হস্তীৰ কন্যা (ৰক্তিম শৰ্মা)

Raktim Sarma image

জমিদাৰ পৰিয়ালৰ সন্তান হৈও সামন্তীয় অহমিকা আভিজাত্যৰ পৰা আঁতৰি আহি সাধাৰণ কৃষিজীৱী লোকৰ জীৱনৰ উল্লাস-বিষাদৰ সৈতে একাত্মহৈ সমগ্ৰ জীৱন লোকগীত সংগ্ৰহ আৰু গোৱালপৰীয়া লোকগীতক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সক্ষম হোৱা হস্তীৰ কণ্যা প্ৰতিমা বৰুৱা পাণ্ডে সাধাৰণ শ্ৰমজীৱী জনগনৰ বুকুৰ ধমনী হৈ ৰ’ল । গণশিল্পী হোৱা যে বৰ সহজ কাম নহয় , সেয়া প্ৰতিমা দিৰ জীৱন পৰিক্ৰমাই সোঁৱৰাই দিয়ে ।অতি সাধাৰণ দুখীয়া কৃষক সমাজৰ বুকুৰ পৰা লোকগীতবোৰ বুটলিবলৈ গৈ প্ৰতিমাদি সেই মানুহবোৰৰ সৈতে একাত্ম হৈ পৰিছিল । কেতিয়াবা পথাৰত বোকা পানী গছকি , কেতিয়াবা জাকৈয়া গাভৰুহঁতৰ সৈতে বিলৰ পানী ফেনেকি ,নিৰ্জন মহখুটিৰ মৈশালৰ কাৰুণ্যৰ সৈতে একাত্মহৈ , হাতীশালৰ মাউত-ফান্দীৰ সৈতে সাজপানীত মতলীয়াহৈ , খেতিয়কৰ ঘৰৰ সেমেকা বিচনাত পুৰণি কেথাৰ গোন্ধ গাতলৈ জমিদাৰৰ জীয়ে লোকসমাজৰ সৈতে নিজকে বিলাই দিছিল । সেয়ে হয়তে গণনাট্যৰ আদৰ্শৰ সৈতে জড়িত ভূপেন দাই বিচাৰি পাইছিল প্ৰতিমা দিক । একেই আদৰ্শ, একেই জীৱনবোধ ।লোকগীত বুটলি বুটলি এদিন গোৱালপাৰাৰ লোকসমাজৰ পৰা দুয়ো আমেৰিকা পাইছিলগৈ । গোৱালপৰীয়া দোতাৰা-চাৰান্দাৰ সুৰত বাজি উঠিছিল বিশ্বৰ সুৰ , উই আৰ ইন দ্যা চেম বোট ব্ৰাদাৰ্চ । আমি একেখন নাওঁৰে যাত্ৰী । কৃষক-মৈশাল-মাউতৰ সুৰত ধৰ্মৰ বিভেদ নাই , সাম্প্ৰদায়িক সংকীৰ্ণতা নাই, আছে মাথো জীৱনৰ সুৰ । সেই সুৰতেই মতলীয়া হৈছিল প্ৰতিমাদি ।জনগনৰ উল্লাসত উল্লাসিত হৈছিল , শোকত দগ্ধ হৈছিল । এয়াই গণশিল্পী , এয়াই গণসংগীত । সাম্প্ৰদায়িক সংকীৰ্ণতা, ধৰ্মীয় বিভেদে মেৰুবিভাজন ঘটোৱা ,গোলকীয় বাণিজ্যিক সংস্কৃতিয়ে সকলোকে পণ্য কৰি তুলি তাকেই প্ৰকৃত সংস্কৃতি বুলি এচামে উঠিপৰি লগা দিনত প্ৰতিমাদিৰ অভাৱ অনুভৱ কৰিছো বাৰুকৈয়ে ।

Top of Form

Bottom of Form

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments