হগাৰ সমান অশান্তি নাই:: ছাত্ৰাবাসৰ এডোখৰ (৯) -(দিগন্ত যাদৱ শৰ্মা)

** “হগাৰ সমান অশান্তি নাই”:: ছাত্ৰাবাসৰ এডোখৰ (৯) **

-দিগন্ত যাদৱ শৰ্মা

(বিঃদ্ৰঃ শিৰোনামাটোৰ ভাষা যদি অমাৰ্জিত হৈছে, তাৰ বাবে আগতীয়াকৈ ক্ষমাপ্ৰাৰ্থী হ’লো )
ঠিক এনেকুৱা এটা পৰিস্থিতিৰ আৱিৰ্ভাৱ হ’লে কি কৰিব লাগে অথবা কি ক’ব লাগে মহাবিদ্যালয়খনৰ শেষ ষান্মাসিকৰ ছাত্ৰ বিকাশদাই ভাবি উলিয়াব পৰা নাই। চাৰিবছৰ এই আবাসতে থকাৰ পিছতো এনে এটা পৰিস্থিতি কস্মিনকালেও উদ্ভৱ হোৱা নাছিল। বিকাশদাৰ খঙে উঠিছে নে হাঁহি উঠিছে নিজেও যেন একো উৱাদিহ নোপোৱা হ’ল। চাঁত কৰে বীৰবল আৰু আকবৰৰ গল্পটো মনলৈ আহিল। আকবৰে যে এদিন ৰাজসভাত সুধিছিল-

 

: আটাইতকৈ সুখ ক’ত পোৱা যায়?

: জাহাপনা, হগাৰ সমান সুখ নাই। -সেইয়া আছিল বুধিয়ক মন্ত্ৰী বীৰবলৰ উত্তৰ।
উত্তৰ মনঃপুত নোহোৱাত সম্ৰাট আকবৰে ৰাজসভাত আন আন সকলৰ সন্মুখতে বীৰবলক ককৰ্থনা কৰিছিল। বীৰবলেও ইয়াৰ সমুচিত কিবা এটা কৰিবলৈ চল চাই থাকিল। সুযোগ বুজি এদিন বীৰবলে সম্ৰাটক ঘৰলৈ নিমন্ত্ৰণ কৰিলে। বিবিধ ব্যঞ্জনেৰে সম্ৰাটক উদৰ পুৰাই খুৱালে। শেষত দৈ-মিঠায়েৰেও আপ্যায়িত কৰিলে। সম্ৰাট আকবৰেও জুতি পাই খুব খালে। তাৰপিছত বীৰবলে সম্ৰাটক লৈ নৌকা বিহাৰলৈ ওলাল। কিছুদূৰ যোৱাৰ পিছত সম্ৰাটক ডাঙৰ বিধে ধৰিলে। বীৰবলক ক’লে-

: বীৰবল, নৌকা পাৰলৈ চপোৱা। মোৰ পেটতো জোৰেৰে খামোচ মাৰি ধৰা যেন পাওঁ।

: জাহাপনা। কিছুদূৰ গ’লেই সুন্দৰ গছ-গছনীৰে ভৰা ঠাই এখন পাম। তাতেই আপুনি কামফেৰা সমাধা কৰিব পাৰিব। সুন্দৰ প্ৰাকৃতিক পৰিৱেশত ভালো লাগিব।
আকবৰে একো নকৈ মনে মনে থাকিল। যেতিয়া সহ্য কৰিব নোৱাৰা হ’ল, তেতিয়া বীৰবলক আকৌ ক’লে-

: বীৰবল সোনকালে সৌ পাৰতে নৌকাখন লগোৱা। মই আৰু সহ্য কৰিব নোৱাৰো হৈছো। নৌকাখন অশুচি কৰিব বিচৰা নাই।

: ইছ! জাহাপনা ইয়াত নোৱাৰে। এইখন বৰ জয়াল ঠাই। দিনতে ভূত-প্ৰেত ওলাই।
আকৌ কিছু দূৰ গ’ল। তেতিয়ালৈকে সম্ৰাটৰ সৰ্বশৰীৰ ঘামিছে। বীৰবলক ধমক দি কলে-

: এয়া মোৰ আদেশ। সোনকালে নৌকা পাৰত লগোৱা। নহ’লে তুমি তোমাৰ মন্ত্ৰীত্ব হেৰুৱাবা।

: যি আজ্ঞা জাহাপনা _বুলি কৈ বীৰবলে নৌকা পাৰলৈ চপালে।
সম্ৰাটে দৌৰ মাৰি গছ এডালৰ আঁৰ লৈ কামফেৰা সমাধা কৰিলে। নদীতে গাটো তিয়াই মুখত মিচিকিয়া হাঁহি এটি লৈ বীৰবলক ক’লে-
: বীৰবল, তোমাৰ কথাই সত্য। সঁচাকৈয়ে হগাৰ সমান সুখ নাই। -সম্ৰাটৰ কথা শুনি বীৰবলে গোঁফৰ তলতে হাঁহি এটি মাৰি সামৰি থলে।

এই গল্পটোৰ বীৰবলৰ সেই বিখ্যাত উক্তিটোক বিকাশদাৰ পোনচাতেই নাকচ কৰিবলৈ মন গৈছিল। তাৰ সলনি এনে পৰিস্থিতিত বোধকৰো এনেকৈ কলেই শুদ্ধ হ’ব যে-

“হগাৰ সমান অশান্তি নাই” অথবা “হাগিব ধৰিও শান্তি নাই”। বীৰবলৰ উক্তিটোৰ ওলোটা মোল বুজিবলৈ ঘটনা এটাৰ বৃত্তান্ত আৰম্ভনিৰ পৰাই জানিব লাগিব।
…………………
বিতুলৰ প্ৰায়ে কিবা নহয় কিবা এটা অথন্তৰ ঘটে। পিছতহে কথাবোৰ উপলব্ধি কৰে। সেইদিনটোতো সেয়ে হৈছিল। এতিয়া বা কি কৰে সেইজনাই। দাদাজনৰ লগত দেখোন পৰিচয়ে হোৱা নাছিল। নামটোও ভালদৰে নাজানে। বিকাশ নে আকাশ -তেনেকুৱা কিবা এটা শুনা যেন লাগিছিল। ছাত্ৰাবাসত ভৰি থৈ প্ৰথম এইকেইদিনতে এই অৱস্থা                                                                                                                             পিছলৈ বা আকৌ কি ৰৈ আছে। ঘৰলৈ বৰকৈ মনত পৰিছিল। মাকেহে নেমানে। নহ’লে নিজৰ সৰু চহৰখনত থকা মহাবিদ্যালয়খনতে যিকোনো এটা স্নাতক পাঠ্যক্ৰম পঢ়িলেহেঁতেন। বৰ আশাৰে বিতুলক এইখন মহাবিদ্যালয়তে পঢ়াব বুলি মোমায়েকৰ লগত আহি থৈ গৈছে। হওঁক আৰু যি হয়! উপায় নাই। ইফালে দাদা দুজনমানে সতৰ্কবাণী দিয়ে থৈছে। তিনিদিনৰ ভিতৰত আটাইবোৰৰে নাম-ঠিকনা সবিশেষ লিখি দেখুৱাব লাগিব। নহ’লে নিতৌ আবেলি ১০ টা মতা মহ আৰু ১০ টা মাইকী মহ জীৱিত অৱস্থাত ধৰি আনি জমা দিব লাগিব। তাতে আকৌ মহৰ লিঙ্গ নিৰ্ধাৰণ কৰা পদ্ধতিটোও নাজানে। গতিকে গালি-ধমকি খাই হলেওঁ সকলোবোৰ আৱাসীৰ নাম-ঠিকনা সংগ্ৰহে শ্ৰেয়। লাগিল নহয় তাতে পয়মালটো। চিনাকি হ’বলৈ গৈ প্ৰথমে কোঠা এটাৰ দুৱাৰ খোলা দেখি চিধাই সোমাই গ’ল।

: দাদা মোৰ নাম বিতুল। মোৰ ঘৰ…

: ওলা! এতিয়াই মোৰ ৰুমৰ পৰা ওলা। শিষ্টাচাৰ শিকি অহা নাই! নাজান নেকি অন্য এটা কোঠাত সোমালে অনুমতি ল’ব লাগে বুলি?
দাদাৰ ধমক খাই বিতুলে আঁতৰি আহিল। চিন্তা কৰিলে দাদাই ঠিকে কৈছে। নিজকে অশিষ্টাচাৰী যেন অনুভৱ হ’ল। আজিৰ পৰা সি এনে ভুল নকৰে। শপত খালে আজিৰ পৰা অন্য কোঠাত সোমাবলৈ হ’লে দুৱাৰ খোলা থাকিলেও দুৱাৰত টুকুৰিয়াই অথবা “may I come in?” বুলি অনুমতি ল’ব। এনে কৰিবলৈ ‘ৰুমমেট’ দ্বিতীয় বৰ্ষৰ পৰিমলদায়ো পৰামৰ্শ দিছিল। আবেলি শ্ৰেণীকোঠাত থাকোতেই বিতুলৰ পেট কামুৰিলে। নতুন পৰিৱেশত নতুন খাদ্যসম্ভাৰ ভালকৈ হজমো কৰিব পৰা নাছিল। অৱশ্যে সন্ধিয়া সন্ধিয়া দেউকণৰ দোকানত খোৱা ঘুগনীৰ প্ৰতিক্ৰিয়াও হ’ব পাৰে।শ্ৰেণীকোঠাৰ পৰা দৌৰি গৈ কিতাপ-কাগজৰ মোনাটো বিছনাখনতে দলিয়াই শৌচালয়ত সোমাল। একেশাৰীতে তিনিটা শৌচালয় থাকে। কোনে আৰু দ্বিতীয় অথবা তৃতীয়টোলৈ যায়! গতিকে প্ৰথমটোৰ দুৱাৰত ধৰি টানি দিয়াত খোল খালে। আৰু ঠিক বিতুলে সোমাই গৈ অৱস্থান ল’ব লৈছিলহে; সাউতকৈ আকৌ বাহিৰলৈ ওলাই আহিল। ওলাই আহিল হয়! কিন্তু বৰ ভয় খালে। ‘চিনিয়ৰ’ দাদাজনৰ পৰা এতিয়া নিৰ্ঘাট শাস্তিৰ সন্মুখীন হ’ব লাগিব। তেওঁতো দুৱাৰখনৰ হুকটো ভিতৰৰ পৰা লগাই থব পাৰিলেহেঁতেন! বা হুক নাই যদি মুখেৰে কিবা এটা গুণগুণায়ো থাকিব পাৰে। এই বিপদৰ মাজতো বিতুলৰ শৰ্মিষ্ঠাৰ কথা মনলৈ আহিল। উচ্চতৰ মাধ্যমিকত থাকোতে এদিন তাইৰ মাকৰ পৰা কোনোমতেহে পিটন নোখোৱাকৈ বাচি আহিল। সি কিবা তাইৰ কোঠাত টোকাবহীখন ঘুৰাইহে দিব গৈছিল। তাতো সেই খোলা দুৱাৰৰে লেঠা! তাইৰ শোৱনী কোঠাত সোমাই গৈছিল। তাই যে তেনেকৈ থাকিব পাৰে সি কেনেকৈ জানিব? দুৱাৰত টোকৰ মাৰি সোমোৱা কথাটো আগতে শিকা হ’লে শৰ্মিষ্ঠাৰ ঘৰত আজিও বিতুলৰ অহা-যোৱা থাকিলহেঁতেন। এতিয়া যিয়েই নহওঁক কিছু শাস্তি লাঘৱ হোৱাৰ আশাত বিতুল লগে লগে ক্ষমা খোজাৰ কথা চিন্তা কৰিলে। দাদাজনেও বুজক যে  বিতুলেও শিষ্টাচাৰ জানে! সেয়ে ঘূৰি গৈ দুৱাৰখনত টোকৰ মাৰিলে-

: টক্ টক্ টক্ _নাই ভিতৰৰ পৰা কোনো প্ৰতিক্ৰিয়া নাই। দুই-তিনিবাৰ তেনেকৈ টোকৰ মাৰি একো সঁহাৰি নাপাই শেষ আশাত দুৱাৰখন অকণমানকৈ ফাক কৰি ক্ষমা খুজিবলৈ যিমান পাৰি মিহিকৈ মাতটো উলিয়ালে।
: May I come in ? দাদা, মোক ক্ষমা কৰি দিব। আজিৰ পৰা অনুমতি নোলোৱাকৈ এনেকৈ নোসোমাওঁ।

অৱশ্যে পিছৰবাৰ দুৱাৰখন ফাক কৰি লওঁতে বিতুলে হাত এখনৰে নাকটো ধৰিবলৈ পাহৰা নাছিল! আৰু চকু দুটাৰ দৃষ্টিও অইনফালেহে ৰাখিছিল।

 

 

 

 

 

 

 

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments