সৰিয়হৰ ফুল ( দ্ৰিচাং বসুমতাৰী )

খৰালিৰ মাটি এহালিচা
তাতেই প্ৰতিবছৰে তেখেতে সৰিয়হ ছটিয়াই

তাৰ আগত তেখেতে বাৰিষাৰ পৰৱৰ্তী কালত গজি উঠা অপতৃণ বোৰ আঁতৰাই
মহাজনৰ গৰু হাল খুজি আনি মাটি চহাই
দলিমাৰি এডালেৰে পকা চপৰাবোৰ কোবাই গুৰি কৰে
মাটি খিনি তেখেতৰ মনৰ মতে চহ নোহোৱালৈকে তেখেতে মৈয়াই থাকে
চপৰা কোবাই থাকে ..

যোৱা বেলিৰ বীজবোৰ ৰাতিয়েই তিয়াই থোৱা কামটো তেখেতৰ সুন্দৰী পত্নীয়ে কৰে
সাঁচি ৰখা কামটো আৰু বীজ অংকুৰণৰ সুবিধা কৰি দিয়া দুয়োটা কামেই তেখেতৰ পত্নীৰ

সেউজীয়াৰ পৰা হালধীয়া হ’বলৈ যোৱা সৰিয়হ ডৰাৰ সময়খিনিত তেখেতে প্ৰতিবছৰে সৰিয়হ ফুলৰ পদ্য লিখে
পত্নীক শুনাই
পত্নীয়ে হাঁহে
পত্নীয়ে হ’লে একো নুবুজে

বুজে মাথোঁ সৰিয়হ ডৰাক লৈ মানুহজনৰ হেঁপাহকণক ..

আৰু সৰিয়হ ফুলৰ গোন্ধক ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments