সৰু মানুহ- পিণাকপাণি বৰুৱা

 

হাইদৰাবাদত সময় তেতিয়া বাৰিষাৰ প্ৰথমজাক বৰষুণৰ৷ দিনটো খালী হৈ থকা ধূলিময় আকাশ আবেলিলৈ আবৰি ধৰিছিল কলা মেঘে৷ অতদিনে পানীৰ অভাৱত চটফটাই থকা ৰাষ্টা-ঘাট জল-স্পৰ্শ পাই জিলিকি উঠিছিল৷ জিলিকি উঠিছিল হাই টেক চিটিৰ গুগুল, মাইক্ৰচফটৰ ডাঙৰ ডাঙৰ ফলকবোৰো৷ পিছে ৰাতিপুৱাৰ চোকা ৰ’দ দেখি হাই টেক চিটিৰ কোনো আবাসীয়ে ভবা নাছিল আবেলিলৈ বতৰ এইহেন হ’ব বুলি৷ তিনিমান বজাতে ক’লা হৈ পৰা আকাশখনে প্ৰায় ডেৰ ঘণ্টা সময় অবিৰম ঢালি থাকিল৷ আগবেলাৰ ৰ’দ দেখি স্নিগ্ধাইও গধূলিলৈহে ওলাই যোৱাৰ কথা ভাবিছিল বজাৰলৈ, পিছে সেমেকা পৰিবেশে গধূলিও তাইক নিৰুৎসাহ কৰিছিল৷ বৰষুণৰ পৰিমাণ কমিছিল যদিও পূনৰ বঢ়াৰ আশংকা আছিল, গৰজি থকা মেঘবোৰে তাৰেই ইংগিত দিছিল৷
‘বজাৰলৈ যাবি জানো? ’- কাষৰ কোঠাৰ পৰা ওলাই আহি অৰুণিমাই একে মনোভাৱেৰে সুধিলে৷
স্নিগ্ধাই মূৰ জোকাৰিলে, ‘মন নাই, আৰু এলাহো লাগিছে৷ তাতকৈ কিবা কিবি বনাই ৰুমতে খাঁও আহ৷ ’
‘একদম মোৰ মনৰ কথাটোয়ে ক’লি, পিছে পাকঘৰত আলু আৰু চাউলৰ বাদে একোৱে নাই যে৷ ’
‘মেগীও নাই? ’
‘কালি নিজে দুপেকেট বনাই খোৱা নাছিলি? ’
‘অহ্ হ’’-স্নিগ্ধাৰ মনটো মৰহিছিল যদিও পিছ মুহূৰ্ততে মনত বুদ্ধি খেলালে, ‘পিজ্জা অৰ্ডাৰ দিও? ’
‘পাৰি’-বুলি কৈ অৰুণিমাই টেবুলত থকা স্নিগ্ধাৰ মবাইলটো তাইৰ দিশত দলিয়ালে৷
হাই-টেক চিটিৰ কৃষ্ণা ভেলী এপাৰ্টমেণ্টচৰ বাসিন্দা দুয়োজনী৷ দুটা ভিন্ন আই টি কম্পেনীত চাকৰি কৰা অৰুণিমা আৰু স্নিগ্ধাৰ চিনাকি হাইদৰাবাদত অহাৰ পাছতহে হৈছিল যদিও যোৱা তিনি বছৰে সেই চিনাকিয়ে গভীৰ বন্ধুত্বৰ ৰূপ লৈছিল৷ অট্টালিকাটোৰ দ্বিতীয় মহলাৰ চতুৰ্থ কোঠাটোৰ মাহেকীয়া ভাড়া দি দুয়ো পাৰ কৰি গৈছিল সময়খিনি, অৱশ্যে শণি বা দেওবাৰৰ বাদে সপ্তাহৰ আনকেইটা দিন পৃথকভাবে অফিচৰ কামতে ব্যস্ত দুয়ো৷ সেইকেইটাদিনত ভাগৰি-জুগৰি অফিচৰ পৰা আহি গধূলি দুয়ো পৰিকল্পনা ৰচে আগন্তুক ৱীকেণ্ডটোৰ বাবে৷ পিছে শনিবাৰৰ দিনা ৰাতিপুৱা এলাহে যি হেঁচা মাৰি ধৰে যে ব্ৰেকফাষ্ট লাঞ্চো একাকাৰ হৈ যায়৷ এইবাৰ পিছে বৰষুণেও দুগুণ বাধাৰ সৃষ্টি কৰিলে৷
অৰ্ডাৰ দিয়াৰ পোন্ধৰ মিনিটমান পাছতে বৰষুণজাক পূনৰ প্ৰবল হৈ পৰিল৷ দেখি অলপ চিন্তাত পৰিল সিহঁত,
‘বেয়াই কৰিলো নেকি ইমান বৰষুণত অৰ্ডাৰ দি৷ দিবলৈ অহাটোৰ অৱস্থা বেয়া হৈ যাবচোন৷ ’
-স্নিগ্ধাই খিৰিকীৰে বাহিৰলৈ জুমি ক’লে৷
‘ৰৈ মেলি আহিব দে৷ ’

‘নাই, ত্ৰিশ মিনিটত নাপালেহি পইচা নাপাব’ বুলি ভাবিব’ যে? ’
‘আমি ইমানো বেয়া মানুহ নহয় দে’
‘সি কি জানিব নেকি আমি কেনেকুৱা মানুহ? ’
‘সেইটো ভী হয়৷ ’
কথা পাতি থাকোতেই কলিং বেলটো বাজি উঠিল, স্নিগ্ধাই ভবাৰ দৰে দিবলৈ অহা ল’ৰাটো বৰষুণৰ বাবে ৰৈ নিদিলে৷ দুৱাৰখন খুলি তাই দেখা পালে পানীৰে জুৰুলি-জুপুৰি হৈ পৰা সৰু ল’ৰাটোক৷ চেহেৰাটো দক্ষিণ ভাৰতৰ যেন নালাগিল, উত্তৰ নহ’লে পূবফালৰে হ’ব৷ তাৰ অৱস্থা দেখি বেয়া লাগিছিল স্নিগ্ধাৰ৷ টকাকেইটা লৈ সি উভতিব খোজোঁতেই তাই মাত লগালে পিছফালৰ পৰা,
‘থ’ৰি দেৰ ৰুক যাৱ’ য়েহি পে, বাৰিছ থমনে কে বাদ চলে জানা’-ভিতৰলৈকে মাতিছিল স্নিগ্ধাই৷
‘ক’ই বাত নেহি, ৱেচে ভি পুৰা ভিগ গেয়া হুঁ৷ ’
‘নেহি নেহি, হমে বুৰা লগেগা৷ থৰি দেৰ ৰুক’৷ ’
স্নিগ্ধাই জোৰ কৰাত ল’ৰাটো আহিল সোমাই৷ অৰুণিমাই ভিতৰৰ পৰা আনি দিয়া টাৱেলখনেৰে সি যিমান পাৰি পানীখিনি গাৰ পৰা আঁতৰ কৰিবৰ চেষ্টা কৰিলে৷
‘বেঙাটোয়ে ৰেইনকোট এটাটো লৈ ল’ব পাৰে’- ল’ৰাটোয়ে ‘বেঙা’ মানে কি বুজি নাপাব বুলি মনতে বিশ্বাসী হৈ সি শুনাকৈয়ে স্নিগ্ধাক কৈছিল৷ স্নিগ্ধাই হাঁহিছিল মিচিকিয়াই৷
‘ৰেইনকোট আছে কিন্তু ৰাতিপুৱা বতৰ ভাল আছিল বাবে আনিবহে পাহৰিলোঁ৷ ’
ল’ৰাটোৰ মূখৰ পৰা ওলোৱা অসমীয়া শব্দ শুনি দুয়োজনীয়ে চকূ ডাঙৰ কৰি ইজনীয়ে সিজনীৰ দিশত চাইছিল৷
‘তুমি অসমীয়া? ’-স্নিগ্ধাই সুধিছিল৷ পিছে উত্তৰ দিয়াৰ পূৰ্বে অৰুণিমাইও মূখ মেলিছিল,
‘বেঙা বুলি কোৱাৰ বাবে বেয়া নাপাবা দেই৷ ’
‘হয়, মাজুলীত ঘৰ৷ ’-সি কৈছিল, ‘বেয়া নাপাও দিয়ক৷ আপোনালোক অসমৰ কোন ঠাইৰ? ’
‘মোৰ যোৰহাটত, এইৰ লখিমপুৰত৷ ’-পিজ্জা ভাগ কৰি থকা অৰুণিমাৰ দিশত আঙুলিয়াই স্নিগ্ধাই কৈছিল৷
‘যোৰহাটৰ ক’ত? ’
‘চোলাধৰা৷ ’
‘আচ্ছা, আচলতে মোৰ কলেজীয়া জীৱন যোৰহাটত থাকিয়ে পাৰ কৰা৷ তৰাজানৰ পি জি এটাতে অন্য দুটাৰ লগত শ্বেয়াৰ কৰি আছিলো৷ ’
‘কিমানলৈকে পঢ়ানো তুমি? ’
‘জে বি-ৰ পৰা বি এ পাছ কৰিছিলো৷ ’
‘কথা এটা সুধোঁ বেয়া নাপাবা দেই’-পিজ্জাৰ প্লেট তিনিখন অৰুণিমাই সুধিলে৷
‘শুধক’
‘এনেকুৱা সৰু সুৰা চাকৰিটো বিচাৰিলে অসমটো পালা হয়, তেনেক্ষেত্ৰত ইমান দূৰৈৰ পৰা ইয়াত আহি পিজ্জা ডেলিভেৰী কৰাৰ কি প্ৰয়োজন?’
ল’ৰাজনে হাঁহিছিল মিচিকিয়াই, নিজকেই যেন ঠাট্টা কৰিছিল সেই হাঁহিৰে সি৷ স্নিগ্ধাই ঘোপাকৈ চাইছিল অৰুণিমাৰ দিশত৷
‘এনেকুৱা সৰু সুৰা চাকৰি অসমত নাই বুলিনো কোনে ক’লে? পিছে যোৰহাট বা মাজুলীত মই এনে সৰু সুৰা কাম কৰাৰ কথা ভাবিবও নোৱাৰো৷ ইমান সহজ নহয় নিজৰ স্থানত এনেধৰণৰ চাকৰি কৰাটো৷ ’
‘মানে? ’
‘বি এ পাছ কৰাৰ পাছতে গুৱাহাটিলৈ আহিছিলো চাকৰি বিচাৰি৷ বহুত বিচৰাৰ পাছতো মনে বিচৰা ধৰণৰ চাকৰি নাপাই শেষত ভাল হোটেল এখনতে ৱেটাৰৰ চাকৰিত সোমালো৷ দৰমহা-পাতি ঠিকই আছিল যদিও ঘৰত চাকৰিটো ৱেটাৰৰ বুলি নকলোঁ৷ মোৰ প্ৰব্লেম নাছিল, মইটো বৰঞ্চ ভালেই কাম কৰি আছিলোঁ৷ মোৰ ব্যৱহাৰ ভাল পাইয়ে হয়টো বহুতো গ্ৰাহকে টিপচ্ দি গৈছিল যিবোৰ দৰমহাৰ সৈতে লগ লাগি ভালেই উপাৰ্জন হৈছিল৷ পিছে মাষ্টৰৰ চাকৰি কৰি সন্মান কঢ়িয়াই ঘূৰি ফুৰা দেউতাৰ বাবে সেইটো লাজৰ কথা হ’লহেঁতেন৷ তাতে চকু চৰহা দুটামানে সেইটোকে গাঁৱত ৰসাল আলোচনাৰ বিষয় বনাই পেলালেহেতেন৷ সেয়ে তিনিবছৰ মই সেই হোটেলত চাকৰি কৰিলো ঘৰত গম নোপোৱাকৈ৷ ’
‘এৰিলা কিয়নো? ’
‘গাঁৱৰ পৰা গুৱাহাটিলৈ পঢ়িব অহা ল’ৰা এটাই গাৰ্লফ্ৰেণ্ডৰ লগত এদিন ওলালহি হোটেলত৷ মোক দেখা পাই সি নিজে আগবাঢ়ি আহি মাতিছিল৷ ময়ো নিজৰ গাঁৱৰ ল’ৰা দেখি ঘৰলৈ আলহী অহাৰ দৰে মাতি আনি বহাই ইটো সিটো সুধিছিলোঁ৷ এবাৰ ভাবিছিলো তাক মোৰ চাকৰিটোৰ কথা গাঁৱত কাকো নক’বলৈ অনুৰোধ কৰোঁ বুলি৷ কিন্তু ভাবিলো আজিকালিৰ ল’ৰা, ক’তনো এইবোৰ কথা আলোচনা কৰি ফুৰিবগৈ৷ পিছে আলোচনা হ’ল৷ ইকাণে-সিকাণে গৈ কথাবোৰ দেউতাৰ কাণত পৰাৰ লগে লগে মোৰ চাকৰিৰ জীৱন চমু চাপি আহিল৷ মাষ্টৰৰ ল’ৰা, ইমান পঢ়া শুনা কৰি কি এতিয়া হোটেলৰ বাচন-বৰ্তন ধুৱাটোয়ে কাম বাকী ৰৈছেগৈ৷ নালাগে চাকৰি কৰিব, ঘূৰি আহি খেতিত ধৰহি৷ –দেউতাই খঙেৰে কৈছিল ফ’নত৷ ’-চকু সেমেকিছিল কথাবোৰ কৈ যাওঁতে তাৰ৷
‘আমাৰ মানুহবোৰে কিয় সন্মান কৰা-নকৰাটো এইদৰে ভাগ কৰে? ড্ৰাইভাৰ, ৱেটাৰ, নাপিত ইত্যাদি পেচাত থকা মানুহে নিজৰ কামটো যিমান ভালকৈয়ে নকৰক কিয় সমাজে সিহঁতক সদায় সৰু মানুহ ৰূপেই গণ্য কৰিব৷ আনহাতে ডাক্তৰ, আই পি এছ অফিচাৰ বা শিক্ষকতা কৰা মানুহে নিজৰ কামত অনেক দুৰ্নীতি কৰিলেও সিহঁতৰ সন্মান হানি নহয়৷ আৰে কাম কি দৰে কৰে সেইটো চাই সন্মান কৰ না৷ আমাৰ মানুহৰ এইটো স্বভাবৰ বাবেই আজি লাখ লাখ যুৱকে চাকৰি থাকিও নিবনুৱাৰ পৰিচয় লৈ ঘূৰি ফুৰিছে সমাজত৷ অসমৰ বাহিৰতো মোৰ দৰে এনে বহুত যুৱক আছে যি কেৱল সন্মানৰ খাতিৰতে অচিনাকি স্থানত চাকৰি কৰি আছেহি৷ ঘৰলৈ ঘূৰি যাবলৈ কাৰ মন নাযায়? বহুতেই মন যায়৷ কিন্তু তাত গৈ নিবনুৱা হৈ থকাতকৈ ইয়াতে দুটকা উপাৰ্জন কৰি থকাটোয়ে জানো উচিত নহয়৷ ’-সমগ্ৰ ক্ষোভ যেন উজাৰি দিছিল, ‘বহুত বকিলো, এতিয়া পিছে যাও দিয়ক, বৰষুণজাক কমিল৷ ’
‘পিজ্জা এটুকুৰা খাই যোৱা৷ ’
‘নালাগে বা, পিছত এদিন চাহ খুৱাকে আহিম দিয়ক৷ দিনটো এইবোৰৰ গোন্ধ লৈ লৈ এনেও খাবলৈ মন নাযায়৷ ’-বুলি কৈ সি হেলমেটটো হাতত ল’লে, ‘আপোনালোকে মই বৰষুণত তিতিম বুলি ভাবি এই কণ সময় আশ্ৰয় দিয়াৰ বাবে ধন্যবাদ৷ সকলোৰে পৰা এনে সন্মান নাপাওঁ৷ ’
‘কষ্ট কৰি যোৱা মানুহৰ কথা নাভাবি, আৰু উপযুক্ত টকা জমা কৰি নিজে অসমত গৈ ব্যৱসায় আৰম্ভ কৰাগৈ৷ ’-ল’ৰাজনক বিদায় দি স্নিগ্ধাই কৈছিল৷
‘ঠিক কৈছে, মোৰ লক্ষ্য এতিয়া সেইটোয়েই৷ ’
ল’ৰাটো গুচি যোৱাৰ পাছতো সি সৃষ্টি কৰি যোৱা গহীনতা বিৰাজ কৰিছিল কোঠাটোত৷
‘১০০% সঁচা কথা কৈ গ’ল ল’ৰাটো্যে৷ এই কাৰণতেইটো অসমৰ পৰা সফল ব্যৱসায়ী নোলায়৷ কোনেও নিবিচাৰেই সৰু কামেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ কথা৷ চবকে কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ জীয়েক-পুতেকেই লাগে৷ সকলো আঙুলি যে সমান নহয়, সেই কথা কোনে বুজে? ’
‘ঠিকেই কৈছ, ময়ো দুদিনমান আগতে দেউতাৰ কথা শুনি ভুলেই কৰিলোঁ৷ ভাইটিক উল্টা শিক্ষা দিব নালাগিছিল৷’
‘কি শিক্ষা দিলি? ’
“ভাইটিক ৱেডিং ফটোগ্ৰাফী কৰিবলৈ কেমেৰা এটা লাগে, তাৰ বহুত চখ এইবোৰত৷ পিছে দেউতাই ভাল পোৱা নাই লোকৰ বিয়াত কেমেৰা লৈ ঘূৰি ফুৰাটো৷ কেইবাদিনো ধৰি কাজিয়া ঘৰত, যাৰ ফলত বৰ্তমান দেউতাৰ লগত তাৰ মাতবোল বন্ধ৷ যিটো কোঠাত দেউতা থাকে সেইটো কোঠাত সি নোসোমাই বা দেউতা সোমাই আহিলেই ওলাই গুচি যায়৷ শেষত বলে নোৱাৰি মোক বুজাবলৈ কৈছিল দেউতাই৷ মইয়ো দেউতাৰ কথা উপেক্ষা কৰিবলৈ বেয়া পাই তাক বুজালো বোলো আগতে ডিগ্ৰীটো সম্পূৰ্ণ কৰি চাকৰি এটা বিচাৰি চাছোন, নাপালে পিছত কৰি থাকিবি ফটোগ্ৰাফী৷ সি মোৰ কথা শুনে আজিকালি, পিছে কথাবোৰে যে তাক বাৰুকৈ নিৰাশ কৰিছিল সেই কথাও সঁচা”-বুলি কৈ অৰুণিমাই ম’বাইলটো হাতত লৈছিল,
“হেল্ল’ দেউতা৷”
:”অ মাজনী কচোন৷”
“ই আছে নাই ঘৰত?”
“আছে ৰুমতে সোমায়৷ ওলাই অহাই নাই ৰাতিপুৱাৰে পৰা৷”
“তাক কেমেৰা এটা কিনিয়ে দিয়া বুজিছা৷ সেইটোয়ে উচিত হ’ব৷ এইদৰে মন চন মাৰি থাকি সি বেয়াহে কৰি পেলাব নিজৰ লগত৷”
“তয়ো তাৰ চাইড লৈ ল’লি যে হঠাৎ?”-আচৰিত হৈ সুধিছিল মানুহজনে৷
“তাৰ বাবে সেইটোয়ে উচিত হ’ব অ’ দেউতা৷ মন নোহোৱাকৈ পঢ়া শুনা কৰিনো সি কিমান ডাঙৰ চাকৰি এটা অৰ্জন কৰিব পাৰিব? তাতকৈ সি ভালপোৱা কামটোত এতিয়াৰ পৰাই লাগিলে পিছলৈ ভালদৰে স্থাপিত হ’ব পাৰিব৷ হয় নে নহয়?”
“কিন্তু মানুহে?”
“মানুহে? কি মানুহে?”-চিঞৰিছিল অৰুণিমাই, “মানুহৰ কামেই আলোচনা কৰাটো৷ পিছে পঢ়ি শুনি নিবনুৱা হৈ ঘূৰি ফুৰিলে কি সেইবোৰ মানুহে তাক খুৱাব নেকি? আৰে মানুহে কি ক’ব বুলি ভাবিয়ে আজি ক’ত ল’ৰা ছোৱালীয়ে একো নকৰি নিবনুৱা হৈ ঘূৰি ফুৰে৷”-যুক্তিহীন কৰি পেলাইছিল তাই দেউতাকক, “দেউতা, আজি বহুত ডাঙৰ কথা এটা উপলব্ধি হ’ল যে মানুহক কাম চাই সন্মান কৰিব লাগে পেচা চাই নহয়৷ সি যদি বহুত ভাল ফটোগ্ৰাফাৰ হয়গৈ সেইটো জানো সন্মানৰ কথা নহ’ব৷ গতিকে তাক নিজৰ মতে কৰিব দিয়া যি কৰিব খুজিছে৷ অন্তঃত সি পথ এটাটো বাচিব পাৰিছে নিজৰ বাবে, ক’তইতো সেইটোও বিচাৰি নাপায়৷”
“তই কৈছ যেতিয়া ভাবি চাওঁ বাৰু, পিছে কিমান মান টকা লাগেনো ভাল কেমেৰা কিনিবলৈ৷”
“এটা কাম কৰো, মইয়ে অনলাইন অৰ্ডাৰ দি দিওঁ‌৷ আজি দিলে অহা বুধবাৰ মানে পাই যাবগৈ৷ কিন্তু দিওতে তুমি নিজ হাতেৰে দিবা৷ সি বহুত ভাল পাব তেতিয়া আৰু আগতীয়াকৈ ক’ব নালাগে৷”
“চাৰপ্ৰাইজ দিম মানে?”
“অ, জানাচোন তুমি৷”
“সেইটোনো কি নজনাৰ কথাটো৷ বাপেৰটোক ইমান অকৰা বুলি ভাবনে?”
“মোৰ পিছে বৰ মন গৈছে তুমি কেমেৰাটো দিওঁতে তাৰ এক্সপ্ৰেচনটো চাবলৈ৷ মাক ক’বাচোন ম’বাইলতে ৰেকৰ্ড কৰিবলৈ৷”
“নিজে কবি দেই, মই ক’লে পাগল হোৱা বুলি ভাবিব৷”
“কিয়?”-তাই জোৰে জোৰে হাঁহিছিল।
“কালিলৈকে বিৰোধ কৰি থকা নাই জানো, এতিয়া হঠাৎ মন ইমান সলনি হোৱা দেখি পাগল হোৱা বুলি নাভাবিব?”
“হাঃ হাঃ, থিক আছে বাৰু৷ মইয়ে কম৷”
কথা সামৰি অৰুণিমাই ম’বাইলত পঢ়িবলৈ ধৰিলে বজাৰলৈ নতুনকৈ অহা কেমেৰাৰ সমীক্ষাবোৰ৷ তেনেতে তাইৰ মনত পৰিল ভায়েকে এবাৰ দেখুৱা মডেল এটা, সি কৈছিল তাৰ হেনো সপোন এইটো কেমেৰা ব্যৱহাৰ কৰাটো৷ মনত জোৰ দি তাই বিচাৰি উলিয়ালে কেমেৰাটো আৰু বেছি নাভাবি দি দিলে অৰ্ডাৰটো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments