সৰ্থেবাৰীৰ কাঁহ শিল্পত এভূমুকি (লক্ষেশ্বৰ হাজৰিকা)

 

অলপতে বিশেষ এটা উদ্দেশ্যেৰে কাঁহ- শিল্প নগৰী সৰ্থেবাৰীলৈ গৈছিলোঁ । লগত তিনিজন বন্ধু। আমাৰ এটা সমবায় পুঁজি(Mutual Aid Fund)ৰ ৰূপালী জয়ন্তী । এই উপলক্ষে আমাৰ সভ্য সকলক একোটিকৈ “স্মাৰক-উপহাৰ”(memento) দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । আমি সৰ্বসন্মতিক্রমে অসমৰ এটি আপুৰুগীয়া সম্পদ “বানকাঁহী” দিয়াটোকে ঠিক কৰি এখন কাঁহ-পিতলৰ বিপনীত ২৭খন বানকাঁহীৰ অৰ্ডাৰ দিলোঁ। আমি প্রত্যেকেই নিজাববীয়াকৈ দুই এপদ বস্তু কিনিলোঁ । মই চাৰিটা বানবাটি কিনিলোঁ । বৰ্তমান সৰ্থেবাৰীত প্রতি কিলোগ্রাম কাঁহৰ বস্তুৰ দাম ১২৫০ টকাৰ পৰা ১৫০০ টকা । বানকাঁহীৰ প্রতি কিলোগ্রামৰ দাম ১২৫০ টকা; বানবাটিৰ প্রতি কিলোগ্রামৰ দাম ১৪০০টকা/ ১৪৫০টকা। অসমৰ অন্যান্য ঠাইত এই মূল্য ১৬০০ টকাৰ পৰা ১৮০০ টকা পৰ্যন্ত । বৰ্তমান সৰ্থেবাৰীত প্রতি কেজি পিতলৰ দাম ৫০০ টকাৰ পৰা ৬০০টকা পৰ্যন্ত ।

সৰ্থেবাৰী বৰপেটা জিলাৰ এখন উল্লেখযোগ্য ঠাই। গুৱাহাটীৰ পৰা প্রায় ৭৫ কিঃমিঃ পশ্চিমে অৱস্থিত সৰ্থেবাৰী কাঁহ-পিতলৰ সামগ্রীৰ বাবে প্রখ্যাত। অসমৰ প্রাচীন হস্ত শিল্প সমূহৰ ভিতৰত কাঁহ শিল্প উল্লেখযোগ্য । আগতে অসমৰ ৰহা, তিতাবৰ আৰু সৰ্থেবাৰী- এই তিনি ঠাইত কাঁহ-শিল্প থকাৰ কথা জনা যায়। কিন্তু দুৰ্ভাগ্যবশতঃ ৰহা আৰু তিতাবৰৰ কাঁহ শিল্প বৰ্তমান নাইকিয়া হৈ গৈছে । কেৱল সৰ্থেবাৰীৰ কঁহাৰ শিল্পী সকলেহে এই সাতামপুৰুষীয়া শিল্পটো নানা অসুবিধাৰ মাজেদি কোনোমতে জীয়াই ৰাখিছে । সৰ্থেবাৰীৰ এই শিল্পই কিদৰে গঢ় লৈ উঠিছিল জনা নাযায়; কিন্তু ইযে অসমৰ এক প্রাচীন কুটীৰ শিল্প এই কথা নিঃসন্দেহে স্বীকাৰ কৰিব পাৰি । আহোম ৰাজত্ব কালত সৰ্থেবাৰীত নিৰ্মিত কাঁহৰ বাচনে জনসাধাৰণৰ প্রয়োজন পূৰণ কৰাৰ লগতে ৰজাঘৰীয়া সমাদৰো লাভ কৰিছিল।

সৰ্থেবাৰীৰ প্রায় সকলো লোকেই কাঁহ শিল্পৰ লগত জড়িত । কাঁহ কোবোৱাৰ ঠনঠননি শব্দই সৰ্থেবাৰীৰ আকাশ বতাহ মুখৰিত হৈ থাকে । বেচিভাগ গঞা লোকেই এই শিল্পৰ ওপৰত নিৰ্ভৰ কৰি চলে । ইয়াত তৈয়াৰ হোৱা নিত্য প্রয়োজনীয় সামগ্রীৰ ভিতৰত কাঁহৰ বাটি, কাঁহী, বানবাটি, বানকাঁহী, বঁটা, তাল, ভোৰতাল, ঘণ্টা; সেইদৰে পিতলৰ ঘটি, লোটা, টৌ, জাপি, চাকিগছা, পূজাৰ থাল, শৰাই, সঁফুৰা আদিয়েই প্রধান। সৰ্থেবাৰীত নিৰ্মিত এই বাচন অসমৰ ঘৰে ঘৰে ব্যৱহৃত হোৱাৰ উপৰিও দাঁতিকাষৰীয়া ৰাজ্য কেইখনতো কিছু পৰিমাণে বিক্রী হয়।

কাঁহৰ বাচন-বৰ্তন বনাবৰ বাবে কেঁচামাল হিচাপে পুৰণি ভগা কাঁহৰ প্রয়োজন । পশ্চিমবঙ্গ, পাকিস্তান আদিৰ পৰাও কেঁচামাল আমদানি কৰা হয়। কঁহাৰ সকলে এনে কাঁহ শালত পেলাই লৈ ৰঙাকৈ তপত হৈ থকা অৱস্থাতে হাতুৰীৰে কোবাই-পিটি প্রয়োজনীয় ৰূপ দিয়ে। এই গলোৱা কাৰ্যৰ বাবে যথেষ্ট কাঠ এঙাৰৰ প্রয়োজন হয়। কোবোৱা কাৰ্যৰ বাবে ৪/৫ জন লোকৰ প্রয়োজন । নিৰ্দিষ্ট গঢ় দিয়াৰ পিছত চাফা কৰা, পলিচ কৰা আৰু শেষত ফুল কটা কামটো থাকে। শিল্পী সকলৰ নিপুণ হাতৰ পৰশত বিভিন্ন আকৃতিৰ সুন্দৰ ফুলাম সামগ্রীয়ে প্রাণ পাই উঠে।

সৰ্থেবাৰীৰ কঁহাৰ শিল্পীসকলৰ বেছি ভাগৰে আৰ্থিক অৱস্থা সিমান টনকিয়াল নহয়। সেয়ে তেঁওলোকে কেঁচামাল যোগানৰ বাবে আৰু বনোৱাৰ পিছত সেইবোৰ বিক্রীৰ বাবে মহাজন সকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

বৰ্ত্তমান কালত ষ্টীল, প্লাষ্টিক আৰু চীনামাটিৰ সামগ্রীৰ সৈতে হোৱা তীব্র প্রতিযোগিতাৰ বাবে কাঁহৰ চাহিদা কমি আহিছে। বিশেষকৈ কাঁহৰ অত্যধিক মূল্যবৃ্দ্ধিৰ বাবে সৰ্বসাধাৰণ লোকৰ বাবে কাঁহৰ বাচন-বৰ্তন ব্যৱহাৰ কৰাটো দুঃসাধ্য হৈ পৰিছে । তথাপি আমাৰ সমাজত কাঁহ-পিতলৰ বাচনৰ আদৰ এতিয়াও কমা নাই। বিশেষকৈ বিয়া-বাৰুত এই আপুৰুগীয়া সম্পদৰাজিৰ প্রয়োজন অনস্বীকাৰ্য । সেয়ে বিভিন্ন প্রতিকূল পৰিস্থিতিৰ মাজেদিও সৰ্থেবাৰীৰ কঁহাৰ সকলে নিজকে একনিষ্ঠভাৱে এই শিল্পত ব্রতী ৰাখিছে আৰু এই কষ্টকৰ উদ্যোগটো জীয়াই ৰাখিবলৈ সমৰ্থ হৈছে। এই আপুৰুগীয়া উদ্যোগটি জীয়াই ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাটো চৰকাৰৰ লগতে আমাৰ সকলোৰে কৰ্তব্য হোৱা উচিত ।

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Saponjyoti thakur
11 months ago

সুন্দৰ
আৰু সংযোগ হোৱা উচিত