সৰু ভুল, ভাষাৰ দুখ- বলেন দত্ত

আমাৰ আপোন অসমীয়া ভাষাত সততে কিছুমান শব্দ, বাক্যৰ ভুল ব্যৱহাৰ হোৱা দেখা যায়৷ কিন্তু, আমি প্ৰত্যেকে ভাষাটোৰ প্ৰতি সচেতন হোৱা দৰকাৰ৷ তেনে কিছু কথাৰ উল্লেখেৰে এই চমু আলোকপাত–

‘স’ আৰু ‘ষ’ কোনো বৰ্ণৰ সৈতে যুক্ত কৰিবলগীয়া হ’লে আপুনি প্ৰায়ে বিবুধিত পৰে, নহয়নে?
আৱিষ্কাৰ লিখোঁতে দন্ত্য স নে মূৰ্ধন্য ষ হয়, সেয়াও সময়ত পাহৰা যায়৷

সৰুকৈ এটা কথা মনত ৰাখিলে আপুনি কোনো বিবুধিত নপৰিব৷
ক, খ, ত, থ, প, ফ আৰু ম-ৰ সৈতে সদায়েই ‘স’ যুক্ত হয়৷
যেনে : বয়স্ক, স্খলিত, অস্ত, স্থান আদি৷

আৰু

ই, ঈ, উ, বা ঊ-ৰ পাছত থকা ক, খ, প, ফ আৰু ম-ৰ সৈতে ‘ষ’ যুক্ত হয়৷
যেনেঃ নিষ্কৰ, দুষ্কৰ, ভীষ্ম আদি৷
চাওকচোন বহুতে বিবুধিত পৰা শব্দ দুটা-
ভীষ্ম অথচ ভস্ম৷
পৰিষ্কাৰ অথচ পুৰস্কাৰ৷
আকৌ এটা কথা জানেনে?
‘ৱ’ৰ লগত য়-কাৰ (বহুতে আকৌ ভুলতে য-কাৰ কয়) নবহে৷
বৈধৱ্য ভুল৷ (মূল বিধৱা)
বৈধব্য শুদ্ধ৷
ভৱ্য-গৱ্য ভুল৷
ভব্য-গব্য শুদ্ধ৷
তেনেকৈ, সম্ভৱ অথচ সম্ভাব্য৷

• ‘চন্দ্ৰবিন্দু’ৰ ব্যৱহাৰ সম্পৰ্কে কিছু কথাঃ

চন্দ্ৰবিন্দু যদিও ব্যঞ্জন বৰ্ণৰ ফলাখনৰ লগত আছে, ই আচলতে বৰ্ণ নহয়৷ ই ধ্বনিহে৷ ই নাসিক্য ধ্বনি৷ নাসিক্য ধ্বনি বাবেই ইয়াৰ প্ৰয়োগ (শুদ্ধ) অতি প্ৰয়োজনীয়৷

ই সাধাৰণতে স্বৰবৰ্ণৰ (চিহ্ন) ওপৰত বহে আৰু বৰ্ণটো নাকেৰে উচ্চাৰণ কৰিবলৈ কয়৷

সৰ্বনামৰ তৃতীয় পুৰুষ, যিবোৰক ‘হত’ প্ৰত্যয়েৰে বহুবচন কৰা হয়, তেতিয়া ইয়াৰ ব্যৱহাৰ লক্ষ্য কৰিবলগীয়া৷ যেনেঃ তাই-তাইহঁত (সিহঁত), বোপাই-বোপাইহঁত৷

‘ও’ ধ্বনিৰে সমাপন হোৱা প্ৰথম পুৰুষৰ সমাপিকা ক্ৰিয়াৰ ‘ও’ত চন্দ্ৰবিন্দু অতি প্ৰয়োজনীয়৷ যেনেঃ খাওঁ, যাওঁ, গলোঁ, কৰোঁ আদি৷ মন কৰিবলগীয়া আদেশ-নিৰ্দেশসূচক হ’লে ‘ও’ত চন্দ্ৰবিন্দু ভুলতেও ব্যৱহাৰ নহয়৷ যেনেঃ যাওক, খাওক, লওক আদি৷ (খাওঁক, যাওঁক, লওঁক নহয়)৷

‘ইলো’ যুক্ত হ’লে হেলা নকৰি চন্দ্ৰবিন্দু বহুৱাওক৷ যেনেঃ খাইছিলোঁ, গৈছিলোঁ, নাচিছিলোঁ আদি৷

‘ন’ ধ্বনিযুক্ত বৰ্ণক (সহজকৈ বুজিবলৈ ইংৰাজী N) উচ্চাৰণ কৰিবলৈ ‘চন্দ্ৰবিন্দু’ ব্যৱহাৰ কৰা হয়৷ যেনে ঃ গাঁও (gaon), বাঁহ (banch), আঁচল (aanchal) আদি৷

শংকৰী সাহিত্যৰ কিছুমান ‘ন’ যুক্ত শব্দৰ অসমীয়া ৰূপান্তৰত ‘ন’ৰ ঠাইত চন্দ্ৰবিন্দু প্ৰয়োগ হয়৷ যেনে ঃ খাৱন্তে-খাওঁতে, কৰোন্তে-কৰোঁতে, লৱন্তে-লওঁতে আদি৷

সংস্কৃত মূলীয় কিছুমান ‘ম’ ধ্বনিযুক্ত বৰ্ণৰ অসমীয়া ৰূপান্তৰতো ইয়াক ব্যৱহাৰ কৰা হয়৷ যেনে ঃ জাম্প-জাঁপ, গ্ৰাম-গাঁও, কুমাৰ -কোঁৱৰ আদি৷

চন্দ্ৰবিন্দুৰ অশুদ্ধ প্ৰয়োগে বাক্যৰ অৰ্থকে সলনি কৰে৷ এইক্ষেত্ৰত আটাইতকৈ সচেতন কবি সমাজ হোৱা উচিত৷
মই গান গাঁও/গাওঁ, চৰাইৰ বাঁহ/বাহটো খুব ধুনীয়া, গঁড়/গড় বচাওক আদিৰ নিচিনা বাক্যত চন্দ্ৰবিন্দুটোৱে জেং লগায়৷ সেইবাবে এইক্ষেত্ৰত অতি সাৱধান হোৱা দৰকাৰ৷

• এতিয়া আহোঁ সাধাৰণতে ভুল প্ৰয়োগ হোৱা শব্দ আৰু বাক্যৰ প্ৰসংগলৈ ..

‘অনুপ্ৰৱেশ’বোৰ ‘অবৈধ’ই হয়৷
‘অবৈধ অনুপ্ৰৱেশ’ নকৈ ‘অনুপ্ৰৱেশ’ বুলিয়েই ক’ব পাৰে দেখোন৷
‘প্ৰায় ন মান বজা’ত নকৈ ‘প্ৰায় ন বজা’ বা ‘ন মান বজা’ বুলি কওকচোন৷
‘ষোলশ শতিকা, সোতৰশ শতিকা’ ভুলকৈ কোৱাতকৈ ‘ষোল শতিকা, সোতৰ শতিকা’ আদিৰ দৰে কওক, লিখকচোন৷
‘পিচত’ আৰু ‘পাচত’ ব্যৱহাৰ কৰোঁতেও বহুতে ভুল কৰে৷
‘পাচত’ সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷
‘প্ৰয়াত তৰুণ মহন্ত সোঁৱৰণী’ লিখাতকৈ ‘তৰুণ মহন্ত সোঁৱৰণী’ লিখক৷ ‘সোঁৱৰণ’ মৃত ব্যক্তিজনাকেই কৰা নহয় জানো!
‘হাজাৰ হাজাৰ ৰাইজ গোট খালে’ বুলি কৈ থকাতকৈ ‘হাজাৰ হাজাৰ লোক গোট খালে’ বুলি কৈ চাবচোন৷ শুদ্ধকৈ কোৱা বুলি জানিব৷
‘পানীত পৰি সলিল সমাধি’ বুলি ক’লে আপোনাৰ খং নুঠেনে? ‘সলিল সমাধি’ বুলি ক’লেইচোন আমি ‘পানীতেই মৃত্যু হোৱা’ বুলি বুজি পাম৷
‘লেখকসকলে লেখা লিখক’
‘লেখক’, ‘লেখা’, ‘লিখক’ৰ ব্যৱহাৰ চাওকচোন৷ বহুতেই মন নকৰে৷ আকৌ, ‘লিখনী’ মানে কাপকহে বুজোৱা হয়৷

‘কবিতাটোৰ ৰচয়িতা নীলাভ’ শুদ্ধ, ‘কবিতাটোৰ ৰচক নীলাভ’ হ’লে ভুল হোৱা বুলি ক’ব পাৰোঁ৷

‘শীঘ্ৰে’ৰ সন্মুখত ‘অতি’ নিলিখিলেও ‘অতি সোনকালেই’ যে বুজোৱা হয়, জানিব পাৰি৷ গতিকে অকল ‘শীঘ্ৰে’ই লিখিব পাৰে৷

এনেকুৱা সৰু সৰু মন নকৰা বহুতো ভুল চকুত পৰাটো ভাষাটোৰ শ্ৰী-বৃদ্ধিৰ কাৰণেই ভাল৷

একেদৰে, শিশুৰ বাবে লিখা সাহিত্য ‘শিশু-সাহিত্য’, আকৌ শিশুৱে নিজে লিখা সাহিত্য ‘শিশু সাহিত্য’৷

‘-‘ চিনডালেই পাৰ্থক্যটো স্পষ্ট কৰে৷

• ‘তম’ আৰু ‘সংখ্যক’ প্ৰসংগঃ

ধৰি ল’লোঁ আপোনাৰ অঞ্চলৰ বিহুৰ অনুষ্ঠানটোৱে ৭০ বৰ্ষত ভৰি থ’লে৷ আয়োজকসকলে বেনাৰখনত ডাঙৰকৈ লিখিলে ‘৭০তম ৰঙালী বিহু সন্মিলন’৷ বাক্যটিত ভুল এটা হৈ গ’ল৷ ‘তম’ যদি লিখিবই বিচাৰে তেন্তে আপুনি লিখিব লাগিব ‘সপ্ততিতম ৰঙালী বিহু সন্মিলন’৷ যিহেতু ‘তম’ সংস্কৃত মূলীয়, আপুনি সন্মুখৰখিনিও সংস্কৃততেই লিখাটো উচিত৷

সংখ্যা নিৰ্দেশক, সমাসবদ্ধ শব্দৰ সংখ্যা বুজোৱা উত্তৰ পদ হ’ল ‘সংখ্যক’৷ যেনে– শতসংখ্যক, বহুসংখ্যক, ৭০ সংখ্যক আদি৷

বেনাৰখন শুদ্ধ ৰূপত ওলোৱাটো আপুনি নিবিচাৰেনে? মঞ্চৰ আসনকেইখনত বহি থকা, মাইক্ৰ’ফোনত বক্তৃতা দিয়া ব্যক্তিসকল যেতিয়া বিশিষ্ট ব্যক্তি হয়, আৰু তেওঁলোকৰ পিছফালে থকা বেনাৰখনত সৰু-সুৰা হ’লেও দুই-এটা ভুল দৃষ্টিগোচৰ হয়, কোনোবাখিনিত মোৰো বুকুখন বিষায়৷

• বিখ্যাত কেইগৰাকীমান ব্যক্তিয়ে নিজৰ নামটো কেনেদৰে লিখিছিল বা লিখে-

(১) ৰমা দাশ (দাস নহয়)

(২) তফজ্জুল আলি (আলী লিখা নাছিল)

(৩) নগেন শইকীয়া (নামটোৰ আগত তেওঁ নিজে ড° কোনোদিনে নিলিখে)

(৪) ড° ভবেন্দ্ৰ নাথ শইকীয়া ( ভবেন্দ্ৰনাথ নহয়)

(৫) অনিমা গুহ (অণিমা নিলিখে)

(৬) অজিৎ বৰুৱা (অজিত লিখা নাছিল)

(৭) ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী (ৰঞ্জিত নিলিখে)

(৮) ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী (দেৱচৌধুৰী নিলিখে)

(৯) মুনিন বৰুৱা (মুনীন নিলিখে)

১০) সমুজ্জ্বল ভট্টাচাৰ্য (ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য নিলিখে)

একোখন বিশেষ ক্ষেত্ৰত নিজৰ নাম উজলোৱা ব্যক্তিক কেতিয়াবা সভা-সমিতিলৈ আমন্ত্ৰণ জনাবলগীয়া হ’লে আমন্ত্ৰণী চিঠি ভৰোৱা খামটোৰ ওপৰত সেই ব্যক্তিগৰাকীৰ নামটো শুদ্ধকৈ লিখিব লাগে৷ যদি নামটোৱেই ভুলকৈ লিখা হয়, তেতিয়া সেই ব্যক্তিগৰাকীৰ মনত সাধাৰণতে এটি ভাব হ’ব পাৰে এইবুলি যে এওঁলোকে কি অনুষ্ঠান পাতিব, যিয়ে আমন্ত্ৰিত ব্যক্তিগৰাকীৰ নামটোৱে শুদ্ধকৈ লিখিব নোৱাৰে৷

সাধাৰণতে এটি শিশু জন্ম হোৱাৰ পাছত এটি অৰ্থপূৰ্ণ নাম শিশুটিৰ ৰাখিবলৈ চেষ্টা কৰা হয়৷ সেইবাবে ‘নামবাচক শব্দ’ হ’ল বুলিয়েই বহুতে ভবাৰ দৰে নিজৰ নামটো, নিজে ভুলধৰণে অতদিন লিখি আহিছে বাবে লিখাটো সমীচীন নহয়৷ অৰ্থপূৰ্ণ শব্দ হ’লে নিজৰ নামটো শুদ্ধকৈ লিখিবলৈ যত্ন কৰিব লাগে৷

বিখ্যাত মানুহৰ নামবোৰ আমি ব্যৱহাৰ কৰোঁতে তেওঁলোকে যেনেকৈ নামবোৰ লিখিছিল ঠিক সেই ধৰণে লিখিব লাগে৷ ■ ■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rajib Phukan
5 months ago

সুন্দৰ তথা প্ৰয়োজনীয় লেখা। লেখাটি পঢ়ি মই বিশেষভাৱে আপ্লুত হ’লোঁ‌।
অৱশ্যে মোৰ মনত অকণমান খুদুৱনি ৰৈ গ’ল। ‘নাচিছিলোঁ‌’, এই শব্দটোত চন্দ্ৰবিন্দু ব্যৱহাৰ হ’ব নে! মই শিকামতে শব্দটোত নাসিক্য বৰ্ণ থাকিলে চন্দ্ৰবিন্দু নবহে। যদি মোৰ ভুল হৈছে শুধৰাই দিব বুলি আশা কৰিলোঁ‌।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক