সৰিয়হফুল : ভাগৱতীৰ সৰিয়হফুল – অশোক কুমাৰ নাথ

হকাৰজনৰ ফোনটো বাজি উঠিল:
হকাৰ: হেল্ল’?
ভাগৱতী: তুমি মোক পেপাৰ দিয়া হকাৰজন নহয়নে? মই বনফুল পথৰ পৰা সৰিয়হফুল ভাগৱতীয়ে ক’লোঁ৷
হকাৰ: হয়, কওকচোন ছাৰ?
ভাগৱতী: হেৰা! তুমি এইবোৰ কি কৰিছা হে?
হকাৰ: ছাৰ পেপাৰ পোৱা নাই নেকি আপুনি?
ভাগৱতী: পেপাৰ পাইছোঁ, কিন্তু তুমি পেপাৰখন মাটিয়ে-বালিয়ে এনেকৈ পেলাই থৈ যোৱা যে? বেয়া লাগে নহয় তেনেকৈ মাটিয়ে-বালিয়ে পৰি থকা পেপাৰখন ভিতৰত সুমুৱাবলৈ৷ ইফালে বিছনাত শুই শুয়ো মোৰ পেপাৰখন চোৱাৰ অভ্যাস আছে৷ তেনেকৈ লেতেৰা-পেতেৰা ঠাইত পেপাৰখন পৰি থাকিলে বেয়া লাগে নহয় ভিতৰলৈ আনিবলৈ৷ হাতত তুলি ল’বলৈকে বেয়া লাগে৷
হকাৰ: ছাৰ, আমি আচলতে গে’টৰ বাহিৰৰ পৰাই পেপাৰখন দলিয়াই দিওঁ৷ হাতত তেনেই কম সময় থাকে যে আমাৰ৷ সেই পুৱাতেই কিমানখিনি মানুহক আমি পেপাৰ দিব লাগে ভাবকচোন! পুৱাই পুৱাই ৩০০মান মানুহৰ ঘৰত মই পেপাৰ দিবলৈ যাওঁ৷
ভাগৱতী: কিয় দলিয়াবাহে পেপাৰ? তেনেকৈ মাটিয়ে-বালিয়ে বা লেতেৰা ঠাইত পৰি যোৱা পেপাৰখন মই ভিতৰত সোমোৱাব নোৱাৰোঁ দেই! প্ৰয়োজন হ’লে তোমালোকৰ পৰা পেপাৰ লোৱাই বন্ধ কৰি দিম৷
হকাৰ: ছাৰ, কেনেদৰে দিলে আপুনি ভাল পাব কওকচোন?
ভাগৱতী: মই গে’ট খুলি থ’ম৷ বাৰাণ্ডাতে মিকছাৰ খোৱা প্লেট এখন থৈ দিম৷ তাত ধুনীয়াকৈ থৈ যাবা আজিৰ পৰা পেপাৰখন৷ চামুচ এখনো দি থ’ম৷ পেপাৰখন প্লেটত ৰাখি চামুচখন পেপাৰৰ ওপৰতে দি থৈ যাবা৷ নহ’লে পেপাৰ বতাহে উৰুৱাই লৈ গুচি যাব৷ বুইছা?
হকাৰ: ছাৰ, পেপাৰখন থ’বলৈ প্লেটখন সৰু হ’ব নেকি! আৰু চামুচখনকহে বতাহে উৰুৱাই লৈ গুচি যাবচোন?
ভাগৱতী: ঠিক আছে! তেন্তে মই ভাতখোৱা কাঁহৰ কাঁহী এখন আৰু মাংস খোৱা কাঁহৰ বাটি এটা থৈ দিম দিয়া৷ কাঁহীখনত পেপাৰখন থৈ তাৰ ওপৰতে বাটিটো থৈ যাবা৷ মুঠতে মাটিয়ে-বালিয়ে আজিৰ পৰা পেপাৰ পেলাই থৈ নাযাবা৷ বুইছানে?
হকাৰ: হয়, নিশ্চয় ছাৰ!
পিছদিনা দেওবাৰ বুলি ভাগৱতী শোৱাৰ পৰা উঠোঁতেই চাৰে আঠমান বাজিল৷ কিন্তু বাহিৰত কাঁহৰ কাঁহীও নাই আৰু মাংস খোৱা কাঁহৰ বাটিটোও নাই৷ পেপাৰখন বাৰাণ্ডাতে চিত ভোলোঙা খাই পৰি আছে৷ ভাগৱতীয়ে দেওবাৰৰ সেই পুৱাতেই চকুৰে সৰিয়হফুল দেখি গ’ল৷ তৎক্ষণাৎ তেওঁ এটা কঠোৰ সিদ্ধান্ত লৈ পেলালে: কাইলৈৰ পৰা এটা ডাঙৰ গধুৰ কেৰাহী বাৰাণ্ডাত থৈ দিয়া হ’ব আৰু কেৰাহীটো বাৰাণ্ডাৰ খুঁটা এটাত শিকলিৰে বান্ধি তলা মাৰি ৰখা হ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments