সৰু সৰু ঘটনা (নিতুল বৰা)

(১)

সেইবাৰ আমাৰ ঘৰত বিয়া। বিয়া মানে ককাইদেউৰ বিয়ালৈ মাজত মাত্ৰ এমাহহে বাকী আছে, সেইদিনা ছোৱালীঘৰৰ মানুহ আহিব ল’ৰাৰ ঘৰ চাবলৈ বুলি। দিনটো ইটো সিটো কামত সহায় কৰি দি আছো মাৰ লগত। ছোৱালী নাই বাবে ঘৰ আচবাববোৰ চাফ-চিকুণৰ দায়িত্ব মোৰ ওপৰতে পৰে, বিছনা পৰাৰ পৰা ঘৰৰ মজিয়া মচা আৰু সাৰালৈকে সকলোখিনি কৰি আছোঁ, তাৰ মাজতে মায়ে মাত লগালে শুনচোন পিতাই, তই সাউতকৈ গছৰপৰা তামোলকেইটামান আৰু পাণকেইখিলামান পাৰি দিবিচোন। আলহী আহি পালে বৰ অসুবিধা হ’ব নহলে। ভিতৰত তামোল-পাণ নাই। মই কামৰ ব্যস্ততাত পৰি পাহৰি থাকিলো কথাটো। সময়ত ছোৱালী ঘৰৰপৰা আলহী আহি পালেহি, ঘৰৰ সকলোৰে উথপথপ লাগিল, সকলো ব্যস্ত হৈ পৰিছে। মাক সহায় কৰি দিবলৈ ওচৰৰে খুৰীও আহিছে, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত, কোনো যদি ৰন্ধা বঢ়াত, কোনো আকৌ বাচন-বৰ্তন উলিওৱাত ব্যস্ত। মুঠতে উখল-মাখল পৰিবেশ। বেলেগ কথা চিন্তা কৰিবলৈ কাৰো সেই সময়ত আহৰি নাই। তেনেতে চাহৰ যোগাৰ কৰি থাকোতেই খুৰীটিয়ে মনত পেলাই ক’লে—তামোল-পাণ আছে নহয় বৌ। মায়ে তত্ক্ষণাৎ মোলৈ চাই ক’লে, ইয়াক কৈছিলোঁ নহয় পাৰিবলৈ, পাৰিলিনে নাই তই ? মোৰ জিভা ওলাই গ’ল—অ’ খা পাহৰিলোৱেই নহয়, ইফালে কাম শেষ কৰি গা পা ধুই ধুনীয়া সাজ এযোৰ পিন্ধি ফিটিং হৈ আছিলো, ছোৱালী ঘৰৰ আলহীয়ে দেখি বেয়া বুলিব বুলি, বুলিবা দৰাৰ ভায়েকে কি পোছাক পিন্ধিছে চোৱা। তামোলৰ কথা মনত পেলোৱাৰ আগতেই ইতিমধ্যে চিনাকি পৰ্ব এটা হৈয়ে গৈছিল বুলিহে। দেউতাই চিনাকী কৰাই দিছিল, লাজ লাজকৈ প্ৰথমতে নামটো কৈ সকলোকে নমস্কাৰ জনাই নিজৰ পৰিচয়টো দিছিলোঁ বুলিহে। গ’ল কথা গ’ল, এতিয়াহে মহাবিপদ হ’ল, তামোলটো পাৰিবই লাগিব, বিকল্প নাই। বাৰীলৈ সোমাই গ’লো, পাণগছত জখলাখন লগাই থোৱাই আছিল, ভালেই হ’ল ৰক্ষা তেওঁ ফটকৈ পাণকেইখিলামান পাৰিব পাৰিম। এইবুলি জখলাত খপখপাই উঠি গ’লো, পাৰি আনিলো কেইখিলামান পাণ। এইখিনলৈকে ঠিকেই হৈ গ’ল, তাৰ পাছত পাণখিনি গছৰ গুৰিতে থৈ এইবাৰ চোঁচা ল’লো তামোল গছৰ ফালে। দেখিলো ওপৰত পকা পকা তামোল এজোপাত লাগি আছে, এইবাৰ ভৰিত ৰছী এডাল লগাই বান্ধ এটা দি গছজোপাৰ গুৰিত ভৰি দুখন ৰাখি গবামাৰি ধৰিলোঁ তামোলজোপাত, এখোপ এখোপকৈ উঠি গ’লো ঘচঘচাই। একেকোবতে গৈ গছৰ আগ পালোগৈ, তামোলৰ ঠোকত ধৰি টান দিছোহে, তেনেতে পৰুৱাৰ বাহত হাত লাগি ওলাল এসোপামান আমৰলি পৰুৱা, লগে লগে তামোলৰ ঠোক হাতৰ পৰা এৰি দিলোঁ, তললৈ চাই দেখিলো তামোলবোৰ থান থান হৈ সিঁচৰতি হৈ পৰিল। ইতিমধ্যে পৰুৱাই মোক আগুৰি ধৰিলেহি। উহ! ইমান কামোৰ খালো ঐ, চাৰ্ট-পেণ্টৰ ভিতৰত সোমাই যেনিতেনি কামুৰিবলৈ ধৰিলে। উহ, কি বিষ ঐ, তেনেতে মনলৈ আহিল—কোনে স্ৰজিলে বাৰু এই পৰুৱামখাক, পোৱা হ’লে কেঁচাই চোবালোহেঁতেন। তত্‌ নাপাই চো চোৱাই তামোলগছৰ পৰা নামি আহিলো, তলত আহি ৰ’ব নোৱাৰি থেকেচ খাই পৰিলো। বাপ্পা ঐ, জীৱ বাহিৰ হৈ গৈছে মোৰ। ইফালে-সিফালে চালোঁ, কোনোবাই দেখিছে নেকি বাৰু? নাই নাই, কোনোও গম নাপালে, কেৱল পাকঘৰৰ পৰা মায়ে কোৱা শুনিলো কোন পৰিলি ঐ বাহিৰত? মই বোলো, নাই নাই কোনো পৰা নাই, তামোলৰ ঠোকহে পৰিছে। ইফালে চাৰ্ট-পেণ্টৰ ভিতৰত সোমাই থকা আমৰলি পৰুৱাবোৰ কোবাই কোবাই উলিয়াইছো। চাৰ্টটো আৰু পেণ্টটো সামান্য খুলি চাই দেখো দুই কৰঙনৰ ছাল-বাকলি গ’ল, তেজ বিৰিঙিছে, বুকুতো কেইটামান ভাল আঁচোৰ খালো, চেংচেঙাই আছে। ইফালে পৰুৱাৰ চেংচেঙনি আছেই। লগে লগে তামোল আৰু পাণখিনি বুটলি লৈ কলপাৰলৈ গৈ ধুই লৈ ভিতৰত মাৰ ওচৰত দিলোগৈ। তাৰ পিছত ভিতৰলৈও যাব নোৱাৰা হ’লো লেতেৰা কাপোৰেৰে। কাৰণ আলহী বহি থকাৰ ফালেদিয়েই আমাৰ ৰুমলৈ যাব লাগে, ফৰফৰাই থকা ঠাইবোৰত মলমজাতীয় একো অলপো লগাব পৰা নাই, আলহী কেতিয়া যায় কেতিয়া যায় লাগিছে মোৰ তেতিয়া। সেইদিনাৰে পৰা কাণত ধৰিলো সময়ৰ কাম সময়তেই কৰি শেষ কৰিম, নহলে যে নিজৰে বিপদ। সেইদিনা ৰাতি চেঙচেঙনিত টোপনি নাহিল আৰু মোৰ।

(২)

আপোনালোকে কেতিয়াবা নিজৰেই বা অঙহী-বঙহীৰ কিবা নহয় কিবা অসুখত ভুগিলে অপাৰেচন কৰিব লগিয়া হৈছে চাগৈ, কিন্তু ক’ত কৰিছে? নিশ্চয় কোনোবা চৰকাৰী চিকিত্সালয় বা কোনোবা নাৰ্ছিংহোমত কৰিছে। কিন্তু মোৰ বন্ধু এজনে নিজৰে অপাৰেচন ক’ত কৰিছে সেয়া জানিলে হয়তো আপোনাৰো চকু কপালত উঠিব।
তেওঁ আছিল মোৰ বাল্যবন্ধু ৰঞ্জিত। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী। কামে কাজে যথেষ্ট সাহসী আছিল, ভয় বুলিবলৈ নাই যি হ’ব দেখা যাব, এনে স্বভাৱৰ আছিল সি। ২০০৪-০৫ চন মানৰ কথা, তেতিয়া মই শিক্ষাসূত্ৰে তেজপুৰত ৰঞ্জিত, ৰিপুঞ্জয়, আৰু গোলাঘাটৰ মানৱ সৈতে বৰুৱা চুবুৰিত ভাৰাতীয়া হিচাপে আছিলো, সপ্তাহৰ প্ৰতি শনিবাৰে আমি মানে ৰঞ্জিত, ৰিপুঞ্জয় আৰু মই ঘৰলৈ আহো আৰু সোমবাৰে পুৱা তেজপুৰলৈ উভতি যাওঁ। ৰঞ্জিত অলপ দিনৰ পৰা অৰ্শৰোগত ভুগি আছিল বুলি জানিছিলো, কিন্তু সেই ৰোগে যে অপাৰেচন কৰিব লগীয়া পৰ্যায় পাইছিল গৈ আমি দুয়ো ঘূণাক্ষৰেও জনা নাছিলো, সম্ভৱত সি আমাক ক’বলৈ লাজ কৰিছিল। সেইদিনা কিবা বিশেষ কামত আমি মানে ৰিপুঞ্জয় আৰু মই আগতীয়াকৈ শুক্ৰবাৰেই ঘৰলৈ আহিলো। তাৰেই সুযোগ গ্ৰহণ কৰি ৰঞ্জিতে কামফেৰা কৰি পেলাইছিল। সি আগতীয়াকৈ এজন ফাৰ্মাচিষ্টৰ লগত কথা-বতৰা হৈ সকলো ঠিক কৰি থৈছিল। আমি অহাৰ পিছৰ দিনা আবেলি যেতিয়া তাৰ খবৰ এটা লওঁ বুলি এনেয়ে ফোন এটা কৰিলো তেতিয়াহে সি ফোনতে ক’লে যে তাৰ আজি অপাৰেচন হৈ গ’ল। মই আচৰিত! হা? কি ? তোমাৰ অপাৰেচন হৈ গ’ল? কিহৰ অপাৰেচন? ক’ত কৰিলা, কোন হাস্পতালত কৰিলা? আমাক খবৰ নিদিলা কিয়? সি তেতিয়াহে সকলো বিৱৰি ক’লে যে ক’ৰ হাস্পতালত কৰিছোগৈ, ফাৰ্মাচীতহে, অপাৰেচন ফাৰ্মাচীৰ ভিতৰতেই হৈ গ’ল, ফাৰ্মাচিষ্টজনে পাৰিম বুলি ক’লে, দিলো কৰিবলৈ, সৰু অপাৰেচন বুলি কলে, একো ভয় কৰিবলগীয়া নাই বুলি নিৰ্ভয় দিলে কৰি দিলো সেয়ে। তাৰ আগৰে পৰা চিনাকি ফাৰ্মাচীষ্টজনৰ লগত ৰোগটোৰ বিষয়ে আলোচনা কৰিছিল আৰু সুবিধা অনুসৰি অপাৰেচনটো কৰিব পাৰিব বুলি জনাইছিল। অৱশ্যে ফাৰ্মাচীষ্টজনৰ আগতে ভাল ডাক্তৰৰ লগত কামকৰাৰ অভিজ্ঞতা আছিল। সেইদিনা আমি নথকাৰ সুযোগ লৈ অপাৰেচন হৈ গ’ল। মই তেতিয়া ক’লো—বোলো তুমি কি মানুহ হে? অপাৰেচননো কোনোবাই ফাৰ্মাচীত কৰেনে বাৰু? ঘৰলৈও খবৰ দিয়া নাই, কিবা এটা অঘটন ঘটা হলে কি হ’লহেঁতেন বাৰু? তাৰ পিছত সুধিলো এতিয়া কেনে? বোলে এতিয়া আহি ৰুমত চাহ বনাই খাই আছো। বাপৰে মানিছো দেই ৰঞ্জিতক, আমাৰ ঘৰত কথাটো কোৱাত সকলোৰে চকু কপালত উঠিল। কি ক’ব কোনেও ভাবিয়েই নাপালে।

৩)

মাঘৰ বিহুৰ উৰুকাৰ নিশাৰ কথা, চাৰি বছৰমানৰ আগতে, আমি লগৰমখাই ভেলাঘৰ/হেৰালিঘৰ সাজিছো কলঙৰ কাষৰে বৰ ঔটেঙা জোপাৰ তলতে। সকলোৱে সেই নিশাৰ বাবে যা-যোগাৰত ব্যস্ত, বজাৰ কৰাই বজাৰ কৰিছে, খৰি যোগাৰ কৰোঁতাই খৰি যোগাৰ কৰিছো, আমি দুটামানে পোহৰৰ বাবে মেনথেল লাইট আনিছোগৈ। এনেয়ে কোনো বহি থকা নাই, সকলো নিজৰ নিজৰ কামত ব্যস্ত। সন্ধিয়ালৈ সকলো যোগাৰ হৈ গ’ল, এটা এটাকৈ কেৰাহি, হেটা, বাল্টি, কটাৰী সকলো ঘৰৰ পৰা কঢ়িয়াই আনিলো। সময়ত আমি নানা কথাৰ মাজৰে পাচলি কটাত লাগি আছো, দুজনমানে ৰান্ধিবলৈ লাগিছে। আমাৰ পৰা কিছু দুৰৈত আন কেইজনমান চেঙেলীয়াই মেজি সাজি ৰন্ধাবঢ়াত ব্যস্ত হৈ পৰিছে। আমিও ৰান্ধি থকাৰে পৰাই অলপ অলপকৈ সকলোৱে হাঁহৰ মাংসৰ সোৱাদ লোৱাত ব্যস্ত হৈ পৰিছো। তেনেতে কলঙৰ ওপৰৰ দলঙৰ ফালে শুনা পালো কাৰোবাৰ লগত কাজিয়া লাগিছে, আমি শুনা পাই যি যেনেকৈ আছিলো সেইফালে কি হৈছে বুলি ঢাপলি মেলিলো, গৈ দেখো এখন ইণ্ডিকাৰ চালকক টেঁটুত চেপি কেইটামান গাড়ীচোৰে কলঙৰ ওপৰৰ দলঙৰ মাজভাগত নমাই ডিঙি কাটি পেলাই দিয়াৰ উদ্দেশ্যে টনা- আঁজোৰা কৰি আছে। তেনেদৰে থাকোতেই উৰুকাৰ নিশাৰ চোৰে পাই গ’ল। আটাইকেইটাকে উত্তম মাধ্যম শোধাবলৈ ধৰিলে। আমিও ৰৈ নাথাকিলো, হাতৰ খজুৱতি মাৰিবলৈ উঠি পৰি লাগিলো, মোৰ হাতত থকা এটা গোজ ফালি চিৰাচিৰ কৰি দিলো, লগে লগে পুলিচক খবৰ দিয়া হ’ল, গাঁৱৰ গাঁওবুঢ়াও আহিল,পুলিচো আহিল, এটাসময়ত অৰ্ধমৃত অৱস্থাত গাড়ীচোৰ তিনিটাক ধৰি লৈ গ’ল পুলিচে। আমিও নিজৰ নিজৰ হেৰালিলৈ বুলি খোজ ললো। এইখিনিলৈকে সকলো ঠিকেই হৈ গ’ল। কেইটামান উৰুকাৰ চোৰৰ কৃপাত এজন নিৰপৰাধী লোকৰ জীৱন ৰক্ষা পৰিল। এইবোৰকে আলোচনা কৰি আহি হেৰালিৰ ভিতৰ আহি পাওঁ, মাংস তেতিয়াও সিজিয়েই আছে, আকৌ আমি ফ্ৰাই মাংসৰ সোৱাদ ল’বলৈ বুলি হেটাপাত কেৰাহিত দি মাংস কেইটুকুৰামান আনি কলপাট এখনত থৈছো, লগে লগে হেতা-ওপৰা লাগিল মাংস খাবলৈ। কিন্তু ই কি? মাংসবোৰ হঠাতে ইমান টান হৈ পৰিল কিয় ? ইটোৱে সিটোৱে মুখলৈ চাই একেই কথাকেই ক’লে, অলপ পিছতহে পানীত ধুই দিয়াত গম পালো সেয়া মাংস নহয়, ভলুকা বাঁহৰ আখিহে। তেতিয়াহে বুজিলো কোনোবা চতুৰ উৰুকাৰ নিশাৰ কোনোবা চতুৰ চোৰে আহি আমাৰ মাংসবোৰ লৈ গৈ বাকী থকা জোলত ভলুকা বাঁহৰ আখি দি ল’ৰা ভালকৈ মাংসৰ মচলাৰ লগত মিহলি কৰি থৈ গুচি গ’ল চেগ বুজি। কি হ’ব এতিয়া উৱাদিহ উপাই নাপাই ৰাতি ১০.৩০ মিনিট যোৱাৰ পিছত আকৌ ওচৰৰ মুছলমান গাঁৱৰ পৰা গৈ মুৰ্গী কিনি আনিহে ভোজ খাব লগীয়া হ’ল।

৪)

এদিন আমাৰ ঘৰৰ ওচৰৰ এজন ল’ৰাৰ মাকে দুপৰীয়া ৰ’দত জলকীয়া আচাৰৰ বটন দুটামান বাৰাণ্ডাতে দি থৈছে। সেই একেঘৰৰে ডাঙৰ ল’ৰাই নিতৌ দুপৰীয়া কলঙত গা ধুবলৈ যায়। এনেকৈ সি প্ৰতিদিনে দুপৰীয়া ঘৰৰ ওচৰৰে কলঙত গা ধুই আহে। ঠাণ্ডা দিন আছিল।
সেইদিনাও সি গা ধুই আহি গাটো গামোছাৰে ভালকৈ বাহিৰতে ৰ’দত বহি মচি দেখিলে মাকে তেলৰ বটল ৰ’দত দি থৈছে। সি বিশেষ চিন্তা নকৰিলে, ভাবিলে সেয়া গাত  ঘঁহা তেল, আগগুৰি নাভাবি, গান এটা গুণগুণাই গুণগুণাই ৰ’দত দি থোৱা তেলৰ বটলৰ পৰা তেল বাকি লৈ উদং গাত তেল ঘঁহিবলৈ ধৰিলে, প্ৰথমতে ধৰিবই পৰা নাছিল, কেইমিনিট মানৰ পাছতহে যেতিয়া গাটো দেই পুৰি যাবলৈ ধৰিলে তেতিয়াহে তেওঁৰ গা লৰিল। চিধাই মাকক চিঞৰিবলৈ ধৰিলে—
:-অ মা। মা ঔ বটলত সেইয়া কি তেল দি থৈছিলি মোলৈ…?
:-ক’ত তেল দি থৈছো মই? সেইয়া আচাৰৰ তেলহে আছিল। কিয় কি হ’লনো.? (ভিতৰৰ পৰা মাকে মাত লগালে)
:-চাহিচোন, মোৰ গাটো কি হ’ল? মই থাকিব পৰা নাই, গোটেই গাটো দেখোন জলকীয়াই পোৰাদি পৰিছে।
:-অ মোৰ সোণামুৱাটো তই হ’বলা সেয়া গাত ঘঁহা তেল বুলি সানি দিলি? আই ঔ মই ক’তে মৰো, কি হ’ব এতিয়া? হুৱা-দুৱা লগাবলৈ ধৰিলে।
ইফালে পুতেকে পোৰণিত চটফটাবলৈ ধৰিলে, গোটেইটো ৰঙা চিঙা পৰি, মাটিত বাগৰিবলৈ ধৰিলে। চেহ, কি কৰিব মাকে উপাই নেদেখি কিংকৰ্তব্যবিমূৰ হৈ পৰিল।
লগে লগে কথাটো গম পাই দেউতাক পথাৰৰ পৰা ঢপলিয়াই আহিল। আহি দেখে পুতেকে চটফটাই আছে, একো নকৈ চিধাই ভিতৰলৈ গৈ গাখীৰৰ ছচটো আনি তাক গাখীৰেৰে গা-ধুৱাই দিলে, তাৰ পাছত তথাপিও সি শান্তি নোপোৱাত ওচৰৰে এঘৰৰ পৰা ফ্ৰিজৰ বৰফ আনি ঠাণ্ডা পানীৰে গা-ধুৱালে, শেষত যেনিবা পুতেকৰ ভাল হ’ল যদিও ৰাতিলৈ তিৰকঁপে জ্বৰ উঠিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments