হঠাৎ এদিন (উৎপল জোনাক হাজৰিকা)

হঠাৎ এদিন

(অণু-গল্প)

ছবিৰ প্ৰদৰ্শনী এটাত প্ৰথম লগ পাইছিলো তাইক। ‘এইয়া আমাৰ পৰিণিতা। ভাল ছবি আঁকে। পৰিণিতা, এইয়া জীৱন চলিহা। নামী আৰ্টিষ্ট। তুমিটো চাগে চিনি পোৱা ন।’ চিনাকী কৰাই দিছিল কোনোবা এজনে। ‘ও। নমস্কাৰ।’ তাই দুয়োজনকে একেলগে উত্তৰ দিছিল। আচলতে পৰিণিতাই মোক উত্তৰ দিয়া নাছিল, পাতনিহে মেলিছিল। চিনাকীৰ। সেয়াই আৰম্ভনি। তাৰ পাছত প্ৰেম আৰু এদিন বিয়া। এদিন তাই আৰু মই উৰিবলৈ লৈছিলো সপোনৰ দেশত। চাৰিওফালে আমাৰ ছবিৰ হৈ চৈ। আমাৰ ছবিবোৰে মানুহক যেন কিবা এটা শান্তি দিছিল। উত্ৰাৱল হৈ পৰিছিল আমাৰ বাবে মানুহবোৰ। ‘আপোনালোকৰ নেক্সট ছবিৰ এক্সিবিজন কেতিয়া কৰিব ?’ নিউজ চেনেল, পেপাৰৰ মানুহক উত্তৰ দি দি ভাগৰি পৰিছিলো। কিন্তু সুখ যেন সহ্য হোৱা নাছিল কাৰোবাৰ। হঠাৎ এদিন পৰিৰ হাত বন্ধ হৈ গ’ল। পেৰালাইছিচ হৈ ছবি আঁকিব নোৱাৰা হ’ল তাই। হাহাকাৰ লাগিল সকলোতে। দিশহাৰা হ’লো মই। কলৈ নগ’লো মই। সমস্ত শক্তি উজাৰি তাইৰ চিকিৎসাত লাগি পৰিলো। মোৰ লগে লগে লাগি পৰিল ৰাইজখন। সকাহ যেন পালো। ‘তাই সুস্থ হ’ব কিন্তু নোৱাৰিব মগজুত জোৰ দিব মানে ছবি অঁকাৰ দৰে কাম কৰিব।’ ডাক্টৰে শুনালে সেই আপদীয়া কথাখিনি। মই মূক হৈ গৈছিলো। তাই ছবি আঁকিব নোৱাৰিব। মানে, মানে মোৰ আধা অংশ মৃত। নাই মই ভাবিবই নোৱাৰো। তাইক সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ ডাক্টৰক কাকূতি-মিনতি কৰিবলৈ নেৰিলো। নাই তাই সুস্থ নহ’ল। তাইক লৈ মানুহৰ যেন কল্পনাৰ অন্ত নপৰিল। এইবাৰ মই তাইক লৈ ঘুৰিব ধৰিলো মন্দিৰ-মচজিদৰ দুৱাৰে দুৱাৰে। মানুহবোৰে হিয়া উজাৰি আৰ্শীবাদ দিলে। ‘আই, তই সোনকালে ভালহৈ উঠিবি।’ সকলোৱে তাইৰ ভালকেই বিচাৰিলে। তাই ভাল নহ’লেও তাই নোযোৱাকে ছবিৰ অনুস্থানসমুহ আৰম্ভ নোহোৱা হ’ল। তাইৰ অনুৰাগীৰ সংখ্যা লাহে লাহে বাঢ়িব ধৰিলে। তাইক লৈ আৰম্ভ হল নানাটা অনুস্থানৰ। গায়কে গান গালে, কবিয়ে কবিতা লিখিলে আনকি নাটক-চিনেমাও কৰা হ’ল তাইৰ জীৱনৰ ওপৰত। হঠাৎ আজি এমাহ আগতে তাই আমাক সকলোক কন্দুৱাই অজান দেশলৈ আঁতৰি গ’ল। মই যেন বিচ্ছিন্ন হৈ পৰিলো নিজৰে পৰা। চাৰিওফালে অন্ধকাৰ দেখিলো। ‘যি হ’ব লগা আছিল হ’ল। তাকে লৈ কিমান দুখ কৰি থাক আৰু’, মোৰ আশী বছৰীয়া আইতায়ে মোক ক’লে। মই তথাপি স্বাভাবিক হ’ব নোৱাৰিলো। আনহাতে মানুহৰ মৰমৰ মাজত তাই আকৌ লহপহকৈ বাঢ়িব ধৰিলে। আটাইতকৈ বেছি জনসমাগম হোৱা পাৰ্কখনৰ একাষে তাইৰ এটা আবক্ষ মূৰ্তি মানুহবোৰে সাজিলে। আৰু এয়া মই তুলিকাৰে কেনভাচত হাত বুলাই থকা তাইৰ আবক্ষ মূৰ্তিটো নিৰাভৰণ কৰি ৰাইজলৈ আগবঢ়াই দিছো। সভাত উপস্থিত সকলোৱে বিচাৰিছে মই কিবা এটা কোৱাটো। তাইৰ বিষয়ে, মোৰ বিষয়ে, আমাৰ বিষয়ে দুআষাৰ। নাই। মই একো কব পৰা নাই। ‘মই… মই… মই…’। কেইবাবাৰো ক’বলৈ গৈ তাতকৈ বেছি একো মোৰ মুখৰ পৰা ওলোৱা নাই। নাজানো এপাকত কেনেকৈ মই বহি পৰিছো ঠিয় দি থকা ঠাইতে। মানুহবোৰে মোৰ ধৰি-মেলি চকী এখনত বহুৱাই মোক শুস্ৰুষা কৰিছে। তেওঁলোকে কোৱা-কুই কৰিছে, ‘মানুহজনে মনত অত্যন্ত দুখ পাইছে।’ হয়, মই দুখ পোৱাই নহয়, হেৰুৱাই পেলাইছো নিজকে। তোমালোকৰ কাষত ঠিয় দি, মোৰ হেৰাই যোৱা পত্নীৰ আবক্ষ মূৰ্তিৰ কাষত থিয় দি মই মোক হেৰুৱাই পেলাইছো। ক’ত ? ক’ত ? মই ক’ত ? তোমালোকেতো নাজানা মই যে নিজকে বিচাৰি ফুৰিছো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক