হয় তেখেত এগৰাকী মাতৃ (ডাঃ কুমাৰ পাৰ্থ প্ৰতিম)

কেইবছৰমান আগৰ কথা ৷ জৰুৰীকালীন বিভাগত কৰ্তব্যৰত অৱস্থাত আছিলোঁ ৷ নিশা দহমান বজাত বিছগৰাকীমান দূৰ্ঘটনাগ্ৰস্ত লোকক আমাৰ চিকিৎসালয়লৈ লৈ অনা হৈছিল ৷ দুগৰাকীমানৰ অৱস্থা গুৰুতৰ গ’লেও সৌভাগ্যক্ৰমে কাৰো প্ৰাণহানি হোৱা নাছিল ৷ ৰোগীসকলৰ ভিতৰত এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজনী ১৪ বছৰীয়া কিশোৰীও আছিল ৷ মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ ৷ শল্যচিকিৎসা বিভাগৰ কণিষ্ঠ চিকিৎসক এজনে মোৰ ওচৰলৈ আহি জনাইছিল, “পাৰ্থ দা, ‘হ’ল’ ভিছকাছ পাৰ্ফ’ৰেছন’ ৷ ছাৰে চালে, আপোনাৰ লগত কথা পাতিবলৈ কৈছে ৷ ‘ভাইটেলছ’ এতিয়ালৈকে ঠিকে আছে, কিন্তু যিমান পাৰি সিমান সোনকালেই অপাৰেছন কৰিব লাগিব বোলে । অপাৰেছনৰ বাবে আনিবলগীয়া বস্তুকেইটা কি কৰা যায়?”

“কোনোবা আছেনে মানুহজনীৰ লগত?”

“সৰু ছোৱালী এজনী আছে ৷ ডাঙৰ কোনো নাই ৷”

“ঠিক আছে, যি যি লাগে সেয়া লিখি দিয়া তেন্তে ৷ মই কিবা এটা ব্যৱস্থা কৰি আছোঁ ৷”

“আপুনি চাব নেকি পেচেণ্টগৰাকী?”

“ব’লা ৷”

মহিলাগৰাকীৰ পেটৰ ভিতৰত, মানে, অন্ত্ৰৰ কোনো অংশ ফাঁটি গৈছিল ৷ তৎকালীনভাৱে অপাৰেছন নকৰিলে মহিলাগৰাকীৰ প্ৰাণলৈ সংশয়

অহাৰো সম্ভাৱনা আছিল ৷ চৈধ্য বছৰীয়া কিশোৰীজনী মহিলাগৰাকীৰ জীয়ৰী ৷ কঁপালত আঘাত পালেও ভগৱানৰ কৃপাত তাইৰ কোনো ডাঙৰ অসুবিধা হোৱা নাছিল ৷ ভিতৰুৱা কথাখিনি নজনাকৈ বাহ্যিকভাৱে ওপৰে ওপৰে চালে এক বিপৰীত দৃশ্যহে অনুধাৱন কৰা যাব ৷ চাওক, মহিলাগৰাকী দেখাত সুস্থ, বিশেষ একো আঘাতৰ চিন নাই, কথা বতৰাও ঠিকেই কৈ আছিল, সাধাৰণভাৱে খোজ কাঢ়িয়েই হস্পিতেলৰ ভিতৰলৈ আহিছিল, কিন্তু ছোৱালীজনীৰ কঁপালৰ সোঁফালে ফাটি তেজ ওলাই ফুলি বেন্দেজ লগোৱা অৱস্থাত দেখিবলৈ সাংঘাটিক যেন লগা হৈছিল ৷ মহিলাগৰাকীও নিজৰ গুৰুতৰ সমস্যাৰ পৰিবৰ্তে দুঃশ্চিন্তাত পৰিছিল জীয়ৰীৰ সমস্যাক লৈহে ৷

“তাইৰ কপালৰ দাগটো ৰৈ যাব নেকি বাৰু? ছোৱালী মানুহ ছাৰ, কিবা এটা কৰক ৷”

ল’ৰাই হওক ছোৱালীয়েই হওক, ইমান দ আঘাতৰ পিছত কপালত অলপ হ’লেও চিন ৰৈ যোৱাটো একেবাৰেই স্বাভাৱিক ৷ কিন্তু সেই অৱস্থাত মহিলাগৰাকীক তেনেদৰে ক’বলৈ বিবেকে বাধা দিছিল ৷

“সকলো ঠিক হৈ যাব বাইদেউ ৷ তাইৰ একো দাগ নৰয় ৷ কেৱল আপোনাৰ এটা সৰু অপাৰেছন কৰিব লাগিব ৷”

সেই মুহূৰ্তত জীয়েকৰ কপালত দাগ ৰখিব বুলি সংকটজনক অৱস্থাত থকা মহিলাগৰাকীক জনাব নোৱাৰিলো ৷ ডাঙৰ অপাৰেছন এটাও মহিলাগৰাকীক সৰু বুলি ক’বলৈ বাধ্য হ’লোঁ ৷ তেখেতক জীয়াই ৰখাটোৱেই যে সেই মুহূৰ্তৰ প্ৰধান কৰ্তব্য ৷

“ছাৰ, প্লিজ, মোৰ ছোৱালীজনীক ঠিক কৰি দিয়ক হা ৷ মোৰ কাৰণে চিন্তা কৰিব নালাগে ৷ মোৰ যি হয় হ’ব ৷”

ছোৱালীজনীয়ে মাকৰ ওচৰৰপৰা আঁতৰি আহি মোক সকাতৰে সুধিছিল,

“ডাক্তৰ আংকল, মাৰ অপাৰেছনটোত কিবা অসুবিধা হ’ব নেকি?”

ছোৱালীজনীৰ আবেগ বিজড়িত মুখখনি দেখি তাইলৈ মৰম লাগি গৈছিল ৷ তাইৰ চুলিখিনিত লাহেকৈ মোহাৰি মই কৈছিলোঁ,

“হ’ব নালাগে মাজনী ৷ আমি চাওঁ ৰ’বা, কি কৰিব পৰা যায় ৷ ঘৰত জনাব পাৰিছানে?”

“জনাইছোঁ, দেউতাহঁত আহি আছে ৷ কিন্তু আহি পোৱালৈ ৰাতি পুৱাই যাব ৷”

“হ’ব দিয়া, একো নাই ৷ তুমি চিন্তা কৰি নাথাকিবা ৷”

মহিলাগৰাকীক অস্ত্ৰোপচাৰ কক্ষলৈ স্থানান্তৰিত কৰা হ’ল ৷ ভিতৰলৈ নিয়াৰ আগমুহূৰ্ততো তেখেতৰ একেটাই কথা, “ছোৱালীজনীক চাব ছাৰ ৷”

চিকিৎসকসকলে নিৰ্দিষ্ট নীতি নিয়ম পালন কৰি অপাৰেছন সম্পূৰ্ণ কৰিলে ৷ ভগৱানৰ কৃপাত সকলো ঠিকে ঠিকে হৈ গ’ল ৷ মহিলাগৰাকীক ‘ৰিক’ভাৰী ৰুমত’ ৰখা হ’ল ৰাতিটোৰ বাবে ৷ কিছুমান মানুহৰ প্ৰতি নজনাকৈয়ে কিবা এটা আত্মীয়তা গঢ়ি উঠে ৷ মোৰ চিকিৎসাৰত ৰোগী নহ’লেও ডিউটিৰ শেষত ৰাতিপুৱা ঘৰলৈ অহাৰ পূৰ্বে মহিলাগৰাকীৰ এবাৰ খবৰ কৰিবলৈ গ’লোঁ ৷ তেজ দি থকা অৱস্থাত হস্পিতেলৰ বিচনাখনত ওপৰমুৱাকৈ শুই আছিল তেখেত ৷ টোপনিয়াই থকা যেন লগা মহিলাগৰাকীয়ে মোক দেখি চকু মেলি চাইছিল ৷

“মোক চিনি পাইছেনে বাইদেউ?”

“কিয় নাপাম বাৰু ছাৰ?”

“কেনে আছে এতিয়া?”

“ভাল ৷ অলপ বিষ আছে, বেলেগ একো অসুবিধা নাই ৷”

বিচনাৰ কাষতে ৰৈ থকা মানুহ এজনলৈ দেখুৱাই তেখেতে পুনৰ কৈছিল,

“আমাৰ তেখেতো আহি পালেহি ৷”

মানুহজনে মোলৈ চাই মুৰটো সামান্য লৰাই সোঁহাতখন ডাঙি এটি হাঁহিৰে অভিবাদন জনাইছিল ৷ অলপ আঁতৰত ঠিয় হৈ থকা ছোৱালীজনীও এটি মিচিকিয়া হাঁহিৰে ওচৰ চাপি আহিছিল ৷

“কেনে আছা মাজনী?”

“ভাল আংকল ৷”

কোনোবাই আৰু কিবা কোৱাৰ আগতেই মহিলাগৰাকীয়ে পুনৰ প্ৰশ্ন কৰিছিল,

“ছাৰ, এইৰ কপালৰ দাগটো ৰৈ যাব নেকি বাৰু?”

এইবাৰ মোৰ হাঁহি উঠি গৈছিল ৷ হাঁহি হাঁহিয়েই মই তেখেতক কৈছিলোঁ,

“অলপমান দাগ ৰ’ব বাইদেউ ৷ কিন্তু এই বহুত সাহসী ছোৱালী ৷ নিশ্চিত থাকক, তাইৰ কপালৰ অকণমান দাগে তাইৰ ভৱিষ্যতটোত কোনোপধ্যে প্ৰভাৱ পেলাব নোৱাৰে ৷”

মহিলাগৰাকীয়ে এক সন্তোষৰ হাঁহি মাৰিছিল ৷ গিৰিয়েকজনৰ লগত অলপ কথা পাতি তেখেতসকলৰ ওচৰৰপৰা আঁতৰি আহিছিলোঁ ৷ মনটো ফৰকাল হৈ পৰিছিল, হৃদয়ে এমোকোৰা হাঁহি মাৰিছিল ৷ এগৰাকী গুৰুতৰ ৰোগী সুস্থ হৈ উঠাৰ আনন্দত হৃদয়ে মৰা সন্তোষৰ হাঁহি আছিল সেয়া ৷

ঘৰলৈ বুলি আহি থকাৰ বাটত মহিলাগৰাকীৰ ৰাতিপুৱাৰ হাঁহিটি মোৰ চকুৰ আগত ভাঁহি উঠিছিল ৷ আকৌ এবাৰ যেন শুনিবলৈ পাইছিলোঁ তেখেতৰ সেই আকুলতাভৰা আহ্বান,

“তাইৰ কপালৰ দাগটো ৰৈ যাব নেকি বাৰু? ছাৰ, প্লিজ, মোৰ ছোৱালীজনীক ঠিক কৰি দিয়ক হা ৷ মোৰ কাৰণে চিন্তা কৰিব নালাগে ৷ মোৰ যি হয় হ’ব ৷”

হয়, তেখেত এগৰাকী মাতৃ ৷ এগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃ, যাৰ বাবে নিজৰ জীয়ৰীজনীৰ ভবিষ্যতেই সকলো, লাগিলে তেখেত নিজেই নিঃশেষ হৈ নাযাওক কিয় ! তেখেত এজনী চৈধ্যবছৰীয়া কিশোৰীৰ মাতৃ, যাৰ বাবে নিজৰ জীৱনটোতকৈয়ো জীয়ৰীজনীৰ কঁপালৰ

এটুকুৰা দাগে বেছি মান্যতা ৰাখে ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মাইনা
4 years ago

পঢ়ি ভাল লাগিল।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক