সৰাপাতৰ সুবাস সিঁচি (অনামিকা বৰুৱা)

(ক)
পাৰ হৈ যাব খুজিও ৰৈ গ’ল ৰেহান। চাওঁ-নাচাওঁকৈ উভতি চালে। সেই একেই স্নিগ্ধ, শান্ত সমাহিত পোহৰ পোহৰ লগা চিনাকি মুখ। অবাক হৈ ক’ব নোৱাৰাকৈয়ে থৰ লাগি চালে সুবাসনাৰ মুখলৈ। একেই আছে তাই। মাত্ৰ পকা চুলি দুডালমানে ভুমুকি মাৰিছে মাজে মাজে। পাতল ওঁঠ দুটাত মিচিকিয়া হাঁহিটো লাগি আছে। উজ্জ্বল দুচকুত কৌতুকৰ তিৰবিৰণি আগৰদৰেই। অসম্ভৱ ধুনীয়া তাইৰ চকু দুটা। সি প্ৰায়ে কৈছিল “তোমাৰ দুচকুৰ নীলাখিনিত মোৰ সদায়ে ডুবি থাকিবৰ মন যায় সু। তুমি কাজল সানিবা চকুত। মোৰ ভাল লাগে। ওঁঠত ডাঠ ৰঙৰ লিপষ্টিক কেতিয়াও নাসানিবা দেই। ডাঠ ৰঙেৰে বুলালে তোমাৰ ওঁঠযুৰি আৰু মোহনীয় হৈ উঠে। আনে তোমাক ৰৈ ৰৈ চাওক সেয়া মোৰ সহ্য নহয়। তুমি মোৰ। তোমাক তেনেকৈ ৰৈ ৰৈ তধা লাগি চোৱাৰ অধিকাৰ অকল মোৰহে আছে বুজিছানে? শুনিছানে নাই কি কৈছো?” “শুনিছোঁ অ’ বাবা শুনিছোঁ” বুলি পাহাৰৰ নিজৰাৰ দৰে কলকলাই বৈ আহে হাঁহিৰ নিজৰা। তৃপ্তিত আশ্বস্ত হৈ উঠে ৰেহান! আজিও তাই চকুত কাজল সানিছে। ওঁঠত পাতল গুলপীয়া ৰঙৰ লিপষ্টিক। চকুৰ তলৰখিনি অলপ ক’লা পৰিছে নেকি! কিন্তু সেইখিনিয়ে তাইক আৰু মোহনীয় কৰি তুলিছে। কিমান বছৰ হ’ল বাৰু তাইৰ স’তে এৰা-এৰি হোৱাৰ? বিছ বছৰ ? বাইছ বছৰ? নে তাতোকৈ বেছি? নাঃ সঠিককৈ একো মনত পৰা নাই ৰেহানৰ। খালি হৈ গৈছে মূৰৰ ভিতৰখন। বুকুৰ ভিতৰতহে যেন পাতল বতাহ এজাকে বা-মাৰলি তুলিছে! অজানিতে মূৰটো জোকাৰি দিলে ৰেহানে। মন আৰু মগজুৰ মাজত সংযোগ ঘটাব নোৱাৰিলে সি তেনে কৰে। লগৰ সকলোৱে জানে সেই কথা।
 
: একেই আছা তুমি ৰেহান। অলপো সলনি নহ’লা!
: তুমিওতো একে আছা সু!
: মোৰ সলনি হ’ব লগাকৈ একো নাছিলেই দেখোন ৰেহান! সালসলনিৰ কচৰৎ তুমিহে কৰিছিলা। তথাপি সলনি নহ’লা যে!
: মানুহে ভাবিলেই সকলো নহয় সু। বিধাতাই দিলেহে হয়। বাদ দিয়া সেইবোৰ। তুমি ভালে আছা?
: আছোঁ ৰেহান, ভালে আছো। ভালে আছো দেখিয়ে আজি অকস্মাৎ তুমি মোক ইয়াত এনেকৈ দেখা পালা। তুমি ভালে আছা নে?
: আছোঁ আৰু।
কথাৰ মাজতে সুবাসনাৰ উকা কপাললৈ চকু গ’ল ৰেহানৰ। কিবা সুধিব খুজিও সুধিব নোৱাৰিলে…..
 
(খ)
মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ গায়িকা লিপিকাক বেঢ়ি ধৰি কোৰ্হাল কৰি আছে ছোৱালীজাকে। সকলোকে পাৰ্টী লাগে। গৰম গৰম চিঙৰা, মটৰ ঘূগনী আৰু চাহ। কলেজ কেণ্টিনৰ মেনেজাৰ বিপিন কায়ে খদমদম লগাই দিয়ে। এই ছোৱালীহঁতৰ কিবা অৰ্ডাৰ থাকিলে বৰ বিপদ। সিহঁতে বিচৰামতে যোগাৰ দিব নোৱাৰিলে চিঞৰ-বাখৰ কৰি কাণ ঘোলা কৰি দিয়ে। ল’ৰাহঁতক অলপ দাবী ধমকি দি ৰাখিব পৰা যায় যদিও এই ছোৱালীমখাক জোকাই লোৱাৰ সাহস নহয় বিপিন কাইৰ। দুজনীমানৰ যিহে লাওপাত কচুপাত মুখ! ধেমালিতে হ’লেও সেইকিজনীৰ কথা-বতৰাই মূৰৰ ঘাম উলিয়াই দিয়ে বিপিন কাইৰ। পঞ্চাছৰ দেওনা পাৰ হ’বৰ হ’ল মানুহজনৰ। তথাপি ঘৰ-সংসাৰ নকৰিলে। সেই লৈয়ে বহুতে বহুত কথা কয়। কথাবোৰ বিপিনকাইৰো কাণত পৰে যদিও গাত লগাই নলয়। জানে লগাই লাভ নাই। দুদিনৰ লগ এইবোৰ। লগনো কি আৰু? সিহঁতে স্কুল এৰি উচ্চ শিক্ষা বিচাৰি কলেজত পঢ়িবলৈ আহিছে। পঢ়া শেষ হ’ব কলেজ এৰি গুচি যাব। ভাগ্যৰ অম্বেষণত কোন ক’লৈ যাব তাৰ কোনো ঠিকনা নাই। মিছাতে হিয়া উদঙাই দি কি হ’ব? কোনেও কাকো মনত নাৰাখে। সকলো চকুৰ চিনাকি। কোনেও হিয়াত কাৰো ছবি আঁকি নুফুৰে।
 
: বিপিন কাই, আজি আমাৰ ভাগত চাহ-তাহ কিবা পৰিবনে নাই? অকল ছোৱালীসোপাক খুৱাই থাকিলে নহ’ব কিন্তু। সিহঁতৰহে মুখ আছে নেকি? আমাৰো আছে। দস্তুৰমত আমাৰো ৰেহানে শ্ৰেষ্ঠ তাৰ্কিক হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। গতিকে আমিও পাৰ্টী খাব লাগে। এই কাউৰীবাহক কিমান চাহ-চিঙৰা খুৱাই থাকে আৰু?
: হেৰৌ বহচোন খাবলৈ পাবি নহয়। সেইজাকক কিয় জোকাই ল’ব লাগেনো?
: আৰে তুমি সিহঁতক ইমান ভয় কৰা কিয়? সিহঁত কিবা বাঘ নেকি যে তোমাক খাই পেলাব? নে ভূত প্ৰেত কিবা তোমাৰ গাত লম্ভিবগৈ?
: আমি সেইবোৰ একো নহ’লেও আমাৰ যে বহুত শক্তি আছে সেইয়া বিপিনকায়ে জানে বুজিছা বোপাইহঁত। মুখেৰে দেখুৱায় কেটেৰাই মাতিলেও ভিতৰি যে বেথাকণ আছে আমি বুজি পাওঁ। বেছিকৈ হৈ হুলস্থূল নকৰি অলপ অপেক্ষা কৰা। আমি প্ৰথম আহিছোঁ গতিকে আমাৰ আগভাগ। পাছে ৰেহানৰ পাৰ্টীৰ ভাগ আমিও পাব লাগে দেই। মনে মনে কাৰোবাক দিয়াতকৈ লগে ভাগে সকলোকে দিলে আনন্দকণ দুগুণ হৈ উঠিব নে কি কোৱা ৰেহান?
জুপিতৰাৰ পোনপটীয়া আক্ৰমণত লাজত ৰঙা-চিঙা পৰি উঠে ৰেহান। ছোৱালী দেখিলে এনেই ঘামি উঠে সি। তথাপি সুবাসনালৈ লুকাই চুৰকৈ চায়। কিয় চায় সি ক’ব নোৱাৰে। বহুদিন সুবাসনাৰ চকুত ধৰা পৰি গৈছে। চকুৱে চকুৱে পৰিলেই তাই ধুনীয়াকৈ হাঁহে। সি লাজত তলমূৰকৈ আঁতৰি যায়। সিহঁতৰ এই চকুৰ খেল সকলোৱে গম পাইছে। লগৰবোৰে সুবাসনাক ৰেহানৰ কথা কৈ জোকাবলৈ লৈছে। ৰেহানকতো লগৰ কেইটাই ডেটিং মাৰিবলৈ উচতাই আছে। চোৱাৰ বাহিৰে তাইক ভালকৈ মাত এষাৰেই লগাই পোৱা নাই তেনেস্থলত ডেটিং! মানুহ মাৰিব এইকেইটাই। কল্পনাত ডুব যায় ৰেহান। সুবাসনাৰ শান্ত ধুনীয়া মুখখনে তাক আমনি কৰে। গভীৰ নীলা চকুযুৰিয়ে তাক হাত-বাউলি মাতে। মনৰ বাহিৰে-ভিতৰে এক উত্তাপ অনুভৱ কৰে ৰেহানে….
 
(গ)
: মোৰ ভয় লাগে ৰেহান!
: কি ভয় লাগে সু?
: নাজানো ৰেহান। কিন্তু কিবা এক অনিশ্চয়তাই মোক খুলি খুলি খায়।
: মোক বিশ্বাস কৰা?
: নিজতকৈ বেছি কৰোঁ।
: তেন্তে কিয় ভয় কৰা? নকৰিবা। মই আছো নহয়। মোৰ বাবে তুমিয়েই সকলো। তোমাক বাদ দি মই অসম্পূৰ্ণ সেই কথা তুমিও জানা।
: কিন্তু ৰেহান, আমাৰ মৰম-ভালপোৱাৰ বাহিৰে যে আমাৰ মাজত একোৰেই মিল নাই?
: আস্ আকৌ সেইবোৰ উলিয়াইছা। তোমাক আৰু কিমান কম সেই বাজে কথাবোৰ ভাবি মূৰটো নষ্ট নকৰিবা বুলি। আৰু এবাৰ ক’লে খং উঠিব মোৰ!
: আচ্ছা বাবা নকওঁ। এই কাণত ধৰিলো চোৱা খুচ?
: জানা সু তোমাৰ কথা ভাবিলেই মোৰ তোমাৰ কাষলৈ উৰা মাৰি গুচি আহিবৰ মন যায়।
: সেই কালিদাসৰ যক্ষৰ দৰে?
: অঁ। আগৰ দিনৰ দেৱতা-অসুৰবোৰৰ দৰে মন গ’লেই য’লৈ ত’লৈ গুচি যাব পৰা হ’লে মই তোমাৰ হাঁহিটোলৈ মনত পৰিলেই তোমাৰ কাষলৈ গুচি আহিলোঁহেঁতেন।
: কিয় কি আছে মোৰ হাঁহিটোত?
: তাতেইতো লুকাই আছে মোৰ জীৱন সুধা। তুমি নুবুজিবা। তোমাৰ দুচকুৰ নীলাত ডুব গৈ তোমাৰ হাঁহিৰ অমিয়া ৰূপ পান কৰি মই যুগ যুগ পাৰ কৰি দিব পাৰিম এনেদৰে বহি বহি তোমাকে চাই চাই।
: বেছি হৈ গ’ল। এই ব’লা এতিয়া বেলি ডুব গ’ল। আন্ধাৰ হৈ আহিছে দেখা নাই।
: দেখিছো কিন্তু মোৰ তোমাক এৰি দিবৰ মন যোৱা নাই।
: কাইলৈ আকৌ লগ পাম নহয়!
: পৰীক্ষাৰ পাছত তোমাক আৰু লগ নাপাম যে মই কেনেকৈ থাকিম?
: কিমান দিননো? ফলাফল ওলোৱাৰ পাছত আকৌ লগ পামেই দেখোন!
: বহুত দিন তেতিয়ালৈ। তোমাক নিশাটো নেদেখাকৈ থাকোঁতেই মোৰ উশাহ বন্ধ হ’ব খোজে আৰু তুমি এনেকৈ কৈছা!
: কি কৰিবা তেনে মোকো টোপোলা বান্ধি লগতে লৈ যোৱা। ইমান আকুলতা ভাল নহয় ৰেহান।
: ভাল-বেয়া মই সেইবোৰ নুবুজোঁ। বুজিবও নোখোজোঁ। তোমাক নাপালে মই পাগল হৈ যাম।
: ধেত্ তেনেকৈ নকবা। মই তোমাৰ কেৱল তোমাৰ। জনমে মৰণে আমি একাত্ম হৈ ৰম। কথা দিছোঁ তোমাক।
: সু, তোমাক যদি কিবা এটা খোজোঁ দিবা?
: মোৰ সকলো তোমাৰেই দেখোন ৰেহান!
: আহাঁ তেন্তে আজি মোৰ মাজতেই লীন হোৱা। যোৱাৰ আগতে তোমাক মোৰ মাজত ধাৰণ কৰি লৈ যাওঁ পুনৰ লগ নোপোৱালৈকে। তাকে সাৱটি মই পাৰ কৰিম প্ৰতিটো পল অনুপল। মোৰ তেজৰ প্ৰতি টোপাল বিন্দুত কঢ়িয়াই লৈ যাওঁ তোমাৰ দেহৰ গোন্ধ। মোৰ উশাহত গাঁঠি লওঁ তোমাৰ মৰমৰ উত্তাপ। মোৰ আকুল বক্ষত আঁকি দিয়া তোমাৰ উষ্ণ নিশ্বাস। ভালপোৱাৰ বলীয়া বানে উটুৱাই নিয়ক এই ক্ষণ এই প্ৰহৰ। আহাঁ সু, এই নদী, এই গছ-লতিকা, এই মুকলি আকাশ, এই বিশাল ধৰিত্ৰীক সাক্ষী কৰি তুমি-মই আমি হওঁ…..
 
(ঘ)
সময়বোৰ পাৰ হৈ যায়। তলসৰা বকুল বুটলি মালা গাঁঠে সুবাসনাই। বকুলৰ সুবাসে সুবাসিত কৰিব ৰেহানক লগ পোৱাৰ মধুৰ সময়খিনি। অধীৰ আগ্ৰহেৰে ৰেহানৰ এখন চিঠিৰ বাবে অপেক্ষা কৰে সুবাসনাই। এখন দুখনকৈ কেইবাখনো চিঠি লিখিলে তাই ৰেহানলৈ। উত্তৰ নাই। তথাপি আশাৰে বাট চায় তাই প্ৰতিদিনে ৰেহানৰ চিঠিলৈ। গুনগুণাই গান গায় আপোনমনে। সপোন ৰচে অদেখা ভৱিষ্যতক লৈ। সপোনতেই ৰেহানৰ বুকুত মূৰ থৈ টোপনি যায়। গা-ধোৱা ঘৰত সোমাই আঙুলিৰে চুই চায় সমগ্ৰ শৰীৰ। হাত-মুখ-চকু-ওঁঠ-কপাল সকলোতে লাগে আছে ৰেহানৰ তপত স্পৰ্শ। বিদায় বেলাত প্ৰতিশ্ৰুতি দিছিল ৰেহানে খুব সোনকালেই তাইক সি তাৰ লগলৈ লৈ যাব। তাইৰ স’তে এই বিচ্ছেদ তাৰ বাবে অসহনীয়। এইবাৰ সি ঘৰত গৈ সিহঁতৰ বিষয়ে কথা পাতিব আৰু নিজাকৈ কিবা এক কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ’লেই সি তাইক লৈ যাব। ৰেহানৰ সৰু সৰু আব্দাৰ, সৰু মান-অভিমানবোৰলৈ মনত পেলায় দুহাত সাৱটি অকলেই হাঁহি পেলায় সুবাসনাই। কি যে নহয় ৰেহানটো! প্ৰথমে তাইক মাতিবই পৰা নাছিল। কেৱল সুবিধা পালেই তাইলৈ ৰ’ লাগি চায়। তাই তালৈ চালেই লাজত তলমূৰ কৰি আঁতৰি যায়। তাৰ লাজ দেখি তাইৰ হাঁহি উঠে। আৰু তাইৰ হাঁহিয়ে তাক বলিয়া কৰে। দূৰলৈ আঁতৰি গৈ সি পুনৰ তাইলৈ উভতি চায় আৰু জান-নাজানকৈ তাৰ ওঁঠতো এটা মিচিকিয়া হাঁহি ফুটি উঠে। তাইৰ মায়া লাগি যায়। অব্যক্ত মৰমত বুকুখন ভৰি উঠে। ভালপোৱাই গজালি মেলে। সৰস্বতী পূজাৰ দিনা তাই এযোৰ নীলা সাজ পিন্ধিছিল। দীঘল চুলিটাৰি মেলি হাতত ধূপ-চাকি লৈ পূজা বেদীলৈ আগবাঢ়োঁতেই অকস্মাৎ আহি ৰেহানে খুন্দা মাৰি দিলে। তাইৰ হাতৰ ধূপ-চাকি ক’ৰবাত উফৰি পৰিলগৈ। বেচেৰাই চ’ৰী চ’ৰী বুলি তাইৰ বস্তুবোৰ তুলি দিলেও মাটিৰ চাকি ভাগি চুৰমাৰ হ’ল। দোষী দোষী ভাৱেৰে কিছু সময় তাইলৈ চাই “পাঁচ মিনিট ৰ’বা” বুলি সি পুনৰ হোষ্টেললৈ দৌৰ দিলে। হাতত এটা নতুন চাকি লৈ সি উভতি আহিল। একেলগে চাকি জ্বলালে দুয়ো। সেৱা কৰি উঠি এই প্ৰথম মুখামুখিকৈ কথা পাতিলে সিহঁতে। একেলগে অঞ্জলি ল’লে। প্ৰসাদ খালে। নোকোৱাকৈয়ে বহুত কথা ক’লে ইটোৱে সিটোক। লাজৰ আৱৰণ ফালি এইবাৰ পোনপতীয়াকৈ ৰেহানে তাইৰ চকুলৈ চালে। তাইক ক’লে-
: তোমাৰ চকুযুৰি সঁচাই বৰ ধুনীয়া।
: হয় নেকি?
: হয়। তোমাৰ চকুৱে মোক ৰাতি ৰাতি শুব নিদিয়ে।
: ধেৎ!
: মিছা নাই কোৱা। একদম সঁচা কৈছো। এই বিদ্যাদেৱীৰ শপত।
: “অ’ই ৰেহান তই ইমান আস্তিক কেতিয়াৰ পৰা হ’লি? আৰু তই পূজা কৰিব খুজিছ কৰ সেইবুলি তই মোৰ চাকিখনহে চুৰ কৰিবলৈ পালি নে? চুৰ কৰা চাকিৰে পূজা কৰিলে দেৱীয়ে তোৰ লগ দিব বুলি ভাবিছ নেকি? এনেই মোৰ এই বছৰ অৱস্থা বেয়া। দেৱীক ভালকৈ পূজা-অৰ্চনা কৰি এইবাৰলৈ মোলৈ কৃপা কৰিব বুলি চাকি-তাকি যোগাৰ কৰি থৈছিলোঁ আৰু তই চালা মোৰ চাকিখন চুৰ কৰি মোৰ পূজাভাগ আধাৰুৱা কৰিলি। তোক আজি মই..” বুলি বকি-জঁকি হোষ্টেলৰ আটাইতকৈ দোৰ্ঘোৰ ভক্ত বুলি খ্যাত অনিমেষে ৰেহানৰ ফালে খেদি অহা দেখি গোটেইমখাই হু-হুৱাই হাঁহি উঠিল। ৰেহানে তাক দেখি অলপ থতমত খালে যদিও তাৰ লগৰকেইটাই অনিমেষক প্ৰায় জোৰ কৰিয়ে তাৰ পৰা আঁতৰাই নিলে। সুবাসনাই তালৈ ঘোপাকৈ চোৱা দেখি ৰেহানে কাণত হাত দি জিভা মেলি চ’ৰী বুলি কৈ মাফ খুজিলে। ক’ব নোৱাৰাকৈয়ে সুবাসনাই তাক মাৰিবলৈ হাত দাঙিও ৰৈ গ’ল….
 
(ঙ)
“Rehan Aditya Roy Choudhury weds to Nishita Goswami” বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হাতত লৈ থৰ লাগি চালে সুবাসনাই। দিনৰ পাছত দিন মাহৰ উপৰি মাহ বাট চোৱাৰ পাছত ৰেহানৰ পৰা অহা চিঠিখন হেঁপাহেৰে মেলি পঢ়িব খুজোঁতেই প্ৰজাপতিৰ চিহ্নটোৱে বাকৰুদ্ধ কৰি পেলালে সুবাসনাক। কাক অবিশ্বাস কৰিব তাই? নিজক নে ৰেহানক? তাইৰ মৰমৰ সেই জোৰ নাছিল চাগে সেয়ে ৰেহানক বান্ধি ৰাখিব নোৱাৰিলে। নে ৰেহানৰ আত্মবিশ্বাস নাছিল তাইৰ ভালপোৱাৰ মৰ্য্যদা ৰাখিবৰ জোখাৰে? কাক দোষাৰোপ কৰিব এতিয়া তাই? সময়ক নে ভাগ্যক? ৰেহানলৈ বুলি সাঁচি থোৱা মৰমবোৰ তাই এতিয়া কি কৰিব? তাৰ সৈতে দেখা সপোনৰ টুকুৰাবোৰ ক’ত কবৰ দিব? এৰি থৈ অহা দিনৰ স্মৃতিবোৰকেইবা ক’ত সুমুৱাই থ’ব? আছে জানো তাইৰ মনত ইমানবোৰ সুকীয়া সুকীয়া কোঠা য’ত সুখ-দুখ-হাঁহি-কান্দোনবোৰ ভাগে ভাগে তলা মাৰি থ’ব? তাইৰ হাঁহি দেখি বলিয়া হোৱা ৰেহানতো আৰু নাই। ৰেহানে তাৰ সমস্ত অনুভূতি বন্ধকত থৈ বিদেশলৈ গ’ল গৱেষণা কৰিবলৈ নিশিতাৰ হাত ধৰি। আৰু তাইলৈ থৈ গ’ল ব্ৰহ্মপুত্ৰৰ পাৰৰ এটি ধূসৰ সন্ধিয়াৰ কোনোদিনে মোহাৰিব নোৱাৰা সুবাসিত বিস্মৃতিৰ একাঁজলি। মনৰ কোণ এটাত মৈদাম সাজি সুবাসনা উভতি গ’ল বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ সোৱাদ ল’বলৈ। ডক্তৰেট ল’লে। নিজৰ ভৰিত নিজে থিয় দিলে। ৰক্তিমক মানুহ কৰিলে। ৰক্তিমক ডাঙৰ কৰাতেই জীৱন পাত কৰিলে সুবাসনাই। ৰক্তিম এতিয়া সুপ্ৰতিস্থিত। বিবাহযোগ্য ৰক্তিমৰ বিয়াৰ বাবে মাকে ছোৱালীৰ খবৰ কৰিছে। কিন্তু ৰক্তিমে ইমান সোনকালে বিয়া নাপাতে হেনো। সৰুৰে পৰা মাকে তাৰ বাবে কিমান কষ্ট কৰিছে সি দেখিছে। সেয়ে সি প্ৰথমে মাকৰ লগত তাৰ সময় অতিবাহিত কৰিব, মাকক সি সকলোখিনি দিব তাৰপাছতহে সি বিয়াৰ কথা ভাবিব। ক’লৈকো ওলায় নোযোৱা মাকক সি জোৰ কৰিয়ে উলিয়াই আনিছে এক’লেণ্ডলৈ। সি জানে মাকে পানীত নানামে কিন্তু তাৰ সৈতে প্ৰতিটো মুহূৰ্ত তেওঁ উপভোগ কৰে। সেয়ে সি মাকক কেণ্টিনত বহুৱাই থৈ লগৰ কেইটাৰ লগত পানীত নামিলগৈ। এঘণ্টামানৰ মূৰত সি মাকক এবাৰ চাবলৈ আহি দেখে মাকৰ সন্মুখত ৰৈ কোনোবা এজনে কথা পাতি আছে। সি ভালপালে মাকে চিনাকি কাৰোবাক পোৱা দেখি। ওচৰ চাপি আহি দেখিলে সেইয়া আন কোনো নহয় ৰেহান আদিত্য ৰয় চৌধাৰী, তাৰ দেউতাক।
 
: দেউতা, তুমি অসমত? কেতিয়া আহিলা?
: দেউতা????? তুমি?
: মোৰ ল’ৰা ৰেহান। ইচ্ছা কৰা হ’লে তোমাৰ পৰিচয় লুকুৱাই ৰাখিব পাৰিলোঁহেঁতেন কিন্তু মই নিজক ফাঁকি দিব নুখুজিলোঁ। সি জানে তুমি তাৰ দেউতাক কিন্তু তাৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই।
: কিন্তু সু তুমিতো মোক এবাৰ ক’ব পাৰিলাহেঁতেন?
: কি ক’লোঁহেঁতেন তোমাক? কোৱাহ’লে তুমি কি কৰিলাহেঁতেন? বিদেশ যাত্ৰা বাতিল কৰি মোৰ কাষলৈ ওভতি আহি মোক কৃপা কৰিলাহেঁতেন? নিজক পুতৌৰ পাত্ৰ সজাবলৈ মন নগ’ল ৰেহান। মইতো কোনো ভুল কৰা নাছিলোঁ। বিশ্বাসেৰে, সমগ্ৰ সত্তাৰে তোমাক মোৰ বুলি আদৰি লৈছিলোঁ। জাহ গৈছিলোঁ তোমাৰ মাজত। তুমি তোমাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলা। মই মোৰ কথা ৰাখিলোঁ। তোমাত বাদে আন কাকোৱেই মোৰ বুলি আঁকোৱালি ল’ব নোৱাৰিলোঁ। কিন্তু বৰ্তমানে তুমি মোৰ অতীত। ৰক্তিমৰ বাৰ্থ চাৰ্টিফিকেটত তোমাৰ নামৰ আগত লে’ট্‌ লগাই থোৱা আছে। ভয় নকৰিবা। তোমাৰ বৰ্তমানত আমাৰ অতীতে কোনোদিনে ভুমুকি নামাৰে। তোমাৰ কথা ৰক্তিম আৰু মোৰ বাহিৰে কোনেও নাজানে।
: মা, মই কাপোৰ সলাই আহোঁ। ভোক লাগিছে। একেলগে কিবা খাম।
 
গুচি গ’ল ৰক্তিম। ৰেহানে চাই থাকিল তালৈ। অবাঞ্চিত গৰ্ভধাৰণ বুলি এবৰ্চন কৰাৰ পাছত কোনোদিনে মাতৃত্বৰ মুখ নেদেখিলে নিশিতাই। সেই দুখ পাহৰিবলৈ নিশিতা ডুবি থাকে মদৰ নিচাত। প্ৰায়ে লগ-সংগ গোটাই লৈ পাৰ্টী কৰে। অসমলৈ আহিও পুৰণি লগ দুজনমান গোটাই লৈ পাৰ্টী কৰিছে। অকলশৰীয়া জীৱনটো এনেকৈয়ে উপভোগ কৰাৰ ব্যৱস্থা কৰি লৈছে নিশিতাই। আজিও এক’লেণ্ডত ৰেইন ডেন্সত তিতি মনৰ নিৰ্জনতা উটুৱাই দিছে তাই। ৰেহান অসহায় দৰ্শক মাত্ৰ। যাওঁ বুলি গুচি গ’ল সুবাসনা ৰক্তিমৰ হাত ধৰি। ৰেহান একেঠাইতে নিশ্চুপ হৈ ৰৈ থাকিল সুবাসনাহঁত যোৱালৈ চাই….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক