সৰু মানুহৰ ডাঙৰ কথা (অনুপমা বৰগোহাঁই)

“সৰু মানুহ” –শিৰোনামটো লিখিয়েই ভাবিলোঁ কোনবোৰ মানুহ সৰু বাৰু!! কম টকা থকা ,কম পঢ়া শুনা-কৰা ,কম সুবিধা পোৱা মানুহবোৰ নে বেছি টকা থকা, বেছি পঢ়া -শুনা কৰা, বেছি সুবিধা পোৱা তথাকথিত অভিজাত , অহংকাৰী মানুহবোৰ সৰু মানুহ!! মই আচলতে লিখিব লৈছিলোঁ মোৰ কলনিত থকা ‘পৰেশ’ নামৰ ধোবা-ধুবুনী হালৰ লৰাটোৰ কথা! এইবাৰ দশম শ্রেণীৰ পৰীক্ষাত ২য় বিভাগত উৰ্ত্তীণ হোৱা লৰাটোৱে তাৰ ককায়েক ভায়েক কেইটাৰ লগত পাল পাতি সদায় ৰাতিপুৱা মোৰ গাড়ীখন চাফা কৰে। তাৰ মাক শীলাই মই সিহঁতক কাপোৰ ইষ্ট্রি কৰিবলৈ নিদিওঁ (নিজৰ কাম যিমান পাৰোঁ নিজে কৰিম বুলি প্রতিজ্ঞা কৰি থৈছোঁ!) বুলি সদায় আক্ষেপ কৰি থাকে; সেয়ে পুতেক (সিহঁতৰ ৫টা লৰা) কেইটাক মই গাড়ীখন মচিবলৈ দিওঁ আৰু অন্যতকৈ অলপ বেচি মাননি দিওঁ – কাৰণ লৰা কেইটা বৰ ভদ্র আৰু সময়ানুৱৰ্তী।আটাইকেইটা লৰাই স্কুলত পঢ়া শুনা কৰে। উত্তৰপ্রদেশৰ আন কঠুৱা মাত কথাৰ মানুহবোৰতকৈ সিহঁত ভিন্ন। পৰীক্ষা থকাৰ দিনা পৰেশ ৰাতি নৌপুৱাওঁতেই আহি মোৰ দুৱাৰৰ বেল বজাই মোক জগায় আৰু গাড়ীৰ চাবি লৈ যায়।সি কয় ‘আপোনাৰ বাহিৰে কোনো মাডামেই মোক ইমান সোনকালে বেল বজাব নিদিয়ে। সোনকালে গাড়ী মচি গলে মোৰ স্কুল যাবৰ বাবে লৰা লৰি নহয়।” মোক সিহঁতি কেতিয়াও সিহঁতৰ মাক –দেউতাক বা অন্য সহায়কাৰী মানুহ কিছুমানৰ দৰে যেতিয়াই তেতিয়াই সহানুভূতি বিচাৰি পইচা খুজি আমনি নকৰে। কিন্তু মই দিয়া পুৰণা বেগ, জোতা, জিনচৰ পেন্ট সকলো কৃতজ্ঞ চিত্তে লয়।সিদিনাখন আমি ভোগালী বিহু পাতিবলৈ তিনিটা পৰিয়াল একগোট হৈ গুৰগাঁৱৰ ফাৰ্ম হাউচ এখনলৈ যাবলৈ ওলাইছো – এই বয়সতো মোৰ মন উলাহত উৰি গৈছে। মোৰ লৰা কেইটাৰ অৱস্থামোতকৈয়ো চৰা। যাবৰ সময়ত দৌৰা দৌৰিকৈ গাড়ীত উঠাৰ আগতে ডাঙৰ লৰাটোৱে আমাৰ একমাত্র ডিজিটেল কেমেৰাটো গাড়ী থোৱা ঠাইৰ ওচৰতে পেলাই থৈ আহিলে!!! গুৰগাঁৱলৈ গৈ ফট’ তুলিবলৈ কেমেৰা বিচাৰি চাওঁতেহে গম পালো লৰাই কেমেৰা কলনিৰ খেলপথাৰতে এৰি থৈ আহিলে! যোৱা কথা গুচিল। বিহু পাৰ হ’ল। সিদিনা দেওবাৰে পৰেশ ৰাতিপুৱাই আহিল। গাড়ীৰ চাবি লৈ গাড়ী চাফা কৰিলে। ইতিমধ্যে আমাৰ কেমেৰা হেৰুওৱাৰ কথা সুৰক্ষাকৰ্মীকেইজনৰ মুখে সিয়ো জানে। মোৰ মিটিং এখনলৈ যাবলৈ লৰা লৰি হোৱা বাবে সি গাড়ীখন মচি চাবিটো সৰু লৰাটোৰ হাতত দি গ’ল আৰু ওচৰতে সি বিচাৰি পোৱা আমাৰ কেমেৰাটো ড্রাইভিংচিটতে মই দুৱাৰ খুলিলেই চকুত পৰা কৈ থৈ গ’ল! নিশব্দে বিনা প্রলোভন আৰু বিনা উপঢৌকনত!! আজিকালি যি যুগত ঘৰৰ মানুহেই মৰম নুবুজে তেনে এটা যুগত এটা কিশোৰে মোৰ মৰমৰ প্রতিদান এনেকৈয়ে দিলে!! তাক বাৰু মই কেনেকৈ সৰু মানুহ বুলি কম!!

আন এটা ঘটনা ২০০২ চন মানৰ। ওচৰতে থকা মোৰ লগৰে এগৰাকীয়ে এদিন মোৰ ঘৰত সহায়ক হিচাপে থকা কিশোৰ এজনক তেওঁৰ পতি ঘৰত নথকাত ৰাতিটো ঘৰ ৰখিবৰ বাবে মাতি নিলে। ভাত পানী খোৱাই মই লৰাটোক কেৱল গাত লোৱা কম্বলখন দি সিহঁতৰ ঘৰলৈ পঠিয়ালোঁ। মই ভবাই নাছিলোঁ যে ঘৰ ৰখিবলৈ মতা গোপাল নামৰ মোৰ ঘৰত থকা লৰাটোক লগত বিচনাও দি পঠিয়াব লাগিব!! ৰাতিপুৱা দোকমোকালিতে ওফন্দা মুখখন লৈ আহি গোপাল আমাৰ ঘৰ ওলাল। কি হ’ল সুধিলত কলে “গোটেই ৰাতি মোক ঠাণ্ডাপকাখনতে মোক শুবলৈ দিলে। কম্বল খন লৈ মই বহি থাকিলোঁ। এতিয়া মোক অলপ শুবলৈ দিয়ক”!! মই হতভম্ব হ’লো। মানুহ এনেকুৱাও হব পাৰেনে?? তাৰ পিচতো জেঙা নমৰিল। অলপ পিছত বান্ধবী জনীয়ে মোৰ ঘৰলৈ ফোন কৰিলে “অনুপমা, গোপাল তোমালোকৰ ওচৰলৈ আহিল নেকি?” মই “অ” বুলি কোৱাত “ অলপ সময়ৰ কাৰণে তাক তোমাৰ কাম কৰাৰ পৰা আজৰি দিয়াচোন। সি আমাৰ ঘৰত পকাতে প্রস্ৰাব কৰি থৈ গৈছে!” মই কিবা কব পোৱাৰ আগতেই আকৌ কলে “তুমিতো মোক তাৰ এনেকুৱা স্বভাৱ আছে বুলি আগতেই ক’ব লাগিছিল!” এইবাৰ মোৰ আৰু অবাক হোৱাৰ পাল। গোপালে এনে কাম কেতিয়াও নকৰে বুলি মোৰ বিশ্বাস আছে। তথাপিও বান্ধবীজনীৰ মিছা খঙ সামৰিবৰ বাবেই মই তাক জগাই কলো “যা তই যদি সিহঁতৰ ঘৰত বেয়া কাম কৰি আহিছ –ছাফা কৰি থৈ আহ” গোপালে প্রতিবাদ কৰিলে যদিও গৈ বান্ধবীজনীৰ গোটেই ঘৰ ডেটল পানীৰে ধুই মোহাৰি আহিল। তাৰ পিছতো বান্ধবীজনীয়ে গোপালক যেতিয়াই দেখে, সকলো মানুহৰ আগত “ অই তই আজিকালি বিচনাত চুচু কৰ নাই?” বুলি কৈ তাক লাজ দিয়ে। ‘সৰু মানুহ’ এতিয়া মই কাক কম? বান্ধবীজনীক নে কাম কৰা লৰাটোক???

আন এজনী বান্ধবীৰ ঘৰত কামকৰা সৰু ছোৱালীজনীক ওচৰ চুবুৰীয়াই পুলিচত খবৰ দিয়াত পুলিচক ২০,০০০ টকা দি উদ্ধাৰ পাইছিল। আৰু বহু ছোৱালীক উদ্ধাৰকৰ্তাই উদ্ধাৰ কৰাৰ নামত ঘৰলৈ ঘুৰাই পঠিয়াই অধিক কষ্ট দিয়াৰ কাহিনীও জানো। এইখিনিতে এটা কথা মনলৈ আহিছে। মোৰ সৰু বাইদেউ গৰাকীয়ে তাইৰ নতুনকৈ লোৱা মাটিখিনিত চকীদাৰী কৰি থকা পৰিয়ালটোত এজনী বেমাৰী,অপুষ্টিত ভোগা ছোৱালী মানুহ এজনীৰ হাতত মাৰ খাই কান্দি থকা দেখিলে। সোধা পোচা কৰি গম পালে যে সেই ছোৱালীজনীৰ মাক নাই। দেউতাকেনতুন মাক এজনী আনিলে – কিন্তু কেইবছৰ মানৰ পিছত দেউতাকৰো মৃত্যু হ’ল। নতুন মাকে নতুন মানুহ অৰ্থাৎ চকীদাৰৰ সৈতে সংসাৰ আৰম্ভ কৰাত কাম বন কৰিব নজনা বেমাৰী ছোৱালীজনীক হাৰমাল যেন পাই কথাই প্রতি মৰিয়াই। বাইদেৱে “ছোৱালীজনী মাৰি পেলোৱাতকৈমোকে দি দে” বুলি ক’লত মানুহজনীয়ে সকাহ পাই ‘ছোৱালীজনীক সৰহ পইচা দিলে একেবাৰেই দি দিম’ বুলি কোৱাত বাইদেৱে তাইক একপ্রকাৰ কিনিয়েই লৈ আহিল। সেই সময়ত অসমতে থকা চিকিৎসক মোৰ দাদাক বাইদেৱে ছোৱালীজনীক দিলে। দাদাৰ চিকিৎসা আৰু বৌৰ যত্নত ছোৱালী জনী ঠন ধৰি উঠিল। দুই এক শ্রেণী স্কুলো গল। কিন্তু সংগদোষৰ কাৰণে তাই স্কুল এৰিব লগা হ’ল। এতিয়া সম্পূৰ্ণ ধুনীয়া কাম বনে পাকৈত গাভৰু ছোৱালীজনীক সময়ত বাইদেৱে আনি দাদাক গতাই নিদিয়া হলে বা বৌয়ে‘কাম-বন কৰিব নোৱাৰা ছোৱালী এজনী আকৌ মোৰ ডিঙিত কিয় জাপি দিছা’ বুলি নন্দেকক কোৱা হলে সেই ছোৱালীজনীৰ জীৱন কি হ’লহেঁতেন!!
কোনবোৰ সৰু মানুহ কোনবোৰ ডাঙৰ মানুহ বিচাৰ কৰি থাকোঁতে মনলৈ আহিল বহু বান্ধবীৰ মুখত তেওঁলোকৰ লৰা ছোৱালীয়ে কাম কৰা মানুহৰ স্পৰ্শও অস্পৃশ্য যেন অনুভব কৰে বুলি ‘জহোৱা’ৰ বিপৰীতে মোৰ এজনী বান্ধবী নিৰ্জুমণিৰএকমাত্র কিশোৰী কন্যা দিল্লীৰ অন্যতম অভিজাত স্কুল এখনৰ ছাত্রীকাব্যাই সিহঁতৰ বনকৰা গাভৰু ছোৱালীজনীৰ লগত গুৰগাঁৱত আমি থকা ফাৰ্ম হাউচটোত একেটা কোঠাৰ একেখন বিচনাত একেলগে বাই ভনীৰ দৰে শুই থকা দৃশ্যটো!! মনটো বহুত দিনলৈ ভৰাই ৰাখিলে –কোনবোৰ মানুহক বাৰু সৰু মানুহ আৰু কোনবোৰ মানুহক ডাঙৰ মানুহ কম—! সেয়া, মই এই লেখা লিখি থকাৰ সময়তো ৰিক্সাত বজাৰ কৰি উভটি অহা মিচেচৱিষ্টেৰিক্সাৱলাটোৰ লগত ৫ টকা পইচা বেচিকৈ লোৱাৰ বাবে তৰ্ক কৰি আছে। দুখীয়া ৰিক্সাৱলাটোৰ গাৰ ঘাম আৰু মিচেচৱিষ্টৰ গাত লগোৱা দামী পাৰ্ফিউমৰ গোন্ধ, কোনটো ডাঙৰ বাৰু?? মুখ্য গেটেৰে গাড়ী উলিয়াবৰ সময়ত কেতিয়াবা কিবা কাৰণত সোনকালে গেটখন খুলি নিদিলে সুৰক্ষা কৰ্মীকেইজনক চিঞৰ বাখৰ কৰা মিচেচগুপ্তা, মিচেচগ্রোভাৰহঁত ডাঙৰ নে আমাৰ দৰে তেওঁলোকতকৈ বয়সত সৰু “মেডামবোৰকো” চালাম মাৰি গেট খন খুলি দিয়া সুৰক্ষা কৰ্মীকেইজন ডাঙৰ?? মই ভাবি নাপালোঁ .. বৰ কঠিন কথাবোৰ মোৰ বাবে। আশা কৰো উত্তৰটো সদাশয় পাঠকেই দিব!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments