হাঁহ আৰু ঘঁৰিয়ালৰ কথা (কুলেন্দু বৰদলৈ)

হাঁহ আৰু ঘঁৰিয়ালৰ কথা

মূল: চেতন ভগত

ভাৱানুবাদঃ কুলেন্দু বৰদলৈ

এসময়ত এখন পাহাৰত এখন সুন্দৰ গাঁও আছিল। সেই গাঁৱৰ সাধাৰণ খেতিয়ক সকলে বহু কষ্ট কৰি পাহাৰৰ এঢলীয়া মাটিত খলপা তৈয়াৰ কৰি কৃষি পাম সাজিছিল। তাত মাথোন এটা সমস্যাৰ বাহিৰে সকলো বোৰ ঠিকেই আছিল। সেইটো হ’ল গোটেই বছৰ জুৰি তাত পানীৰ অভাব আছিল। বাৰিষাৰ দিনকেইটা ভালেৰেই চলি যায়, কিন্তু অন্য সময়খিনিত পানীৰ বাবে পাহৰখনৰ ওপৰত থকা এটা হ্রদৰ ওপৰত নির্ভৰ কৰিব লগীয়া হৈছিল।

বাৰিষাৰ দিনকেইটাত, গাঁৱৰ লোকসকলে বহুত কষ্ট কৰি বাল্টিত পানী কঢ়িয়াই হ্রদটো ভৰাই ৰাখিছিল। এবাৰ সম্পূর্ণ হোৱাৰ পিছত, তেওঁলোকে গোটেই বছৰ ধৰি উপভোগ কৰে। এই পদ্ধতিটো সঁচাকৈয়ে বৰ সুন্দৰ আছিল আৰু গাঁওখনো সমৃদ্ধিৰ দিশে আগুৱাই গৈছিল। লাহে লাহে হ্রদটো এখন সুন্দৰ বনভোজস্থলী ৰূপেও জনপ্রিয় হৈ পৰিল আৰু কিছুমান ধুনীয়া ধুনীয়া হাঁহেও আহি হ্রদটোত আশ্রয় ল’লেহি। গাঁওখনৰ ল’ৰা-ছোৱালী বিলাকে হ্রদটোৰ কাষলৈ আহি সেই হাঁহ বিলাকক চায়। মাজে মাজে হা্ঁহ বিলাকে সিহঁতক পানীত সাঁতুৰিবলৈকো মাতে।

গাঁৱৰ লোকসকলে ভাবিছিল যে তেওঁলোকে গোটেই জীৱন এই হ্রদটোৰ ওচৰত ঋণী হৈ ধাকিব। তেওঁলোকে হা্ঁহবোৰক দেৱতাৰ দৰে জ্ঞান কৰিছিল। এই হাঁহ বিলাকৰে ভিতৰত সোণালী বৰণৰ এটা বিশেষ প্রজাতি আছিল। গাঁৱৰ লোকসকলে সোণালী হাঁহ বিলাকক দিব্য শক্তি সম্পন্ন বুলি ভাবিবলৈ ধৰিলে। তেওঁলোকে যেতিয়া অতি কষ্টেৰে বাল্টিৰে হ্রদটোত পানী ভৰাই ধাকে, তেতিয়া গীত জুৰি সেই সোণালী হা্ঁহবোৰক প্রশংসা কৰিছিল।

অন্য প্রজাতিৰ হাঁহ বিলাকেও সোণালী হাঁহ বোৰক মানি চলিছিল। সোণালী হাঁহ বিলাকে এটা বুঢ়া, জ্ঞানী, বুদ্ধিয়ক হাঁহক হ্রদটো চোৱা চিতা কৰিবলৈ মকৰল কৰিলে। জ্ঞানী হাঁহটোৱে কোনোমতেহে লৰচৰ কৰে আৰু তাৰ শান্ত স্বভাৱে তাক ৰহস্যাবৃত কৰি তোলে। গাঁৱৰ লোকসকলে এই হাঁহটোকো প্রশংসা কৰে।

সকলোবোৰেই সুন্দৰকৈ চলি আছিল। মাজে মাজে সোণালী হা্ঁহবিলাকে গাঁৱৰ লোকসকললৈ চাই মিচিকিয়াই হাঁহে, তাতে তেওঁলোক আনন্দতে মতলীয়া হৈ পৰিছিল। কিন্তু জ্ঞানী হাঁহটোৰ প্রকাশ ভংগী সদায় একে। সেয়ে সি হাঁহিছে নে নাই, কোৱাটো বৰ টান!

কিন্তু এদিনাখন এটা অসন্তোষজনক ঘটনা ঘটিল। হ্রদটোত সাঁতুৰি থাকোতেই তিনিটা ল’ৰা নিখোজ হ’ল। মানুহ বিলাকে সকলোতে বিচাৰিলে, কিন্তু ক’তো পোৱা নগ’ল।

 

পিছৰ সপ্তাহত আকৌ দুটা ল’ৰা নাইকিয়া হ’ল। এইবাৰ গাঁৱৰ ৰাইজ, সঠিক উত্তৰ দিব পাৰিব বুলি সোণালী হা্ঁহকেইটা আৰু জ্ঞানী হাঁহটোৰ ওচৰলৈ আহিল।

যি কি নহওক, হাঁহকেইটাই একোৱেই নক’লে। জ্ঞানী হাঁহটোৱে এনেকৈহে ক’লে যে সেই গাঁৱত তেনে কাণ্ড ঘটিব নোৱাৰে!!
ইয়াৰ পিছৰ সপ্তাহত আকৌ চাৰিটা ল’ৰা নাইকিয়া হ’ল। গাঁৱৰে এজন লোকে হ্রদটোৰ কাষতে শৰীৰৰ অংগ-প্রত্যংগ কিছুমান দেখা পালে আৰু দেখিবলৈ কোনোবাই খোৱা যেন হে লাগিল। তেওঁ পানীত কিছুমান সৰু ফুচফুচনিৰ দৰে শব্দ শুনিবলৈ পালে আৰু প্রাণীটো চিনিব পাৰিলে।

“ আমাৰ এই পৱিত্র হ্রদটোত ঘঁৰিয়াল আছে”- বুলি মানুহজনে গাঁও খনৰ মাজেৰে চিঞৰি চিঞৰি কৈ গ’ল।
গাঁওখনৰ মানুহবিলাক আতংকিত হৈ পৰিল। তথাপি তেওঁলোকে কথাটো বিশ্বাস কৰিবলৈ টান পালে। তেওঁলোক আকৌ সেই পৱিত্র হাঁহ বোৰৰ সন্মুখীন হ’ল, যদিও সিহঁতক বাৰে বাৰে অসুবিধা দিয়াৰ বাবে তেওঁলোকে দুখ প্রকাশ কৰিলে।

“তোমালোকে যে কি কথা বিলাক কৈ আছা?”- জ্ঞানী হাহঁটোৱে ক’লে। আমাৰ ইয়াত কোনো ঘঁৰিয়াল নাই। অন্য গাঁৱৰ কোনো ঈর্ষাপৰায়ণ লোকে আমাৰ ল’ৰা কেইটাক চুৰ কৰি নিছে। ইমানখিনি কৈ জ্ঞানী হাঁহটোৱে দুপিয়াই দুপিয়াই খোজকাঢ়ি পানীত সাঁতুৰিবলৈ হ্রদটোৰ আনটো মূৰলৈ গ’ল। আনহাতে সোণালী হাঁহবোৰ নিজৰ গুহাতেই সোমাই আছিল।

ছমাহৰ ভিতৰত মুঠতে ৫০ টা মান ল’ৰা নাইকিয়া হ’ল। কেইজন মানে হ্রদটোৰ কথাকেই কয় যদিও আন লোকসকলে তেওঁলোকৰ কোনো কাম নাই বুলিয়েই কয় আৰু তেওঁলোকৰ কথাক কোনো গুৰুত্বই নিদিলে। গাঁৱলীয়া লোকসকলে ভাবিছিল যে, জ্ঞানী হাঁহটোৱে হ্রদটোত কোনো ঘঁৰিয়াল নাই বুলি কৈছে যেতিয়া, তাত কোনো ঘঁৰিয়াল নাই।

যি কি নহওক, এদিনাখন নিশা গোটেই লোকসকলে হ্রদটোৰ পৰা অহা কিছুমান চিঞৰ-বাখৰ শুনিলে। আতংকিত হৈ তেওঁলোক উঠি আহিল আৰু হাতত সাৰে ভৰিত সাৰে আহি হ্রদটোৰ কাষ পালেহি। তাত ঘটা কাণ্ডবোৰ দেখি তেওঁলোক হতভম্ব হৈ পৰিল। হ্রদটোত ঘঁৰিয়ালৰ এটা বিৰাট পার্টী চলি আছিল। গোটেই ঘঁৰিয়াল বিলাক ওলাই আহি আনন্দ কৰিছে, নৃত্য কৰিছে আৰু নতুন নতুন কণীও পাৰিছে। কিছুমান হাঁহেও সিহঁতৰ লগতে নাচিবলৈ ধৰিছিল। সোণালী হাঁহ বোৰে নিজৰ গুহাতেই সোমাই আছিল আৰু জ্ঞানী হাঁহটো তেতিয়াও হ্রদটোৰ চুক এটাতেই বহি আছিল।

“এইবোৰ কি? আপুনিটো কোনো ঘঁৰিয়াল নাই বুলিয়েই কৈছিল”- মানুহ বিলাকে জ্ঞানী হাঁহটোক সুধিলেহি। জ্ঞানী হাঁহটোৱে কষ্ট পোৱা যেন কৰিলে আৰু ক’লে, “কেতিয়াবা কেতিয়াবা তোমালোকে এৰাধৰাৰ মাজেৰেই চলিব লাগিব।”
“কাৰ সৈতে? যি বোৰে আমাৰ ল’ৰাকেইটাক খালে।” তেওঁলোকে ক’লে, “যদি তুমি প্রথমতেই ক’লাহেঁতেন, আমি কেইটামান ঘঁৰিয়ালক মাৰিবলৈ পাৰিলোহেঁতেন! কিন্তু এতিয়া ইহঁতৰ শ শ ঘঁৰিয়াল হ’ল। কিয় এনে কৰিলে, কিয়?”

পুৱালৈকে জ্ঞানী হাঁহটো মনে মনেই থাকিলে।

এনেকৈয়ে বহুদিন গ’ল। কেইমাহমানৰ পিছত, এদিন এজন লোকে পানীৰ হ্রদটোৰ একেবাৰে তলত জ্ঞানী চৰাইটোৰ ঠেং দুখন দেখিলে আৰু কিছুমান শক্তিশালী দাঁতে ঠেং দুখন ধৰি আছিল। পানীৰ তলত ঘঁৰিয়ালৰ চকু দুটা দেখি তেওঁ বিচূর্তি খালে। ঘঁৰিয়ালটো সাঁতুৰি আতৰি গ’ল। জ্ঞানী হাঁহটোও, যাৰ ঠেং দুখন ঘঁৰিয়ালৰ মুখত সোমাই আছিল, তাৰ লগে লগেই গ’ল।

গাঁৱৰ লোকসকলে তেতিয়াহে উপলব্ধি কৰিলে। আনকি, ঘঁৰিয়ালবোৰ সোণালী হাঁহবোৰৰ গুহাৰ কাষতে থাকেহি।
“যথেষ্ট হ’ল! আৰু সহ্য কৰিব নোৱাৰি, আমি নিজেই কিবা এটা কৰিব লাগিব।”-সেই লোকজনে ক’লে।

কেইমাহ মানৰ পিছত, গাঁৱৰ লোকসকলে আন এটা হ্রদ খন্দা আৰম্ভ কৰিলে। লগতে তেওঁলোকে এঢলীয়া মাটিত খেতিৰ সুবিধাৰ বাবে বিভিন্ন উচ্চতাত আন কেইবাটাও সৰু সৰু হ্রদ খান্দিলে। তেওঁলোকে হ্রদৰ চাৰিওকাষে লোহাৰ তাঁৰেৰে ঘঁৰিয়াল সোমাব নোৱাৰাকৈ বেৰ দিলে। তেওঁলোকে আকৌ বাল্টিৰে পানী কঢ়িয়াই কঢ়িয়াই নতুন হ্রদটো পূৰ কৰিলে। এজন বুদ্ধিয়ক লোকে আকৌ মাটিৰ তলৰে এডাল পাইপ ঠিক কৰি পুৰণি হ্রদটোৰ পৰা পানী আনি নতুন হ্রদত পেলালেহি।

লাহে লাহে পুৰণি হ্রদটো শুকাই আহিল। হাঁহ আৰু ঘঁৰিয়ালকেইটাৰ জীয়াই থকাই টান হৈ পৰিল। সিহঁতে গাঁৱৰ লোকসকলক অলপ পানী খুজিছিল যদিও তেওঁলোকে কোনো গুৰুত্বই নিদিলে।

নুতুন হ্রদকেইটা মুকলি কৰা হ’ল আৰু গাঁৱৰ লোকসকলে সেইকেইটাক পছন্দও কৰিলে। ল’ৰাবোৰে তাত সাঁতুৰিবলৈ অহা হ’ল, খেতিৰ বাবেও যথেষ্ট পানী জমা হ’ল আৰু তেওঁলোক যথেষ্ট সফলতাৰ দিশে আগ বাঢ়ি গ’ল। পুৰণি হ্রদটোত থকা সকলো বোৰ মৰি থাকিল। আৰু গাঁৱৰ লোকসকল তাৰ পিছত সুখেৰে দিনবোৰ অতিবাহিত কৰিলে।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক