সৰা শেৱালি! (চন্দন বৰ্মন)

“সৰা শেৱালি নে কি এই গীতটি তুমি মাজে মাজে পুৱা কিয় শুনি থাকা দেউতা?”

তেৰ বছৰীয়া জীয়ৰীৰ অকস্মাত প্ৰশ্নত মই নিমিষতে বাস্তৱলৈ ঘূৰি আহিলো৷

“হুম ম ম … তোমাৰ দুটা প্ৰশ্ন ইয়াত জড়িত হৈ আছে মাইনা”, বিজ্ঞ লোকৰ দৰে মই উত্তৰ দিব আৰম্ভ কৰিলো৷ ‘সৰা শেৱালি’ আৰু ‘ৰাতিপুৱা’৷ প্ৰথমতে মোক দ্বিতীয় প্ৰশ্নটিৰ উত্তৰ দিব দিয়া৷ আমি তোমালোকৰ সমান থাকোতে ইমান ৰাতিপুৱা স্কুললৈ যাব নালাগিছিল৷ তোমাৰ আইতাই ধৰি দিয়া নিয়ম মতে ৰাতিপুৱা চাৰে আঠমান বজালৈ কিতাপ পঢ়িছিলো৷ তাৰ পিছত আইতাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গীতিমালিকা নামৰ অনুষ্ঠানটি লগাই দিছিল৷ আমি সৰু আছিলো; সেই অনুষ্ঠানৰ বেছিভাগ গানেই বুজি পোৱা নাছিলো৷

কিন্তু দুই এটা গান খুব ভাল লাগিছিল৷ ’সৰা শেৱালি’ গীতটিও তেনেকুৱা এটি মোৰ সৰুকালৰ ভাল লগা গান৷ ৰাতিপুৱা যেতিয়া এই গীতটি শুনো, ন’য়ডাৰ এই ককবকনিৰ পৰা মই সেই গীতিমালিকাৰ দিনলৈ উৰা মাৰো, জানা?”

“ঠিক আছে বাৰু কিবা এটা বুজিলো, এতিয়া কোৱা এই ‘সৰা শেৱালি’ কি বস্তু বাৰু?”
ছোৱালীৰ তীক্ষ্ণ প্ৰশ্নই অকনমান অপ্ৰস্তুত কৰি পেলালে; তলসৰা শেৱালি, শৰতৰ কুঁৱলীসনা দোকমোকালি, আইতাহঁতৰ গাঁও … একসোপা ফ্লেছবেকৰ ফ্ৰেমে জুমুৰি দি ধৰিলেহি৷ বুকুত এজাক মৌ মাখিৰ মৃদু ৰুৰুৱনি অনুভৱ কৰিব ধৰিলো৷
“শেৱালি কি জানানে মাইনা?”, এক দাৰ্শনিকৰ দৰে গুৰু গম্ভীৰ মাতেৰে সুধিলো৷
“কি হ’ব আৰু, কিবা ফুল ফল হ’ব চাগৈ৷”, ৰবিবাৰৰ ৰাতিপুৱাৰ পঢ়া মেজৰ পৰাই জীয়ৰীয়ে ভোৰভোৰালে৷

“ফুল ফল নহয় মাইনা, শেৱালি এপাহ সুগন্ধি ফুল, এপাহ খুব ধুনীয়া ফুল৷ সন্ধিয়া ফুলে, সুৱাস বিলায় আৰু ৰাতিপুৱা মাটিত সৰি পৰে৷ বহুতে বুটলি নিয়ে, নহলে মাটিতেই মৰহি যায়৷”

“ঠিক আছে, কিন্তু সৰা শেৱালিৰ ট্ৰেজেডীৰ গান তুমি ৰাতিপুৱাতেই কিয় শুনা?” জীয়ৰীৰ পোনপোটীয়া প্ৰশ্ন৷ মই কিছু সময় একো নোকোৱাকৈ থকা দেখি আকৌ এবাৰ মাইনাই চিঞৰিলে, “কি হল দেউতা শেৱালি নামৰ কোনোবা তোমাৰ গাৰ্ল ফ্ৰেইণ্ড আছিল নেকি বাৰু, আৰু এতিয়া তাৰেই ট্ৰেজেডী ফালি সৰা শেৱালিৰ গান শুনা?”
কিছু সময় নিৰৱতা, হঠাতে মুখৰ পৰা ওলাই গ’ল, “ অ’ মাইনা, শেৱালি মোৰ গাৰ্ল ফ্ৰেইণ্ডএ আছিল হ’বলা৷”

“কি ক’লা, তোমাৰ গাৰ্ল ফ্ৰেইণ্ড আছিল? মায়ে জানেনে নাজানে?” চৰম বিস্ময়ত জীয়ৰীৰ চকু কপালত উঠিল৷ মুহূৰ্ততেই “অ’ মা, অ’ মা” বুলি দেউতাকৰ গাৰ্ল ফ্ৰেইণ্ডৰ কথা শুনাবলৈ মাকৰ ওচৰলৈ দৌৰ দিলে৷

….পঁচিছ বছৰ মান পিছলৈ মন উৰা মাৰি গ’ল৷ ক্লাছ ইলেভেনৰ পূজা বন্ধত মই আৰু ভণ্টি আইতাৰ ঘৰলৈ গৈছিলো৷ শৰতৰ সুৱাস বিদ্যমান আছিল চাৰিওফালে৷ পৰিষ্কাৰ আকাশ,

জাতিষ্কাৰ ধৰণী৷ কুৱলীৰ চামনি পৰা দোকমোকালি বোৰৰ সৈতে যেন জীৱনে প্ৰেমত পৰিব খোজে…৷ কিবা মিঠা মিঠা আৱেশ চাৰিওফালে৷

আইতাহতৰ ঘৰৰ সন্মূখত দাঙৰ শেৱালি এজোপা৷ শৰতৰ সেই সন্ধ্যা বিশেষ ৰূপত শেৱালি জোপা আৱিষ্কাৰ কৰিছিলো৷ আইতাহতৰ ঘৰত সেই সময়ত বিজুলী বাতি নাছিল৷ স্নিগ্ধ জোনাকত ভৰি পৰা শেৱালিৰে জিলিকি উঠিছিল গছ জোপা৷ যেন এক পাতল চাদৰ বসন কৰি ওলাই অহা সদ্যস্নাতা এজনী ৰূপহী৷ ইমান সুৱাস চাৰিওফালে, অপৰূপ!

আতাই সদায় দোকমোকালিতেই জগাই দিয়ে৷ পিছদিনাও ঢলপুৱাতেই চকু মোহাৰি মোহাৰি বাহিৰলৈ ওলাই আহিছিলো, শেৱালি জোপাৰ কথা মনত নাছিল৷ কিন্তু কি সেয়া? তলসৰা শেৱালিৰে বগা দলিচা হৈ পৰিছিল শেৱালি জোপাৰ তলডৰা৷ অনুপম!

আৰু সেয়া কোন? এজনী গাভৰুৱে আপোন মনে এটি দুটিকৈ শেৱালি বুটলি আছে হাতৰ সৰু খৰাহীটোত৷ মুখখন দেখা পোৱা অৱস্থাত নাছিল৷ কিচকিচিয়া দীঘল চুলিতাৰিয়ে গালৰ কাষেৰে মুখখন চকামকা দেখা নোপোৱাকৈ ৰাখিছে৷ হাতত জেতুকা, প্ৰতি পাহ শেৱালিৰ বৃন্ত আৰু গাভৰুৰ হাতৰ জেতুকাৰ একে ৰঙ – ’ৰঙা হালধীয়া’৷ শেৱালিৰ বগা বোৰ তাইৰ খৰাহীত উঠিছিল নে তাইৰ হাতৰ ৰঙা হালধীয়াবোৰত বিলীন হৈ গৈছিল ঠাৱৰ কৰিব পৰা নাছিলো, কেবল শেৱালিপাহবোৰৰ বগা আৰু ৰঙা হালধীয়া আভাবোৰৰ মাজতেই মই স্তব্ধ হৈ ৰই আছিলো৷ হঠাতে তাই মোক দেখা পালে৷ এক চেকেণ্ড? হয়তো তাতোকৈ কম; মোৰ দৃষ্টি, মন স্থবিৰ হৈ গৈছিল সেই চকুজুৰিত! অনুপম! যেন গোটেই শেৱালি ফুলবোৰৰ ৰঙা হালধীয়াৰ আঁকৰ তাতেই সোমাই আছিল৷ গাভৰুৰ ছন্দত যতি পৰিছিল৷ ইতিমধ্যে খৰাহীটোৰ আধাতকৈ বেছি ভৰি পৰিছিল৷ অপ্ৰস্তুত অভিব্যক্তি … এখুজি দুখুজি কৈ গাভৰু অপসৃয়মান হৈ পৰিছিল শৰতৰ প্ৰথম কুঁৱলীৰ বুকুত৷ সদ্যস্নাতা ৰূপহীৰ ৰঙ মোৰ মনত দ’ কৈ শিপাইছিল…..

– “অ’ দেউতা দেউতা, মই তোমাৰ গাৰ্ল ফ্ৰেইণ্ডৰ কথা অলৰেডী মাক খবৰ দিলো৷ এতিয়া কোৱাচোন তুমি তোমাৰ গাৰ্ল ফ্ৰেইণ্ডক ক’ত লগ পাইছিলা?”, হুৰমুৰাই অহা ছোৱালীৰ কণ্ঠত মই সম্বিত ফিৰাই পালো৷

-“শেৱালি জোপাৰ তলত লগ পাইছিলো৷”, মই তপৰাই উত্তৰ দিলো৷
-“কেতিয়া?”
-“দোকমোকালি পৰত আকৌ৷”

-“দেখাত কেনেকুৱা অছিল?”

-“জেতুকাৰ দৰে ৰঙা হালধীয়া৷”

– “জেতুকা আকৌ কি বস্তু, তাই কৰ পৰা ওলাল? মোক ব’ৰ নকৰিবা দেই, শেৱালি আণ্টিৰ কথা কোৱা৷ ফেচবুকত পাম নেকি? পুৰা নামটি কোৱাচোন মই বিচাৰো”
জীয়ৰীৰ উপৰ্যুপৰি প্ৰশ্নত হাঁহি উঠি গ’ল, মনটোও অকনমান পাতল পাতল লাগিল৷ ভাবিলো সৰা শেৱালিৰ কথা বুজিবলৈ মাইনাৰ আৰু কেইটামান বসন্তৰ আঁচোৰ বাকী আছে৷
– “দেউতা চোৱা পাই গ’লো, শেৱালি এবিধ ফুল৷ হিন্দীত চিফালি বুলি কয়৷ মোৰ ইংৰাজীৰ টিচাৰৰ নাম ও চিফালি বাৰ্মা৷”

ৰহস্য উদ্ঘাটনৰ পাছত জীয়ৰীৰ উৎকণ্ঠা জয় পৰি যোৱা যেন লাগিল৷ অকনমান নিৰৱতা৷ হঠাতে জীয়ৰীয়ে গম্ভীৰ মাতেৰে নিৰৱতা ভাঙিলে৷
– “দেউতা এইটো চোৱাচোন, শেৱালি ফুলৰ ছৱি গুগল ইমেজত ওলাইছে৷ ইমান মৰম লগা, পিছে সৰি আছে মাটিত৷ আৰু এইটো চোৱাচোন এই পানীৰ টোপালটি শেৱালিৰ পাহিটিত কেনেদৰে জিলিকি আছে”, টেবলেটটো সাউতকৈ মোৰ ফালে লৈ আহি মাইনাই ফটোখন মোক দেখালে৷

– “পানী নহয় মাইনা এয়া নিয়ৰৰ টোপাল৷” মাইনাই কিছুসময় একেঠৰে ফটোখনলৈ চাই ৰ’ল৷

লাহেকৈ মাইনাই এইবাৰ মোক সুধিলে, “দেউতা মই কথা এটি ভাবিছো, পানীৰ টোপালটি শেৱালি ফুলটিৰ চকুলো যেন লগা নাই নে?”

কেই মুহূৰ্তমানৰ নিৰৱতা৷ এটা হুমুনিয়াহ ওলাব খুজিলে….

“ঠিকে কৈছা মাইনা, সেই কাৰণে মই কোৱা নাছিলো জানো শেৱালি ট্ৰেজেডীৰ ফুল!”
চকু সিক্ত হ’বলৈ সময় নাছিল৷ বুকুখন সামান্য গধুৰ হৈ উঠিছিল৷
ব্লু টুথ স্পীকাৰত গানটিৰ শেষৰ কলিটি বাজি আছিল

…যোৱাৰ পৰত সৰা শেৱালি বুটলি, কি হ’ব কোৱা,
নাই যে সময় উভতি চোৱাৰ, এতিয়া বিদায় দিয়া……….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments