা শেষ হৈ গ’ল। মোৰ আজিও মনত আছে কুকুৰা বিক্ৰী কৰি পোৱা টকাৰে মই ঘৰত কৈ যোৱা মতে তেল-নিমখ -চাবোন আদিৰ উপৰি প্লাষ্টিকৰ খাৰু এযোৰ আৰু চুলি বন্ধা ৰাবাৰ এডাল আনিছিলোঁ।
খুউব সম্ভৱ পঁচপন টকাত মই কুকুৰাটো বিকিছিলোঁ। অ’ আৰু হাটখোৱাকো দুটকা দি আহিছিলোঁদেই!
(এতিয়া, যেতিয়া এটা মতা কুকুৰা সাত-আঠশ টকাত বিকোঁ বা কিনো সেই পঁচপন টকাত বিকা কুকুৰাটোলৈ মনত পৰে। কি দিন কি হৈ গ’ল ঐ..)
তাৰ পিছত পৰিস্থিতিৰ তাগিদাত পৰি ল’ৰালিতে কেইবাবাৰো বজাৰত বিক্ৰী কৰাৰ অভিজ্ঞতা হৈছে। ম’হখুটি, নেমুগুৰি বজাৰত ঘৰৰ বালীয়া বগৰী, পদিনা, কেৰেলা..
পিছে এতিয়া নিজৰ ল’ৰাক কৈছোঁ বোলো ভালকৈ পঢ়। প্ৰথমে পঢ়ি শুনি বৰ মানুহ হ। তাৰ পিছত বজাৰ-সমাৰ কৰিবলৈ শিকিলেও হ’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক