স্মৰণ: ভবেন্দ্ৰ নাথ শইকীয়া — ঊষামণি কাকতি

স্মৰণ: ভবেন্দ্ৰ নাথ শইকীয়া

— ঊষামণি কাকতি

বিপুলৰ মাকে কাটি থকা জিকাটোৰ ছবিখনে আজিও মোক আমনি কৰে৷ সেই যে ’মৰমৰ দেউতা’ উপন্যাসখনৰ বিপুল৷ মৰমলগা ঘৰখনৰ অশান্তিৰ কাৰক৷ নৱমশ্ৰেণীত থাকোতে বিজ্ঞানৰ পুথিৰ মাজত লুকুৱাই লুকুৱাই পঢ়িছিলোঁ মৰমৰ দেউতাখন৷ তেতিয়াই মনত থাকি গ’ল লেখকজনৰ নাম৷ তাৰপাছত তেওঁৰ লেখা পালেই পঢ়ো৷ কি যে অপূৰ্ব সোৱাদ! প্ৰতিটো লেখাতে যেন একোখন ছবি৷ চকুৰ আগত ভাঁহি থাকে প্ৰতিখন ছবি৷

তাৰপাছতে হাতত পৰিছিল প্ৰান্তিক৷ বেটুপাতৰ পৰা শেষপৃষ্ঠালৈকে একো বাদ পৰা নাছিল৷ প্ৰতিটো শেষপৃষ্ঠাত তেখেতেৰ শুই উঠাৰ সময়টো দেখি আজিও লাজ পাওঁ৷ পাঁচ-ছয় বজাৰ পৰা পাছলৈ নেযায় দেখোন!

লাহে লাহে গল্প-উপন্যাস, নাটকত হাত পৰিল৷ তেওঁৰ প্ৰতিটো গল্পৰ প্ৰতিখন চিত্ৰ হৃদয়ৰ পৰা মচিব পৰা নাই আজিও৷ ‘গ্ৰহণ’ৰ বুঢ়াজনে আজিও যেন বাটৰ মানুহ মাতে৷ ‘সনাতন’ৰ পৰ্দাখন দুলি থাকে মোৰ মনৰ চকুত৷ পাকঘৰৰ পৰ্দাখনত মুকুলৰ নবৌয়েকে হালধি লগা হাতখন মচে৷ মতিয়ে মচে চৰু চাই৷ বাকীথকা অংশটোত মুকুলৰ নবৌয়েকে মচে চকুপানী৷ নতুন পৰ্দাবোৰৰ মাজত সেইখন পৰ্দাক এজাক কলেজীয়া গাভৰুৰ মাজৰ বুঢ়ী চকিদাৰণী যেন লাগে৷ তেনেকুৱা এখন পৰ্দা নথকা বাবেই নিৰ্মালীৰ গা ধুবলৈ ‘লাজ লাগে’৷ তেনেকুৱা এখন পৰ্দাৰ ফাঁকেৰে ‘খনিকৰ’ৰ পেস্কাৰৰ ঘৰৰ চাৰিজনী কানসমনীয়া ছোৱালীয়ে দুৱাৰডলিত বাটৰ মানুহ চাবলৈ হেঁচা-ঠেলা কৰে৷ সিহঁতকেইজনীক গল্পকাৰৰ ’গাঁৱৰ আঁহত গছৰ তলৰ দোকানত এফালে আয়না লগোৱা টিনত ভৰাই বেচিবলে থোৱা দীঘল দীঘল, বেঁকা-বেঁকি বিস্কুট যেন লাগে৷ ’

‘বানপ্ৰস্থ’ৰ চাৰু-তৰুকো পাহৰা নাই! চাৰুৱে পিন্ধা শাৰীখনৰ বৰ্ণনাটোৱে মোক আজিও ব্যাকুল কৰে৷ ‘ফিচিকাবোৰ যেন শাৰীখনৰ ডিজাইনৰ ফুলবোৰৰ লেৰেলা পাহি, আমনি কৰিলেই সৰি পৰিব আৰু ফুলৰ নামত ঠাৰি একোডালহে থাকিব৷ ’

ছবিবোৰ চকুৰ আগত ভাঁহি আছে৷ ৰঙ-তুলিকাৰে নহয়! কলমেৰে অঁকা ধুনীয়া ধুনীয়া ছবি৷ যিমানে পঢ়ো সকলো নিজৰ চকুৰে দেখা যেন অনুভৱ কৰোঁ৷ সেয়া গল্পই হওক…নাটকেই হওক অথবা উপন্যাসেই হওক৷ চিনেমাবোৰৰ কথা নক’লোবে বাৰু! তথাপি মনত পৰে অগ্নিস্নানৰ এটি ক্ষুদ্ৰ দৃশ্যত লুকাই থকা গভীৰ ব্যঞ্জনা৷ মহীকান্তই দ্বিতীয় পত্নী গৰ্ভৱতী হোৱাৰ বতৰা পোৱাৰ পাছত দেখুওৱা হৈছে– মেনকাই গা-মূৰ ধুই কাপোৰ মেলা দৃশ্য৷ এক চেকেণ্ডৰ বাবে দেখুওৱা হৈছে মেনকাৰ চুলিৰ পৰা টুপটুপ কৈ মাটিত পৰা কেইটোপালমান পানী৷ সেই পানীকেইটোপাল যেন পানী নহয়! মেনকাৰ ৰজস্বলা হৈ থকাৰ প্ৰতীকি ব্যঞ্জনা৷ তাইৰ সন্তান জন্ম দিয়াৰ সক্ষমতাৰ ইংগিত এটা সেই দৃশ্যটো৷

সাহিত্যৰ সোৱাদ বহু ল’লো৷ কিন্তুু ভবেন্দ্ৰ নাথ শইকীয়াৰ বাদে কাৰো লেখাত ইমান অপূৰ্ব সোৱাদ পোৱা নাই৷ আজি ১৩ আগষ্ট, তেখেতৰ মৃত্যুতিথি৷ সেই আপাহতে প্ৰিয় লেখকগৰাকীলৈ একাঁজলি শ্ৰদ্ধা নিবেদন কৰিছোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments