সৰ্বভাৰতীয় পৰ্য্যায়ৰ চাকৰিবোৰ- প্ৰতিম প্ৰতাপ বৰুৱা

আৰম্ভণিতে এটা প্ৰাসংগিক কথা – “চাহাবৰ দেশত তিনি বছৰ” নামৰ কিতাপখনত ড° যজ্ঞেশ্বৰ হাতীবৰুৱাই আজিৰপৰা প্ৰায় ২০-২৫ বছৰ আগতেই লিখিছিল কেনেকৈ বাংলাদেশ, পাকিস্থান, ভিয়েটনাম আদি দেশৰ লৰাই সেই তাহানিতে লণ্ডনত ইলেকট্ৰিচিয়ান, টেকেনিচিয়ান, মেকানিক আদিৰ ট্ৰেইনিং লবলৈ গৈছিল৷ তাত তেওঁ দুখ কৰি লিখিছিল – “অসমীয়া লৰা অসমৰ পৰা লৰচৰ নহয় খাবলৈ নাপায় মৰোঁ বুলি৷” সুখৰ কথা যে আজিকালি অসমৰ এই অৱস্থাটোৰ বহুত সলনি হৈছে৷

ব্যক্তিগত কথাৰে পাতনি মেলিব খোজাৰ বাবে ক্ষমাপ্ৰাৰ্থী যদিও আমি বিশ্বাস কৰোঁ যে বহুসময়ত ব্যক্তিগত কথাও ৰাজহুৱাকৈ কোৱাৰ প্ৰয়োজন আছে৷ যোৱা ওঠৰ বছৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ, দিল্লীৰ চৰকাৰত এজন বিষয়া হিচাপে চাকৰি কৰি পোৱা আটাইতকৈ দুখ লগা অভিজ্ঞতাটো হ’ল ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ চৰকাৰত এতিয়ালৈকে এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, দুজনমান ডাক্তৰ আৰু এজন উচ্চবৰ্গৰ সহায়কৰ বাদে আন কোনো অসমীয়া চাকৰিয়াল মই লগ পোৱা নাই৷ ভাৰতীয় প্ৰশাসনিক সেৱাৰ সেই বিষয়াজন এটা বিভাগৰ প্ৰধান সচিব হৈ থকা সময়খিনিত সেইটো বিভাগৰে এটা শাখাৰ দায়িত্ব লৈ পোনে পোনে তেখেতৰ অধীনত কাম কৰিবলৈ পোৱাতো মোৰ জীৱনৰ এটা মূল্যবান অভিজ্ঞতা হৈ ৰৈছে৷ একে সময়তে মোৰ ভাল লগা অভিজ্ঞতাটো হ’ল ভাৰতৰ কেইখনমান ৰাজ্যৰ, বিশেষকৈ তামিলনাডু, কৰ্ণাটক, বিহাৰ, উত্তৰাঞ্চল, ৰাজস্থান, মধ্যপ্ৰদেশ আদিৰ লৰা-ছোৱালীবোৰে প্ৰতি বছৰে জাকে জাকে আহি ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ চৰকাৰত আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়সমূহত উচ্চস্তৰৰতো কথা নাই, আনকি নিম্ন তথা মধ্যম স্তৰৰ চাকৰিবোৰো (যেনে – লেবৰেটৰী সহায়ক, টেকনিচিয়ান, নিম্নবৰ্গৰ সহায়ক, উচ্চবৰ্গৰ সহায়ক, হেড ক্লাৰ্ক, ডাটা এণ্ট্ৰী অপাৰেটৰ, প্ৰাইমেৰী শিক্ষক, সহকাৰী শিক্ষক, ষ্টেটিছটিকেল সহায়ক, জুনিয়ৰ ইঞ্জিনিয়াৰ, আয়কৰ বিভাগৰ পৰিদৰ্শক আদি) লয়হি৷ মাত্ৰ দুটা বছৰ তেওঁলোকে এই নিম্নবৰ্গৰ সহায়ক, উচ্চবৰ্গৰ সহায়ক, হেড ক্লাৰ্ক আদি চাকৰিবোৰত কাম কৰে আৰু লগে লগে সমান্তৰালভাৱে বিভিন্ন বিভাগীয় পৰীক্ষাবোৰৰ বাবে (যেনে – সহকাৰী একাউণ্টছ অফিচাৰ, ষ্টেটিছটিকেল অফিচাৰ, সহকাৰী অধীক্ষক আদি) নিজকে তৈয়াৰ কৰে৷ তাৰ বাবে তেওঁলোকে যিখিনি কষ্ট কৰে সেইখিনি দেখিয়েই ভাল লাগে৷ দুবছৰ চাকৰি কৰাৰ পিছতেই তেওঁলোকে বিভিন্ন বিভাগীয় পৰীক্ষাবোৰত উত্তীৰ্ণ হৈ দ্বিতীয় শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়া হিচাপে নিযুক্তি লাভ কৰে আৰু তাৰ পাঁচ বছৰৰ পিছত তেওঁলোকে পদোন্নতি পাই প্ৰথম শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়া হৈ পৰে৷ সেই সময়ত তেওঁলোকৰ বেছিভাগৰ বয়স ৩৫ বছৰৰ তলতেই থাকে৷ অৰ্থাৎ তাৰ পিছৰ প্ৰায় ২৫ বছৰ তেওঁলোকে প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰে আৰু যথেষ্ট উচ্চ পদাধিকাৰী হয়গৈ৷ তেওঁলোকে খালী কৰা নিম্নবৰ্গৰ সহায়ক, উচ্চবৰ্গৰ সহায়ক, হেড ক্লাৰ্ক আদি পদবোৰ লবলৈ পুনৰ এজাক লৰা-ছোৱালী আহে তামিলনাডু, কৰ্ণাটক, বিহাৰ, উত্তৰাঞ্চল, মধ্যপ্ৰদেশ আদিৰপৰা৷ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ, দিল্লীৰ চৰকাৰত নিম্নবৰ্গৰ সহায়ক হিচাপে চাকৰিত যোগদান কৰি বিভাগীয় পৰীক্ষাত পৰ্য্যায়ক্ৰমে উত্তীৰ্ণ হৈ এসময়ত উপ নিৰ্দেশক, অতিৰিক্ত নিৰ্দেশক পৰ্য্যন্ত হোৱা, হেড ক্লাৰ্ক হিচাপে যোগদান কৰি পিছলৈ ছাব্‌ ডেপুটি মেজিষ্ট্ৰেট্‌, এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট্‌ পৰ্য্যন্ত হোৱা উদাহৰণ প্ৰচুৰ৷ কিন্তু যোৱা ১৪ বছৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ, দিল্লীৰ চৰকাৰত মাত্ৰ এজন কোকোৰাঝাৰৰ লৰাৰ বাদে আন এজনো অসমীয়া প্ৰাৰ্থীয়ে এনেকৈ চাকৰি লৈ নিজকে প্ৰতিস্থিত কৰা দেখা নাই৷
আৰু এটা উদাহৰণ প্ৰায়ে দেখা যায় যে ভাৰতীয় ৰেলত কেৰেলা বা মহাৰাষ্ট্ৰৰ কোনোবা এটা ডিভিজনত চাকৰিৰ বাবে পৰীক্ষা পতা হয়৷ বিহাৰ, উত্তৰপ্ৰদেশ বা ৰাজস্থানৰ লৰা-ছোৱালীয়ে জাক পাতি গৈ সেই পৰীক্ষাবোৰ দিয়েগৈ আৰু চাকৰি লৈ নিজকে প্ৰতিস্থিত কৰে৷ কিন্তু সেই পৰীক্ষাবোৰত অসমীয়া লৰা-ছোৱালীৰ অৱতীৰ্ণৰ হাৰ প্ৰায় শূন্য৷
ইয়াত আমি দিল্লী, গুড়গাঁও, বাংগালোৰ, পুনে আদিত বিভিন্ন ব্যক্তিগত খণ্ডৰ কোম্পানীত দ্বাৰৰক্ষী হিচাপে অস্থায়ী চাকৰি কৰা অসমীয়া লৰাখিনিৰ কথা সদ্যহতে আলোচনা কৰা নাই৷ সেই লৰাখিনিৰ বিষয়ে, তেওঁলোকৰ দুখ-কষ্টৰ বিষয়ে বেলেগে এদিন আলোচনা কৰিম৷ ইয়াত আমি অসমৰ বাহিৰত বিভিন্ন ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থা তথা কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ চৰকাৰী চাকৰিসমূহৰ কথাহে কৈছোঁ৷

ওপৰত দিয়া উদাহৰণ দুটা টেষ্ট কেছ হিচাপে লব পাৰি৷ অসমৰ বাহিৰত, বিভিন্ন চৰকাৰী তথা অৰ্ধচৰকাৰী চাকৰিৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা পৰীক্ষাবোৰত অৱতীৰ্ণ হোৱা অসমীয়া লৰা-ছোৱালীৰ সংখ্যা হয় একেবাৰে নগণ্য, নহয় একেবাৰে শূন্য৷ ইয়াৰ কাৰণ অসমীয়া লৰা-ছোৱালীৰ যোগ্যতাৰ অথবা সাহসৰ অভাৱ নহয়৷ ইয়াৰ কাৰণ অসমীয়া লৰা-ছোৱালীৰ প্ৰতিযোগিতামূলক মনোবৃত্তিৰ তথা সঠিক সময়ত সঠিক তথ্যৰ অভাৱহে যেন বোধ হয়৷ লগতে পৰিকল্পিত আঁচনিৰে নিজকে চাকৰিৰ বাবে পতা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ সন্মুখীন হবলৈ সঠিক সময়ত প্ৰস্তুত নকৰাটোও এটা কাৰণ হ’ব পাৰে৷

স্থানান্তৰত আমি কৈছিলোঁ যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক শ্ৰেণীত নামভৰ্ত্তিৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলে ভবিষ্যতৰ চাকৰিৰ কথা চিন্তা কৰা ভাল৷ ( স্নাতক হোৱাৰ পিছতেই চাকৰিৰ দুৱাৰখন খোল খাই যায়)৷ স্নাতক শ্ৰেণীৰ পঢ়াৰ কাষে কাষে সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে চাকৰিৰ বাবে পতা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ বাবে নিজকে প্ৰস্তুত কৰা উচিত৷ এনেকৈ প্ৰস্তুতি চলাই স্নাতক হোৱাৰ পিছতেই যদি পৰীক্ষাবিলাকত অৱতীৰ্ণ হোৱা যায়, তেন্তে কৃতকাৰ্য্যতা লাভ কৰাৰ সম্ভাবনা বহুত বাঢ়ি যাব৷ উপযুক্ত প্ৰস্তুতি অবিহনে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত সফলতা অৰ্জন কৰিব নোৱাৰি আৰু সেই অসফলতাৰ বাবে সেই পৰীক্ষাবোৰ ভেঁকোভাওনা, দূৰ্ণীতিৰে ভৰা ইত্যাদি বুলি নিজকে আৰু আনক সান্তনা (? ) দিয়াৰ আৰু সফলতা অৰ্জন কৰাসকলক গুৱালগালি পৰাৰ কোনো অৰ্থ নাই৷
নিজকে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ বাবে উপযুক্তভাৱে প্ৰস্তুত কৰি লোৱাৰ পিছত অসমৰ লৰা-ছোৱালীসকলক অসমৰ বাহিৰৰ চৰকাৰী-অৰ্ধচৰকাৰী চাকৰিৰ সৰ্বভাৰতীয় ক্ষেত্ৰখনলৈও ওলাই আহিবলৈ আমি ইয়াৰ দ্বাৰাই আহ্বান জনাইছোঁ৷
বিভিন্ন ৰাজ্য চৰকাৰসমূহত, বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনত, বিভিন্ন চৰকাৰী তথা অৰ্ধচৰকাৰী নসমূহত তথা মন্ত্ৰালয়সমূহত প্ৰতি বছৰে যথেষ্ট সংখ্যক বিভিন্ন স্তৰৰ চৰকাৰী চাকৰিৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হয়৷ সেই খবৰবোৰ ইণ্টাৰনেটৰ যোগেদি বিশ্বৰ যিকোনো ঠাইতে পাব পাৰি৷ আজিকালি ফেচবুকৰ দিনত বেছিভাগ লৰা-ছোৱালীৰ ম’বাইলতে ইণ্টাৰনেটৰ সংযোগ আছে৷ সেই ইণ্টাৰনেটৰ সংযোগ নিজৰ আৰু লগতে অসমৰ আন শিক্ষিত নিবনুৱাসকলৰ ভবিষ্যত বৃত্তিগত ৰ খবৰ লবৰ বাবেও ব্যৱহাৰ হোৱা উচিত৷ ভাৰতৰ যি চহৰতেই নহওক লাগে, এই পৰীক্ষাসমূহত অসমীয়া লৰা-ছোৱালীসকলে অৱতীৰ্ণ হওক আৰু সফলতা অৰ্জন কৰক৷ নিজৰ মেধাৰ উপযুক্ত ব্যৱহাৰ হওক৷ এইখিনিতে যোগ দিব খুজিছোঁ যে ব্যক্তিগত খণ্ড সমূহত অসমৰ বাহিৰত অসমীয়া লৰা-ছোৱালীৰ উপস্থিতি আৰু সফলতা উল্লেখনীয়৷ কিন্তু চৰকাৰী খণ্ডত দুখলগাকৈ কম৷ চৰকাৰী খণ্ডত অসমীয়া লৰা-ছোৱালীৰ উপস্থিতি বঢ়াটো সদায়েই বাঞ্চনীয়৷

এইখিনিতে বহুতে প্ৰশ্ন কৰিব পাৰে যে সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীয়েই যদি অসমৰ বাহিৰলৈ গুচি যায় তেন্তে অসমৰ কি হ’ব? উত্তৰত আমি কম উপযুক্ত সংস্থাপনৰ সুবিধাৰ অভাৱৰ বাবে অথবা অৰ্হতা অনুসৰি উপযুক্ত সংস্থাপনৰ সন্ধানত অথবা উপযুক্ত শিক্ষা আহৰণৰ উদ্দেশ্যেৰে সকলো প্ৰদেশৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়েই নিজৰ প্ৰদেশৰ পৰা বাহিৰলৈ ওলায় আহে৷ উপযুক্ত সংস্থাপনৰ অসমত বাৰুকৈয়ে অভাৱ আছে৷ এনেস্থলত অৰ্হতাৰ ফালৰপৰা উপযুক্ত হৈয়ো একো একোজন মেধাসম্পন্ন যুৱক-যুৱতীয়ে নিবনুৱা হৈ ঘৰতে বহি থাকিলেও অসমৰ একো উন্নতি নহয়৷
অসমৰ পৰা ওলাই অহা লৰা-ছোৱালীখিনিক বেছিভাগ সময়ত বহুতে কিছুমান অজ্ঞাত কাৰণত উপলুঙা কৰে যে স্ক’পৰ নাওখনত উঠি তেওঁলোকে অসমক টা টা বাই বাই কৰিলে৷ এটা বা দুটা বিক্ষিপ্ত আৰু ব্যতিক্ৰমী (ব্যতিক্ৰম সদায় ব্যতিক্ৰমেই, নিয়ম নহয়) তথা যথেষ্ট পুৰনি উদাহৰণকে বাৰে বাৰে দি তেওঁলোকে কয় যে অমুকে বাহিৰত থকাৰ মোহ ত্যাগ কৰি অসমলৈ ঘূৰি আহি অসমত মাত্ৰ ইমান টকা মূলধনেৰে অমুক নটো গঢ়ি তুলিলে৷ কিন্তু অসমৰ শিক্ষিত নিবনুৱাসকলৰ সমস্যাৰ বিষয়ে তেওঁলোকে কৌশলেৰে প্ৰেক্ষাপটৰ পৰা নিজকে আঁতৰাই ৰাখে৷ সেইসকললৈ কেইটামান প্ৰশ্ন – অসমৰ বাহিৰত চাকৰি কৰি নিজকে সংস্থাপিত কৰিলেই অসমক টা টা বাই বাই কৰা হয় জানো? ব্যৱসায় কৰিবলৈ বা এটা ব্যৱসায়িক নকৈ গঢ়ি তুলিবলৈ প্ৰয়োজনীয় মূলধন, স্থান, আগ্ৰহ, জ্ঞান, সুবিধা আদি অসমৰ প্ৰতিজন শিক্ষিত নিবনুৱাৰ আছে জানো? অসমৰ বাহিৰলৈ চাকৰি কৰিবলৈ ওলাই অহাসকলক ইতিকিং কৰি একেসময়তে সৰ্বভাৰতীয় ক্ষেত্ৰসমূহত অসমীয়াৰ উপস্থিতি অতি নগণ্য বুলি আপোনালোকে কিয় মন্তব্য কৰে? অসমৰ শিক্ষিত লৰা-ছোৱালীখিনিয়ে অসমৰ বাহিৰতো বিভিন্ন চৰকাৰী-অৰ্ধচৰকাৰী চাকৰিৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব পাৰিলে অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা অলপ হলেও কম হোৱাৰ লগতে সামগ্ৰিকভাৱে অসমৰো অলপ হলেও সুনাম নহ’বনে? অসমৰ বাহিৰত প্ৰতিস্থিত হোৱা অসমীয়াসকলৰ অসমৰ প্ৰতি অৱদান একেবাৰে শূন্য নেকি? সৰ্বভাৰতীয় ক্ষেত্ৰসমূহত আন আন ৰাজ্যৰ লৰা-ছোৱালীৰে সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি অসমীয়াই সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰতিখন ক্ষেত্ৰতে নিজৰ উপস্থিতি বঢ়ালে আপোনালোকৰ কিবা ব্যক্তিগত অসুবিধা হয় নেকি? যদি নহয়, তেন্তে অনুগ্ৰহ কৰি আপোনালোকে সৰ্বভাৰতীয় ক্ষেত্ৰখনলৈ ওলাই আহিব খোজা অৰ্হতাসম্পন্ন অসমীয়া লৰা-ছোৱালীখিনিক নিৰুৎসাহ নকৰিব আৰু অসমৰ বাহিৰত নিজকে সফলতাৰে প্ৰতিস্থিত কৰা সকলক উদ্দেশ্যি লঘু মন্তব্য নকৰিব৷ তাতকৈ অসমৰ বাহিৰৰ লৰা-ছোৱালীয়ে অসমৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰিৰ বাবে (যিবোৰ চাকৰি চৰকাৰী নিয়মমতেই সকলো অৰ্হতাসম্পন্ন ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ বাবে মুকলি) পৰীক্ষা দিবলৈ যাওঁতে তেওঁলোকক মাৰ-পিট কৰি আৰু সেই মাৰ-পিট কৰা কাৰ্য্যক সমৰ্থন কৰি অসমৰ নাম দুৰ্নাম কৰাৰ লগতে অসমৰ বাহিৰত অধ্যয়নৰত বা কৰ্মৰত অসমীয়াসকলৰ জীৱন অসুৰক্ষিত কৰি তোলাতকৈ অসমীয়া মেধাবী ছাত্ৰ-ছাত্ৰীসকলক সেই চাকৰিবোৰ ভাৰতৰ যিকোনো ঠাইতে গৈ অধিকাৰ কৰিবৰ বাবে প্ৰয়োজনীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হ’বলৈ উদগনি দিয়ক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments