স শব্দ উচ্চাৰন্তে সত্‍ত্ৰ শব্দ উচ্চাৰন্তে ত্ৰাণ(প্ৰতিম প্ৰতাপ বৰুৱা)

স শব্দ উচ্চাৰন্তে সত্‍ত্ৰ শব্দ উচ্চাৰন্তে ত্ৰাণ(প্ৰতিম প্ৰতাপ বৰুৱা)

 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সত্ৰ শব্দটো প্ৰথম অসমীয়া ভাষাত ব্যৱহাৰ কৰিছিল | সত্ৰ শব্দৰ অৰ্থ সত্‍ (মানে সদজন) + ত্ৰ (মানে সদজনক ত্ৰাণ কৰা স্থান) |

গুৰুদুজনাৰ শিষ্য পদ্ম আতা বা বদুলা আতাই কমলাবাৰী সত্ৰ পাতিছিল |

গুৰুদুজনাৰ আন এজনা শিষ্য বংশীগোপালদেৱে গুৰুজনাক পাটবাউসীত লগ পাই এক শৰণ নাম ধৰ্ম্ম লৈছিল আৰু গুৰুজনাৰ আজ্ঞামতে দামোদৰদেৱৰ ওচৰত দীক্ষা লৈছিল | বংশীগোপালদেৱে কুৰুৱাবাহীত সত্ৰ পাতিছিল |

নিৰঞ্জনদেৱ আৰু বনমালীদেৱ নামে দুজন শিষ্য বংশীগোপালদেৱৰ লগত কুৰুৱাবাহীত আছিল | নিৰঞ্জনদেৱ পাঠক আছিল | বংশীগোপালদেৱৰ স্বৰ্গগামী হোৱাত তেখেতৰ পোষ্যপুত্ৰ মিশ্ৰদেৱ কুৰুৱাবাহীৰ অধিকাৰ হৈছিল | মিশ্ৰদেৱ গৃহস্থাশ্ৰমী আছিল কাৰণে কুৰুৱাবাহী সত্ৰ আজিলৈকে গৃহস্থী সত্ৰ হৈ ৰ’ল | নিৰঞ্জনদেৱ কুৰুৱাবাহী সত্ৰত থাকি গ’ল, কিন্তু বনমালীদেৱ পাটবাউসীলৈ গৈ দামোদৰদেৱৰ লগত থাকিলগৈ |

কিছুদিনৰ পিছৰ আহোম ৰজা জয়ধ্বজ সিংহৰ ৰোষত পৰি মিশ্ৰদেৱৰ প্ৰাণদণ্ড হ’ল | মিশ্ৰদেৱৰ প্ৰাণদণ্ডৰ পিছত ৰাজ্যত নানা অমঙ্গলৰ চিন দেখা গৈছে বুলি ৰজাক জনোৱাত ৰজাই ভয় খাই মিশ্ৰদেৱৰ পুতেকত শৰণ লবলৈ ইচ্ছা কৰি পুতেকক মাতি পঠায় | কিন্তু মিশ্ৰদেৱৰ পত্নীয়ে ৰজাক বিশ্বাসত লব নোৱাৰি নিৰঞ্জনদেৱকে পঠিয়াই দিলে | নিৰঞ্জনদেৱতে জয়ধ্বজ সিংহই শৰণ ললে আৰু ১৫৭৮ শকত ৰজাই নিৰঞ্জনদেৱক গুৰু মানি মান-মৰ্য্যদা দি আউনিআটি সত্ৰ পাতি দিলে |

নিৰঞ্জনদেৱ আউনিআটি সত্ৰত অধিকাৰ হৈ থকাৰ সময়তে ৰজাই দামোদৰদেৱৰ লগত থকা বনমালীদেৱৰ শাস্ত্ৰ-বিচক্ষণতাৰ কথা গম পাই পুনৰ তেওঁৰ ওচৰত শৰণ লবলৈ মন মেলিলে আৰু বনমালীদেৱক মতাই আনি গুৰু মানি মান-মৰ্য্যদা দি দক্ষিণপাট সত্ৰ পাতি দিলে |

মিশ্ৰদেৱৰ দুজন পুত্ৰৰ এজন ৰামচন্দ্ৰদেৱ কুৰুৱাবাহীতে অধিকাৰ হৈ ৰ’ল আৰু আনজন কৃষ্ণচন্দ্ৰদেৱ দিফলুত গড়মুৰ সত্ৰ পাতি অধিকাৰ হ’ল |

 

“শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম কৰিলা প্ৰচাৰ

নিবন্ধিলা ভাগৱত সাৰ |”

 

(কেইবাখনো কিতাপ-আলোচনীৰ সহায় লোৱা হৈছে |)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments