সৰা পাতৰ ৰং (ৰঞ্জন ভূঞা)

সৰা পাতৰ ৰং

ৰঞ্জন ভূঞা

ফাগুন ভাল লাগিছিল এটা সময়ত৷ আজিকালি কিয় নাজানো ফাগুন কিবা ভাল নালাগে৷ ফাগুনৰ মতলীয়া বতাহজাকৰ মাজতে তিনিআলিৰ দোকানৰ পৰা ৰেচন খিনি লৈ অহাৰ উদ্দেশ্যে আগবাঢ়িছোঁ লাহে-লাহে৷ তিনি কুৰি দহটা বছৰ আয়ুস খালোঁ যদিও মই এতিয়াও কঁকাল ভগা বিড়ালী হোৱা নাই৷ নিজৰ কাম নিজেই কৰোঁ৷ অৱশ্যে পেঞ্চনৰ টকা কেইটা ভতিজাটোৱেই আনি দিয়ে, ল’ৰাহঁতে অকলে যাবলৈ নিদিয়ে, তাকেই দায়িত্ব দিছে৷ ঔষধৰ দায়িত্ব দিছে ৰুদ্ৰৰ পুতেকক৷ সি দুই-এটকা হেৰ-ফেৰ নকৰা নহয়, এই অমুকাক কি ফাঁকি দিব, গলত ধৰিলেই উকটি পেলাব৷ পিছে মই একো নকওঁ৷ বান্দৰে কি সাগৰৰ পানী খাই শেষ কৰিব৷ ভগৱানৰ কৃপাত সকলো আছে বুলিয়েই ক’ব পাৰি৷ ডেৰ কুৰি বছৰ মাষ্টৰী কৰিলোঁ৷ দুইজন ল’ৰা অভিযন্তা৷ ডাঙৰ ল’ৰাতো দিল্লীত আৰু সৰু ল’ৰাতো বাংগালোৰত থাকে পৰিয়ালসহ৷ দুইজনেই কোম্পানীত চাকৰি কৰে৷ ফোনত খা-খবৰ নোলোৱাকৈ নাথাকে৷ আজি ফোন এটা কৰিব লাগিব৷ মা’কৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী চ’ত পূৰ্ণিমাতেই পৰিব৷ সিহঁত নাহিব ছাগে৷ সিহঁতকো আজিকালি কিবা অচিনাকি-অচিনাকি লগা হ’ল৷ প্ৰথমটো মৃত্যু বাৰ্ষিকীত বোৱাৰী আৰু নাতিনী কেইটা নাহিল৷ সিহঁত দুটাৰ লগত ভালদৰে কথা পাতিবলৈ নাপালোঁ৷ বাৰ্ষিকীৰ পাছৰ দিনা পুৱা ভৰিখন চুই-“দেউতা মই যাওঁ” বুলিহে ক’লে৷ তাৰ পাছৰ পৰা সিহঁত আৰু অহা নাই৷ বণিয়াৰ চাকৰি, সময়েই নাই৷ নাতিনী কেইটাৰ স্কুল আছে৷ স্কুল বেছি খতি কৰিলে বোলে পৰীক্ষা দিবলৈ নিদিয়ে৷ নাজানো আৰু কি স্কুল! সিহঁতে কৈছে যদি সঁচাই হব৷ বোৱাৰীৰ ওপৰত বিশ্বাস নাই যদিও ল’ৰাহঁতে মোক মিছা নামাতে৷ নাতিনীকেইটাৰ লগত হেঁপাহ পলুৱাই এবাৰ খেলিবলৈ নাপাওঁতেই ভগাবানে লৈ যায় বুলি ভাবি মনতো সেমেকি উঠে৷ মাকৰো সেই হেঁপাহ থাকি গ’ল৷ সৰু ল’ৰাটোৰ ছোৱালীজনীৰ মুখ মাকে দেখিবলৈও নাপালে৷ খবৰটোহে শুনিলে৷ এৰা ল’ৰা-ছোৱালী বেছি শিক্ষিত হ’লেও বেয়া৷

: মাষ্টৰ নে ?

: অ, মণ্ডল কোনফালে ?

: কি ক’বা আৰু, জী-জোঁৱাই আহিছে নাতিনীজনীও আহিছে , বোলো মঙহেকে অলপ লৈ যাওঁ৷

: এ’হ তুমি দেৰি কৰিলা নহয়, পাবা জানো এতিয়া ?

: কি ক’বা হে মাষ্টৰ, কাজিয়া ভাঙোতেই বিয়লি হ’ল নাতিপুতি কেইটাৰ, বুজিছা? ইয়াত নাপালে জামুগুৰিৰ হাটলৈকে যাব লাগিব হে হে হে৷”

মণ্ডলৰ ৰসাল কথা আৰু আপোন ভুৱন-ভুলোৱা হাঁহি শুনি-শুনি ভবেনৰ দোকানৰ পৰা ৰেচন কেইপদ লৈ আকৌ ঘৰমুৱা হ’লো ৷ পচোৱাজাকে যেন আগেই বাঢ়িবলৈ  নিদিব৷ অগা-বগা কৰি আছে বাৰে-বাৰে৷ ল’ৰাদুটাৰ লগতে ছোৱালী এজনীৰ প্ৰয়োজনতো অনুভৱ কৰা নাছিলোঁ যদিও এতিয়া বাৰুকৈ কৰিছোঁ৷ মাক অনাখৰী যদিও দূৰদৰ্শী আছিল৷ সেই বাবেই হয়তো মোক আৰু এটা সন্তানৰ কাৰণে কেইবাবাৰো কৈছিল, বিশেষকৈ ছোৱালী সন্তানৰ বাবে৷ মই উপদেশতকৈ আৰ্হি ভাল বুলি ভাবি আদৰ্শ এটা সন্মুখত ৰাখি আৰু সন্তান নিবিচাৰিলোঁ৷ তাই এৰি যোৱাৰ পৰতো একেটা আক্ষেপেই কৰি গ’ল৷ ঠিকেই আজি আমাৰ জীয়াৰী এজনী থকা হ’লে খবৰ-খাতি লৈ থাকিলে হয়৷ নাতিকেইটাৰ মাতত ঘৰখন মৰিশালি গুচি ঘৰ হল হয়৷ মাকো দুইদিনমান বেছিকৈ জীয়াই থাকিল হয়৷ ভালেই হ’ল তাই মোতকৈ আগতেই গ’ল৷ তাই হয়তো এই অকলশৰীয়া জীৱনতো সহ্য কৰিব নোৱাৰিলে হয়৷ ল’ৰা দুটা বিয়া পতালৈকেহে আমাৰ আছিল, ছোৱালী এজনী থকা হ’লে তাই আজিও আমাৰে হৈ থাকিলেহেঁতেন৷ পিছে ল’ৰাহঁতে মাকৰ মৃত্যুৰ পাছত সিহঁতৰ লগতে লৈ যোৱাৰ কথা নোকোৱাকৈ নথকা নহয়৷ মইহে মন নকৰিলোঁ৷ আধুনিক সমাজখনৰ আধুনিক ল’ৰা-বোৱাৰীৰ লগত নিজকে খাপ-খোৱাব নোৱাৰিম বুলি ভাবিয়েই মাকৰ স্মৃতি বিৰাজিত ঘৰখনতেই থাকিলোঁ৷ মই পিছে অকলপতীয়া স্বভাৱৰ মানুহ নাছিলোঁ৷ প্ৰভুৱে  কিয় অকলশৰীয়া কৰিলে আজিও নুবুজিলোঁ৷ মই মৰাৰ পাছত ল’ৰাহঁতে বা কি ভাবিছে ঘৰখনৰ কথা৷ সিহঁতক ক’লেও সিহঁতে শুনিবই নিবিচাৰে, ” দেউতা আপোনাৰ একো নহয়” বুলিহে কয়৷ সিহঁতেতো নাজানে এই অকলশৰীয়া জীৱনে মোক যে লাহে-লাহে মৃত্যুৰ পথত লৈ গৈ আছে ৷

“দেউতা ক’ৰ পৰা আহিল”? ভতিজা বোৱাৰীৰ মাততহে গম পালোঁ যে ঘৰ পালোহিয়েই৷

“বজাৰ কৰি আহিলো আই৷ তুমি হ’বলা চোতাল সাৰিছা?

“ হয় দেউতা, বতাহজাকে পাতবোৰ আনি চোতালখন ভৰাই পেলালে”।

তাইৰ পৰা বিদায় লৈ ঘ’ৰলৈ আগবাঢ়িলোঁ৷ বতাহজাক কমিল৷ গোটেইবাটতো সৰা শুকান পাতৰে ভৰি আছে৷ মোৰ খোজত উচ-পিছাই উঠিছে শুকান পাতবোৰ৷ এৰা, বসন্তৰ অপেক্ষাত সেউজীয়াৰ পৰা হালধীয়া আৱৰণ পিন্ধি লোৱা সৰা পাতৰ দুখ কোনে বুজিব৷ মই ৰং সলাই সৰা পাতৰ ৰং লৈছোঁ৷ চোতালত বহুদিন ধৰি পৰি থকা শুকান পাতৰ দৰে মইও এদিন চোতাল খনতেই পৰি থাকিম ছাগে মাকৰ দৰে সিহঁত আহি নোপোৱালৈকে৷ এতিয়া এজাক বতাহলৈ অপেক্ষা মাথোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক