সৰু সৰু ঘটনা (নিতুল বৰা)

সৰু সৰু ঘটনা 

নিতুল বৰা

(১)

২০০৪ চনৰ কথা, তেতিয়া নতুনকৈ মবাইল এটা কিনিছোঁহে, মবাইলৰ বিশেষ একো আওভাও নাপাওঁ মানে বুজিব পৰা হোৱাগৈ নাই, এদিনৰ কথা, সেইদিনা কামধাম তেনেকৈ নাছিল বাবে ওচৰৰে লগৰ এটাৰ দোকানৰ সন্মুখত থকা বেঞ্চি এখনতে বহি কথা পাতি আছিলোঁ, তেনেকুৱাতে ঘৰৰ ওচৰৰ এটা ভাইটিয়ে টেম্পো চলাই ভাড়া মাৰি দুপৰীয়াৰ ভাত খাবলৈ ঘৰলৈ আহিছে। আমি বহি থকা দেখি সি আহি তাৰ টেম্পোখন আমাৰ ওচৰতে ৰখালেহি, কিছু সময় কথা পাতি সি কলে— হেৰি নহয় আজি মই ম’বাইল এটা হেৰাই পালোঁ, কোনোবা যাত্ৰীয়ে এৰি থৈ গৈছিল হবলা, কিন্তু ফোনটো অন হোৱা নাই দেখোন, দাদা আপুনি চাওঁকচোন পাৰেনে ফোনটো অন কৰিব, আপুনি চেষ্টা কৰি থাকে মানে মই ভাত কেইটাকে খাই আহোঁ দেই। এইবুলি সি ভাত খাবলৈ গুচি গ’ল।

তাৰ পাছত গ্ৰাহক অহাত লগত বহি থকাতো ব্যস্ত হৈ পৰিল, মই মোবাইলটো পিটিকি-পাটাকি থাকোঁতে এবাৰত ফোনটো অন হল………চাল এয়াৰচেলৰ নম্বৰ দেখোন, কিন্তু ক’তো ফোন নাযায় মানে আউট গয়িং নাযায়েই, খুউব সম্ভৱ কাষ্টমাৰকেয়াৰত ফোন কৰি বন্ধ কৰি দিলে, তেতিয়া কিন্তু মোৰ মনত সেইটো কথা অহাই নাছিল, ভাবিছিলো পৰি যোৱা বাবে চাগৈ ফোন নোযোৱা হ’ল নেকি, সেই ভাবিয়েই মই মোৰ মোবাইলৰ চিমকাৰ্ডখন খুলি সেইটোত ভৰাই চাবলৈ মন গ’ল, বোলো চাওঁচোন এইটোৰ পৰা ফোন যায়নে নাই। উৱা চিম কাৰ্ডখন লগাই অন কৰিছোঁ……….মই গমেই নাপালোঁ, ক’ব নোৱাৰাকৈ মোৰ চিমকাৰ্ডৰ পৰা কেনেকৈ জানো দুটামান মেচেজ নিজে নিজেই গুচি গল আন ক’ৰবালৈ…………..তেতিয়াও মই গম নাপাওঁ যে ইতিমধ্যে মেচেজ চেণ্ট হৈ গ’ল বুলি। অৰ্থাত সেই মোবাইলটোত মোবাইল টেকাৰ বুলি চফ্টৱেৰ এটা ভৰোৱা আছিল । গ’ল কথা গ’ল, মবাইলটো ঠিক আছেনে নাই চাবলৈহে দিছিল সেইটো ঠিকেই আছে বুলি কিছুসময়ৰ পাছত ভাইটিটো অহাত তাক ঘুৰাই দিলোঁ। ঠিক ২ ঘণ্টা মানৰ পাছত মোলৈ এটা ফোন আহিল, আহিল মানে যি টি নম্বৰৰ পৰা নহয় আকৌ, চিধাই ফোন আহিল পুৰণিগুডামৰ পুলিচ থানাৰ পৰা, মই তেতিয়া ঘৰত ভাতকেইটা খাই অলপ আৰাম কৰিছোহে । তাৰ পাছত কি হল শুনক—–

পুলিচঃ-হেল্ল, আপোনাৰ নাম কি…..?? আপুনি ম’বাইল এটা পাইছে অলপ আগতে…??
মইঃ-কিন্তু আপুনি আগতে কওঁক, আপুনি কোন….?? ক’ৰ ম’বাইল, কি কথা, আৰু আপুনি এইবোৰ সুধিবলৈনো কোন….??
পুলিচঃ-মই পুৰণিগুডাম থানাৰ পৰা কৈছোঁ, এতিয়া বুজিলে নহয়, ম’বাইলতে পাইছে বুলি আমালৈ আপোনাৰ এই নম্বৰৰ পৰা মেচেজ আহিছে ।
(মোৰ লগে লগে কানমুৰ গৰম হৈ গল, এনেও পুলিচ চুলিচৰ লাফৰাৰ পৰা ৭মাইল দুৰতে থাকোঁ, তাতে আকৌ পুলিচ থানাৰ পৰা ফোন, বহুত সময় ভাবিলোঁ কেনেকৈ জানিলে মই ম’বাইলটো পাইছোঁ বুলি….ভাবি ভাবি নাপালোঁ একো উত্তৰ)

মইঃ-হয় পাইছোঁ, পাইছোঁ মানে আচলতে মই মোবাইলটো পোৱা নাই, ওচৰৰে ভাইটি এটাই টেম্পো চলাই ভাড়া মাৰে, সিহে তাৰ টেম্পোত পৰি থকা পাই মোক চাবলৈ দিলে, আৰু সেইটো অন নোহোৱা, কল নোযোৱা দেখি মোৰ চিমখন লগাই ভাল হৈ আছেনে নাই চাইছিলোঁ।
পুলিচঃ-হমম, সেই তেতিয়াই আপোনাৰ চিমৰ পৰা মেচেজ আহিছে, গতিকে পলম নকৰি ম’বাইলটো পোৱা জনৰ লগতে আপুনিও আজিৰ ভিতৰতে থানালৈ আহক। নহলে কেচ ফাইল কৰিম আমি।
কেচ……………, মোৰ হাতভৰি কপি গল, ঘামি-জামি শেষ, কি হৱ এতিয়া, লগে লগে টেম্পো চলোৱা ভাইটিটোক ফোন কৰিলোঁ, বোলো এই তই কত আছ, সোনকালে আহ কথা বিষম হ’ব এতিয়া, সি বোলে মই এতিয়া চামগুৰিতহে আছোঁ কি হল কওঁকচোন, তাক আদ্যোপান্ত সকলো ক’লোঁ—সি বোলে হেৰি নহয়, মই গৈ আছোঁ আপুনি ওলাই থাকক, থানালৈ যাম দুয়োটা একেলগে, বোলো হ’ব বাৰু কিন্তু দেৰি নকৰিবি, নহ’লে কেচ ফাইল কৰিব বুলি কৈছে।

সি অহাৰ আগতেই মই সাজু হৈ আছোঁ, তাৰ পাছত সি কথাখিনি শুনি সিও আচৰিত, কেনেকৈ জানিলে সিও একো গম পোৱা নাই, কাকো একো নকৈ আমি দুয়োটা এঠাইৰ পৰা আহো বুলি ঘৰৰ পৰা ওলালো থানালৈ বুলি, প্ৰায় ২০ মিনিট মানৰ পাছত গৈ পুৰণিগুডাম থানাত হাজিৰ।
সোমাই গৈ সুধিলোঁ………ফোন কৰিছিলে যে আমিয়েই, আহিলোঁ কওঁকচোন কি কথা। ইতিমধ্যে ম’বাইলৰ গৰাকী দুজন ল’ৰা আহি থানা পাইছেহি। থানাৰ বিষয়ববীয়াই কথাখিনি শুনিলে, বুজিলে, তাৰ পাছত আমাক বুজাই দিলে যে এই চফ্টৱেৰটো থাকিলে এনেকৈ ধৰা পৰে………….আমিও গোটেই কথাখিনি বুজাই ক’লোঁ……..টেম্পো চলোৱা ভাইটিয়েও ক’লে…যে গৰাকীক লগে লগে পোৱা হলে দিয়েই দিলোঁ হয়, কিন্তু কাৰ ফোন আমি নাজানিলোঁ আৰু ফোনটো অন নোহোৱাও হৈ পৰিছিল বাবে এই দাদাকেই দিছিলোঁ চাবলৈ । তাৰ পাছত পুলিচৰ নিয়ম মতে ম’বাইলৰ গৰাকীয়ে ম’বাইলটো পালোঁ বুলি লিখি দিলে আৰু আমি দিয়া ম’বাইলটো পুলিচেও পাইছে বুলি লিখা এখন লৈ ল’লোঁ। নহলে ঠিকটো নাই পাছত নাই পোৱা বুলি কেচ কৰিব পাৰে। সেইদিন ধৰি কোনোবাই নিজৰ ম’বাইল চুবলৈ দিলেওঁ কেতিয়াওঁ নুচোও দেই।

(২)

আজিৰ পৰা ৩ বছৰমানৰ আগৰ মাঘ বিহুৰ উৰুকাৰ নিশা, প্ৰচণ্ড ঠাণ্ডা, ৰাতি প্ৰায় ৩ টামান বাজিছে। লগৰ বন্ধুবোৰৰ লগত ভেলাঘৰ, মেজি সাজি ৰাতিটো কটাওঁ আমি সকলোৱে, তাৰ লগে লগে সকলোৱে বস্তু চুৰ কৰাতো পৰম্পৰাৰ লগতে আমাৰ ফুৰ্টি আৰু আমি লগৰ মখাই ওচৰ চুবুৰীয়াৰ ঘৰৰ বয় বস্তু লটি-ঘটি কৰি থওঁ, বিহুৰ দিনা ৰাতিপুৱাতে গালি শুনি কিবা এটা বেলেগ আনন্দ লাগে।

সেই নিশাও লগৰ বোৰে আৰ-তাৰ বাৰীৰ পৰা ইটো সিটো আনি আছে, তাৰ মাজে খৰিৰ দম, জুই ফুঁৱাই জুইৰ ওচৰত বহি আছে, আমি বাকী বোৰে দুটা দলত ভাগ হৈ ক’ত কি কৰিব পাৰি তাৰেই সন্ধানত ওলাই গৈছিলোঁ, মোৰ লগত তিনিটা আছে, আটাইকেইটাই গৈ গৈ এঘৰত গৰু-গাড়ী এখন চোতালতে ৰখাই থোৱা পালোঁ, মনত বুদ্ধি খেলালে যে গাড়ীখন আনি খালত পেলাম আজি, সেয়ে আটাইকেইটাই গাড়ীখন মনে মনে উলিয়াই লৈ আহি ৰাস্তা পালোহি, তেনেতে গাড়ীৰ গৃহস্থৰ পুতেক আমাৰ লগৰে বিজয় আহি পালেহি, সি কলে ঐ এইখন কাৰ গাড়ী আনিলি হত…?? আমি বোলো আনিলোঁ আৰু পাই, তয়ো ঠেল আক’ এইখন নি বিপুলহঁতৰ দ’ খাৱৈত পেলাই থম, ৰাতিপুৱা উঠাবলৈ আহিলে ভাল জমিব, সিয়ো নিজৰ ঘৰৰ গৰু-গাড়ীখন চিনি নাপাই ক’লে, অ বঢ়িয়া হ’ব ব’ল ব’ল। আমি বাকী কেইটাই মনে মনে হাঁহি আছোঁ, গাড়ীখন লৈ গৈ ৰাস্তাৰ কাষৰ ২০ফুট মান দ’ খাৱৈলৈ চিধাই নমাই এৰি দিলোঁ, গাড়ী গৈ একেবাৰে তলিত পৰিলগৈ, খালটোত অৱশ্যে পানী নাই শুকান খাল।

তাৰ পাছত আমি বেলেগ ফালে গ’লোঁ, এঘৰৰ পাছফালৰ পৰা ধুনীয়াকৈ জাপি থোৱা খৰি এদম লৈ আহিলো, এঘৰৰ পৰা আলু খান্দি আনি জুইত পুৰি পুৰি ৰাতিটো বহি বহি খালোঁ, ৰাতি পুৱাবৰ হ’লত আটায়ে মেজি জ্বলাই ঘৰা-ঘৰি গ’লোঁ।

পাছদিনা মানে বিহুৰ দিনা ৰাতিপুৱাতে বিজয়ৰ দেউতাক উঠি দেখে যে সিহঁতৰ গৰুগাড়ীখন নাই, ইফালে সিফালে চালে ক’তো নাই, কথা কি? বুজিবলৈ বাকী নাথাকিল যে এয়া কোনোবা ৰাতি মেজিঘৰত থকা লোকৰে কাণ্ড হ’ব, এইবুলি বিচাৰি গৈ গৈ গাড়ীখন খালত পৰি থকা দেখা পাই খঙত অগ্নিশৰ্মা হৈ ঘৰলৈ আহি পুতেক বিজয়ক গালি পাৰিবলৈ ধৰিলে, পুতেকে বিচনাৰ পৰা উঠি আহি সুধিলে কি হ’ল…..?? কিয় গালি পাৰি আছে নো ৰাতিপুৱাতে…? দেউতাকে বোলে তই ৰাতিতো ক’ত আছিলি হা..?? আমাৰ গৰু-গাড়ীখন যে নাই তই ক’বই নোৱাৰ নেকি…?? সেইখন খালত পৰিলগৈ কেনেকৈ…??

তেতিয়াহে বিজয়ে বুজি পালে অ তাৰমানে কালি ৰাতি আমি ঠেলি নিয়া গৰু-গাড়ীখন আমাৰ নিজৰে আছিল। নিজকে যে লগৰবোৰে বুৰ্বক সজালে তেতিয়াহে বুজিব পাৰিলে। তাৰ পাছত সি আমাক লগ পাই গালি আৰম্ভ কৰিলে—ঐ তহঁতে বাৰু লগতে থাকি মোকেই গাদ্দাৰি কৰিব লাগেনে, চুকতে খাই বুকুতে গোৰ সোধালি তহঁতে। মোৰ ঘৰৰ গাড়ীকেই মোকেই ঠেলিবলৈ লগালিহঁত চাল্লা, তহঁতক চাই থাক কি কৰো মই।
আমি তেতিয়া ক’লো বোলে আমিনো কি জানো কাৰ গাড়ী আৰু হেৰি নহয়, তইতো ঘৰৰ ল’ৰা হৈ ঘৰৰ গাড়ীখনকে চিনি নাপাৱ নে…?? তই চিনিব পৰা হলে এইখন নহ’লহেতেন নহয়। এনেকৈ বহুঘটনাই হৈ থাকে প্ৰতি বছৰেই।

(৩)

আজিৰ পৰা চাৰি মাহৰ আগৰ ঘটনা। আমাৰ লগৰ বন্ধু গোস্বামীৰ কাপোৰৰ দোকান পানীগাওঁ চাৰি আলিত, তাৰ দোকানৰ ঠিক পোনে পোনে সন্মুখতে থকাখন ৰমেশৰ গেলামালৰ দোকান। ৰমেশ বিবাহিত পুৰুষ যদিও তাৰ ছোৱালীৰ প্ৰতি যথেষ্ট দুৰ্বলতা আছে, সেই কথা আমাৰ গোস্বামীয়ে জানিছিল, সেয়ে তাক লটিঘটি কৰিবলৈকে সি এদিন তাৰেই সুবিধা লৈ সঁচাকৈয়ে বুদ্ধি পাঙিলে কোনেও গম নোপোৱাকৈ। গোস্বামীয়ে আকৌ ছোৱালীৰ মাত কিবা কাইদাৰে ভালকৈ মাতিব পাৰিছিল। কেতিয়াবা সি আমাৰ লগৰবোৰৰ লগতো ছোৱালীৰ মাতেৰে কথা পাতিছিল।প্ৰথমতে আমিও আচৰিতেই হৈছিলোঁ তাৰ মাতত, কিন্তু পাছলৈ ধৰিব পৰা হ’লোগৈ সিয়েই বুলি।

এদিন সি দোকানৰ ভিতৰৰ পৰা ৰমেশৰ দোকান ফালে মুখ কৰি ৰমেশৰ গতি বিধি লক্ষ্য কৰি তাৰ মবাইলত ফোন কৰিলে, অচিনাকি নম্বৰ দেখি ৰমেশে প্ৰথমতে অলপ সময় ভাবি সি ফোনটো ৰিচিভ কৰিলে, লগে লগে গোস্বামীয়ে তাৰ ছোৱালীৰ মাততো উলিয়াই নানান চলাহি কথাৰে ৰমেশক মুহিবলৈ ধৰিলে, এনেকৈ এদিন দুদিনকৈ সিহঁতে এনেকৈয়ে কথা পাতিবলৈ ধৰিলে, ছোৱালীৰূপী গোস্বামীয়ে ৰমেশক কেইবাদিনো লগ কৰিম কৰিম বুলি কৈ মাতে অলৈ-তলৈ, শেষত যেতিয়া দেখে ৰমেশ সঁচাকৈয়ে গৈ ৰৈ আছে, তেতিয়া সি তাৰ কিবা বিশেষ জৰুৰী কাম আছে বুলি কৈ লগ নকৰে, এনেকৈ লগ কৰিবলৈ সি ৰমেশক নগাঁৱৰ পৰা আমনিলৈকে পোৱাছেগৈ। লাহে লাহে ৰমেশে গোস্বামী কণ্ঠৰ ছোৱালীজনীক মাজে মাজে ৰিচাৰ্জ কাৰ্ডো কিনি দিয়ে, কিন্তু লগ পোৱাৰ সুবিধা কৰিব পৰা নাই, সদায় কিবা নহয় কিবা অসুবিধা দেখুৱাই সেই ছলনাময়ী নাৰীকণ্ঠই ৰমেশক লটিঘটি কৰি থাকিল, এনেকৈয়ে প্ৰায় ৮ মাহ মান কথা পাতিলে………..লাহে লাহে ৰমেশৰ সন্দেহ হবলৈ ধৰিলে, এদিন পানীগাওঁ চাৰিআলিলৈকে লগ কৰিবলৈ মাতিলে, কিন্তু ৰমেশ খোদ পানীগাওঁ চাৰিআলিত বহু সময় ৰৈয়ো যেতিয়া লগ নাপালে, ফোন কৰিলেও ফোন ৰিচিভ নকৰে তেতিয়া তাৰ সন্দেহ খাটাং হৈ পৰিল। সি খঙতে আগগুড়ি নাভাবি ওচৰতে থকা পুলিচ থানাত গৈ এজাহাৰ এখন দিলেগৈ। এইকথা কিন্তু নাৰী কণ্ঠই (গোস্বামীয়ে) ঘুণাক্ষৰও জনা নাছিল, তাৰ পাছত পুলিছে ৰিলায়েঞ্চৰ অফিচৰ পৰা সেই মবাইল নম্বৰৰ গৰাকীৰ ঠিকনা আদি সংগ্ৰহ কৰিলে আৰু এদিন গৈ গোস্বামীৰ ঘৰ পালেগৈ বিচাৰি, গোস্বামীক নাপাই চাৰিআলিৰ দোকানত বিচাৰিলে, তাতো নাপাই আহিলে থানালৈ মাতি গ’ল।

গোস্বামীকো থানাৰ অ’চিয়ে চিনি পায় আৰু ৰমেশকো চিনি পায় আগৰে পৰা ভালকৈ, দুয়ো যেতিয়া থানাত উপস্থিত হ’লগৈ তেতিয়া অ’চিয়ে দুয়োটাকে গোটেই ঘটনাটো ক’বলৈ দিলে। তাৰ পাছত গোস্বামীক কলে—-

পুলিচঃ-তই কেনেকৈ ছোৱালীৰ মাত দিছিলি এতিয়া তালৈ ফোন কৰ আৰু আমাৰ সন্মুখতে ছোৱালীৰ মাতেৰে কথা পাতচোন চাওঁ।

গোস্বামী বিপাঙত পৰিল, কি কৰিব এতিয়া ফোন নকৰিলেওঁ মাৰ খাব লাগিব। তাৰ পাছত সি ৰমেশৰ নম্বৰ ডায়েল কৰিলে আৰু ছোৱালীৰ মাতেৰে মাতিলে।
গোস্বামী ৰূপী নাৰীঃ- হেল্ল, মই সংগীতাই কৈছোঁ, তোমাক ইমান ভাল লাগে…………..(হুবহু নাৰীৰ মাতেৰে চমুকৈ মাতিলে)

তাৰ মাত শুনি পুলিচো হতবাক হ’ল, কি আচৰিত হুবহু ছোৱালীৰ মাতেই দেখোন, নেদেখিলে যে কোনেও বিশ্বাসেই নকৰিব সেইটো বুজিব পাৰিলে।

তাৰ পাছত ৰমেশক সুধিলে—এতিয়া তই ক—
পুলিচঃ-তই বিয়া পাতিলিনে নাই…??
ৰমেশঃ-পাতিলোঁ চাৰ।
পুলিচঃ-ল’ৰা-ছোৱালী কিমান…তোৰ…..??
ৰমেশঃ-ল’ৰা এটা ছোৱালী এজনী, চাৰ।
ৰমেশঃ-চাৰ ই মোৰ বহুত পইচা বৰবাদ কৰি দিলে।
পুলিচঃ-ক’ত ক’ত গৈছিলি ছোৱালী লগ কৰিবলৈ হা…??
ৰমেশঃ-চাৰ, এদিন গৈছিলোঁ আমনিলৈ, এদিন হয়বৰগাওঁলৈ, এদিন পানীগাওঁতে, এদিন ডিমৰুগুড়িলৈ মাতিছিল।
পুলিচঃ-চাল্লা লাজ নালাগে তোৰ ঘৈণীয়েৰ, ল’ৰা-ছোৱালী থাকোতেই তই আন ছোৱালীৰ পাছে পাছে যাবলৈ হা…………..?? ঐ এইফালে আহ, আহ ওচৰলৈ…………ওচৰলৈ আহিলত, পুলিচ অ’চিয়ে এটা প্ৰচণ্ড কাণতলিয়া চৰ সোধালে ৰমেশক, ৰমেশে চকুৱে ধোঁৱা-কোঁৱা  দেখি গ’ল একেবাৰে।

তাৰ পাছত গোস্বামীকো চৰ দিলে যদিও কথাটো গম নাপালোঁ, নিদিয়াকৈ এৰা নাই চাগৈ পুলিচে। তাৰ পাছত গোস্বামীক উদ্দেশ্যে ক’লে—
পুলিচঃ-ঐ তোকতো মই ভালদৰেই চিনি পাওঁ, তোক ভাল ল’ৰা বুলিহে ভাবিছিলোঁ, অ’ তোৰ এই চৰিত্ৰ হা…??? এতিয়া তহঁত দুয়োটাই শপত খা আজিৰ পৰা কোনো দিনে এনেকাম নকৰো বুলি, দুয়োটাকে শপত খুৱালে। তাৰ পাছত গোস্বামীক ক’লে—

পুলিচঃ-তই ১০০০ টকা ফাইন দে ছোৱালী মাতেৰে বিবাহিত পুৰুষক লটিঘটি কৰা বাবে। আৰু ৰমেশ, তইয়ো ১০০০টকা ফাইন দে ল’ৰা-তিৰোতা থকাৰ পাছতো ছোৱালীৰ পাছে পাছে যোৱা বাবে।
তাৰ পাছত দুয়োটায়ে এহেজাৰকৈ টকা দিহে পুলিচ থানাৰ পৰা মুকলি হৈ আহিব পাৰিলে।

(৪)

কৃষ্ণ কাইটি বুলিয়েই সকলোৱে চিনি পায় তেওঁক, সম্পূৰ্ণ নাম তেওঁৰ কৃষ্ণ নাথ, বয়স ৪৪ বছৰ আনুমানিক। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, স্বভাৱত একেবাৰে সহজ-সৰল হোজা প্ৰকৃতিৰ লোক। গাঁৱৰ নামঘৰৰ নামঘৰীয়াও তেওঁ, সহজ-সৰল বাবে ৰাইজৰ দোষত পৰে বুলি সকলো ৰাজহুৱা কামতে তেওঁ সময়তকৈ আগতেই হাজিৰ হয়গৈ।

কিছুবছৰৰ আগতে তেওঁলোকৰ বিভাগত এটি স্বচ্ছ জলধাৰা বুলি আঁচনি আছিল। এই আঁচনিৰ বিষয়ে কৃষ্ণ কাইটিয়ে গমেই পোৱা নাছিল ঘুণাক্ষৰেও। ঘৰুৱা অসুবিধাৰ বাবে কেইদিনমান ছুটিত থাকি কৃষ্ণ কাইটিয়ে সেইদিনা কাৰ্য্যালয়ত কামত যোগ দিলে। আনদিনাৰ দৰে সেইদিনাও তেওঁ ইঞ্জিনিয়াৰে বিচৰা ইটো সিটো ফাইল অনা নিয়া কৰি আছে। এটা সময়ত ইঞ্জিনিয়াৰে স্বচ্ছজলধাৰাৰ এটা বিশেষ ফাইল আনিবলৈ কলে কৃষ্ণ কাইটিক, তাৰে কথোপকথন খিনি—

: কৃষ্ণ………..ঐ চাওঁ সেই স্বজলধাৰা। (ইঞ্জিনিয়াৰে কামৰ ব্যস্ততাৰ বাবে স্বচ্ছজলধাৰা ফাইলটো আন বুলি নকৈ সংক্ষেপতে স্বজলধাৰা বুলিহে কৈ থ’লে)
:কৃষ্ণ কাইটিয়ে ভাবিলে মনতে কি বা ক’লে, স্বজলধাৰা………..এইটো আক’ কি বস্তু, তেনেকুৱা নামৰটো কোনো মানুহো শুনা নাই, নাই হ’ব পাৰে কিজানিবা এইকেইদিন মই নথকাতে কোনোৱা নতুন মানুহ আহিছেই, সম্ভৱত তেনেকুৱাই কিবা এটা হ’ব, এনেকৈ ভাবি তেওঁ ৰৈ থাকিল)
:ইঞ্জিনিয়াৰে তেওঁক তেনেকৈ থকা দেখি পুনৰ ক’লে- কি হল কৃষ্ণ…….তই যোৱাই নাই যে……….?? যা এতিয়া লৈ আনগৈ।

:অ’ গৈছোঁ গৈছোঁ চাৰ! মনতে ভাবিলে কাক বা বিচাৰিছে, আকৌ সুধিলেও গালিহে খাব লাগিব, নাই থাকক নুসুধো………..কাৰোবাক সুধিলেওঁ চিনি নোপোৱা বুলি হাঁহিবহে, সেই ভাবিয়েই কাকো একো নুসুধি নিজেই বিচাৰি চোৱা যাওঁক। এইবুলি কৃষ্ণ কাইটিয়ে গোটেই খন এফালৰ পৰা বিচাৰি চলাথ কৰিলে, কিন্তু ক’তো স্বজলধাৰাক বিচাৰি নাপালে।তেনে নামৰ মানুহ থাকিলেহে বিচাৰি পাব।

তাৰ পাছত হঠাতে কৃষ্ণ দাইটিৰ চকুত পৰিল বাহিৰত বাবাজী সৃদশ এজন মানুহে কান্ধত ভাৰ পাচি লৈ সোমাই আহিছে কাৰ্যালয়ৰ চৌহদলৈ সাপৰ খেল দেখুৱাবলৈ। তাক দেখি কৃষ্ণ কাইটিয়ে ভাবিলে এইটোৱেই সেই স্বজলধাৰ হ’ব নিশ্চয়, তাক মাতি লৈ যোৱাই ভাল হ’ব। এইবুলি বাবাজীৰ ফালে আগুৱাই গ’ল……….

:ঐ ঐ তোক মাতিছে, মোৰ পাছে পাছে আহ।
:কোনে মাতিছে মোক বাবু….??
:কোনে মানে…?? আমাৰ চাৰে আকৌ, বৰ বাবুৱে আহ জলদি।
:ভয়ে ভয়ে বাবাজী ইঞ্জিনিয়াৰৰ ৰূমলৈ সোমাই গ’ল, (লগতে লৈ গ’ল তাৰ সাপেৰে ভৰ্তি টুকুৰীটোও)

:ইঞ্জিনিয়াৰে ৰুমৰ ভিতৰলৈ সিহঁতক সোমাই যোৱা দেখি হতভম্ব হৈ সুধিলে…………
ঐ কোন এইটো, কোনে মাতিছে তোক, ৰুমৰ ভিতৰলৈ কেনেকৈ সোমাল হা..?? কৃষ্ণ কাইটিক উদ্দেশ্যি একেলেঠাৰীয়ে কৰা প্ৰশ্নবাণত কৃষ্ণ কাইটিও হতভম্ব হৈ উত্তৰ দিলে…..

:চাৰ, ইয়েই স্বজলধাৰা, কিয় আপুনি মোক কোৱা নাচিল জানো স্বজলধাৰা বুলি!
:ঐই তই পাগল হলি নেকি অ..?? তোক মই স্বচ্ছ জলধাৰা ফাইলটোহে বিচাৰিবলৈ কৈছিলো, তই এই মানুহটোক উঠাই আনিলি যে কিয়…??

:চাৰ, ভুল হৈ গ’ল মোৰ, এতিয়াহে বুজিলোঁ, আপুনি মোক স্বজলধাৰা বুলি ক’লে আৰু মই ভাবিলোঁ কোনোবা নতুন মানুহ বুলি সেয়ে ক’তো বিচাৰি নাপাই ইয়াকেই স্বজলধাৰা বুলি ভাবিলোঁ। সেইটো যে এটা ফাইলহে এতিয়াহে বুজিলোঁ।

(৫)

বেছ কিছু বছৰৰ আগৰ কথা, আমাৰ গাঁৱৰে কছুগুটি ভাইটি কেইটামান আছে। কছুগুটি কেইটা নিশাচৰ বুলিলেও ভুল কোৱা নহ’ব। সিহঁতৰ দলটোত সমবয়সীয়া ৮টা লৰা, আটাইকেইটা কিন্তু নলেগলে লগা বন্ধু, ওচৰা-ওচৰি ঘৰ, একেটা চুবুৰীতে নহলেও, ৰিঙি এটাৰ বাট এটাৰ ঘৰৰ পৰা আনটোৰ ঘৰ। কেতিয়াবা কোনোবা এটাৰ ঘৰত কিবা বিয়া-সকাম পাতিলেই, সিহঁতৰ বাকী কেইটাৰ গাত ত’ত নাইকিয়া হয়, সেই কছুগুটি কেইটাৰে এটা আকৌ আমাৰ পেটমুচাটো, মানে কনিষ্ঠটোৰ কথা কৈছোঁ। বজাৰ সমাৰৰ পৰা আদিকৰি ৰভা-খোলা দিয়া লৈকে সকলো সিহঁতেই কৰি দিয়ে। কিন্তু কোনোটোৱেই নিবনুৱা হৈ থাকিব লগা হোৱা নাই, দুটামানে চাকৰি কৰে, দুটামানৰ ব্যৱসায় আছে, দুটা মানে কেণ্টিন দিয়ে, এটাই হবলা কিবা এজেণ্টৰ কাম কৰে। সেয়ে দিনৰ ভাগত আটাইকেইটা ব্যস্ত থাকে বাবে ৰাতিহে সিহঁতৰ লগা-লগি হয়, একপ্ৰকাৰ সিহঁত নিশাচৰেই।

এদিনৰ কথা, আমাৰ ঘৰত প্ৰতিবছৰে পতাৰ দৰে সেইবাৰো বছেৰেকীয়া পাঠ এক অধ্যায় পঢ়াবলৈ আয়োজন চলিছে, লগতে একসিদ্ধও আয়োজন। ৰভাখোলাৰ কাম প্ৰথমে ককাইদেউৱে টেণ্টেহাউচকে দিয়াৰ কথা ভাবিছিল, বিহগুটি, কছুগুটিহঁত আহিলত কথাটো গম পাই- গাত পাতিলৈ ক’লে, কেলৈ টেণ্ট-হাউচক দিব লাগিছে, আমিবোৰ আছোৱেই দেখোন, কালৈৰ পৰা আমি লাগি দিনটোৰ ভিতৰতে ৰভা ফিটিং কৰি দিম নহয়। আমাৰ কিন্তু অলপ সন্দেহ আছিল, বন্ধৰ দিন পালেই বেলি দুপৰলৈকে আটাইকেইটা শুই থাকে বুলি নাম এটা আছে। তাতে পিছদিনাও বন্ধৰ দিনেই আছিল।সেয়েহে চিন্তা হোৱাতো স্বাভাবিক আছিল, কিন্তু সিহঁতে ডাঠি কোৱাত ককাইদেউৱে বিশ্বাস কৰি কামটো সিহঁতকেই কৰিবলৈ দিলে। বাৰিষাৰ দিন আছিল বাবে ককাইদেউৱে সিহঁতক কলে যে ৰভাখন ভালকৈ দিবিহঁত, বতৰ ভাল নহয়, চোতাল তিতিব লাগিলে হ’ল আৰু। সিহঁতে নিৰ্ভয় দি ঘৰা-ঘৰি গ’ল।

পিছদিনা কথামতেই কাম, ৰাতিপুৱা ৯ টা মান বজাতেই আটাইকেইটাই হাতে হাতে দা-কটাৰী লৈ আহি আমাৰ ঘৰত হাজিৰ। আমি সকলো আচৰিত, হা…..?? আজি সকলো কথা মতেই যে….? ফিকা চাহ এপিয়লা পি লৈ বোলো হাতে-কামে লাগি-যাহঁত এতিয়া। চাহখাই উঠি সিহঁতে বাঁহৰ তলিত সোমাই এফালৰ পৰা বাঁহ কটা আৰম্ভ কৰি দিলে। প্ৰায় ৫ টামান ভলুকা বাঁহ খুটাৰ কাৰণে আৰু ৮ টামান বাঁহ মাৰলিৰ কাৰণে বুলি কাটি আনিলে। আটাইকেইটা সমানেই লাগি যোৱাত কাম চমু চাপি আহিল, দুপৰীয়া ১২ মান বজালৈ সিহঁতৰ খুটা-পুতি, মাৰলি বান্ধি শেষেই হ’ল। এতিয়া ওপৰত দিবলৈ টিং আনিবলৈ কলে ককাইদেউৱে। কিন্তু সিহঁতে কলে টিং ভাড়া কৰিব নালাগে ট্ৰিপালেই হ’ব, আমি ফিটিংকৈ বান্ধি দিলে বৰষুণ নপৰে। আমাৰ নতুন দুখন ট্ৰিপাল আছিল, সেয়ে সেইকেইখনকেই দিবলৈ আনিলে। আবেলিলৈ ট্ৰিপাল ফিটিং কৰিলে, এইখিনিলৈকে সকলো ঠিকেই আছিল। কাম শেষকৰি আটাইকেইটাই আন্ধাৰ হোৱাৰ আগতেই ঘৰা-ঘৰি গ’ল।

ৰাতিহৈ আহিল, বতৰ লাহে-লাহে গোমা হৈ আহিল। মই বাৰে-বাৰে বাহিৰলৈ চাই বতৰৰ গতিবিধি লক্ষ্য কৰি থাকিলোঁ, কি…..বা…….. হয় আজি, এইকেইটাই কি ৰভা দিলে বৰষুণ পৰিলেহে গম পোৱা যাব। ভাতপানী খাই বৈ উঠি ঘৰৰ সকলো শুই পৰিল, মোৰ দেৰিকৈ শোৱাৰ অভ্যাস গতিকে, কিবা-কিবি লিখা-লিখি কৰি আছোঁ, ১২.৩০ মান বাজিছে ৰাতি, আহিল নহয় ধুমুহা বৰষুণ চাৰিও ফালৰ পৰা গুজৰি-গুমৰি। বাকী ঘৰৰ সকলোৱেই ফেন লগাই শোৱা বাবে ফেনৰ শব্দত একো তৰকিবই নোৱাৰিলে। মই বাহিৰ ওলাই চালো বৰষুণ পৰিছে অলপ অলপ, কিছুসময়ৰ পাছত বতাহে ট্ৰিপাল খনত ধপধপাই কোবাবলৈ ধৰিলে, লগতে জোৰেৰে বৰষুণ আহিছে।প্ৰথমে পানীবোৰ বৈ গৈ আছিল ঠিকেই, কিন্তু বতাহৰ কোৱত ট্ৰিপালৰ ৰছীবোৰৰ বান্ধবোৰ ঢিলা হৈ তললৈ দো-খাই পৰিল, লাহে লাহে দো-খোৱা অংশত পানী জমা হবলৈ ধৰিলে। মই উপায়ন্তৰ হৈ দীঘল বাঁহ এডালেৰে দো-খোৱা ঠাইৰ পানীবোৰ ওপৰলৈ ডাঙি ডাঙি পানী পেলাবলৈ ধৰিলোঁ, এঠাইতে হোৱা হ’লে কথা বেলেগ আছিল, কিন্তু একেসময়তে প্ৰায় ৫, ৬ ঠাই মানত তেনেকৈ পানী জমা হবলৈ ধৰিলে। মইও ক্ৰমান্বয়ে যিমান পাৰো পানী থেলি থেলি আতঁৰাই থাকিলোঁ, বৰষুণ এৰাৰ দেখোন নামেই নলয়, চেহ কি কৰা যায় এতিয়া….?? ঘৰৰ বাকী বোৰক জগালেও এনেয়ে মিচাতে হৈ-চৈ খনহে কৰিব, তাকে ভাবি চেষ্টা এৰি দিয়া নাই পানী পেলাবলৈ।

ইতিমধ্যেই বিজুলী সংযোগ বিচিন্ন কৰি দিছিল বিভাগে। কিছুসময়ৰ পাছত বৰষুণ এৰক চাৰি দুগুণেহে বাহিল, এহাতত টৰ্চ লাইট এটা লৈ মই তেতিয়াও চেষ্টা কৰি আছিলোঁ চোতালখন বচাবলৈ, কিন্তু মোৰ চেষ্টা বিফলত পৰিণত হৈছিল। পানীৰ ভৰ ট্ৰিপালৰ ওপৰত ইমানেই বেছি হ’ল যে তেনেকৈ মই ৰভাৰ তলত থাকোতেই এপলকত গোটেই ট্ৰিপালখনেই পানীৰে সৈতে খহি আহি মোক হেঁচা মাৰি ধৰিলেহি। মই বৃহৎ  ট্ৰিপাল খনৰ তলত সোমাই উৱা-দিহ নোপোৱা হলোঁ কোনফালে ওলাম, হাতত থকা ট্ৰচটোৰ বাবেহে বাছিলোঁ, ইফালে মই পানীৰে তিতি জুৰুলি-জুপুৰি হৈ পৰিলোঁ, কোনোমতেহে ত্ৰিপালৰ তলৰপৰা ওলাই আহিবলৈ সক্ষম হলোঁ। ইতিমধ্যে হৰহৰ কৈ ৰভা ভাঙিপৰা শব্দত ঘৰৰ বাকীবোৰে সাৰপাই উঠি আহি দেখে যে কথা বিষম হ’ল, তাৰ পাছত বিজুলীৰ পোহৰত ট্ৰিপালৰ তলৰ পৰা মোক ওলাই অহা দেখি মা-হঁতে প্ৰথমে ভয়েই খাইছিল সেইটো কি বস্তু বুলি। ঘটনাৰ আদ্যপ্ৰান্ত কোৱাৰ পাছত কছুগুটি আটাইকেইটাকেই পাৰোমানে গালি পাৰিলোঁ……..বোলো এয়া ৰভা দিছ হঁত…?? ছিপ জালৰ লেখিয়া ৰভা…?? তহঁতৰ দ্বাৰা একোকামেই নহ’বগৈ জীৱনত।।………..পিছৰ দিনা ৰাতিপুৱাতেই টেণ্টহাউচৰ মানুহ মতাই আনি নতুনকৈ এবেলাতে ৰভাখোলা দিয়াৰ পাছত চোতালত ফেন লাগাই শুকুৱাইহে ৰাতিলৈ সকাম পাতিব পাৰিছিলোঁ। কিন্তু সেইদিনা আৰু কছুগুটি কেইটা পলাই পটলং দিলে, সিহঁতৰ ছাঁটোকে দেখিবলৈ নাপালোঁ, সকাম খাবলৈ অহা দুৰৰে কথা।

(৬)

সৰু সৰু ঘটনাৰ ১ ত উল্লেখিত সেই কছুগুটি কেইটাৰে দ্বিতীয় ঘটনা এইটোও। যোৱা বছৰৰ কথা ঠাণ্ডা দিন, খুউব সম্ভৱ ডিচেম্বৰ মাহ আছিল, সঠিককৈ মনত নাই। সিহঁতৰে সহপাঠী এটাৰ ককায়েকৰ বিয়ালৈ নিমন্ত্ৰণ দিলে আটাইকেইটাকে। কিন্তু বিয়াৰ ঘৰ নগাঁও চহৰৰ পৰা ১৫ কি.মি.মান দুৰৰ ৰাইদঙ্গীয়া গাঁৱত। নিমন্ত্ণ দিবলৈ আহোতেই চুক্তি হৈ লৈছে সিহঁতে যে বিয়ালৈ আটাইকেইটা ৰাতিহে যাব পাৰিব, যিহেতু আটাইকেইটা আজৰি হওঁতেই দেৰি হয়, সেয়ে গৈ পাওঁতে অলপ দেৰি হ’ব আৰু বিয়াৰ অভ্যৰ্থনাত কি খুৱাব সেইটোও আগতীয়াকৈ চুক্তি কৰিহে লৈছে। চুক্তিমতে দৰাৰ ভায়েকে বিয়াৰ দিনা সিহঁতৰ বাবে পৃথককৈ মাংস ৰাখি থোৱাৰ কথা।
যথাসময়ত বিয়াৰ দিন পালেহি, দিনৰে পৰা আটাইকেইটাই যোগাযোগ কৰি ক’ত কেনেকৈ লগ হ’ব, কি উপহাৰ নিব ইত্যাদি কথা ফোনতেই আলোচনা কৰি বিয়ালৈ যোৱাৰ সময় নিৰ্দ্ধাৰণ কৰি ল’লে। কথামতেই সময়ত সকলো আহি নিৰ্দিষ্ট স্থানত উপস্থিত হ’লহি। ৫ খন মটৰ চাইকেলত দুটাকৈ যোৰা বান্ধি মুঠ ১০টা ল’ৰা বিয়ালৈ যাবলৈ ওলাল। ঠিৰাং কৰা মতেই উপহাৰ কিনি লৈ ৰাওনা হ’ল বিয়াঘৰ ৰাইদেঙ্গীয়া গাঁৱৰ অভিমুখে।

কিছুসময়ৰ পাছত সিহঁত গৈ বিয়াঘৰত উপস্থিত হ’ল, আটাইকেইটাই নিজৰ চাৰ্ট আৰু চুলিবোৰ অলপ ঠিক-ঠাক কৰি প্ৰৱেশ কৰিলে বিয়া ঘৰৰ ৰভাৰ তলিত, সোমায়েই দৰাৰ সিহঁতে ভায়েকক বিচাৰিলে। সকলোকে দৰাৰ ভায়েকে বহিবলৈ দি ককায়েক দৰাৰ লগত চিনাকি কৰি দিলে আটাইকে। দুজনীমান ধুনীয়া ছোৱালীয়ে আহি মাজতে তামোল, চপ দি গ’লহি, তাৰে মাজৰে দুটামানে কিবা-কিবি সুধিলে ছোৱালী কেইজনীক, সিহঁতেও বেয়া নাপালে বিয়াঘৰ বুলি, দুজনী মানৰ লগত চকুৰ-ভাষাৰ আদান-প্ৰদানো চলি থাকিল মাজে-মাজে। ইমানখিনিলৈকে চুক্তিমতে ঠিকেই চলি আছিল। কিন্তু কিছুসময়ৰ পাছত দৰাৰ ভায়েকে যেতিয়া কচুগুটি বন্ধুহঁতক খুৱাবলৈ অভ্যৰ্থনা কোঠালৈ লৈ গ’ল তেতিয়াই গণ্ডগোলটো লাগিল। উৱা..! এইয়া কি…?? মাংস ক’ত..?? মাংসৰ ‘’ম’’ টোও নাই যে..?? সিহঁতৰ বুজিবলৈ বাকী নাথাকিল, সেয়েহে দৰাৰ ভায়েকে খাবলৈ বহুৱাই থৈ দেখা-দেখি নাই আৰু। চুক্তিভঙ্গ দেখি দুটামানে গৰজি উঠিল, এইহেন হাঁড় কপোঁৱা জাৰকো নেওচি ইমান দুৰ আহিছো বিয়া খাবলৈ আৰু এতিয়া খুৱাৱলৈ আহিছ তহঁতে নিৰামিষ ভাত……?? আৰু ভাই মাংস নাই নাই আৰু…., কিন্তু যি আছে তাৰেই ভালকৈ সোধা-পোচা কৰহঁত..?? দুটামানে নাখাওঁ বুলি উচাত মাৰি বাহিৰ ওলালেই, কিন্তু তাৰে দুটামানৰ পেটে কলমলাই আছিল বোধহয়, সেয়ে উচাত মাৰি যোৱা কেইটাক চকুৰ টিপ দি বুজাই মেলি ঘুৰাই আনিলে। দৰাৰ ভায়েকৰ দেখাদেখিয়েই নাই। কামোৰ খাই থাকিব লাগিব বুলিয়েই সি সিহঁতক সকলো যোগাৰ দি আন কামত লাগিলগৈ।

ইফালে ইহঁতৰ পেটে-পেটে খঙত জ্বলি-পকি আছে। দুটামানে খাইও আছে মনে-মনে বুদ্ধিও পাঙি আছে। আটাইকেইটা কচুগুটিয়ে নিজৰ মাজতে ফুচফুচ-ফাচফাচ কৰি কিবা আলোচনা কৰিলে। সিহঁতে খাই-বৈ ওলাই আহিল। বিয়া ঘৰৰ সকলো মানুহ তেতিয়ালৈ দৰা-নোওৱা, দৰা-সজোৱা আদি কামত ব্যস্ত হৈ পৰিল। কচুগুটিহঁতে যেন সেই সুযোগলৈকে বাট চাই আছিল।
চেগচাই আটাইকেইটা গৈ অভ্যৰ্থনা কোঠাত সোমালেগৈ। ইফালে-সিফালে চাই চিধাই গৈ কাৰিকৰৰ কোঠাত গৈ দেখে সকলো বাচন-বৰ্তন আছেই তেতিয়াওঁ। অকনো পলম নকৰি সিহঁতে হাতে-হাতে বাল্টি, গাৰোখোলা, হেটা, আদি লৈ ৰভাৰ বাহিৰেদি বাইক লৈ উধাও হ’ল। গৃহস্থক মাতবোল নিদিয়াকৈ খঙৰ ভমকতে মাংসৰ হুন পুৰাবলৈকে সিহঁতে প্ৰস্থান কৰিলে। তেতিয়ালৈকে দৰাৰ ঘৰৰ মানুহে গমেই নাপায়, দৰাগৈ কইনাও আনিলেগৈ, বাহিৰ বিয়াৰ পিছৰদিনা অৰ্থাৎ খোৱা-খোৱিৰ দিনাহে যেতিয়া বাচনবোৰ একো বিচাৰি পোৱা নাই, টেণ্টহাউচৰ মালিকক বয়-বস্তুবোৰ দিব নোৱাৰিলে ধনভৰিব লাগিব, তেতিয়াহে দৰাৰ ভায়েকৰ মনলৈ আহিল, ইহঁতকেইটা যাওঁতেতো মাত নিদিয়াকৈ গ’লগৈ, ইহঁতেই কিবা এটা কৰিলে। সি লগৰ কচুগুটি কেইটাক ফোন কৰিলে আৰু ধপ দি সুধি চালে….ঐ তহঁতে আমাৰ বিয়াৰ দিনা ৰাতি বাচনবোৰ লৈ গ’লি কিয়..? এনেও খঙ উঠিয়েই আছিল সিহঁতৰ….কচুগুটিহঁতে একো লুকধাক নকৰাকৈ ক’লে….তই যে আমাক কথা দি কথা নাৰাখিলি…?? মাংস খুৱাম বুলি দালি-ভাত খুৱালি, সেই কাৰণেই সকলো বাচন আমি লৈ আহিলোঁ। মাংসৰ দাম নিদিলি যেতিয়া এতিয়া বাচনৰ দামকে দেগৈ টেণ্ট হাউচক, নহ’লে ৫ কেজি মাংসৰ দামৰ বিনিময়ত বাচনবোৰ লৈ যাহি আমাৰ ইয়াৰ পৰা আক’। সি আৰু কিটো ক’ব, কিবা ক’ব পাৰিলেহে….?? দৰাৰ ভায়েকে বাচনৰ আশা বাদেই দিলে, আনিবলৈ গ’লে কি হ’ব আগতীয়াকৈ সি বুজি পালে।

(৭)

ঘটনাটো বেছি পুৰণি নহয়, আজিৰ পৰা ৩ মাহৰ আগৰ কথা, ওচৰৰে একেবাৰে এটি সহজ-সৰল পৰিয়ালৰ কথা, পৰিয়ালটিৰ এজনী ছোৱালী বিয়া দিছে ঘৰৰ পৰা প্ৰায় ১২ কি.মি. দুৰৰ ঘাঁহি গাঁৱত। ছোৱালীজনীয়ে আজি কিছুদিনৰ পৰা পেটত লাহ-লাহে বিষ অনুভৱ কৰি আছে, বহুত দিনৰ পৰা হৈছে যদিও ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে ডাক্তৰৰ ওচৰলৈ যাব পৰা নাই। বিয়াৰ আগতেই ছোৱালীজনীৰ এপেণ্ডিক্সৰ অপাৰেচন এটা হৈছিল, তাৰেই কিবা বিষ হৈছে বুলি বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু দিন বাঢ়ি যোৱাৰ লগেলগে ছোৱালীজনীৰ পেটৰ বিষ কমক ছাৰি বেছিহে হবলৈ ধৰিলে। মাকৰ ঘৰৰ মানুহেও কথাটো লক্ষ্য কৰিলে, এনেকৈ হলে পাছলৈ বেছি বিপদৰ আশংকা কৰিয়েই নিজৰ জীয়াৰীক ঘৰলৈ মাতি আনিলে ভালকৈ চিকিৎসা কৰিবৰ বাবে।

ৰোগীৰ ককায়েক এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰী, দুই-এপইচা পায়। ককায়েকে তাইক লৈ গ’ল চহৰৰ চিনাকি ডাক্তৰৰ ওচৰলৈ, সমন্ধত ডাক্তৰজন গাঁও সমন্ধীয়া, সেয়ে তেওঁক দেখুৱালেই সুফল পাব বুলি ভাবি ওচৰ চাপিল। সময়ত ডাক্তৰৰ পৰামৰ্শ মতে এক্সৰে এখন কৰিব লগা হল। ডাক্তৰে লিখি দিয়া মতেই এক্সৰে ক্লিনিক এখনত গৈ যোগাযোগ কৰিলে। কাহানিও তেনে অভিজ্ঞতা নথকা লোক। এক্সৰে ক্লিনিকত যাৱতীয় সকলো কাম ঠিকেই পাৰ হল। তাৰ পাছত এক্সৰে কৰিবলৈ নিৰ্দিষ্ট কক্ষলৈ লৈ গল ৰোগীক।

এইবাৰ এক্সৰে টেকনিচিয়ানজনে ডাক্তৰৰ নিৰ্দেশ মতেই ৰোগীক কাপোৰ সলাবলৈ দি সেউজীয়া এক্সৰে পোচাক পিন্ধিবলৈ দিলে, পেটেৰ এক্সৰে কৰিব বাবে ৰোগীৰ চাদৰখন সোলোকাই তাৰ ওপৰত এক্সৰে পোচাক পিন্ধিবলৈ দিলে, তলত থাকিল মেখেলা আৰু ব্লাউজটোহে। নিৰ্দিষ্ট স্থানত ৰোগীক ৰাখি এক্সৰে ফটো তুলিলে। ৰোগী ওলাই আহিল, আবেলিলৈ এক্সৰে ৰিপৰ্টটো লৈ আকৌ ডাক্তৰৰ কাষ পালেগৈ ৰোগীৰ ককায়েক। ৰিপৰ্ট চাই ডাক্তৰে কলে সোনকালে এটা অপাৰেচন কৰিবই লাগিব, গল্ড-ব্লাডাৰ হৈছে বোলো। গতিকে সাজুহৈ কেতিয়াকৈ কৰিব পাৰিব খবৰটো ডাক্তৰক জনালেই কোনোবা এখন হাস্পতালত ৰোগীত ভৰ্তি কৰিবলৈ ডাক্তৰে নিৰ্দেশ দিব।
কেইদিনমান লাগিল পা-পইচা যা-যোগাৰ কৰিবলৈ। পুনৰ এদিন ককায়েকে গৈ ডাক্তৰক জনালে যে অপাৰেচনৰ বাবে সকলো সাজু তেওঁলোক। ডাক্তৰেও কম খৰচতে অপাৰেচনটো কৰিব পৰাকৈ হাস্পতালত ভৰ্তিৰ বাবে লিখি দিলে। ৰোগী আহি ভৰ্তিও হল হাস্পতালত নিদিষ্ট সময়ত ৰোগীৰ অপাৰেচন সফল ভাবে কৰিলে। প্ৰায় ৪ দিনৰ পিছত ৰোগীক ঘৰলৈ যাবলৈ অনুমতি দিলে ডাক্তৰে। এইখিনিলৈকে ঠিকেই আছিল সকলো।

কেইদিনমান তেনেকৈয়ে পাৰহৈ গ’ল, এদিন গাঁৱৰে এজন বয়সীয়াল লোকে খবৰটো পাই ৰোগীৰ খবৰ ল’বলৈ বুলি সিহঁতৰ ঘৰলৈ আহিল। খা-খবৰ ললে, বিভিন্ন কথাৰ মাজতে মানুহজনে ক’লে কি কি ঔষধ দিছে চাওঁ…এক্সৰেখন দেখুওৱাহঁত চোন মোক। ককায়েকেও একো নাভাবি দিলে এক্সৰেপ্লেট খন আগবঢ়াই তেওঁলৈ। মানুহজনে পোহৰৰ ফালে চাই কিছুসময়ৰ পাছত কলে—ঐ তহঁত মূৰ্খ নেকি অ….? এইখন ভালকৈ চাইচনে নাই…? ৰোগীৰ ককায়েকে বোলে কিয় কি হ’লনো সেইখন..? মানুহজনে কলে তাইৰ যে আগতে অপাৰেচনটো হৈছিল সেইয়া দেখিছনে নাই তাইৰ পেটত অপাৰেচনত ব্যৱহাৰ হোৱা সৰু কেঁচি দুখনমান আৰু এটা চেপটি পিন থাকি গ’ল হবলা, ফটোত জলজল পটপটকৈ ওলাই আছে, সেয়েহে তাইৰ পেটৰ বিষটো হৈ আছিল হবলা । বুইছ এইবোৰ চব ডাক্তৰৰ ভুলৰ বাবেই হয়, আজিকালি পেপাৰে পত্ৰই শুনি থাকোঁ নহয় এনে ঘটনা । তহঁতে দেৰি নকৰিবি, ডাক্তৰক কথাটো ভালকৈ সুধি আহগৈ।

ককায়েক, নবৌয়েক সকলোৱে ভালকৈ চাই দেখে হয়তো….ঠিকেই সেইকেইখন কেঁচিয়েই হয় আৰু সেইটো চেপটি পিনেই হয়। লগে লগে হুৱাদুৱা লাগিল, ৰোগীয়ে কথাটো গম পাই পেটৰ বিষ এইবাৰ পূৰ্বতকৈ বেছিকৈয়ে ভোগা যেন অনুভৱ কৰিলে। মাকে কন্দাকটা আৰম্ভই কৰি দিলে। ওচৰ-চুবুৰীয়াইও কথাটো অহুকানে পহুকানে শুনি জুম বান্ধিলেহি। কিন্তু সঠিক কথাটো কি কোনেও ধৰিব নোৱাৰিলে, সকলোৱে কলে হয় হয়, কেঁচি, চেপটি পিন থাকি গ’ল, নহ’লে এক্সৰে ৰিপৰ্টত নোলাল হয় ফটোবোৰ।

উপায়ন্তৰ হৈ সন্ধ্যা ৰোগীৰ ককায়েক আমাৰ আড্ডাৰ সন্মুখেৰেই পাৰহৈ ডাক্তৰৰ ঘৰলৈ গ’ল। আমিও দেখিছোঁ সি গৈ থকা, ভাবিছোঁ গৈছে আৰু ক’ৰবালৈ সি গৈ ডাক্তৰক কথাটো সুধিবলৈ অলপ সাহস গোটাই মাত দিলেগৈ, ডাক্তৰ ওলাই আহিল, তাক বহিবলৈ দি সুধিলে কি হ’ল কচোন এতিয়া..? বোলে এইখন চাওঁকচোন ভালকৈ। ডাক্তৰে বোলে এইখন মই চাইছোঁ আগতেই এতিয়া কি চাব লাগেনো আক’?? তথাপিও তাৰ কথা পেলাব নোৱাৰি ডাক্তৰে এক্সৰে খন মেলি চালে আৰু কলে ঠিকেইতো আছে। সি তেতিয়া কলে সেইবোৰ কি সৰু সৰু ফটোবোৰ….?? ডাক্তৰেও ভবাই নাছিল যে কথাটো সিহঁতে ইমান ভুলকৈ ভাবিহে আহিছে বুলি। সেয়ে বিশেষ একো নকৈ মাত্ৰ কলে যে এইবোৰ এক্সৰে কৰিলে থাকেই আৰু….একো নহয় যা, চব ঠিকেই আছে।

কিছুসময়ৰ পাছত সি ডাক্তৰক বিশেষ একো নকৈ উভতি আহিল……………..খৰধৰকৈ উভতি অহা দেখি আমি আড্ডা দি থকা কেইটাই সুধিলোঁ বোলো কিয় ইমান খৰধৰকৈ অহাযোৱা কৰি আছ….?? সি বোলে তেতিয়া—এহ নক’বি আৰু! কথা বিষমেই জান…? তহঁতেই চা-চোন এইখন, আমাৰ এইৰ আগৰ অপাৰেচনত পেটত কেঁচী , পিন থাকিল গল, এতিয়া ডাক্তৰক দেখুৱাওতে কলে বোলে এইবোৰ থাকেই। এইটো বাৰু কেনে কথা কৈছে ডাক্তৰে ‘ক’ হ’তচোন তহঁতে…? এতিয়া আমি কি কৰোঁ বাৰু….?? এইবুলি সি কান্দিবলৈহে বাকী, মাতটো ডোকাডুকি হৈ আহিলেই আৰু। তেনেকুৱাতে অমুকাই বোলে চাওঁ দে-চোন এক্সৰে খন মই কি আছে চাওঁ বাৰু। এইবুলি এক্সৰে প্লেটখন হাতত লৈ দোকানৰ লাইটৰ ফালে টোঁৱাই চাই প্ৰথমতে হয় বুলিয়েই ভাবিছিল, আমাৰ লগৰ কেইটাইও হয় বুলি খাটাং কৰিয়েই কলে, বেচেৰাই মুৰে কপালে হাত দি বহি পৰিল। মই বহুত সময় এক্সৰে খন ভালকৈ চালোঁ……..কিছুসময়ৰ পাছত মই কথাটো অনুমান কৰিব পাৰিলোঁ যদিও একো নক’লোঁ। মাত্ৰ ক’লোঁ বলচোন তহঁতৰ ঘৰলৈ । তাৰ লগতে আটাইকেইটা গৈ সিহঁতৰ ঘৰ পালোগৈ, গৈ ৰোগীক সুধিলোঁ যে এক্সৰে কৰোতে গাত পিন্ধা সেউজীয়া চোলাটোৰ বাহিৰে তলত কি কাপোৰ পিন্ধি আছিলে বাৰু আপুনি….? তেতিয়া ৰোগীয়ে কলে মেখেলা আৰু ওপৰত ব্লাউজটো পিন্ধি আছিলোঁ । ইহঁত বোৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments