সৰু সৰু পুণ্য আৰু আশীৰ্বাদ – মেজৰ জেনেৰেল এচ. পি. এচ. নাৰঙ্গ, অনুবাদ : অৱনী বুঢ়াগোহাঁই

সৰহ সংখ্যক ধৰ্ম নিৰপেক্ষ ভাৰতীয়ৰ দৰে, ময়ো এটা ঘটনা কব খুজিছো যিটো ঘটনাই মোৰ কিছুসংখ্যক বন্ধু বান্ধৱৰ হয়তো বিবেক জাগ্ৰত কৰিব৷

ঘটনাটো আছিল বছেৰেক আগৰ কিন্তু আজিও মোৰ অন্তৰত ঘটনাটোৱে শেলে বিন্ধাদি বিন্ধি থাকে৷ যোৱা বছৰৰ নৱেম্বৰ মাহত, মই গাড়ী চলাই চণ্ডীগড়ৰ পৰা ডেৰাডুনলৈ ঘূৰি আহিছিলো৷ মনোমোহা এই চাৰি ঘণ্টাৰ ভ্ৰমণৰ মাজতে অন্য এক আকৰ্ষণীয় স্থান আছিল পাউণ্টা চাহাব গুৰুদ্বাৰা৷ মই এনেয়ো মোক আৰু গাড়ীখনক অলপ আৰাম দিয়াৰ যথেষ্ট প্ৰয়োজন আছে বুলি ভাবিছিলো৷ ইয়াতকৈ কি ভাল হ’ব পাৰে, গুৰুজনাৰ স্থানত এপাক সোমাই যোৱাৰ বাহিৰে! শান্তিশীতল গুৰু কীৰ্তনৰ উচ্চাৰণ ধ্বনিৰ উপৰিও, বিভিন্ন ক্ষেত্ৰৰ পৰা অহা লোকৰ সতে বিশাল মজিয়াত গুৰুৰ লঙ্গৰত বহি তৃপ্তিৰে খোৱাৰ কথাই সুকীয়া৷ তাৰে কিছুমানে সকলোবোৰ ভোজতে অংশ লয় কাৰণ তেওঁলোকৰ পেটৰ ক্ষুধা নিবৃত্তিৰ বাবে অন্য কোনো উপায় নাথাকে৷
তেওঁলোকৰ সৈতে একেলগে বহি ৰুটীবোৰ টুকুৰা কৰি কৰি খাওঁতে এক অবৰ্ণনীয় আধ্যাত্মিক উচ্চতাত বিচৰণ কৰা যেন লাগে, আৰু ইয়াক অনুভৱ কৰিবলৈ কোনো লোক যে একেটা ধৰ্মৰে হবই লাগিব বুলি কথা নাই৷ ময়ো সেই লঙ্গৰত ভোগ খাই লৈ মোৰ বাকীটুকুৰা ভ্ৰমণৰ বাবে গুৰুদ্বাৰাৰ পৰা বাহিৰলৈ ওলাই আহিলো৷
গুৰুদ্বাৰাৰ বাহিৰৰ ৰাষ্টাৰ কাষৰৰ গুমটি এখনত সোমাই দুই এপদ বস্তু লবলৈ ৰলো৷ ঠিক তেনে সময়তে দেখিলো, এটা গুজ্জৰ ( এবিধ ইচলাম ধৰ্মীয় যাযাবৰ, যিসকলে গৰু গাই পুহি পাহাৰৰ দাঁতি কাষৰত সেইবোৰ চৰায়, গাখীৰ বেচি জীয়াই থাকে) পৰিয়ালে এজন চাহ দোকানীৰ সতে এক গভীৰ আলোচনাত মগ্ন হৈ আছে৷ পৰিয়ালটোত আছে এযোৰ বয়সীয়া, দুযোৰ মধ্য বয়সীয়া স্বামী-স্ত্ৰী আৰু চাৰিটা ল’ৰা ছোৱালী৷ মাইকীমানুহ কেইগৰাকীয়ে আধাকৈ বোৰখা লোৱা অৱস্থাত৷ তেওঁলোকক বেচ দুখীয়া যেন অনুভৱ হৈছিল কাৰণ বয়সীয়াল লোকজনে(সম্ভৱত: দেউতাক) এমুঠি খুচুৰা পইচা আৰু মোহাৰি থোৱাৰ দৰে দেখা কেইখনমান নোট হিচাব কৰি আছিল৷
নি: সন্দেহে, বিষয়টো আছিল কিবা কিনিবলৈ হলে তেওঁলোকে কিমানখিনি খৰচ কৰিব পাৰিব! তেওঁলোকে তিনিকাপ চাহ আৰু চাৰিটা চিঙাৰাৰ দাম সুধিছিল৷
অকণমান সাহস গোটাই মই আগবাঢ়ি গৈ তেওঁলোকক সুধিলো, “ ক্যা আপচব খানা খায়েঙ্গে? “ তেওঁলোকে ইজনে সিজনৰ ফালে চালে, চকুবোৰত আছিল আশ্চৰ্য, সংশয় আৰু আত্মসন্মানত আহত হোৱাৰ বেদনা৷
কিছুপৰৰ নীৰৱতা৷ কেতিয়াবা কেতিয়াবা নীৰৱতাও হৈ পৰে অতিশয় কোলাহলপূৰ্ণ৷ ল’ৰাছোৱালী কেইটাৰ অপাপবিদ্ধ চকুবোৰ আশাৰে পৰিপূৰ্ণ হৈ উঠিল৷
“হম খা কে আয়ে হেঁয়৷ “ মানুহজনে কলে৷
তৎক্ষণাত প্ৰত্যুত্তৰ আহিল, “ কহাঁ খায়া হেঁয় চুবহচে কুছ ভী, আব্বা? “
কথাবোৰ শুনি এটা স্তমভিত হলো আৰু এটা গভীৰ বেদনাই মোৰ অন্তৰখন জোকাৰি পেলালে৷ তিনিজন থিয় দি থকা লোকৰ কঠোৰ চাৱনিবোৰে আৰু মানুহকেইজনীৰ মিনতিভৰা সেমেকা চকুবোৰে মোক যি কবৰ আছিল সেই সকলো কৈ দিলে৷
মই তেওঁলোকক মোৰে সৈতে আহিবলৈ কলো৷ তেওঁলোক সন্মত হ’ল, যদিওবা অনিচ্ছাস্বত্বেও৷ আমি গুৰুদ্বাৰাৰ ভিতৰ সোমালো৷ মোৰ মনতোলৈ কিয় জানো এক প্ৰশান্তিৰ ভাব নামি আহিছিল, “জোৰা ঘৰ“ত আমাৰ সকলোৱে পিন্ধা জোতাবোৰ খুলি জমা দিয়াৰ সময়ত৷ বয়সীয়াল কেইজনে গুৰুদ্বাৰাৰ স্থাপত্য বিমুগ্ধ নয়নেৰে চাই থাকিল৷
তথাপিও তেওঁলোকৰ চকুত ভীত এক চাৱনি আছিল যিটো সহজতে অৱশ্যে বুজিব পৰা যায়৷ জীৱনত প্ৰথম বাৰৰ বাবে ইচলামৰ বাহিৰৰ প্ৰাৰ্থনাগৃহৰ ভিতৰত তেওঁলোক সোমাইছে!
কিন্তু ল’ৰাছোৱালীকেইটাৰ সেইবোৰত ভ্ৰূক্ষেপ নাই৷ সিহঁতৰ নিষ্পাপ চকুবোৰে এদনীয়াকৈ বিচাৰি ফুৰিছে খোৱা বস্তুৰ বাবে৷ কিছুমানে সিহঁতলৈ আঁৰচকুৰে চাই আছে আচৰিত হৈ৷ মই সিহঁতৰ পাচে পাচে গৈ দেখিছো ব্যস্ততাসহকাৰে সিহঁতে বিভিন্নৰঙী মুৰত মৰা কাপোৰবোৰ বাচি লৈছে৷ গুৰুদ্বাৰাত সোমালে সকলোৱে মুৰতো ঢাকি কাপোৰ এখন লোৱা নিয়মৰ ভিতৰত পৰে৷
বয়সীয়াকেইজনৰ বাহিৰে সকলোৱে মোৰ সতে ভিতৰলৈ গ’ল আৰু মোক অনুকৰণ কৰি শিৰ নত কৰি সেৱা জনালে আৰু কপালেৰে মজিয়াখন চুবৰ বাবে আগলৈ হাওলি পৰিল৷ ওচৰত থকা বহুলোকে দেখিলে যে মই কৰাৰ ধৰণেই লৰাছোৱালীহঁতেও সন্মান সহকাৰে গোটেই প্ৰক্ৰিয়াটোত অংশ ললে৷ সিহঁতে “ভাইজী“ৰ পৰা প্ৰসাদ হাত পাতি ললে, আৰু লাগিবনেকি বুলি তেওঁ সোধাত মুৰ দুপিয়ালে৷
আমি লঙ্গৰ চলি থকা কোঠালিত সোমালো আৰু শিশুকেইটাক লগত লৈ “থালি“ আহৰণ কৰিলো৷ সকলো কাম সিহঁতে আনন্দেৰে কৰি গৈ থাকিল, পৃথিৱীৰ সকলো শিশুৰ দৰে৷ আমাৰ সমুখত নৱ-বিবাহিত লোক এহাল বহিছিল৷ ৰঙা খাৰু পিন্ধা কইনাজনীয়ে তাইৰ মাধুৰ্যৰ পোহৰ চাৰিওদিশে উদ্ভাষিত কৰি, শিশুকেইটাক তাইৰ সতে বহিবলৈ আমন্ত্ৰণ জনালত দুটাই গৈ তেওঁলোকৰ মাজত বহিল৷ মোৰ অনুভৱ, তাই এদিন খুব মৰমীয়াল মাক হব সেয়া ধুৰুপ৷
লঙ্গৰৰ খোৱাবোৱা আৰম্ভ হ’ল, মই যদিও আগতে খাইছিলো তথাপিও অভ্যাগতৰ লগত বহি অলপ হলেও খালো৷ কিমান হেঁপাহেৰে সেই খাদ্যসমূহ তেওঁলোকে খাইছিল, কোনোবাই দেখা হলে মন ভৰি গ’লহেতেন৷ প্ৰথমতে উৎপন্ন হোৱা মনৰ খুদুৱণি মাৰ যোৱাৰ পাচত, গোটেইকেইটাই পেট ভৰি যোৱাকৈ খোৱাবোৰ খালে৷ কি ধৰণৰ এক সুখানুভূতিয়ে মোক আছন্ন কৰিছিল, তাক বৰ্ণনা কৰিবলৈ মোৰ ভাষাৰ অভাৱ৷
আমাৰ সকলোৰে খোৱাবোৱা শেষ হৈছিলেই, তেনেতে এজন বয়সীয়া শিখ আৰু এজন বৈ পৰা দাঢ়িৰে যুবক (সম্ভবত: “মূল গ্ৰন্থি“ আৰু “সেৱাদাৰ“ /সহায়কাৰীয়ে) মোক বিচাৰি আহিল৷
মোৰ ভয় লাগিছিল আৰু মোতকৈ বেছি ভয় খাইছিল মোৰ আলহীয়ে৷ মই হাতদুখন যোৰ কৰি তেওঁলোকৰ ওচৰলৈ গলো৷
তেওঁ মোক সুধিলে, “ ইনহাঁ নু তুছি লে’ কে’ আয়েহ’? “
মই সন্মতিৰে মুৰ দুপিয়ালো৷
তাৰ পাচৰ প্ৰশ্নটোৱে মোক কিংকৰ্তব্যবিমূঢ় কৰি পেলালে৷ “তুচি হৰ্ দিন পাঠ কৰদে’ হো? “
মোৰ মুখৰ পৰা “হয়“ শব্দটো প্ৰায় ওলাইছিলেই, কিন্তু এয়া মিছা মতা হ’লহেতেন৷ সেয়ে অতি বিনীতভাবে কলোঁ……“না৷ “
মৃদু হলেও তিৰষ্কাৰৰ আশা কৰাৰ পাচত, তেওঁ আচৰিত ধৰণেৰে কৈ উঠিল, “ তুহানু থা কোই লড়্হ্ হি নহী৷ আজ তুহানু চব কুছ মিল গয়া হায় জী৷ “
মই আশ্চৰ্য চকিত হৈ পৰিলো৷ এইয়া মোৰ বাবে উপদেশ নে ব্যঙ্গ?
তেওঁ পুনৰ কলে, “ইন্হা নু বাব্বে দি ঘৰ ল্যা কে তে লংগৰ চ্ছাকা কে তুচি চব কুছ পা ল্যা৷ তুহাড়া ধনবাদ৷ অচ্চী ধন হ’ গয়ে৷ “
তাৰ পাচত হাতযোৰ কৰি তেওঁ বয়সীয়াল স্বামী-স্ত্ৰীৰ ওচৰলৈ গৈ অনুৰোধ কৰিলে,
“আপ জব ভি ইধৰ আৱ’ তো লঙ্গৰ খাকে জাইয়ে৷ য়ে ত’ ওপৰৱালে দা দিয়া হায় জী৷ “
মই মোৰ আলহীসকলক লঙ্গৰ ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনিছিলো৷ ঠিক সেই সময়তে, যি সময়ত জোতা ৰখা ঘৰৰ পৰা জোতা উলিয়াই আনিছিলো, লৰাছোৱালীমখাৰ এটাই কলে, “ হমে অউৰ হালৱা দো না৷ “ আমি পাচোঁটাই “পৰচাদ“ আনিবলৈ ভিতৰলৈ গলো৷
অৱশেষত যিসময়ত তেওঁলোক যাবলৈ লৈছিল, বয়সীয়াল মহিলাগৰাকীয়ে তেওঁৰ গিৰিয়েকৰ কাণত ফুচফুচাই কিবা কলে৷
মই সুধিলো, “ কোঈ বাত, মিঞাজী? “
দোষী দোষী ভাবেৰে মানুহজনে কলে, “ য়ে কেহ ৰহী হেঁই কি, ক্যা আপ কে চৰ পৰ হাথ ৰখ্ সকতী হেঁয়? “
মই হাওলি দিলো আৰু তেওঁ চকুপানীৰ সাগৰত ডুবি থকা চকুজুৰিৰে মোক আশীৰ্বাদ দিলে৷
আৱেগৰ ঢৌৱে উটুৱাই মোক ক’ৰবালৈ লৈ গ’ল৷
এয়া মোৰ কল্পনাই নে বাস্তৱ, কব নোৱাৰো……মই প্ৰায়েই অনুভৱ কৰো, মুছলিম মানুহগৰাকীৰ সেই দুখনি সুন্দৰ হাত মোৰ মুৰৰ ওপৰত আজিও, যি হাত দুখন আছিল পবিত্ৰতা আৰু প্ৰেমৰ৷এইটোৱেই কাৰণ যে আমি ধৰ্মনিৰপেক্ষ৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক