সৰু সৰু কথাৰ ফাঁকেৰে -(হৃষীৰাজ শৰ্ম্মা)

-হৃষীৰাজ শৰ্ম্মা

সৰু সৰু কথাৰ ফাঁকেৰে

তেতিয়া আমাৰ ঘৰৰ ওচৰত উদেষ্ণা নামেৰে এটা চিনেমা হল আছিল। তাত প্ৰায়ভাগ সময় অসমীয়া চিনেমা চলিছিল। তেতিয়া আজিৰ দৰে বাৰ্গাৰ, মোমো ইত্যাদি খাদ্য বাংলাদেশী সোমোৱাদি হিলদ’ল ভাঙি সোমাই আহি ৰাজত্ব কৰিব পৰা নাছিল । বুট ভজা, পাপৰ, পোকোৰী, ঘুগুনী এ‍ইবোৰে‍ই আছিল খাৰখোৱাৰ গৌৰৱ । এদিন ৰাতিপুৱা মা-দেউতাৰ স’তে বাৰান্দাত বহি আছোঁ । তেনেতে ৰঙিয়াৰ বা‍ই আহিল। লগত দুজন কটীয়া, চুলি ঠৰঙা চেঙেৰা। বা‍ইয়ে সিহঁতহালক আমাৰ সৈতে চিনাকী কৰাই দি ক’লে যে এ‍ইদুটা তা‍ইৰ পো । ক্লাছ ছিক্সৰ দেওনাখন চাৰিবছৰ ধৰি অতিক্ৰম কৰিব নোৱাৰিলে। তাৰ আগতেও প্ৰতিটো ক্লাছতে বৰমাৰ বাছৰ দৰে ৰৈ ৰৈ যোৱাদি দুবছৰ তিনিবছৰ অতিক্ৰমি এতিয়া গাইপতি বিছ বছৰীয়া হ’ল। এ‍ইবাৰ বোলে “বেবচাই” (ব্যৱসায়) কৰিবলৈ মন মেলিছে। উদেষ্ণাত “গুণ গুণ গানে গানে” চলি আছে । মেটিনী শ্ব’ৰ সময়ত বুটভজাৰ ব্যৱসায় কৰিব। গোটাচেৰেক ধন হাতলৈ আহিলেও উদ্ধাৰ হ’ব। লগতে সিহঁতহালৰ টিঘিল ঘিলা‍ই ফুৰা স্বাভাৱৰ ইতি পৰি অলপ বুজন শক্তিৰো আৱিৰ্ভাৱ হয় যদি সি বা‍ইৰ বাবে বোনাছৰ লেখীয়া। দেউতাৰ পৰামৰ্শ বিচাৰিছে। দেউতাই কিবা ক’বলৈ পোৱাৰ আগতে‍ই মাতৃদেৱীয়ে বা‍ইৰ শক্তিশালী মগজৰ অদ্ভুত চিন্তাক সমৰ্থন কৰি ভূয়সী প্ৰশংসা কৰিয়ে‍ই পেলালে লগতে গুৱাহাটীত বিজনেছ কৰিবলৈ অহা “গোলো” আৰু “লোঠো” (ঘৰত মতা নাম)ক বুজনিৰ চলেৰে অলপ চলপ সকীয়নীৰো সৰু সুৰা ধাৰাপাত এখন গাই শেষ কৰি পেলালে । দেউতাৰ মুখলৈ ভোবা লাগি চালোঁ, লাহেকৈ চশমাযোৰ খুলি মিঠা হাঁহি এটাৰে সন্মতি প্ৰদান কৰিলে আৰু ক’লে যে ঠাই টুকুৰাৰ বাবে ভট্টাচাৰ্য্যক কৈ দিব । মুঠতে কাইলৈৰ পৰা বুটভজাৰ বিজনেছ আৰম্ভ কৰাৰহে কথা । ইতিমধ্যে দিনেশ (ড্ৰাইভাৰ) আৰু ম‍ই চিনেমা চোৱাৰ প্লেন কৰিছিলোৱে‍ই। এতিয়া আমাৰো ভাল হ’ল। উল্টা ব্ৰে‍ইন লগাই দেখিলোঁ যে ইণ্টাৰভেলত খাবলৈ বিনা প‍ইচাই বুট ভজা পাম । কথা মতে‍ই কাম। পিছদিনা দিনত “গোলো” আৰু “লোঠো”ৰ বুটভজাৰ দোকানৰ শুভাৰম্ভ হ’ল, গুৱাহাটীত বিজনেছ, (দুয়োৰে চাগৈ উত্তেজনাৰ শেষ নাই)।

আবেলী বা‍ইয়ে  আহি খবৰ দি গ’ল যে পিছদিনাৰ পৰা ব্যৱসায় আৰম্ভ হ’ব। আমিও হয় হয় শলাগিলোঁ।

দুদিন পিছতে অঘটন এটা ঘটিল। কাহিলী পুৱা‍ই চিঞৰ বাখৰ কৰি বা‍ইৰ আৱিৰ্ভাৱ। আমি থত মত খালোঁহক। বোলো কথা কি? পিছে কথাৰ একো নাড়ি ভুৰু নাই, কেৱল সাংঘাটিক সাংঘাটিক শব্দ কিছুমানৰ অপূৰ্ব প্ৰয়োগেৰে নিজৰ দু‍ইপুত্ৰৰ নাম ধৰি বাইয়ে এফালৰ পৰা জাৰি গৈছে। কি চাবা গালিৰ বৃষ্টি, ধাৰাষাৰ, মাজে মাজে শিলাবৃষ্টি যেনে‍ই লাগে। এনেহেন সময়ত প্ৰাতঃকৰ্ম অৰ্দ্ধসমাপ্ত্ কৰিয়ে‍ই দেউতা ওলাই আহিব লগীয়া হ’ল । কথা কি? বহুত বুজাই শুনাই লোৱাৰ পিছত যেনিবা বাইৰ অলপ শাম কাটিল। ইমানসোপা বকনি বাই বাইৰ পিয়াহ লাগিছিল হ’বপায় । চাহ এচিপেৰে ডিঙিটো তিয়াই ক’বলৈ ধৰিলে । কাহিনীটো এনে: দুই ভ্ৰাতৃয়ে ব্যৱসায় আৰম্ভ কৰিলে সঁচা, কিন্তু বহু পৰলৈ গ্ৰাহকৰ ছাঁটোকে দেখা নাছিল । ইফালে এটা শ্ব’ শেষ । দ্বিতীয় শ্ব’ আৰম্ভ হ’ল । হেন সময়ত কোনোবা এজনে যেনিবা প্ৰভুৰ অৱতাৰ ধাৰণ কৰি লোদোৰ পৰা দুটকাৰ বুট ভজা কিনিলে । লোদোৰ আনন্দ‍ই পাৰ নোপোৱা হ’ল। কিন্তু হ’লে কি হ’ব? তাৰ পিছত পুনৰ গ্ৰাহকৰ দেখা দেখি নাই। ইফালে ৰাতিপুৱাৰ পৰা একেঠাইতে থিয় হৈ হৈ দুই ভায়েকৰ আমনি লাগিছিল । দুপৰীয়া একো খাবলৈও নহ’ল, কিজানি খাবলৈ গ’লে গ্ৰাহক হেৰুৱায়! এনেতে লোদোৰ মনত এটা বুধি খেলালে। পেটৰ ভোকত ৰ’ব নোৱাৰি সি উপাৰ্জন কৰা দুটকাৰে ভায়েক গোঠোৰ পৰা বুট ভজা কিনিলে আৰু ভায়েকক দেখুৱাই দেখুৱাই খাবলৈ ধৰিলে । ভায়েকে সুধিলত ক’লে যে নিজৰ দোকানৰ মাল খাব নাপায় । সেয়েহে সি দুটকাৰে ভায়েকৰ পৰা কিনি খাইছে । আনহাতে ভায়েকৰো একে‍ই অৱস্থা । তাৰ পেটটোৱেও ভোকত কাউ মাউ কৰি আছে। এ‍ইবাৰ বোলে বোপা তাৰ পাল । ককায়েকে তাৰ পৰা বুট ভজা কিনাৰ বাবদ গোঠোৰ হাতত দুটকা উপাৰ্জন হৈছিল । সি ভাবি চিন্তি সে‍ই দুটকাৰে ককায়েকৰ পৰা বুট ভজা কিনিলে । ককায়েকে তাৰ বুদ্ধিক ভুৰি ভুৰি শলাগিলে। এ‍ইমৰ্মে দুয়োজনে পেটৰ ভোক নিবাৰণ কৰিলে। কিন্তু সিহঁতৰ গ্ৰহ নক্ষত্ৰ কিবা বেয়া আছিল চাগে’, সেয়েহে আবেলিও গ্ৰাহকৰ আগমন নঘটিল।

 

এনেদৰে ৰৈ ৰৈ আমনি লগাত এ‍ইবাৰ এ‍ইজনে ভাবিলে যে ভায়েকে যে দুটকা দি তাৰ পৰা বুট কিনিছিল, এ‍ইবাৰ সি আকৌ ভায়েকক সে‍ই টকা দুটাকে দি অলপ বুট কিনি তাকে‍ই উদৰস্থ কৰিব। ভবা মতে‍ই কাম। আনহাতে সিজনাও এৰা ভকত নহয়। বোলো ককায়েকে তাৰ পৰা বুট কিনিব, সি নিকিনিলে কেনেকৈ হ’ব। আকৌ সে‍ই দুটকাকে ককায়েকক দি তাৰ পৰা বুট কিনিলে। এনেদৰে দুটকা এটা দু‍ইজন ভায়েক ককায়েকৰ মাজত এবাৰ ইজনৰ জেপত, আনবাৰ সিজনৰ জেপত ঘূৰি থাকিল আৰু লাহে লাহে দুয়োৰে ভজা বুট শেষ হৈ আহিল। কালক্ৰমত দুয়োৰে বুট শেষ হ’ল আৰু লাভৰ ঘৰত টকা দুটা লৈ ৰাতি দোকান সামৰি দুয়ো বীৰদৰ্পে ঘৰলৈ উভতিল । ঘৰলৈ আহি যেতিয়া মাকৰ আগত দিনটোৰ ব্যৱসায়ৰ হিচাপ দিবৰ সময় সময় হ’ল, তেতিয়া লোদোৱে জেপৰ পৰা চিক চিকাই থকা দুটকীয়া মুদ্ৰাটো উলিয়াই আনি মাকৰ হাত গুজি দিলে আৰু গোঠোৱে খালী হৈ অহা বুটৰ টিন দুটা মাকে বিশ্বাস কৰক বুলি ওলোটাই ঘুৰাই পকাই দেখুৱালে যে সঁচাই সিহঁতে লাভজনক ব্যৱসায় কৰিবলৈ সক্ষম হ’ল।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments