হলৌনিৰ বিয়া ( ঘনশ্যাম ৰাজবংশী )

ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে লগে মাক দেউতাক বৰ চিন্তিত হৈ পৰে কেনেকৈ শিক্ষিতা কৰি এজন উপযুক্ত ল’ৰাৰ লগত বিয়া দিব পাৰি। সেয়েহে শাসনো কৰা হয় যাতে ল’ৰাৰ লগত বেছি হলি-গলি নকৰে। তাৰ মাজতো মা-দেউতাৰ মতামতৰ অবিহনে ল’ৰাই হওঁক বা ছোৱালীয়ে হওঁক জীৱন সংগী বা সংগীনি বাচি লয়। মনৰ মিল হ’লে দুয়ো পক্ষই মিতিৰ হয়। অমিল হ’লে কাজিয়া-পেচাল নতুবা চিৰ দিনৰ কাৰণে তেজ্য পুত্ৰ বা তেজ্য পুত্ৰী ঘোষণা কৰে। আমাৰ মানুহৰ দৰে হলৌ বান্দৰৰৰো পোৱালীবিলাকৰ মাজত বিবাহৰ আগ ভাগ লয় মা-বাপেকে। সেয়েহে হয়তো হলৌ বান্দৰক বন মানুহ বুলিও কয়।

হালধিবাৰীৰ শিৱিৰৰ কঁহৰাৰ পৰা ৫/৬ কিলোমিটাৰ ৩৭ নং ঘাই পথৰ দাঁতিতে আমাৰ শিৱিৰ। শিৱিৰৰ পিচফালে ঘন অৰণ্য, ওখ ওখ গছ গছনিৰে ভৰা। ভিতৰলৈ সোমাই গ’লে কাৰ্বি পাহাৰখন গাতে লাগি আছে। বাৰিষা ইয়াতে বেছি ভাগ জীৱ-জন্তুৱে আশ্ৰয় লৈ থাকে। ১৯৮৭ চনত ব’হাগ মাহত বহু পৰ্যটক লৈ এই ঠাইখিনিলৈ আহিছিলোঁ। তেতিয়া তাত হলৌ বান্দৰৰ বিয়া এখন দেখাৰ সৌভাগ্য হৈছিল। অষ্ট্ৰেলিয়াৰ এটা ১০ জনীয়া পৰ্যটকৰ এটা দলে এসপ্তাহ হলৌ বান্দৰৰ ওপৰত ৰিৰ্চাচ কৰিবলৈ অহাৰ সময়ত মই তেওঁলোকৰ লগত আছিলোঁ। ডাঙৰ ডাঙৰ কেমেৰা, চাউণ্ড চিচটেম আৰু যে ক’ত কি সৰঞ্জাম। হাবিলৈ গ’লে লগত ৰাইফল লৈ সোমাওঁ। তেওঁলোকৰ লগত কথা-বতৰা প্ৰায়ে আকাৰে-ইংগিতৰে কৰা হয়। কাৰণ কথা শুনিলে হলৌ বান্দৰবোৰ আঁতৰি যায়। দোকমোকালিতে বৰ মাতে তাল-ফাল লগাই হলৌ বান্দৰহঁতে সিহঁতৰ উপস্থিতি জনায়। হলৌ বান্দৰৰ মাতবোৰ মোৰ বৰ ভাল লাগে। হুকৌ হুকৌ কৈ চিঞৰি চিঞৰি গছৰ ওপৰে ওপৰে উঠি গছৰ গুটি, ফল-মূল, পাত, কোমল গছৰ ঠাৰি ,পোক-পৰুৱা খাই থাকি জীৱন নিৰ্বাহ কৰে। প্ৰায় ৩০০/৪০০ হেক্টৰৰ মাজত একোটা পৰিয়ালৰ এলেকা। দিনে ২০০ মিটাৰ মান ঘূৰি-ফুৰি, চৰি, খাই থাকে। আমাৰ থকা ঘৰৰ উপৰি চাৰিওফালে থকা বাৰীখনলৈ আনে যাতে আহি সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ দৰে নিদিষ্ট গছৰ ওপৰত গছৰ ডাল-পাতৰে সিহঁতে বাহ সাজি লয়। পৰ্যটকসকলে পুৱা ৮ মান বজাৰ পৰা হলৌ বান্দৰৰ ফটো তোলাত লাগি যায়। তেতিয়া সিমান বুজি পোৱা নাছিলোঁ, সেইবোৰ যে ভিডিঅ’ কেমেৰা আৰু (বৰ্তমান দেখা) লেপটপ।

মই দেখুওৱা জংঘলখনত দুটা পৰিয়াল আঁতৰে আঁতৰে আছে। এটা পৰিয়ালত আছে হলৌৰ মাইকী পোৱালী এটা, ৬০ ছেণ্টিমিটাৰ মান ওখ হ’ব আৰু আনটো পৰিয়ালত আছে মতা পোৱালী এটা। দুয়োটায়ে মাক-বাপেকে নজনাকৈ মনে মনে লগ ধৰা-ধৰি কৰে, ঠিক পাৰ্কত ল’ৰা-ছোৱালী লগ ধৰি প্ৰেমালাপ কৰাৰ দৰে। মাকে ভাবে বাপেকৰ লগত খাই ফুৰিছে, বাপেকে ভাবে মাকৰ লগত আছে। এটাই পোৱালী, বৰ মৰমৰ। চৰি চৰি বাপেক-মাক লগ হ’লে পোৱালীক নেদেখি চিঞৰ-বাখৰ কৰিলে প্ৰেমিকক এৰি দৌৰ ধৰে আৰু মাক-বাপেকৰ ওচৰত হাজিৰ হয়। নিজৰ ভিতৰতে কথাও পাতে। সময়ত মাতবোৰো বেলেগ বেলেগ হয়। পৰ্যটককেইজনৰ আন্দৰ সীমা নাই; ইটোৱে সিটোক কথাবোৰ কয় নিজৰ ভাষাত। ইংৰাজী মই বুজি পাওঁ যদিও কথা পাতিবলৈ খোকোজা লাগে; তেওঁলোকৰ উচ্চাৰণবোৰ বেলেগ ধৰণৰ। তথাপিও পাতোঁ ভুলে-শুদ্ধই। জানিব পাৰিলোঁ হলৌৰ পোৱালীদুটাৰ বিয়াৰ উপযুক্ত বয়স হৈছে; এসপ্তাহৰ ভিতৰতে বিয়া হ’ব! হলৌৰ দলত দেখা পোৱা লক্ষণ, আচৰণ, কথাবোৰ কম্পিউটাৰত মই দেখি আছোঁ। মাজে মাজে ডিঙি ওপৰলৈ কৰি গছৰ ওপৰলৈ চাওঁ; ভালদৰে দেখা নাপাওঁ গছৰ পাতৰ কাৰণে। তথাপিও চাই থাকোঁ কেনেকৈ হলৌ গছত থাকে। চাৰি দিনৰ দিনা দুটা দলৰ মাজত দুৰ্বাৰ কাজিয়া; ডাঙৰে ডাঙৰে, সৰু পোৱালীকেইটা নাই দেখা। ইয়াক বহু সময় কেমেৰাই আবদ্ধ কৰিবলৈ সক্ষম হ’ল। কিছুপৰ পাছত দেখিলোঁ গছ এজোপাত ডাল-পাত চিঙি বাহ সাজিছে দুয়োটা দলে। মাক-বাপেক দুয়োৱে গছৰ ওপৰে ওপৰে জপিয়াই ওলমি ওলমি বিচাৰ গৈছে পোৱালীহালক। মাক-বাপেকক দেখি পোৱালীহাল ওচৰ চাপি আহিছে। বাহ সজা গছডালৰ ওচৰত দুয়োটা পৰিয়ালে পোৱালী দুটাক বহুৱাই দিছে। এজনে হলৌনিৰ গাত হলৌৰ হাত এখন লগাই দিছে। লগেলগে দুয়োটা পৰিয়ালৰ নাচ আৰম্ভ। আমাৰ সকলোৰে হাত চাপৰি বাজি উঠিল।

ইহঁতৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ আৰু দিবাং নদীৰ পুৱত বসতি। ৮/৯ বছৰ বয়সত পূৰ্ণবয়স্ক হৈ উঠে। মতা-মাইকী চিনি পোৱাত সহজ। মতাটোৰ নোম ক’লা ৰঙৰ, মাইকীজনী নোম মাটিয়া ৰঙৰ। মুখ আৰু চকু বগা মুখোৰা পিন্ধাৰ নিচিনা। গৰ্ভধাৰণ সময় ৭ মাহ। বাৰিষাহে প্ৰজননৰ সময়। তিনি বছৰৰ মূৰে মূৰে পোৱালী দিয়ে। বৰ্তমান লুপ্তপায়ী বন্যপ্ৰাণীৰ ১ নং তালিকা ভুক্ত প্ৰাণী। এই প্ৰাণীবিধক ধৰা বা কিনা-বেচা কৰা আইনমতে দণ্ডণীয় অপৰাধ। বহু কথাই জানিলোঁ, পৰ্যটকৰ দলটোৰ পৰা। লগতে তেওঁলোকৰ জহতে দেখিলোঁ এখন হলৌ-হলৌনিৰ বিয়া ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments