হঁহা নিষেধ – মনোৰঞ্জন মজুমদাৰ

কলিয়াবৰৰ ৰবিৰাম শেনচোৱা বৃত্তিত এজন পাঠশালাৰ পণ্ডিত ৷ বগা এঙা চোলা এটাৰে চুৰিয়া খনত ধুনীয়াকৈ পোন্ধ এটা মাৰি নিতৌ তেওঁ পাঠশালালৈ যায় ৷ পাঠশালালৈ যোৱাৰ আগতে চাইকেলখনৰ হেণ্ডেলডালত মূৰটো ক্ষন্তেক দোৱাই তেওঁ পূবলৈ অকনমান যাত্ৰা কৰি পুনৰ পশ্চিমফালে থকা পাঠশালা মুৱা হয় ৷ গাৱঁৰ সভা-সমিতিত তেওঁ নহ’লে নচলে ৷ সঁচাকৈয়ে সভা-শুৱনি লোক তেওঁ ৷ তেওঁৰ ঘৰত মানুহ বুলিবলৈ মাত্ৰ দুটিয়েই প্ৰাণী ৷ তেওঁ আৰু তেওঁৰ ডেকা পুতেক ৰংমন ৷ ৰংমনে ওচৰৰে বিস্কুট ফেক্টৰী এটাত কাম কৰে ৷ পণ্ডিতৰ অৰ্ধাংগিনীৰ কেতিয়াবাই মহাপ্ৰয়াণ ঘটিছে ৷ সেইদিন ধৰি পণ্ডিতৰ মুখত হাঁহি নাই ৷ পুতেক ৰংমনেও কিবা কথাত হাঁহি উঠিলে ঘৰৰ বাহিৰলৈ গৈ সাউতকৈ হাঁহিটো মাৰি আহে ৷ মুঠৰ ওপৰত ঘৰখনত হঁহাটো নিষেধ ৷ ৰংমনে আকৌ গাৱঁৰে কেতেকীক ভাল পায় ৷ বহুদিনৰে দুয়োৰে হিয়া দিয়া নিয়া ৷ এইবাৰ বহাগতে কেতেকীক ঘৰলৈ চপাম বুলি ৰংমনে কথা দি থৈছে ৷ পণ্ডিতেও কথাষাৰ ভূ-ভা নোপোৱা নহয় ৷ তেওঁৰ আপত্তি নাই ৷ হওঁক তেও ৷ ৰংমন সুখতে থাকক ৷ কেতেকী আকৌ বৰ সাদৰী ছোৱালী ৷ তাই ভাল বিহুৱতীও ৷ মুখত অনবৰতে হাঁহি এটাই খিলখিলাই থাকেই ৷ আগতে কথা দি থোৱা মতেই ৰংমনে বহাগত কেতেকীৰ সেঁওতাত সেন্দুৰ পিন্ধাই দি নিজৰ কৰি আনিলে ৷ পণ্ডিত এতিয়াৰ পৰা পাকঘৰৰ চাৰিসীমালৈও নোসোমোৱা হ’ল ৷ পুতেক ৰংমনে কেতেকীক মাৰ বান্ধ দি শপত খুৱাই থৈছে দেউতাকৰ আগত নাহাঁহিবলৈ ৷ কেতেকীয়েও শহুৰেকৰ আগত পাৰে মানে ওৰণিৰে মুখখন ঢাকিহে ওলায় ৷ পণ্ডিতে কেতেকীৰ মুখখন ভালকৈ দেখাই নাই ৷ ৰাতি পুতেকৰ কোঠালিৰ পৰা ভাঁহি অহা হাঁহিৰ টুকুৰা টুকুৰ শব্দই পণ্ডিতৰ কলিজা ভেদে ৷ তেওঁ স্বৰ্গগতা পত্নীলৈ মনত পেলায় ৷ মনৰ হুমুনিয়াহ তেওঁ মনতে মাৰ নিয়াই ৷ বিয়া যোৱাৰ সাঁত দিন মানৰ পিছৰ কথা ৷ পণ্ডিত ওলাইছে পাঠশালালৈ ৷ বোৱাৰীয়েকে হাতত এঙা চোলাটো আৰু চুৰিয়াখন আগবঢ়াই দিছে ৷ বোৱাৰীয়েকৰ হাতৰ পৰা লোৱাৰ কাৰণেই নেকি পণ্ডিতে সিদিনা চুৰিয়া পিন্ধোতে পোন্ধটো মাৰোঁতে অকনমান ভুল কৰিলে ৷ দুহাত ওপৰলৈ তুলি সেৱাঁ এটি কৰি পণ্ডিত চিৰাচৰিত নিয়মানুসাৰে চাইকেলখন লৈ পাঠশালালৈ ওলাল ৷ কেতেকী নঙলামুখলৈ ওলাই আহিল ৷ পণ্ডিতে বোৱাৰীয়েকৰ মুখলৈ চাই অকনমান হঁহা যেন কৰি ’’যাওঁ’’ বুলি এটা সৰুকৈ শব্দ কৰি কোবাকোবিকৈ চাইকেলখনত উঠিল ৷ ৰংমনে বাৰীতে কিবা এটা কাম কৰি আছিল ৷ সিও নঙলামুখলৈ ওলাই আহিল ৷ পণ্ডিতে অলপ দূৰ যাওঁতেই চাইকেলৰ চেইনত খুলি যোৱা পোন্ধেৰে জোটাঁ-পোটা লাগি ঢুপুচকৈ বাগৰি পৰিল ৷ কেতেকীয়ে দেখি হাঁহি ৰখাব নোৱাৰিলে ৷ হাঃ হাঃ কৰি তাই ডাঙৰ কৈ হাঁহি দিলে ৷ ইফালে পণ্ডিতৰ লাজত আধামৰা অৱস্থা ৷ কোনোমতে কেকাঁই উঠি বহি পণ্ডিতে পুতেকক চিঞঁৰিলে ৷

– দেউতা আপুনি বেছিকৈ দুখ পালে নেকি?
– মোৰ কথা বাদ দে , আগেয়ে তাইৰ হাঁহিটো বন্ধ কৰ ৷
কেতেকীয়ে কোনোমতে হাঁহিটো বন্ধ কৰি শহুৰেকক উঠাত সহায় কৰি দিলে ৷ এইবাৰ দুফাল হোৱা চুৰিয়াখনলৈ চাই পণ্ডিতে নিজে সশব্দে হাঁহি উঠিল আৰু সেই হাঁহিত যোগ দিলে ৰংমন আৰু কেতেকীয়েও ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক